শংকৰদেৱৰ সাহিত্য
৭ প্ৰবন্ধ
-
ভক্তি ৰত্নাকৰ
ভক্তি ৰত্নাকৰ হৈছে শ্ৰীমন্ত শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা এখনি ধৰ্মীয় গ্ৰন্থ। ভক্তি-ৰত্নাকৰৰ প্ৰায়বোৰ শ্লোক শ্ৰীমদ্ভাগৱতৰ পৰা উদ্ধৃত। শ্ৰীমদ্ভাগৱত গীতা, পাণ্ডৱী গীতা, বিষ্ণু পুৰাণ, পদ্ম পুৰাণকে ধৰি কুৰিখনৰো অধিক অন্যান্য গ্ৰন্থৰ সাৰভাগ আনি তেওঁ এই গ্ৰন্থ ৰচনা কৰিছিল।
-
আদি দশম
আদি দশম বা আদ্য দশম বা জনপ্ৰিয়ভাৱে দশম পুথিখন শংকৰদেৱ বিৰচিত এখন ধৰ্মীয় পুথি। ভাগৱতৰ দশম স্কন্ধৰ অসমীয়া ভাৱানুবাদ এই “আদি দশম’’ গ্ৰন্থ।
-
হৰিশ্চন্দ্ৰ উপাখ্যান
হৰিশ্চন্দ্ৰ উপাখ্যান শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এখন কাহিনী-প্ৰধান উপাখ্যান৷ হৰিশ্চন্দ্ৰ উপাখ্যানৰ মূল মাৰ্কণ্ডেয় পুৰাণৰ অন্তৰ্গত এটি সৰু কাহিনী৷ পুৰাণৰ সাৰ বুলি গ্ৰহণ কৰি লেখকে নিজৰ মৌলিক সাহিত্যিক প্ৰতিভাৰে উপাখ্যানটি সজাই-পৰাই লৈছে৷ এই পুথিখন শংকৰদেৱৰ আগবয়সৰ ৰচনা৷ হৰিশ্চন্দ্ৰ উপাখ্যানতেই শংকৰদেৱে…
-
অনাদি পাতন
অনাদি পাতন পদবন্ধে ৰচিত শংকৰদেৱ সৃষ্ট এখনি সাহিত্য৷ এই পুথিখন ৰচোঁতাই ভাগৱতৰ তৃতীয় স্কন্ধৰ আলমত ৰচনা কৰিছে৷ পুথিখন ভাগৱতৰ কাহিনীৰ লগতে বামন পুৰাণৰ কথাৰো উল্লেখ আছে৷ লেখকে নিজেই “বামন পুৰাণৰ কিছু মিশ্ৰ দিলোঁ তাত’’ বুলি স্বীকাৰ কৰি গৈছে৷ অনাদি পাতন' পুথিখন এখন বৃহৎ শাস্ত্ৰ আৰু ইয়াত প্ৰায় ৩০০-ৰো…
-
অমৃত মন্থন
অমৃত মন্থন শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি উপখ্যান৷ উপাখ্যানত দুৰ্বাসাৰ অভিশাপত শ্ৰীহীন ইন্দ্ৰকে আদি কৰি দেৱতাসকল দৈত্যৰাজ বলিৰ দ্বাৰা পৰাজিত হোৱা আৰু দৈত্যগণে অমৰত্ব পাবলৈ বিষ্ণুৰ পৰামৰ্শমতে ক্ষীৰ সমুদ্ৰ মন্থন কৰা, মন্দৰ পৰ্বত উভাৰি অনা আদিৰ সৰস বৰ্ণনাৰে সমৃদ্ধ।
-
টোটয়
তোটয় (টোটয়) হৈছে হিন্দু ধৰ্মৰ বৈষ্ণৱ পন্থাৰ অনুগামীসকলে ভগৱান বিষ্ণুৰ উপাসনাৰ উদ্দেশ্যে ৰচনা আৰু পৰিৱেশন কৰা একধৰণৰ স্তুতিগীত। তোটয় শব্দটো সংস্কৃত ভাষাৰ তোটক শব্দৰ পৰা আহিছে। চন্দ্ৰকান্ত অভিধানৰ মতে মূল সংস্কৃত শব্দ তোটকৰ অৰ্থ হৈছে, বাৰটা আখৰ থকা এবিধ ছন্দযুক্ত নাম।
-
পত্নীপ্ৰসাদ
পত্নীপ্ৰসাদ শংকৰদেৱ ৰচিত অধুনাপ্ৰাপ্ত প্ৰথম অংকীয়া নাট৷ কৰ্ম-মাৰ্গ আৰু ভক্তি-মাৰ্গকে মুখ্য স্থান দি এই নাটখনি ৰচনা কৰা হৈছে৷ যাগ-যজ্ঞৰ প্ৰতি পৰম আস্থাশীল আৰু ভক্তিপন্থা বিৰোধী ব্ৰাহ্মণসকলৰ লগত কৃষ্ণভক্তিপৰায়ণ ব্ৰাহ্মণ পত্নী আৰু গোপবালকসকলৰ বিৰোধক ভেটি কৰি এই নাটৰ কাহিনী আগবঢ়িছে৷