অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

প'ঙ দেশ

প'ঙ দেশ (Kingdom of Pong) ম্যানমাৰ আৰু অসম অন্তৰ্গত হোৱা এখন টাই ৰাষ্ট্ৰ আছিল যি বহুতো সৰু সৰু টাই ৰাজ্য মিলি গঠিত হৈছিল। এই দেশৰ উত্তৰৰ পৰ্বতমালাই বৰ্তমানৰ অসম-ম্যানমাৰৰ সীমা, দক্ষিণে খাম্বাত আছিল যি য়ুনানৰ সীমা চুইছিল আৰু পশ্চিমে চীন পাহাৰ আছিল।এই দেশৰ ৰাজধানী মু'ঙ কাওং আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৩ ২১৭ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

প'ঙ দেশ (Kingdom of Pong) ম্যানমাৰ আৰু অসম অন্তৰ্গত হোৱা এখন টাই ৰাষ্ট্ৰ আছিল যি বহুতো সৰু সৰু টাই ৰাজ্য মিলি গঠিত হৈছিল।১ এই দেশৰ উত্তৰৰ পৰ্বতমালাই বৰ্তমানৰ অসম-ম্যানমাৰৰ সীমা, দক্ষিণে খাম্বাত আছিল যি য়ুনানৰ সীমা চুইছিল আৰু পশ্চিমে চীন পাহাৰ আছিল।২এই দেশৰ ৰাজধানী মু'ঙ কাওং আছিল।৩ প'ঙ দেশ আৰু মেইটেই (বৰ্তমানৰ মণিপুৰ)ৰ কেংলেইপাক ৰাজ্যৰ মিত্ৰতা আছিল। ৪

বুৰঞ্জী

টাই বুৰঞ্জী সমূহত প'ঙ দেশৰ ভিন্ন নাম আৰু ভিন্ন শাসনকাল উল্লেখ আছে।৫ কিছু বুৰঞ্জীৰ মতে প'ঙ দেশ ৫৮ খ্ৰীষ্টপূৰ্বত উদিৰি পেল সাম্ৰাজ্যৰ পৰা গঠিত হৈছিল। মেইটেই (বৰ্তমানৰ মণিপুৰ)ৰ বুৰঞ্জী চেইথাৰল কুম্বাবাত মেইটেইৰ কেংলেইপাক ৰাজ্য আৰু প'ঙ দেশৰ মাজত মিত্ৰতাৰ কথা উল্লেখ আছে। প'ঙ দেশৰ চাওফাই ৬৯৮ খ্ৰীষ্টাব্দত ইম্ফলত ফুৰিব আহি তাত কিছুদিন থকাৰ উল্লেখ আছে।৬ প'ঙ দেশৰ কথা পাগান ৰাজ্যৰ শাসক আন'ৰাঠাৰ কাহিনীটো উল্লেখ আছে। কিছু গৱেষকে প'ঙ দেশক চীনা বুৰঞ্জী মিং চিলুত লিখা লু-চুৱান বা বা পিং -মিয়ান ৰাজ্য বুলিও কয়। ৭৮ চাওলুং চ্যু-কা-ফাই প'ঙ দেশৰ চাওফাৰ পদ লাভ নকৰাৰ বাবে তেওঁক পশ্চিমৰ দ'য় কাও ৰেং (বৰ্তমানৰ পাটকাই পৰ্বত)ৰ পিনে ৰাজ্য দিয়া হৈছিল। সেই অনুসৰি তেঁও ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম ৰাজ্য স্থাপন কৰিছিল।৯১৫৬৭ খ্ৰীষ্টাব্দত প'ঙ দেশৰ চাওফা খেক খমবা আৰু মেইটেইৰ শাসক চেনবি কিয়াম্বা মিলি কাবাও উপত্যকাৰ ক্যাং কাম্বাত জয় কৰিছিল।১০

লগতে চাওক

উৎস প্ৰসংগ

  • Wade, Geoffrey (1994), The Ming Shi-lu (Veritable Records of the Ming Dynasty) as a Source for Southeast Asian History -- 14th to 17th Centuries, Hong Kong

তথ্যসূত্ৰ

  1. ↑ Phanjoubam Tarapot, Bleeding Manipur, Har Anand Publications (July 30, 2007) ISBN 978-8124109021
  2. ↑ Phanjoubam Tarapot, Bleeding Manipur, Har Anand Publications (July 30, 2007) ISBN 978-8124109021
  3. ↑ Naorem Sanajaoba ed. Manipur, Past and Present: The Heritage and Ordeals of a Civilization, Volume 4 p. 32
  4. ↑ Phanjoubam Tarapot, Bleeding Manipur, Har Anand Publications (July 30, 2007) ISBN 978-8124109021
  5. ↑ Yos Santasombat, Lak Chang: A Reconstruction of Tai Identity in Daikong, p. 3-4
  6. ↑ Phanjoubam Tarapot, Bleeding Manipur, Har Anand Publications (July 30, 2007) ISBN 978-8124109021
  7. ↑ Wade, Geoffrey (1994), The Ming Shi-lu (Veritable Records of the Ming Dynasty) as a Source for Southeast Asian History -- 14th to 17th Centuries, Hong Kong
  8. ↑ Yos Santasombat, Lak Chang: A Reconstruction of Tai Identity in Daikong, p. 3-4
  9. ↑ Assam - source Imperial Gazetteer of India 1885
  10. ↑ Jhalajit Singh, R. K. (24 September 2010). "History of Medieval Manipur, part 2". e-pao.net. Retrieved 2023-07-09

সম্পৰ্কিত শ্ৰেণী

টাই-আহোম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প'ঙ দেশ” প্ৰবন্ধৰ সংশোধন ৩৭৫৭৪২ (২৬ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।