নেপালী বা গোৰ্খালী (नेपाली जनता) নেপালী জাতীয়তা আইন অনুসৰি নেপালৰ স্থায়ী নাগৰিক। নেপালী শব্দটোৱে কঠোৰভাৱে জাতীয়তাক বুজায়, অৰ্থাৎ নেপালৰ নাগৰিকত্ব ধাৰণ কৰা লোকসকলক। ইয়াৰ বিপৰীতে নেপালী নাগৰিকত্ব নথকা কিন্তু নেপালত শিপা থকা লোকসকলক (যেনে নেপালী অষ্ট্ৰেলিয়ান), যিসকলে নেপালী বা আন ১২৮টা নেপালী ভাষাৰ যিকোনো এটা ভাষা কয় কিন্তু বিদেশী নাগৰিকত্ব ৰাখে, তেওঁলোকক নেপালী ভাষা কোৱা বিদেশী (नेपाली भाषी विदेशी) বুলি কোৱা হয়। নেপালী শব্দটো সাধাৰণতে অনাগৰিক বাসিন্দা, দ্বৈত নাগৰিক বা প্ৰবাসীক বুজাবলৈও ব্যৱহাৰ কৰা নহয়।১
নেপাল বহুসংস্কৃতি আৰু বহুজাতিক দেশ। বাগমাটি প্ৰদেশ আটাইতকৈ ঘন জনবসতিপূৰ্ণ প্ৰদেশ, ইয়াত নেপালৰ প্ৰায় ২০.৯৭ শতাংশ জনসংখ্যা আছে।২৩
নেপালী প্ৰব্ৰজনকাৰী
মূল প্ৰবন্ধ: নেপাললৈ প্ৰব্ৰজন'নেপালী প্ৰব্ৰজনকাৰী বা অনাবাসী নেপালীসকল' হৈছে বহিঃৰাজ্যত বাস কৰা নেপালী লোক।৪ নেপালৰ অনাবাসী নেপালী আইন, ২০৬৪ত অনাবাসী নেপালীৰ সংজ্ঞা দিয়া হৈছে যে বিদেশত বাস কৰা নেপালী নাগৰিককে ধৰি নেপালী মূলৰ বিদেশী নাগৰিক।১
নেপালৰ প্ৰদেশ বিভাগ
উৎস প্ৰবন্ধ: নেপালৰ প্ৰশাসনিক বিভাগ
| + | প্ৰদেশ সংখ্যা | ডাকনাম | ৰাজধানী | জিলাসমূহ | এলেকা(কি.মি২) |
| প্ৰদেশ নম্বৰ ১ | কোশী | বিৰাটনগৰ | ১৪ | ২৫,৯০৫ | |
| প্ৰদেশ নম্বৰ ২ | মধেশ | জনকপুৰ | ৮ | ৯,৬৬১ | |
| প্ৰদেশ নম্বৰ ৩ | বাগমতী | হেটৌদা | ১৩ | ২০,৩০০ | |
| প্ৰদেশ নম্বৰ ৪ | গণ্ডক | পোখৰা | ১১ | ২১,৫০৪ | |
| প্ৰদেশ নম্বৰ ৫ | লুম্বিনি | দেউখুৰী | ১২ | ২২,২৮৮ | |
| প্ৰদেশ নম্বৰ ৬ | কৰ্ণালী | বীৰেন্দ্ৰনগৰ | ১০ | ২৭,৯৮৪ | |
| প্ৰদেশ নম্বৰ ৭ | সুদুৰপাচিম | গোদাৱৰী | ৯ | ১৯,৯১৫ |
টোকা:
- বৰ্তমান নেপালৰ ৭৭খন জিলা; পূৰ্বতে ৭৫খন আছিল যদিও পিছলৈ দুখন জিলা বিভক্ত কৰা হয়।
- ১ নং প্ৰদেশত সৰ্বাধিক জিলা (১৪), আনহাতে ৭ নং প্ৰদেশত আটাইতকৈ কম।
- ৬ নং প্ৰদেশৰ মাটিৰ আয়তন আটাইতকৈ বেছি।
লগতে চাওক
- নেপাল
- নেপালৰ জাতিসমূহ
- নেপালৰ ভাষাসমূহ
- অসমৰ নেপালী জনগোষ্ঠী
- নেপালী সংগীত
- নেপালত ধৰ্ম
- নেপালৰ জনগাঁথনি
তথ্যসূত্ৰ
- ↑ Non-resident Nepali Act, 2064. Nepal Law Commission
- ↑ (November 2012). National Population and Housing Census 2011. Central Bureau of Statistics
- ↑ Nepalese peoples and nationality law. The World Factbook. CIA
- ↑ Non Resident Nepali (NRN) ID. Embassy of Nepal, USA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেপালী মানুহ” প্ৰবন্ধৰ সংশোধন ৫৮২৮৫৭ (২৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।