অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মিছ আমেৰিকা প্ৰটেষ্ট

মিছ আমেৰিকা প্ৰটেষ্ট ১৯৬৮ চনৰ ৭ ছেপ্টেম্বৰত আমেৰিকাৰ আটলাণ্টিক চিটিত সংঘটিত এক নাৰীবাদী প্ৰতিবাদ। ই আছিল মিছ আমেৰিকা ১৯৬৯ প্ৰতিযোগিতাৰ বিৰুদ্ধে প্ৰায় নাৰীবাদী আৰু নাগৰিক অধিকাৰৰ হকে মাত মতা ব্যক্তিয়ে অংশগ্ৰহণ কৰা এক বিক্ষোভ।

হালনাগাদ: ১৬ ডিচেম্বৰ ২০২৩ ৪০৩ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

মিছ আমেৰিকা প্ৰটেষ্ট ১৯৬৮ চনৰ ৭ ছেপ্টেম্বৰত আমেৰিকাৰ আটলাণ্টিক চিটিত সংঘটিত এক নাৰীবাদী প্ৰতিবাদ। ই আছিল মিছ আমেৰিকা ১৯৬৯ প্ৰতিযোগিতাৰ বিৰুদ্ধে প্ৰায় নাৰীবাদী আৰু নাগৰিক অধিকাৰৰ হকে মাত মতা ব্যক্তিয়ে অংশগ্ৰহণ কৰা এক বিক্ষোভ। নিউয়ৰ্ক ৰেডিকেল ৱুমে’নে আয়োজন কৰা এই নাৰীবাদী প্ৰতিবাদত নাৰীৰ ব্যৱহাৰ্য সামগ্ৰী যেনে- ব্ৰা, হেয়াৰস্প্ৰে, মেকআপ, কমৰবন্ধনী (girdles), কৰ্চেট (corsets), আইলেচ, মপছ্ (mops) আৰু অন্যান্য সামগ্ৰীবোৰ আৱৰ্জনা সদৃশ জ্ঞান কৰি “ফ্ৰিডম ট্ৰেছ কেন” নামাংকিত পাত্ৰত পেলাই দিছিল। প্ৰতিবাদকাৰীসকলে আটলাণ্টিক চিটিৰ ব’ৰ্ডৱাকৰ মিছ আমেৰিকা প্ৰতিযোগিতা চলি থকা প্ৰেক্ষাগৃহৰ বাহিৰত “নাৰীৰ মুক্তি” (Women's Liberation) বুলি লিখা এখন বৃহৎ আকাৰৰ বেনাৰো দাঙি ধৰি নাৰী মুক্তি আন্দোলনৰ প্ৰতি বিশ্বজুৰি সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰে।১২

সাংবাদিক লিণ্ডেছে ভেন গেল্ডাৰে আৱৰ্জনা পাত্ৰত (trace can) ব্ৰা পেলোৱা নাৰীবাদী প্ৰতিবাদকাৰী আৰু ড্ৰাফ্ট কাৰ্ড জ্বলোৱা ভিয়েটনাম যুদ্ধৰ প্ৰতিবাদকাৰীৰ মাজত সাদৃশ্য বিচাৰি উলিয়ায়।৩

মূল

নিউয়ৰ্ক ৰেডিকেল ৱুমে’ন নৱ বাওপন্থী, যুদ্ধ বিৰোধী আৰু নাগৰিক অধিকাৰ আন্দোলনত সক্ৰিয় এটা মহিলা গোট আছিল।৪ এই গোটটো সংগঠিত কৰিছিল ৰবীন মৰ্গান, কেৰল হেনিছ৫ আৰু শ্বলামিথ ফায়াৰষ্টোন৬ আৰু পেম এনেলে। তেওঁলোকে তেওঁলোকৰ আন্দোলনটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ উপযুক্ত পথৰ সন্ধানত আছিল।

মৰ্গান, কেথী চাৰাচাইল্ড, ৰোজালিন বাক্সাণ্ডেল, এলিক্স কেটছ শ্বুলমেন, পেট্ৰিচিয়া মেইনাৰ্ডি, আইৰিন পেছলিকিছ, এলেন উইলিছকে ধৰি গোটৰ মহিলাসকলে সৌন্দৰ্যৰ মাপকাঠিয়ে কেনেকৈ নাৰীক উৎপীড়ন কৰে, সেই সম্পৰ্কীয় চিনেমা এখন চোৱাৰ পিছত মিছ আমেৰিকা প্ৰতিযোগিতাক লক্ষ্য কৰি লোৱাৰ কথাটো মনলৈ আহে। চিনেমাখনত আছিল ছুইমিং চুট পিন্ধি পেৰেড কৰা মিছ আমেৰিকাৰ ক্লিপ। “ই মোক ভাবিবলৈ বাধ্য কৰালে যে প্ৰতিযোগিতাখনৰ প্ৰতিবাদ কৰাৰ জৰিয়তে হয়তো আমাৰ আন্দোলন সম্পৰ্কে জনচেতনা জাগ্ৰত কৰিব পৰা যায়।”- হেনিছে কৈছিল। “কাৰণ এই সময়লৈকে আমি কোনো বিশেষ কৰ্মসূচী লোৱা নাছিলো আৰু আমাৰ আন্দোলনৰ পৰিসৰটোও সৰু আছিল। ই একপ্ৰকাৰৰ সাহসী কাম আছিল। মিছ আমেৰিকা আছিল ‘আমেৰিকান পাই’ আইকন। ইয়াক সমালোচনা কৰিবলৈ কোনে সাহস কৰিব?”৭ নিউয়ৰ্ক ৰেডিকেল ৱুমে’নে নাগৰিক অধিকাৰ আন্দোলনত সফলতাৰে ব্যৱহৃত হোৱা কৌশলসমূহ অন্তৰ্ভুক্ত কৰি নাৰী মুক্তিৰ নতুন ধাৰণাটোৰ সৈতে খাপ খুৱাই লোৱাৰ সিদ্ধান্ত লয়।৭

