অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

প্ৰ'কোষকেন্দ্ৰীয় জীৱ

প্ৰ'কোষকেন্দ্ৰীয় বা prokaryote হ'ল এককোষী জীৱ যাৰ জিনীয় পদাৰ্থ, মাইট'কন্দ্ৰিয়া আৰু আন কোষাঙ্গৰ কোনো আৱৰণ নাথাকে। prokaryote নামটো গ্ৰীক πρό (pro) "আগত" আৰু κάρυον (karyon) "ফল বা বীজ"ৰ পৰা আহিছে। প্ৰ'কোষকেন্দ্ৰীয় জীৱসমূহক আৰ্কিয়া আৰু বেক্টেৰিয়া এই দুটা ভাগত ভগোৱা হয়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২২১ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

প্ৰ'কোষকেন্দ্ৰীয় বা prokaryote হ'ল এককোষী জীৱ যাৰ জিনীয় পদাৰ্থ, মাইট'কন্দ্ৰিয়া আৰু আন কোষাঙ্গৰ কোনো আৱৰণ নাথাকে।১ prokaryote নামটো গ্ৰীক πρό (pro) "আগত" আৰু κάρυον (karyon) "ফল বা বীজ"ৰ পৰা আহিছে।২৩ প্ৰ'কোষকেন্দ্ৰীয় জীৱসমূহক আৰ্কিয়া আৰু বেক্টেৰিয়া এই দুটা ভাগত ভগোৱা হয়। আৱৰণ সমৃদ্ধ কোষকেন্দ্ৰ আৰু কোষাঙ্গ থকা প্ৰজাতিবোৰক সংকোষকেন্দ্ৰীয় বোলা হয়।৪ প্ৰ'কোষকেন্দ্ৰীয়বোৰে জনন কোষৰ মিলন নোহোৱাকৈ বংশবৃদ্ধি কৰে। জীৱৰ আৰম্ভণি প্ৰ'কোষকেন্দ্ৰীয়ৰ পৰাই হোৱা বুলি ধাৰণা কৰা হয়।

প্ৰ'কোষকেন্দ্ৰীয়ৰ সকলো কোষীয় উপাদান (মাংসসাৰ, ডি এন এ আৰু আন পদাৰ্থ) কোষবেৰেৰে আবৃত হৈ একেলগে চাইট'প্লাজমত থাকে, ভিন ভিনকৈ নাথাকে। কিন্তু বেক্টেৰিয়াৰ কোষত প্ৰ'টিন-ভিত্তিক কিছুমান কোঠালি থাকে যিবোৰ আদি-কোষাঙ্গ বুলি ভবা হয়।৫৬ চায়ান'বেক্টেৰিয়াৰ দৰে কিছুমান প্ৰ'কোষকেন্দ্ৰীয়ই বৃহৎ উপনিৱেশ কৰি থাকিব পাৰে। মিক্স'বেক্টেৰিয়াৰ দৰে আন কিছুমানৰ জীৱন চক্ৰত বহুকোষী স্তৰ থাকে।৭

আণৱিক অধ্যয়নে জৈৱিক প্ৰজাতিৰ তিনিটা গোটৰ ক্ৰমবিকাশ আৰু পাৰস্পৰিক সম্পৰ্কৰ বহু কথা পোহৰলৈ আনিছে।৮ মানুহৰ দৰে সংকোষকেন্দ্ৰীয় জীৱৰ কোষত সুনিৰ্দিষ্ট আৱৰণেৰে আবৃত কোষকেন্দ্ৰ আৰু কোষাঙ্গ থাকে। প্ৰ'কোষকেন্দ্ৰীয় আৰু সংকোষকেন্দ্ৰীয়ৰ বিভাজনে কোষৰ সংগঠনৰ দুটা অতি পৃথক স্তৰক সূচায়। এক্সট্ৰিম'ফিল আৰু মিথানোজেনৰ দৰে প্ৰ'কোষকেন্দ্ৰীয় কঠিন বা চৰম পৰিবেধত বাস কৰে।১

