বাংলাদেশৰ নদী
৪ প্ৰবন্ধ
-
কৰতোৱা নদী
কৰতোৱা নদী (Karatoya River) ভাৰত আৰু বাংলাদেশৰ মাজেৰে বৈ যোৱা এখন আন্তঃসীমান্ত নদী। নদীখন ভাৰতৰ পশ্চিম বংগৰ জলপাইগুৰি জিলা আৰু বাংলাদেশৰ উত্তৰ-পশ্চিম অংশৰ পঞ্চগড় আৰু দিনাজপুৰ জিলাৰ মাজেৰে বৈ গৈছে। নদীখনৰ বাংলাদেশ অংশৰ দৈৰ্ঘ্য ১৮৭ কিলোমিটাৰ, গড় প্ৰস্থ ১৩৫ মিটাৰ আৰু নদীখনৰ প্ৰকৃতি সৰ্পিল আকৃতিৰ।
-
পদ্মা নদী
পদ্মা (Podma. বাংলাদেশ ৰ এখন প্ৰধান নদী। ই গংগা নদীৰ মূল, দক্ষিণ-পূব দিশলৈ 356 কি.মি. ৰ বাবে বৈ গৈ মেঘনা নদীৰ সৈতে বংগ উপসাগৰৰ ওচৰত লগ হৈ প্ৰবাহিত হৈছে। বাংলাদেশৰ গুৰুত্বপূৰ্ণ চহৰ ৰাজশাহি নগৰ পদ্মা নদীৰ পাৰতে অৱস্থিত। .. ১৯৬৬ চনৰ পৰা ৬৬ হাজাৰ হেক্টৰৰো অধিক মাটি পদ্মা নদীৰ খহনীয়াৰ কবলত পৰিছে।
-
খোৱাই নদী
খুৱাই নদী (Khowai River) হৈছে ভাৰতবৰ্ষৰ ত্ৰিপুৰা ৰাজ্য আৰু বাংলাদেশৰ এখন নদী। আথাৰামুৰা পৰ্বতৰ উত্তৰ অংশত এই নদীখনৰ উৎপত্তি হৈছে। এই নদীখন পশ্চিম আৰু উত্তৰলৈ বৈ গৈ বাংলাদেশৰ ছিলেট জিলাত প্ৰৱেশ কৰিছে। তাৰ পিছত পূব দিশে বৈ গৈ মেঘনা নদীৰ লগত মিলি গৈছে।
-
সুৰমা নদী
সুৰমা নদী হৈছে বাংলাদেশ-ভাৰতৰ সীমা অতিক্ৰম কৰা এখন নদী। সুৰমা নদী বাংলাদেশৰ উত্তৰ-পূবৰ চিলেট আৰু সুনামগঞ্জ জিলাৰ এখন নদী। সুৰমা নদীক বাংলাদেশ জল উন্নয়ন ব'ৰ্ড বা "PAUBO"-য়ে উত্তৰ-পূব অঞ্চলৰ ৮৩ সংখ্যক নদী হিচাপে চিহ্নিত কৰিছে। ই বাংলাদেশৰ অন্যতম প্ৰধান নদী।