পদ (ব্যাকৰণ)
৭ প্ৰবন্ধ
-
পদ (ব্যাকৰণ)
ব্যাকৰণ শাস্ত্ৰত, পদ (Parts of speech বা word class বা grammatical category) হৈছে ভাষাৰ ৰূপতাত্ত্বিক শ্ৰেণীবিভাজন, য’ত বাক্যৰ গঠন আৰু সেই ভাষাৰ শব্দৰ চিনাক্তকৰণ, বিশ্লেষণ আৰু অন্যান্য ভাষিক গঠনৰ বৰ্ণনা কৰা হয়।
-
বিশেষ্য পদ
বিশেষ্য পদ (Noun) কোনো নাম, জাতি, বস্তু বা প্ৰণালীৰ নাম, ঠাইৰ নাম বুজোৱা শব্দক বিশেষ্য পদ বোলে৷ চকুৰে দেখা সকলো বস্তুৱে বিশেষ্য৷ অসমীয়া ব্যাকৰণৰ পদৰ অন্য প্ৰকাৰবোৰ হ’ল— বিশেষণ, সৰ্বনাম, অব্যয় আৰু ক্ৰিয়া৷ যিবোৰ শব্দৰ পাছত শব্দ-বিভক্তি যোগ হয় সেইবোৰ বিশেষ্য শব্দ৷ এই বিশেষ্য-শব্দবোৰ স্বৰান্ত আৰু…
-
ক্ৰিয়া পদ
ক্ৰিয়া পদ (ইংৰাজী: Verb) ধাতুৰ লগত বিভক্তি প্ৰত্যয় আদি যোগ হৈ বাক্যত ব্যৱহৃত হ’লে, সেই ধাতু ক্ৰিয়াপদলৈ সলনি হয়। অৰ্থাৎ ক্ৰিয়াৰ মূল ধাতু। ক্ৰিয়া পদৰ দ্বাৰা বাক্যত কোনো কাৰ্য কৰা বা হোৱা বুজায়। অসমীয়া ভাষাত বাক্যত ক্ৰিয়াপদৰ ব্যৱহাৰ অত্যৱশ্যকীয় নহয়। বহু বাক্য ক্ৰিয়াপদ অবিহনেই ব্যৱহাৰ হয়।
-
অব্যয় পদ
অব্যয় (Preposition) হৈছে পাঁচপ্ৰকাৰ পদৰ (যেনে; বিশেষ্য বিশেষণ, সৰ্বনাম, অব্যয় আৰু ক্ৰিয়া) মাজৰ এক পদ। যি পদৰ লগত কোনো বিভক্তি যোগ নহয় অৰ্থাৎ কোনো অৱস্থাতে ৰূপৰ সলনি নহয়, তাকে অব্যয় পদ (Preposition) বোলে। অব্যয় পদৰ লিঙ্গ, সংখ্যা আৰু কাৰক একো নাই।
-
বিশেষণ পদ
বিশেষণ পদ বা বিশেষণ হৈছে সেই শব্দ, যি কোনো বিশেষ্য বা সৰ্বনামৰ গুণ, অৱস্থা, আকাৰ, সংখ্যা, ৰং, গুণবাচক বৈশিষ্ট্য আদি বুজায়। বিশেষণ পদে কোনো বস্তু বা ব্যক্তিৰ স্বভাৱ বা বৈশিষ্ট্য স্পষ্ট কৰি তোলে।
-
সৰ্বনাম পদ
সৰ্বনাম পদ (ইংৰাজী: Pronoun) হৈছে বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা শব্দ। অৰ্থাৎ, বাক্যত বিশেষ্য পদ পুনৰাবৃত্তি নকৰি, তাক প্ৰতিষ্ঠাপন কৰিবলৈ ব্যৱহৃত পদক সৰ্বনাম বোলে।
-
তেওঁ
তেওঁ অসমীয়া ভাষাৰ এটি শব্দ, যিয়ে সৰ্বনামৰ ৰূপত “আলোচিত বা পূৰ্বে উল্লিখিত পুৰুষজন বা মান্যাৰ্থত মহিলা গৰাকীক” বুজায়। ই আলোচিত বা পূৰ্বে উল্লিখিত মানুহজন বা জনীক বুজায়। তলত অসমীয়া ভাষাত ব্যৱহাৰ হোৱা পুৰুষ সৰ্বনামৰ বিষয়ে দিয়া হ'ল—