অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বেশৰ্মী মৰ্চা

বেশৰ্মী মৰ্চা (Besharmi Morcha) হৈছে শ্লেটৱাকৰ (Slutwalk) ভাৰতীয় সমতুল্য সংগঠন। ইয়াক শ্লেটৱাক অৰ্থাৎ বেশৰ্মী মৰ্চা নামেৰেও জনা যায়। বেশৰ্মী মৰ্চা আছিল ২০১১ চনত কানাডাৰ মহিলাসকলে আৰম্ভ কৰা এটা সংস্থা।

হালনাগাদ: ১৯ ফেব্ৰুৱাৰী ২০২৫ ৩১৩ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

বেশৰ্মী মৰ্চা (Besharmi Morcha) হৈছে শ্লেটৱাকৰ (Slutwalk) ভাৰতীয় সমতুল্য সংগঠন। ইয়াক শ্লেটৱাক অৰ্থাৎ বেশৰ্মী মৰ্চা নামেৰেও জনা যায়। বেশৰ্মী মৰ্চা আছিল ২০১১ চনত কানাডাৰ মহিলাসকলে আৰম্ভ কৰা এটা সংস্থা। মহিলাসকলে (মাৰ্জিত) সাজ-পোছাকৰ দ্বাৰা ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ পৰা হাত সাৰিব পাৰে বুলি টৰন্টোৰ আৰক্ষীয়ে যি ৰাজহুৱা বক্তব্য আগবঢ়াইছিল, তাৰ প্ৰতিবাদ কল্পে এই সংস্থাৰ জন্ম হয়।১২ এই বিষয়টোত শিক্ষা প্ৰদানৰ উদ্দেশ্যে তেওঁলোকে সমগ্ৰ বিশ্বতে অনুষ্ঠানৰ আয়োজন কৰিছে।

২০১১ চনৰ ১৭ জুলাইত ভূপালত৩ আৰু ২০১১ চনৰ ৩১ জুলাইত দিল্লীত বেশৰ্মী মৰ্চা অনুষ্ঠিত হয়।৪ তাৰ পিছত ২০১১ চনৰ ২১ আগষ্টত বেশৰ্মী মৰ্চা অনুষ্ঠিত হৈছিল।৫৬

ছিংগাপুৰ, কুৱালালামপুৰ আৰু হংকঙত আয়োজিত অনুৰূপ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ২০১১ চনৰ ৪ ডিচেম্বৰত বেশৰ্মী মৰ্চা, বেংগালুৰুৱে আয়োজন কৰা অনুষ্ঠান বিভিন্ন উৎসৰ পৰা আপত্তি লাভ কৰাৰ পিছত আৰক্ষীয়ে বাতিল কৰে।৭ আৰক্ষীৰ এগৰাকী মুখপাত্ৰই কয় যে বেশৰ্মী মৰ্চাৰ বিৰোধিতা কৰা গোটসমূহে হিংসাত্মক প্ৰতিবাদ কৰাৰ ভাবুকি দিছে।৮ এগৰাকী আয়োজক ধীলন মৌলিয়ে জনায় যে তেওঁক এই অনুষ্ঠানটো ভাৰতীয় সংস্কৃতিৰ অংশ নহয় বুলি কোৱা হৈছিল। মৌলিয়ে লগতে কয়, “এটা মহিলা সংগঠনৰ উপ-সভানেত্ৰীয়ে মোক ফোন কৰি ক'লে যে শ্লেটৱাকৰ সময়ত যদি কোনো মহিলাক কম কাপোৰ পিন্ধা দেখা যায়, তেন্তে তেওঁলোকক ঝাড়ুৰে প্ৰহাৰ কৰা হ'ব।”৯

ক্ৰীষ্টি থম্পছনে মিছ মেগাজিনৰ বাবে লিখিছে “...সমালোচকসকলে কোৱাৰ মহিলাসকলে নিচেই কম কাপোৰ পিন্ধাৰ অধিকাৰ বিচাৰি ৰাস্তাত সমদল উলিওৱা নাই। তেওঁলোকে ৰাস্তাত খোজ কঢ়াৰ অধিকাৰৰ বাবেহে যুঁজ দিছে।”১০

