পোখালি (অসম)
১১ প্ৰবন্ধ
-
কামাখ্যা মন্দিৰ
কামাখ্যা মন্দিৰ অসমৰ গুৱাহাটী নগৰৰ নিকট নীলাচল পাহাৰত অৱস্থিত হিন্দু শক্তি উপাসনাৰ এক অতি প্ৰসিদ্ধ তীৰ্থস্থান। ই ভাৰতত প্ৰচলিত ৫১খন দেৱীপীঠৰ মাজত অন্যতম গুৰুত্বপূৰ্ণ পীঠ হিচাপে পৰিগণিত।
-
ভোগদৈ নদী
ভোগদৈ নদী (Bhogdoi River) ব্ৰহ্মপুত্ৰ নদৰ এখন দক্ষিণ বাহিনী উপনদী। নগা পাহাৰৰ পৰা উৎপত্তি হৈ ই যোৰহাট চহৰৰ মাজেদি প্ৰবাহিত হৈছে আৰু অন্য এখন নদীৰ সৈতে মিলিত হৈ নদীখনৰ নাম গেলাবিল হৈ যায় আৰু ব্ৰহ্মপুত্ৰত লগ লাগে। পূৰ্বতে ভোগদৈ নদী খনৰ নাম আছিল দিচৈ। ইয়াৰ পুৰণা সুঁতিটো বৰ্তমান মৰিদিচৈ নামেৰে জনাজাত।
-
আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Regional Dental College, Guwahati) অসমৰ গুৱাহাটীত অৱস্থিত এখন চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়। ই উত্তৰ পূৱ ভাৰতৰ প্ৰথমখন দন্ত চিকিৎসাৰ মহাবিদ্যালয়। আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় ১৯৮২ চনত প্ৰতিষ্ঠা কৰা হয়।
-
দৈনন্দিন বাৰ্তা
দৈনন্দিন বাৰ্তা এখন দৈনিক অসমীয়া বাতৰিকাকত। কাকতখনৰ মুখ্য সম্পাদক নৰেন হাজৰিকা আৰু সম্পাদক শংকৰ গোহাঞি। কাকতখন গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা একেসময়তে প্ৰকাশিত হয়। কাকতখন প্ৰথম প্ৰকাশ হয় ২০১০ চনত। কাকতখনত মুঠ ১২খন পৃষ্ঠা সন্নিবিষ্ট থাকে বিভিন্ন বাতৰি আৰু প্ৰবন্ধ প্ৰকাশ হয়।
-
বিজনী মহাবিদ্যালয়
বিজনী মহাবিদ্যালয় ভাৰত-ভূটান সীমান্তত বিজনী নামৰ ঠাইত এই মহাবিদ্যালয়খন অৱস্থিত। মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।
-
ভাষাবিজ্ঞান উপক্ৰমণিকা
ভাষাবিজ্ঞান উপক্ৰমণিকা অসমীয়া ভাষা বিষয়ক গ্ৰন্থ। লিখক অৰ্পণা কোঁৱৰ। প্ৰথম প্ৰকাশ হয় ২০০২ চনত। প্ৰকাশক বনলতা। গ্ৰন্থখনত ভাষাৰ তাৎপৰ্য, ভাষা অধ্যয়নৰ প্ৰয়োজনীয়তা, ভাষা চৰ্চা আৰু অধ্যয়নৰ ইতিহাস, ভাষাতত্ত্ব, ভাষাবিজ্ঞান, ব্যাকৰণ, ভাষাবিজ্ঞানৰ পৰিধি, ধ্বনিবিজ্ঞান, ধ্বনিতত্ত্ব, বৰ্ণবিজ্ঞান,…
-
অসমৰ নদ-নদী (গ্ৰন্থ)
অসমৰ নদ-নদী (১৯৯৩, ইংৰাজী: Asamar Nad-Nadi) অসমৰ নদ-নদীৰ বিষয়ে এখন তথ্যসমৃদ্ধ গ্ৰন্থ৷ গ্ৰন্থখনৰ লেখক হ’ল যোগেন্দ্ৰনাথ শৰ্মা৷ ১৯৯৩ চনত গ্ৰন্থখন অসম সাহিত্য সভাই প্ৰকাশ কৰে৷
-
কাৰা বাঁহী
কাৰা বাঁহী ৰাভাসকলৰ তত বাদ্যৰ ভিতৰত অন্যতম। নল বাঁহেৰে সজা এই বাঁহীৰ দৈৰ্ঘ্য প্ৰায় দুই-আঢ়ৈ মিটাৰ। এই বাঁহীটোৰ বৈশিষ্ট্য এইখিনিতে যে ইয়াত সুৰ তুলিবলৈ এটাও ফুটা নাই।
-
পদশিলা
পদশিলা অসমৰ সংস্কৃতি জগতৰ এটা বহু পুৰণি কৃষ্টি। শংকৰদেৱে গুৰুগৃহত সোমাওঁতে যি দুচটা শিলত গৃহৰ দুৱাৰমুখত ভৰি দি সেমাইছিল সেই দুচটা শিলকে পদশিলা বোলে। অসমীয়া সমাজত প্ৰচলিত নামঘৰসমূহত এই শিল এতিয়াও বিৰাজমান।
-
অসমীয়া আৰু অসমৰ ভাষা-উপভাষা
অসমীয়া আৰু অসমৰ ভাষা-উপভাষা অসমীয়া ভাষা বিষয়ক গ্ৰন্থ৷ লিখক উপেন ৰাভা হাকাচাম৷ প্ৰথম প্ৰকাশ হয় ২০০৯ চনত৷ প্ৰকাশক জ্যোতি প্ৰকাশন৷ গ্ৰন্থখনত উত্তৰ-পূৰ্বাঞ্চলৰ ভাষাসমূহৰ বিষয়ে বিশদ ৱিৱৰণ আছে৷ লগতে অসমৰ নব্য স্বীকৃত/অস্বীকৃত ভাষা, অসমৰ বিভিন্ন নৃগোষ্ঠীয় উপভাষা, অসমীয়াৰ জাতিগত/সামাজিক শ্ৰেণীগত…
-
জাপানী কবিতা
জাপানী কবিতা নীলমণি ফুকনৰ দ্বাৰা অনুদিত জাপানী কবিতাৰ এখন সংকলন৷ গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ১৯৭০ চনত৷ গ্ৰন্থখনৰ ভূমিকা লিখিছে ড° হীৰেন গোহাঁয়ে৷ জাপানৰ প্ৰতিনিধিত্বমূলক কেইজনমান কবিৰ চুটি চুটি কবিতা এইখন গ্ৰন্থত সংকলিত হৈছে৷