গঠন

প্ৰ'কোষকেন্দ্ৰীয় কোষৰ গঠন
ফ্লেজেলাম (কিছুমান প্ৰ'কোষকেন্দ্ৰীয়ত) গ্ৰাম ধনাত্মক আৰু ঋণাত্মক দুয়ো প্ৰকাৰৰ জীৱৰ দেহত থকা চাবুকৰ দৰে দীঘল অংগ যি চলনত সহায় কৰে।
কোষাবৰণ কোষপ্ৰৰসক আৱৰি থাকে আৰু কোষৰ ভিতৰলৈ-বাহিৰলৈ পদাৰ্থৰ অহা-যোৱা নিয়ন্ত্ৰণ কৰে।
কোষ বেৰ (মাইক'অপ্লাজমা আৰু থাৰ্ম'প্লাজমাৰ বাহিৰে) বেক্টেৰিয়াৰ কোষক সুৰক্ষা দিয়া বহিৰৰ আৱৰণ।
কোষপ্ৰৰস ঘাইকৈ পানীৰে গঠিত জেলৰ দৰে পদাৰ্থ য'ত উৎসেচক, লৱণ, কোষ উপাদান আৰু নানা জৈৱিক অণু থাকে।
ৰাইব'জ'ম প্ৰ'টিন উৎপাদন কৰা কোষৰ উপাদান।
নিউক্লিঅয়ড প্ৰ'কোষকেন্দ্ৰীয়ৰ এটা ডি এন এল অণু থকা কোষপ্ৰৰসৰ ঠাই।
গ্লাইক'কেলিক্স (কিছুমান প্ৰ'কোষকেন্দ্ৰীয়ত) কোষাবৰণক আৱৰি থকা গ্লাইক'প্ৰ'টিন-বহুশৰ্কৰা বেৰ।
আন উপাদান কোষপ্ৰৰসত থকা ৰাইব'জ'ম আৰু আন উপাদান।

আকৃতি

প্ৰ'কোষকেন্দ্ৰীয় জীৱৰ নানা আকৃতি থাকে; চাৰিটা সাধাৰণ আকৃতিৰ বেক্টেৰিয়া হৈছে:৯

  • কক্কাছ – ঘূৰণীয়া বা ডিম্বাকৃতিৰ (বহু- কক্কাই)। যেনে ষ্টেফাইল'কক্কাছ।
  • বেচিলাছ – দণ্ডাকৃতিৰ বেক্টেৰিয়া (বহু- বেচিলাই)।
  • স্পাইৰিলাম – সৰ্পিল আকৃতিৰ (বহু- স্পাইৰিলা)।
  • ভাব্ৰিয়াম – ক'মাকৃতিৰ।

হেল'কোৱাড্ৰেটাম নামৰ আৰ্কিবেক্টেৰিয়াৰ চেপেটা বৰ্গাকৃতিৰ কোষ থাকে।১০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ NC State University. Prokaryotes: Single-celled Organisms
  2. ↑ Campbell, N. "Biology:Concepts & Connections". Pearson Education. San Francisco: 2003
  3. ↑ prokaryote. Online Etymology Dictionary
  4. ↑ Coté, Gary; De Tullio, Mario. (2010). Beyond Prokaryotes and Eukaryotes: Planctomycetes and Cell Organization. Nature
  5. ↑ (August 2005). Protein structures forming the shell of primitive bacterial organelles. Science. পৃ. 936–8
  6. ↑ (October 2010). Cell biology of prokaryotic organelles. Cold Spring Harbor Perspectives in Biology. পৃ. a000422
  7. ↑ (October 2003). Coupling cell movement to multicellular development in myxobacteria. Nature Reviews. Microbiology. পৃ. 45–54
  8. ↑ (July 22, 2014). Insights into the molecular evolution of HslU ATPase through biochemical and mutational analyses. PLOS ONE. পৃ. e103027
  9. ↑ (2006). Microbiology. Pearson Benjamin Cummings. ISBN 978-0-8053-7693-7
  10. ↑ (October 1981). Walsby's square bacterium: fine structure of an orthogonal procaryote. Journal of Bacteriology. পৃ. 352–60

সম্পৰ্কিত শ্ৰেণী

জীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰ'কোষকেন্দ্ৰীয় জীৱ” প্ৰবন্ধৰ সংশোধন ৬২৪০১৬ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।