ভক্তি ৰত্নাকৰ হৈছে শ্ৰীমন্ত শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা এখনি ধৰ্মীয় গ্ৰন্থ। ভক্তি-ৰত্নাকৰৰ প্ৰায়বোৰ শ্লোক শ্ৰীমদ্ভাগৱতৰ পৰা উদ্ধৃত। শ্ৰীমদ্ভাগৱত গীতা, পাণ্ডৱী গীতা, বিষ্ণু পুৰাণ, পদ্ম পুৰাণকে১ ধৰি কুৰিখনৰো অধিক অন্যান্য গ্ৰন্থৰ সাৰভাগ আনি তেওঁ এই গ্ৰন্থ ৰচনা কৰিছিল।২ মুঠ ৩৮টা অধ্যায়ত বিভক্ত গ্ৰন্থখনিত “গুৰু দেৱ নাম ভকত’’ৰ যোগেৰে জীৱৰ তৰণৰ উপায়সমূহ ব্যাখ্যা কৰা আছে।১ এই গ্ৰন্থখনি শংকৰদেৱে কোঁচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত ৰচনা কৰিছিল; ৩ গ্ৰন্থখনিত পুৰাণৰ নৱধা-ভক্তি আৰু গীতাৰ এক-শৰণ তত্ত্বক আন আন ধৰ্মীয়গ্ৰন্থৰ ভক্তিমূলক শ্লোকৰ সহিতে আলোচনা কৰা হৈছে। ভক্তি ৰত্নাকৰত শ্ৰীধৰ স্বামীৰ ভাৱাৰ্থ দীপিকাৰ প্ৰভাৱ দেখা যায়।৪ গ্ৰন্থখনৰ মুঠ অধ্যায় ৩৮টা অধ্যায় আছে৪, যাক মাহাত্ম্য বুলি কোৱা যায়। মুঠ শ্লোকৰ সংখ্যা ৫৭১টা৷ ইয়াৰে ৪৫৬টা ভাগৱত পুৰাণৰ আৰু তিনিটা শংকৰদেৱৰ স্বৰচিত৷৪ এইখনি গ্ৰন্থক পৰৰ্ৱতীকালত মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰে অসমীয়া পদলৈ আৰু চলহা বাৰেঘৰ সত্ৰৰ পঞ্চমজনা সত্ৰাধিকাৰ পূৰ্ণকামদেৱে অসমীয়া গদ্যলৈ ভাঙনি কৰে। তদুপৰি গোপালচৰণ দ্বিজেও অসমীয়া গদ্যলৈ ভক্তি ৰত্নাকৰ গ্ৰন্থখনিৰ ভাঙনি কৰিছিল।১ গ্ৰন্থখন এখন সংকলন গ্ৰন্থ৷ ভাগৱত পুৰাণ, ভাগৱত ভাৱাৰ্থ দীপিকা, বৃহন্নাৰদীয় পুৰাণ, বৈষ্ণৱানন্দলহৰী, শ্ৰীমদ্ভাগৱদ্গীতা, পদ্মপুৰাণ, শ্ৰীধৰ স্বামীৰ সুবোধিনী টীকা, বিষ্ণু পুৰাণ, নৰসিংহ পুৰাণ, যোগসাৰ, মৎস্য পুৰাণ, পাণ্ডৱী গীতা, ভূজঙ্গ-প্ৰয়াত স্তোত্ৰ, শান্তি-শতক, শ্ৰীধৰ স্বামী, প্ৰবোধ চন্দ্ৰোদয়, কুৰ্ম পুৰাণ, বিষ্ণ ধৰ্মোত্তৰ, ব্ৰহ্মাণ্ড পুৰাণ, গড়ুৰ পুৰাণ, বামণ পুৰাণ, অজ্ঞাত উৎস আদিৰ লগতে শংকৰদৱৰ স্বৰচিত শ্লোক অন্তৰ্ভূক্ত কৰা হৈছে৷২
তথ্যসূত্ৰ
- ↑ গোস্বামী, তীৰ্থনাথ (সম্পাদিত). (১৮৫৮ শক). ভক্তি ৰত্নাকৰ. ক্ষীৰোদ কুমাৰ গোস্বামী. পৃ. ০৭
- ↑ বৰা হাজৰিকা, ড° সোণালী. (২০২৪). প্ৰকৰণ গ্ৰন্থ হিচাপে গুৰুজনাৰ ভক্তিৰত্নাকৰ. ভকতি সিন্ধু. পৃ. ২৬৪. ISBN 978-93-92339-70-7
- ↑ কোঁৱৰ, দীপেন্দ্ৰ নাৰায়ণ. (২০১৬). কোচ-কমতাৰ ইতিকথা. অসম বুক ট্ৰাষ্ট. পৃ. ২৭০. ISBN 978-81-202-8828-7
- ↑ দাস, কৈলাস. (২০২৪). শংকৰদেৱকৃত ভক্তিৰত্নাকৰৰ ’ভাৰত-ভূ-প্ৰশংসা অধ্যায়’ৰ অনুবাদ. ভকতি সিন্ধু. পৃ. ২৬৪. ISBN 978-93-92339-70-7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভক্তি ৰত্নাকৰ” প্ৰবন্ধৰ সংশোধন ৫৩০৬৬২ (৬ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।