অসমৰ মহকুমা
৯ প্ৰবন্ধ
-
তিতাবৰ মহকুমা
তিতাবৰ মহকুমা অসমৰ যোৰহাট জিলাৰ অন্তৰ্গত এক কৃষিনিৰ্ভৰ প্রশাসনিক একক, যোৰহাট নগৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত অৱস্থিত। ধান উৎপাদন আৰু ধান গৱেষণাৰ ঐতিহাসিক ধাৰা, লগতে শিক্ষা-সাংস্কৃতিক প্ৰতিষ্ঠান আৰু যোগাযোগ ব্যৱস্থাই তিতাবৰক ব্ৰহ্মপুত্ৰ উপত্যকাৰ এক উল্লেখযোগ্য অঞ্চল ৰূপে চিহ্নিত কৰে।
-
কলিয়াবৰ মহকুমা
কলিয়াবৰ মহকুমা অসম ৰাজ্যৰ নগাঁও জিলাৰ পূব ভাগত অৱস্থিত এক প্ৰশাসনিক মহকুমা, যাৰ অৱস্থান উজনি অসম আৰু নামনি অসমৰ সংযোগ অঞ্চলত। ইয়াৰ ভূ-প্ৰাকৃতিক সীমা-চিহ্ন, ঐতিহাসিক নাম-উৎপত্তি, ধৰ্মীয়-সাংস্কৃতিক কেন্দ্ৰ আৰু শিক্ষা-সাহিত্যৰ পৰম্পৰা এই মহকুমাৰ পৰিচয় গঢ়ে।
-
মাৰ্ঘেৰিটা মহকুমা
মাৰ্ঘেৰিটা মহকুমা তিনিচুকীয়া জিলাৰ তিনিটা মহকুমাৰ ভিতৰত এটি সীমামূৰীয়া প্ৰশাসনিক একক, য’ত কয়লা, চাহ আৰু প্লাইউড উদ্যোগে অঞ্চলটোৰ অৰ্থনীতি গঢ়ি তুলিছে। পাটকাই পৰ্বতশ্ৰেণী, বুঢ়ীদিহিং নদী আৰু বনাঞ্চলৰ বাবে ই পৰ্যটন আৰু প্ৰাকৃতিক বৈচিত্ৰ্যৰ দিশতো গুৰুত্বপূৰ্ণ।
-
গহপুৰ
গহপুৰ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসমৰ বিশ্বনাথ জিলাৰ পূব প্ৰান্তত অৱস্থিত এটা মহকুমা আৰু এখন ইতিহাস প্ৰসিদ্ধ নগৰ। ইয়াতেই স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ জন্ম হয় আৰু এই গহপুৰৰ ভোলাগুৰি চাহ বাগিচাতে চিত্ৰবন ষ্টুডিঅ' নিৰ্মাণ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই অসমৰ প্ৰথমখন বোলছবি জয়মতীৰ চিত্ৰগ্ৰহণ কৰিছিল।
-
তামুলপুৰ মহকুমা
তামুলপুৰ অসমৰ বাক্সা জিলাৰ এটা মহকুমা। চৈধ্যটা জাতি-জনগোষ্ঠীৰে পৰিপূৰ্ণ তামুলপুৰ মহকুমাটি ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত। বাক্সা জিলাৰ সদৰ মুছলপুৰৰ পৰা তামুলপুৰৰ দূৰত্ব ৭৩ কিলোমিটাৰ।
-
বোকাখাত মহকুমা
বোকাখাত মহকুমা (Bokakhat Sub division) হৈছে গোলাঘাট জিলাৰ তিনিটা মহকুমাৰ ভিতৰত অন্যতম। ১৯৯২ চনত গোলাঘাট মহকুমাৰ পৰা ফালি আনি প্ৰথমতে ৰঙামাটি, মহুৰা, খুমটাই মৌজাৰ একাংশ, বোকাখাত আৰু কাজিৰঙা মৌজাক লৈ এই মহকুমাৰ গঠন কৰা হৈছিল।
-
শালবাৰী
শালবাৰী (Salbari), অসমৰ বাক্সা জিলাৰ প্ৰায় পশ্চিম দিশত অৱস্থিত এখন মহকুমা। বাক্সা জিলা সদৰৰপৰা ইয়াৰ দূৰত্ব প্ৰায় ৪০ কিলোমিটাৰ আৰু অসমৰ নামনি-মধ্য অঞ্চলত অৱস্থিতি।
-
ৰঙিয়া সমজিলা
ৰঙিয়া সমজিলা (ইংৰাজী: Rangia Co-District) হৈছে ভাৰতৰ অসম ৰাজ্যৰ কামৰূপ জিলাৰ এটা প্ৰশাসনিক সমজিলা। ইয়াৰ মুখ্য কাৰ্যালয় ৰঙিয়াত অৱস্থিত। এই সমজিলা জিলাৰ ভিতৰত এটা বিশেষ অঞ্চলৰ প্ৰশাসন আৰু ৰাজহ সংগ্ৰহৰ বাবে দায়বদ্ধ।
-
আনন্দ বজাৰ (বাক্সা)
আনন্দ বজাৰ (Ananda Bazar), অসমৰ বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদBTCৰ অন্তৰ্গত বাক্সা জিলাৰ পশ্চিম প্ৰান্তত শালবাৰী মহকুমাৰ অন্তৰ্ভুক্ত এখন অঞ্চল। আনন্দ বজাৰ অঞ্চলটো বিশেষকৈ সাপ্তাহিক বজাৰ, শিক্ষা আৰু আন আন দিশৰ বাবে বিখ্যাত। বাক্সা জিলাৰ (সদৰ) পৰা ইয়াৰ দূৰত্ব প্ৰায় ৩৬ কিলোমিটাৰ।