অনুবাদ

Slut শব্দটোক হিন্দীৰ দৰে পোনপতীয়াকৈ ভাৰতীয় ভাষালৈ অনুবাদ কৰা হোৱা নাই। Slutৰ পোনপতীয়া হিন্দী অৰ্থ ৰেণ্ডী১১ (रंडी), অৰ্থাৎ বেশ্যা।১২ আয়োজকসকলে চিন্তিত আছিল যে পৰ্যবেক্ষকসকলে বিশ্বাস কৰিব যে প্ৰতিবাদকাৰীসকলে মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু যৌন হিংসাৰ পৰা নিস্কৃতি পাবলৈ প্ৰতিবাদ কৰাৰ সলনি নিজকে পতিতা হিচাপে পৰিচয় দিছে বা পতিতা হোৱাৰ অধিকাৰ বিচাৰিছে।

বেশৰ্মীৰ (बेশर्मी) অনুবাদ হৈছে নিৰ্লজ্জভাৱে। ইয়াৰ অৰ্থ হ'ব পাৰে- অশ্লীলতাৰ এটা গুণ।১৩ মৰ্চা (मोर्चा) প্ৰতিবাদ আৰু কাৰ্যৰ ধাৰণাটোৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। ই প্ৰায়ে ৰাজনৈতিক প্ৰতিবাদ সূচায়।১৪

বেশৰ্মী মৰ্চাৰ একাধিক অৰ্থ আছে যিবোৰ সহজে ইংৰাজীলৈ অনুবাদ কৰিব নোৱাৰি। ইয়াৰ অৰ্থ সাধাৰণতে “নিৰ্লজ্জভাৱে আৰু সাহসেৰে একত্ৰিতভাৱে প্ৰতিবাদ কৰা; যিটো আনে ভুল বা আনকি অশ্লীল বুলিও গ্ৰহণ পাৰে।”

তথ্যসূত্ৰ

  1. ↑ Bell, Sarah. (11 June 2011). Slutwalk London: 'Yes means yes and no means no'. BBC News
  2. ↑ homepage. SlutWalk Toronto
  3. ↑ Pereira, Aaron. (18 July 2011). Bhopal Besharmi Morcha gets lukewarm response. Hindustan Times. HT Media Limited
  4. ↑ विनीत खरे – Vineet Khare. (31 July 2011). दिल्ली में निकला बेशर्मी मोर्चा – Shamelessly out front in Delhi. BBC हिंदी – BBC Hindi. BBC
  5. ↑ (22 August 2011). After Delhi, Bhopal, Slutwalk makes its Lucknow debut. The Hindu
  6. ↑ Slutwalk in Lucknow. NewKerala.com. NKDC Media Solutions
  7. ↑ (9 December 2011). Why Bangalore cops cancelled permission for SlutWalk. NDTV.com. NDTV Convergence Limited
  8. ↑ (5 December 2011). SlutWalk cancelled as they had it coming. DNA Daily News And Analysis. DNA
  9. ↑ Bhalla, Nita. Bangalore SlutWalk cancelled as not "part of Indian culture" – Report. TrustLaw – Thomson Reuters Foundation
  10. ↑ Thompson, Christie. (6 July 2011). SlutWalk Delhi Starts "Immodest" Discussion in India. Ms Magazine
  11. ↑ Hindi-English translation for "रंडी". bab.la Dictionary. bab.la
  12. ↑ NILANJANA S. ROY. (14 June 2011). Ready or Not, New Delhi Gets a Women's Street Protest. The New York Times. The New York Times Company
  13. ↑ Get Meaning of besharmi in English. बेशर्मी का मतलब अंग्रेजी में जानिए. hinkhoj.com Hindi to English dictionary. HinKhoj InfoLabs LLP
  14. ↑ Get Meaning of morcha in English. मोर्चा का मतलब अंग्रेजी में जानिए. hinkhoj.com Hindi to English dictionary. HinKhoj InfoLabs LLP

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদী তত্ত্বনাৰীবাদী সংগঠননাৰীবাদী প্ৰতিবাদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেশৰ্মী মৰ্চা” প্ৰবন্ধৰ সংশোধন ৪৭৯৫৮১ (১৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।