ফাৰ্ষ্টপোষ্ট (Firstpost) হৈছে নেটৱৰ্ক১৮ গ্ৰুপৰ মালিকানাধীন ভাৰতীয় সংবাদ ৱেবছাইট, যিয়ে চিএনএন-নিউজ১৮ আৰু চিএনবিচি টিভি১৮ও নিয়ন্ত্ৰণ কৰে।১২
নেটৱৰ্ক ১৮ গ্ৰুপটো প্ৰথমে ৰাঘৱ বাহলৰ মালিকানাধীন আছিল। ২০১২ চনৰ জানুৱাৰী মাহত গোটটোৱে মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ পৰা ২৭ বিলিয়ন বিনিয়োগ লাভ কৰে।৩
ইতিহাস
ফাৰ্ষ্টপোষ্ট ২০১১ চনত নেটৱৰ্ক১৮ৰ অনলাইন নিউজ পৰ্টেল হিচাপে আৰম্ভ হৈছিল।৪ ২০১৩ চনৰ মে' মাহত এই সংবাদ গোটটোক ফৰ্বছ ইণ্ডিয়াৰ ভাৰতীয় সংস্কৰণৰ সৈতে একত্ৰিত কৰা হয় যাৰ মুখ্য সম্পাদক ইন্দ্ৰজিৎ গুপ্তাকে ধৰি চাৰিজন শীৰ্ষ সম্পাদকীয় মুৰব্বীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।৫৬ এই পৰিঘটনাৰ ফলত সংবাদ মাধ্যমৰ উত্তেজনাৰ সৃষ্টি হয়।৭ ইয়াৰ পিছত ২০১৩ চনৰ ৩১ মে'ত ফাৰ্ষ্টপোষ্টে অজ্ঞাত ধনৰ বাবে এটা ব্যংগ ৱেবছাইট ফেকিংনিউজ ডট কমৰ দায়িত্ব লয়।৮
২০১৫ চনত দ্য কেৰাভানে অৰুণ জেটলীৰ দৰে ৰাজনৈতিক নেতাৰ সমালোচনাৰ বাবে ফাৰ্ষ্টপোষ্টত চেন্সৰশ্বিপৰ বিষয়ে সংবাদ প্ৰকাশ কৰিছিল।৯ ২০১৯ চনৰ জানুৱাৰী মাহত ফাৰ্ষ্টপোষ্টৰ সাপ্তাহিক ইংৰাজী ভাষাৰ ছপা সংস্কৰণ আৰম্ভ হয়,৪১০ আৰু তাৰ পিছত ২০১৯ চনৰ জুন মাহত শেষ হয়৷ ফাৰ্ষ্টপোষ্টৰ প্ৰকাশ অনলাইনত চলি থাকে।১১ ২০২০ চনৰ এপ্ৰিল মাহলৈকে জয়দীপ গিৰিধৰে মুম্বাইৰ ফাৰ্ষ্টপোষ্টৰ কাৰ্যবাহী সম্পাদক, আনহাতে সঞ্জয় সিঙে উপ কাৰ্যবাহী সম্পাদকৰ দায়িত্ব পালন কৰে।১২ ২০২৩ চনৰ ২৬ জানুৱাৰীত প্ৰাইম টাইম শ্ব' ভেণ্টেজ আৰম্ভ কৰা হয়, যাৰ পৰিচালন সম্পাদক আছিল পালকী শৰ্মা উপাধ্যায়৷ তেওঁ পূৰ্বে WION ৰ লগত জড়িত আছিল।১৩
তথ্য পৰীক্ষকসকলে ফাৰ্ষ্টপোষ্টে একাধিকবাৰ ভুল তথ্য পোষ্ট কৰা বুলি উল্লেখ কৰিছে। ২০২৩ চনত ই লোহাৰ গ্ৰীল থকা এটা কবৰৰ ফটো ভাৰতৰ হায়দৰাবাদৰ হোৱাৰ সময়ত পাকিস্তানৰ বুলি ভুলকৈ ৰিপৰ্ট কৰিছিল।২ ২০২৩ চনত ই মিছাকৈ প্ৰকাশ কৰিছিল যে আতিক আহমেদৰ ভোটে ২০০৮ চনত ইউ পি এ চৰকাৰক ‘ৰক্ষা’ কৰিছিল।১৪১ ২০২৫ চনত তেওঁলোকে ২০২৫ চনৰ পেহেলগাম আক্ৰমণ চিত্ৰণ কৰিবলৈ ২০২১ চনৰ এটা ভিডিঅ'ৰ এখন অসংলগ্ন ছবি পোষ্ট কৰিছিল।১৫
তথ্যসূত্ৰ
- ↑ Chatterjee, Swasti. (3 June 2020). News18, Firstpost Tweet Old Video of Waterspout as Cyclone Nisarga. BOOM
- ↑ (30 April 2023). Media misreport: Viral photo of grave with iron grille is from Hyderabad, not Pakistan. Alt News
- ↑ (4 January 2012). Reliance enters media by opening purse strings for Network18. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Jha, Lata. (23 January 2019). Firstpost newspaper targeted at niche, discerning audiences. Mint
- ↑ Menon, Meena. (9 June 2013). 'Forbes India' editors sacked for demanding stock ownership. দ্য হিন্দু
- ↑ Why Forbes' editors in India were sacked. Rediff
- ↑ Aravind, Indulekha. (16 November 2013). No country for good journalists?. Business Standard
- ↑ (31 May 2013). Firstpost buys current affairs satire portal FakingNews.com. হিন্দুস্তান টাইমছ
- ↑ Dev, Atul. (15 August 2015). Why is Firstpost Being Asked to Refrain from Criticising Three Top Leaders from the BJP?. The Caravan
- ↑ Sirur, Simrin; Bajpai, Shailaja; Choudhary, Ratnadeep. (28 January 2019). Making news — Zee's financial woes, Firstpost launch and BJP's WhatsApp 'fake news'. ThePrint
- ↑ Jha, Lata. (6 June 2019). Network18 suspends publication of Firstpost newspaper. Mint
- ↑ About Firstpost - Firstpost. Firstpost
- ↑ Srikanth, Swarna. Palki Sharma's Vantage - Changing geopolitical landscape through the Indian lens. Free Press Journal
- ↑ Varma, Aishwarya. (18 April 2023). Fact-check: Did Atiq Ahmed’s Vote ‘Save the Upa Govt’ in the 2008 Trust Vote?. TheQuint
- ↑ Majumder, Shinjinee. (2025-04-24). Kashmir Terror Attack: Media outlets use screengrab from 2021 video, claim it shows terrorist from Pahalgam incident. Alt News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাৰ্ষ্ট প'ষ্ট” প্ৰবন্ধৰ সংশোধন ৫৩৫০৭২ (২৬ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।