১৯৭৩ বৰ্ষৰ চলচ্চিত্ৰ
৫ প্ৰবন্ধ
-
অভিযান (চলচ্চিত্ৰ)
অভিযান (Abhijaan) ১৯৭৩ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বিশ্বনাথ চাৰিআলিৰ পৰা নিৰ্ম্মাণ হোৱা প্ৰথমখন অসমীয়া কথাছবি। সুজিত সিংহই ছবিখনৰ চিত্ৰনাট্য ৰচনা আৰু পৰিচালনা কৰাৰ উপৰিও চিত্ৰগ্ৰহণো কৰিছিল।
-
মমতা (চলচ্চিত্ৰ)
মমতা (Mamata) নলীন দুৱৰা পৰিচালিত ১৯৭৩ত মুক্তিপ্ৰাপ্ত এখন অসমীয়া কথাছবি। তেৱেঁ ছবিখনৰ চিত্ৰগ্ৰহণো কৰিছে। অসমৰ গ্ৰাম্যজীৱনৰ পটভূমিত ছবিখনৰ কাহিনী ৰচনা কৰা হৈছে। ১৯৭৩ৰ ২১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ শিতানত মমতাই ৰজত পদক লাভ কৰে।
-
অৰংগেত্ৰম (১৯৭৩ চলচ্চিত্ৰ)
অৰংগেত্ৰম ( Arangetram; উচ্চাৰণ: aɾaŋɡeːʈram; অনু: প্ৰথম প্ৰদৰ্শন) ১৯৭৩ চনৰ কে বালাচন্দৰ ৰচিত আৰু পৰিচালিত, ভাৰতীয় তামিল ভাষাৰ এখন নাট্যধৰ্মী ছবি। ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে প্ৰমীলাই।
-
নিৰ্মল্যম
নিৰ্মল্যম (നിര്മ്മാല്യം; Nirmalyam) ১৯৭৩ চনত মুক্তি পোৱা এম বাসুদেৱন নায়াৰ ৰচিত আৰু পৰিচালিত, পি জে এণ্টনি, সুমিত্ৰা আৰু ৰবি মেনন অভিনীত এখন মালয়ালম ভাষাৰ চলচ্চিত্ৰ।
-
ববী (১৯৭৩ চলচ্চিত্ৰ)
ববী ( Bobby ) ১৯৭৩ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন সংগীতমধুৰ ৰোমাঞ্চ ছবি। পৰিচালনা আৰু প্ৰযোজনা ৰাজ কাপুৰৰ আৰু ৰচনা খাজা আহমদ আব্বাছৰ। ছবিখনত ৰাজ কাপুৰৰ পুত্ৰ ঋষি কাপুৰে ডিম্পল কপাড়িয়াৰ প্ৰথম মুখ্য চৰিত্ৰত অভিনয় কৰিছে।