নলিনী পাৰ্থসাৰথি (Nalini Parthasarathy) পণ্ডিচেৰীৰ এগৰাকী ভাৰতীয় চিকিৎসক আৰু সমাজসেৱিকা। তেওঁ জিপমাৰ (JIPMER)ৰ শিশু ৰোগ বিভাগৰ প্ৰাক্তন অধ্যাপক আছিল। হিমোফিলিয়া ৰোগত আক্ৰান্ত ৰোগীসকললৈ আগবঢ়োৱা চিকিৎসাৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০২৩ বৰ্ষত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। নলিনীয়ে কেৱল পণ্ডিচেৰীত হিমোফিলিয়া সমাজ আৰম্ভ কৰাই নহয়, তেওঁ পণ্ডিচেৰী আৰু টেনেচীৰ চাৰিওফালৰ বিভিন্ন অঞ্চলৰ ৰোগীৰ যত্ন লোৱাৰ বাবে ত্ৰিশ বছৰৰো অধিক সময় অতিবাহিত কৰিছে।১ পণ্ডিচেৰীৰ লগতে নলিনীয়ে তামিলনাডুৰ আশ-পাশৰ বিভিন্ন জিলাত ৰোগীৰ হকে সেৱা আগবঢ়াই আহিছে।২
হিমোফিলিয়া হৈছে এক বংশানুক্ৰমিক তেজৰ বিকাৰ ৰোগ, যাৰ প্ৰভাৱত ৰক্তক্ষৰণ হ'লে সহজে তেজ গোট নামাৰে; ফলত সামান্য আঘাততে এই ৰোগত আক্ৰান্ত লোকৰ প্ৰচুৰ ৰক্তক্ষৰণ হয়। নলিনীলৈ আগবঢ়োৱা বঁটা হিমোফিলিয়ালৈ আগবঢ়োৱা সেৱাৰ ক্ষেত্ৰত প্ৰথমটো পদ্ম বঁটা। প্ৰতিবছৰে ১৭ এপ্ৰিল তাৰিখটো বিশ্ব হিমোফিলিয়া দিৱস ৰূপে পালন কৰা হয়।২
সংক্ষিপ্ত জীৱনী
নলিনীয়ে অধ্যাপক ৰূপে জেআইপিএমইআৰত কাম আৰম্ভ কৰিছিল আৰু পিছলৈ শিশু ৰোগ বিভাগৰ মুৰব্বীৰ পদ পাইছিল। কিন্তু তেওঁ হিমোফিলিয়া পীড়িত ৰোগীৰ বাবে কাম কৰিবৰ বাবে স্বেচ্ছাই কামৰ পৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰ গ্ৰহণ কৰাৰ আগতে তেওঁ জিপমাৰত দহ বছৰৰ সেৱা আগবঢ়াইছিল। চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিছত তেওঁ পণ্ডিচেৰীত হিমোফিলিয়া চছাইটি আৰু হিমোফিলিয়া স্বাস্থ্য কেন্দ্ৰ আৰম্ভ কৰে। এই কেন্দ্ৰ আৰম্ভ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে থাটানচাভাডিত ভূমি দান কৰিছিল আৰু ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে ভৱনটো নিৰ্মাণত অৰিহণা যোগইছিল। বৰ্তমান এই কেন্দ্ৰই ৩০০ জন হিমোফিলিয়া ৰোগীক চিকিৎসা প্ৰদান কৰি আছে। নলিনীয়ে নিজৰ উপাৰ্জনৰ অংশও ৰোগীসকলক প্ৰয়োজনীয় সা-সুবিধা প্ৰদানত খৰছ কৰে।১২
হিমোফিলিয়াৰ ঔষধবোৰ অত্যন্ত ব্যয়বহুল আৰু এইবোৰ যিহেতু আমদানি কৰিব লাগে, সেয়ে বেছিভাগ ৰোগীয়ে সেইবোৰ ক্ৰয় কৰিব নোৱাৰে। নলিনীয়ে হিমোফিলিয়া চছাইটিৰ জৰিয়তে ভাৰতৰ বাবে ঔষধবোৰ সংগ্ৰহ কৰে আৰু সেইবোৰ পণ্ডিচেৰীৰ জিপমাৰ আৰু ইন্দিৰা গান্ধী চৰকাৰী সাধাৰণ চিকিৎসালয় আৰু স্নাতকোত্তৰ প্ৰতিষ্ঠানৰ লগতে কৰাইকালতো প্ৰদান কৰে। তেওঁ ৰোগীসকলক বিনামূলীয়া ঔষধ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে সকলো চৰকাৰী চিকিৎসালয়ত যাতে প্ৰয়োজনীয় মাত্ৰাত ঔষধ মজুত থাকে, তাৰ বাবে জোৰ দি আহিছে। তদুপৰি, সংস্থাটোৱে হিমোফিলিয়াৰ শিক্ষাৰ্থীসকলক তেওঁলোকৰ অধ্যয়নৰ বাবে বৃত্তি প্ৰদান কৰে। বৃত্তি প্ৰাপ্ত কিছুসংখ্যক ছাত্ৰ-ছাত্ৰী ইতিমধ্যে চিকিৎসক বা অভিযন্তা ৰূপে প্ৰতিষ্ঠিত হৈছে।১৩
তথ্যসূত্ৰ
- ↑ (27 January 2023). Woman Doctor From Puducherry Wins Padma Shri For Fighting Against Haemophilia, Know About Her. thelogicalindian.com
- ↑ (29 January 2023). Padma Shree Awardee: सालों से कर रही हैं Hemophilia के मरीजों की सेवा, अब मिला पद्मश्री. www.gnttv.com
- ↑ (27th January 2023). Fight against haemophilia earns Puducherry doctor Padma podium. www.newindianexpress.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নলিনী পাৰ্থসাৰথি” প্ৰবন্ধৰ সংশোধন ৪৪৬০১৭ (১৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।