শংকৰদেৱ
১২ প্ৰবন্ধ
-
শংকৰদেৱ
শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯–১৫৬৮) মধ্যযুগীয় অসমৰ এক প্রধান ধৰ্মপ্ৰচাৰক আৰু বহুমুখী স্ৰষ্টা, যাঁৰ নেতৃত্বত নৱবৈষ্ণৱ তথা একশৰণ নাম ধৰ্মে সমাজ-জীৱনত গভীৰ ৰূপান্তৰ আনে। সাহিত্য, সংগীত, নাট-অভিনয়, নৃত্য আৰু সামাজিক সংগঠনৰ সমাহাৰে তেওঁ অসমীয়া সংস্কৃতিৰ এক ঐক্যসূত্ৰ গঢ়ি তোলে।
-
একশৰণ নাম ধৰ্ম
একশৰণ নাম ধৰ্ম অসমত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্তন-প্ৰচাৰ কৰা নৱ-বৈষ্ণৱ ধৰ্মধাৰা। ইয়াৰ কেন্দ্ৰীয় ধাৰণা ‘এক দেৱ, এক সেৱ’ আৰু নাম-ভক্তিক উপায় হিচাপে ধৰি সমাজত সমমৰ্যাদা-ভিত্তিক ধৰ্মীয় অনুশীলন বিস্তাৰ কৰাৰ চেষ্টা দেখা যায়।
-
কীৰ্তন-ঘোষা
কীৰ্তন-ঘোষা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰা এখন বৈষ্ণৱ ধৰ্মগ্ৰন্থ তথা কাব্য-সংকলন। শংকৰদেৱৰ প্ৰয়াণৰ পাছত শিষ্য-ধাৰাৰ উদ্যোগত ইয়াৰ খণ্ডসমূহ সংগ্ৰহ-সম্পাদনা হৈ একেলগে গ্ৰন্থৰূপে প্ৰতিষ্ঠা পায়।
-
গুণমালা
গুণমালা পুথি মহাপুৰুষ শংকৰদেৱৰ এক অনন্য সৃষ্টি। মহাভাগৱতৰ সাৰমৰ্ম মাত্ৰ ৬ টি অধ্যায়ত সামৰি ৰচনা কৰা গুণমালা পুথিখন গুৰুজনাৰ এক অপূৰ্ব সৃষ্টি হিচাপে গণ্য কৰা হয়।
-
খেৰসূতী
খেৰসূতী বা খেৰশুতী আই ( Khersuti Aai) শ্ৰীমন্ত শংকৰদেৱৰ আইতাক আছিল। শংকৰদেৱৰ মাতৃ কম বয়সতে ঢুকোৱাত তেওঁক ডাঙৰ-দীঘল কৰাত খেৰশুতীৰ যথেষ্ট অৱদান আছিল৷
-
ভক্তি ৰত্নাকৰ
ভক্তি ৰত্নাকৰ হৈছে শ্ৰীমন্ত শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা এখনি ধৰ্মীয় গ্ৰন্থ। ভক্তি-ৰত্নাকৰৰ প্ৰায়বোৰ শ্লোক শ্ৰীমদ্ভাগৱতৰ পৰা উদ্ধৃত। শ্ৰীমদ্ভাগৱত গীতা, পাণ্ডৱী গীতা, বিষ্ণু পুৰাণ, পদ্ম পুৰাণকে ধৰি কুৰিখনৰো অধিক অন্যান্য গ্ৰন্থৰ সাৰভাগ আনি তেওঁ এই গ্ৰন্থ ৰচনা কৰিছিল।
-
কুসুম্বৰ ভূঞা
কুসুম্বৰ ভূঞা (? - আন. ১৪৫৬) শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ। সূৰ্যবৰ আৰু খেৰসূতীৰ জ্যেষ্ঠ পুত্ৰ। 'শিৰোমণি ভূঞা' বাব পাইছিল। এখেতৰ প্ৰথমা পত্নী সত্যসন্ধাৰ গৰ্ভত শংকৰদেৱৰ জন্ম হৈছিল। আনগৰাকী পত্নী অনুধৃতিৰ গৰ্ভত জন্ম হৈছিল বনগঞাগিৰী। শংকৰদেৱৰ সাত বছৰ বয়স হোৱাত কুসুম্বৰ ভূঞাৰ মৃত্যু হৈছিল।
-
ব্ৰহ্ম সংহতি
দামোদৰদেৱ, হৰিদেৱ অথবা তেওঁলোকৰ শিষ্যৰ দ্বাৰা প্ৰৱৰ্তিত সত্ৰসমূহেই ব্ৰহ্ম সংহতিৰ সত্ৰ স্বৰূপে পৰিচিত। দামোদৰদেৱ ব্ৰহ্ম সংহতিৰ প্ৰৱৰ্তক। দামোদৰী আৰু হৰিদেৱী সুকীয়া সুকীয়া মাৰ্গ নহয়। দামোদৰী মাৰ্গৰেই আন এটি উল্লেখযোগ্য শাখা হৰিদেৱী।
-
কৰতল কমল কমল দল নয়ন
কৰতল কমল কমল দল নয়ন হৈছে শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত এটি ভক্তি বিষয়ক কবিতা। বিদ্যা শিক্ষা আৰম্ভ কৰিয়েই শঙ্কৰে অ-আ ক-খ শিকিয়েই এই কবিতাটো ৰচনা কৰি সকলোকে অভিভূত কৰে। তেওঁ ১২ বছৰ বয়সতে এই কবিতাটো লিখি উলিয়াইছিল।
-
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ অসমৰ নগাঁও জিলাৰ বটদ্ৰৱাত অৱস্থিত এক আধ্যাত্মিক, সাংস্কৃতিক, ঐতিহাসিক আৰু পৰ্যটনকেন্দ্ৰিক প্ৰকল্প। এই ক্ষেত্ৰখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আৰু ঐতিহাসিক বটদ্ৰৱা থানক কেন্দ্ৰ কৰি গঢ়ি তোলা হৈছে।
-
শংকৰদেৱৰ ভাগৱত
শংকৰদেৱৰ ভাগৱত হৈছে শ্ৰীমন্ত শংকৰদেৱে পঞ্চদশ-ষষ্ঠদশ শতিকাত ৰচনা কৰা ভাগৱত পুৰাণৰ অসমীয়া অভিযোজন৷ যদিও ৰচনাখনৰ প্ৰধান অংশ শংকৰদেৱে ৰূপান্তৰিত কৰিছিল, তথাপিও সেই সময়ৰ আন কেইজনমান লেখকে বাকী অংশবোৰত অৰিহণা যোগাইছিল।
-
শংকৰী সংস্কৃতি
শংকৰী সংস্কৃতি বুলিলে সামগ্ৰিকভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমৰ সামাজিক, ধাৰ্মিক, সাহিত্যিক, সামাজিক, সাংস্কৃতিক আদি দিশত আগবঢ়োৱা অৱদান সমূহকে বুজা যায়। পঞ্চদশ ষোড়শ শতিকাৰ মহাপুৰুষ শ্ৰীশংকৰদেৱে অসমত যি নৱ-বৈষ্ণৱ ধৰ্মৰ সোঁত বোৱালে তাৰ ফলত অসমৰ জাতীয় জীৱনৰ এক বৈপ্লৱিক পৰিৱৰ্তন ঘটিল।