নেপালৰ জনগোষ্ঠী
১০ প্ৰবন্ধ
-
মগৰ জাতি
মগৰ জাতি নেপাল আৰু উত্তৰ-পূব ভাৰতৰ স্থানীয় তিব্বত-বৰ্মীয় এক জনগোষ্ঠী, যি ২০২১ চনৰ নেপালৰ লোকপিয়ল অনুসৰি নেপালৰ মুঠ জনসংখ্যাৰ ৬.৯% অংশ প্ৰতিনিধিত্ব কৰে। মগৰসকলক মংগাৰ বা মংগৰ বুলিও কোৱা হয়। ই গোৰ্খা জনগোষ্ঠীৰ অন্যতম প্ৰধান জাতি।
-
গন্ধৰ্ব (জনগোষ্ঠী)
গন্ধৰ্ব জাতি (নেপালী: गन्धर्व जाति) বা গাইনে (নেপালী: गाईने) নেপালৰ মধ্য, পাহাৰীয়া অঞ্চলৰ ভাৰত-আৰ্য্য জনগোষ্ঠীৰ অন্তৰ্গত এটা জনজাতীয় সম্প্ৰদায়। এই জনগোষ্ঠীটো "পেছাদাৰী সংগীতজ্ঞৰ জাতি" আৰু "ভ্ৰমণকাৰী কবি" বুলিও কোৱা হয়।
-
কিৰাত জাতি
কিৰাত জাতি (কিৰাত, কিৰান্ত বা কিৰান্তি) হিমালয়ত বাস কৰা তিব্বত-বৰ্মন নৃতাত্ত্বিক গোট, বেছিভাগেই নেপালৰপৰা উত্তৰ-পূব ভাৰতলৈকে পূব দিশলৈ বিস্তৃত পূব হিমালয় (প্ৰধানকৈ ভাৰতৰ ছিকিম ৰাজ্য আৰু পশ্চিম বংগৰ উত্তৰ পাহাৰীয়া অঞ্চল, অৰ্থাৎ দাৰ্জিলিং আৰু কালিম্পং জিলাত) বাস কৰে।
-
নেপালী মানুহ
নেপালী বা গোৰ্খালী (नेपाली जनता) নেপালী জাতীয়তা আইন অনুসৰি নেপালৰ স্থায়ী নাগৰিক। নেপালী শব্দটোৱে কঠোৰভাৱে জাতীয়তাক বুজায়, অৰ্থাৎ নেপালৰ নাগৰিকত্ব ধাৰণ কৰা লোকসকলক।
-
নেপালৰ জাতিসমূহ
নেপালৰ জাতিসমূহ নেপালৰ জাতিগত বিভাজন ভাষা, জাতিগত পৰিচয়, জাতি ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। প্ৰতিটো জাতিৰ নিজা আন্তঃবিবাহ আছে। প্ৰতিটো জাতিৰ নিজা ভাষা, সংস্কৃতি, সভ্যতা।
-
মুছাহাৰ
মুছাহাৰ (Musahar) হ’ল পূব গংগা সমভূমি আৰু তৰাই অঞ্চলত পোৱা এক দলিত সম্প্ৰদায়। তেওঁলোকক ঋষিদেৱ, চাদা, মাঝি আৰু বনবাসী নামেৰেও জনা যায়। মুছাহাৰসকলৰ আন নামবোৰ হ’ল ভূঞা আৰু ৰাজৱাৰ।
-
লেপচা
লেপচা (:Lepcha /লেন্পচা/; লগতে ৰঙকুপ (লেপচা ভাষাত: ᰕᰫ་ᰊᰪᰰ་ᰆᰧᰶ ᰛᰩᰵ་ᰀᰪᰱ ᰛᰪᰮ་ᰀᰪᰱ,মুটুনচি ৰংকুপ ৰুমকুপ — অৰ্থাৎ “ৰং আৰু ঈশ্বৰৰ প্ৰিয় সন্তান”) আৰু ৰঙপা (চিকিমি ভাষাত: རོང་པ) নামেও পৰিচিত ) ভাৰতৰ চিকিম ৰাজ্যৰ আদিবাসী জনগোষ্ঠীসমূহৰ অন্যতম আৰু লগতে পশ্চিমবংগৰ সীমান্তৰ দাৰ্জিলিং আৰু কলিম্পঙত আৰু চুবুৰীয়া…
-
দনুৱাৰ জাতি
দনুৱাৰ জাতি (Danuwar people) বা দনুৱাৰ জনগোষ্ঠী হʼল নেপালৰ অভ্যন্তৰীণ তেৰাই অঞ্চলৰ এটা খিলঞ্জীয়া জনগোষ্ঠী। তেওঁলোকে দনুৱাৰ ভাষাত কথা পাতে। মধ্য আৰু পূব নেপালৰ সমগ্ৰ পাহাৰ আৰু তেৰাই অঞ্চলত দনুৱাৰসকলক দেখা যায় যদিও তেওঁলোকে মূলতঃ সিন্ধুলী আৰু উদয়পুৰ জিলাত বাস কৰে।
-
মাঝী জাতি
মাঝী জাতি (Majhi people; বানানভেদে মাঝি বুলিও লিখা হয়), বা মাঝী জনগোষ্ঠী হʼল নেপালৰ অভ্যন্তৰীণ তেৰাই অঞ্চলৰ এটা খিলঞ্জীয়া জনগোষ্ঠী। তেওঁলোকে মূলতঃ নদী আৰু জান-জুৰিৰ পাৰত বাস কৰে। মাছ ধৰা, নাও চলোৱা, জলকীয়া তৈয়াৰ কৰা আৰু খেতি-বাতি কৰা আদিয়েই তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ মূল উপায়।
-
ৰাণা থাৰু
ৰাণা থাৰু সাধাৰণতে নেপাল আৰু ভাৰতৰ থাৰু জনগোষ্ঠীৰ অংশ হিচাপে শ্ৰেণীভুক্ত কৰা এটা জনগোষ্ঠী। তেওঁলোকে সুদূৰ পশ্চিম নেপালী তৰাইৰ কৈলালি আৰু কাঞ্চনপুৰ জিলাত আৰু লগতে ভাৰতত, উত্তৰ প্ৰদেশৰ উত্তৰাখণ্ডৰ উধম সিং নগৰ জিলা আৰু খেৰী জিলাত বাস কৰে।