১৯৬৮ চনৰ ২৯ আগষ্টত মৰ্গানে প্ৰতিবাদ কৰাৰ অনুমতি বিচাৰি চহৰৰ মেয়ৰলৈ এখন চিঠি লিখে। চিঠিত মৰ্গানে লিখে যে প্ৰতিযোগিতাখনে নাৰীৰ বুদ্ধিমত্তাকৈ দেহটোৰ, পৰিপক্বতাকৈ যৌৱনৰ আৰু মানৱতাকৈ বাণিজ্যিকৰণৰ ওপৰতহে বেছিকৈ আলোকিত কৰিছে আৰু এই কথাটোতে তেওঁলোকৰ আপত্তি আছে। সেয়েহে প্ৰতিবাদৰ যোগেদি তেওঁলোকৰ আপত্তি প্ৰদৰ্শন কৰিব বিচাৰে।৮

ঘটনাক্ৰম

নিউয়ৰ্ক ৰেডিকেল ৱুমে’ন গোটৰ প্ৰায় ২০০ সদস্যই গাড়ী আৰু ভাৰা বাছৰে আটলাণ্টিক চহৰলৈ আহে। ১৯৬৮ চনৰ ৭ ছেপ্টেম্বৰত নিউয়ৰ্ক মহানগৰ, ফ্ল'ৰিডা, বষ্টন, ডেট্ৰাইট আৰু নিউ জাৰ্চিৰ পৰা প্ৰায় ৪০০৭ নাৰীবাদী৯ আটলাণ্টিক চিটি ব'ৰ্ডৱাকৰ মিছ আমেৰিকা প্ৰতিযোগিতাস্থলীত একত্ৰিত হয়।১০ তেওঁলোকে সমদল কৰে আৰু ‘নো ম'ৰ মিছ আমেৰিকা’ আদি পুস্তিকা বিতৰণ কৰে আৰু এজনী ভেড়াক মুকুট পিন্ধাই সৌন্দৰ্য্য প্ৰতিযোগিতাক কাউণ্টি মেলাৰ পশুধন প্ৰতিযোগিতাৰ সৈতে তুলনা কৰে।৭১১

তেওঁলোকে কেইবাবিধো নাৰীৰ ব্যৱহাৰ্য সামগ্ৰী কৰি ফ্ৰিডম ট্ৰেচ কেনত পেলাই দিয়ে; যাৰ ভিতৰত আছিল ব্ৰা, হেয়াৰস্প্ৰে, মেকআপ, কমৰবন্ধনী (girdles), কৰ্চেট (corsets), আইলেচ, মপছ্ (mops), বাচন-বৰ্তন, প্লেবয় আলোচনীৰ কপি,৭ যাক তেওঁলোকে “নাৰী নিৰ্যাতনৰ সঁজুলি” আখ্যা দিছিল।১২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Barbara J. Love. (2006). Feminists who Changed America, 1963-1975. University of Illinois Press. ISBN 978-0-252-03189-2
  2. ↑ Buchanan, Paul D. (2011-07-31). Radical Feminists: A Guide to an American Subculture: A Guide to an American Subculture. ABC-CLIO. পৃ. 124–. ISBN 9781598843576
  3. ↑ Heller, Karen. "The bra-burning feminist trope started at Miss America. Except, that's not what really happened." Washingtonpost.com, 7 Sept. 2018. Academic OneFile
  4. ↑ PassportMenu for .. DownOpenDown. Public Broadcasting Service. PBS
  5. ↑ Hanisch, Carol. Carol Hanisch of the Women's Liberation Movement
  6. ↑ Shulamith Firestone. (1968). Women and Marxism: Shulamith Firestone. Women and
  7. ↑ Letter from Robin Morgan to Richard S. Jackson, Mayor of Atlantic City, Aug. 29, 1968,. Duke Digital Collections
  8. ↑ (2005). Robin Morgan. Jewish Women's Archive
  9. ↑ Morgan, Robin. "No More Miss America", Redstockings, 22 Aug. 1968. Web. 2 Feb. 2012
  10. ↑ Greenfieldboyce, Nell. (September 5, 2008). Pageant Protest Sparked Bra-Burning Myth. NPR
  11. ↑ It Happened Here in New Jersey: Miss America. Kean University and the New Jersey Historical Commission
  12. ↑ Duffett, Judith. (October 1968). WLM vs. Miss America. Voice of the Women's Liberation Movement. পৃ. 4

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদী তত্ত্বনাৰীবাদী প্ৰতিবাদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিছ আমেৰিকা প্ৰটেষ্ট” প্ৰবন্ধৰ সংশোধন ৩৯৭৮২৬ (১৬ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।