ড'ৰ (হিন্দী ভাষা: डोर; উৰ্দু ভাষা:ڈور) হৈছে নাগেশ কুকুনুৰে লিখা আৰু পৰিচালনা কৰা ২০০৬ চনৰ এখন ভাৰতীয় নাট্যধৰ্মী চলচ্চিত্ৰ। আয়েশা টাকিয়া, গুল পানাগ আৰু শ্ৰেয়াস তালপাড়েই ইয়াত মুখ্য ভূমিকা লৈছিল। মূল মালয়ালম চলচ্চিত্ৰ পেৰুমাঝক্কালমৰ (২০০৪) পুনৰ্নিৰ্মাণ এই চলচ্চিত্ৰখনে ২০০৬ চনৰ ২২ ছেপ্টেম্বৰত মুক্তি পোৱাৰ পিছতেই সমালোচকৰ ইতিবাচক সঁহাৰি লাভ কৰে।
ইলাহী হিপটুলাই প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ চিত্ৰনাট্য সুদীপ চেটাৰ্জীৰ আৰু ইয়াৰ সম্পাদনা কৰিছে সঞ্জীৱ দত্তই। ইয়াৰ মূল ভাষা হিন্দী ভাষা যদিও ঠাইবিশেষে উৰ্দু ভাষাও ব্যৱহাৰ কৰা হৈছে। আৱহ সংগীত চেলিম-চুলেইমান যুটীৰ।
ছবিখনত দুই ভিন্ন পৃষ্ঠভূমিৰ নাৰীক অদৃষ্টই কিদৰে লগ কৰিছে তাকে দেখুওৱা হৈছে। মীৰা (আয়েশা টাকিয়া) হৈছে এগৰাকী যুৱতী যি বিয়াৰ কিছুদিনৰ পিছতে স্বামীহাৰা হৈছে আৰু পৰম্পৰাৰ গোড়ামিত আৱদ্ধ হৈ পৰিছে। আনহাতেদি জীনতৰ (গুল পানাগ) ওপৰত এক হত্যাৰ অপৰাধত বিচাৰাধীন নিজৰ পতিৰ জীৱনৰক্ষাৰ গুৰুভাৰ ন্যস্ত হৈছে। এক বহুৰুপীয়ে (শ্ৰেয়াস তালপাড়ে) তেওঁক মীৰাক লগ পোৱাত সহায় কৰিছে যি জন্নতৰ আশাৰ একমাত্ৰ জৰীডাল ধৰি আছে। মীৰা আৰু জন্নত দুয়োৰে মাজত বাঢ়ি অহা ঘনিষ্ঠতাই দুয়োকে কঠিন পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰে১।
কাহিনীৰ সাৰাংশ
জীনত হিমাচল প্ৰদেশৰ বাসিন্দা এগৰাকী স্বাধীন মহিলা। তেওঁ নিজ প্ৰেমিক আমীৰ খানক বিয়া কৰাবলৈ সিদ্ধান্ত লয়। বিয়াৰ পিছত এক নতুন জীৱিকাৰ সৈতে ছৌদি আৰৱলৈ ৰাওনা হয়।
মীৰা এক সৰল ৰাজস্থানী হিন্দু মহিলা। এক পাৰম্পৰিক ৰাজস্থানী পৰিয়াললৈ বিয়া হৈ আহি তেওঁৰ জীৱনৰ গঠনশীল সময়ছোৱা সমাজৰ নীতি-নিয়ম আৰু প্ৰথাৰ মাজেৰে হাউলীৰ চাৰিবেৰৰ মাজতে আৱদ্ধ হৈ পৰিছে। কাকতালীয়ভাৱে মীৰাৰ স্বামী শংকৰো তেওঁৰ নতুন কৰ্মস্থলী ছৌদি আৰৱলৈ ৰাওনা হৈছে। শংকৰৰ অবিহনে মীৰাৰ জীৱনটো কঠিন হৈ পৰিছে। শংকৰে নিয়মিতভাৱে পৰিয়াললৈ উপাৰ্জনৰ অংশ পথাইছে। তেনেতে এদিন মীৰাই খবৰ পাইছে যে তেওঁৰ কোঠাৰ লগৰীয়াজনৰ হাতত অসাৱধানবঃশত এক দুৰ্ঘটনাত শংকৰৰ মৃত্যু হৈছে।
ইয়াৰ পিছতেই ৰাজস্থানী পৰম্পৰা অনুসৰি মীৰাই বৈধৱ্যৰ সাঁজ পিন্ধিব লগা হৈছে। পৰিয়ালৰ বাকী সদস্যসমূহে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী শংকৰক হেৰুওৱাৰ দুখ মীৰাৰ ওপৰত উজাৰ কৰিছে আৰু তেওঁলোকৰ পৰিয়াললৈ দুৰ্ভাগ্য কঢ়িয়াই অনা বুলি মীৰাক জগৰীয়া কৰিছে। তেওঁ এই সকলোবোৰ নীৰৱে সহ্য কৰি গৈছে।
আনহাতেদি জীনতে শুনিবলৈ পায় যে ছৌডি আৰৱত তেওঁৰ স্বামীক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ পতিয়ন যায় যে এয়া নিশ্চয়কৈ এক দুৰ্ঘটনা। কিন্তু ছৌদি আৰৱৰ আইনে ক্ষমাদান নকৰি আমীৰৰ মৃত্যুদণ্ডৰ আদেশ দিয়ে। এজন ভাৰতীয় বিষয়াই জীনতক কয় যে নিহতৰ পত্নীয়ে ক্ষমাদান কৰিলে ছৌডি আইনে আচামীক ৰেহাই দিয়ে। হাতত কেৱল শংকৰ আৰু আমীৰৰ এখন যুগ্ম আলোকচিত্ৰ লৈ তেওঁ মীৰাক বিচাৰি ৰাওনা হয়। যাত্ৰাপথত তেওঁ এক বহুৰূপীয়াক লগ পায়। বহুৰূপীয়াজনে নিজকে কলা আৰু অনুকৰণ কৰিব পৰা বহুমুখী প্ৰতিভাধাৰী হিচাপে চিনাকি দিয়ে। পিছত তেওঁ এজন ঠগ প্ৰমাণিত হয় আৰু জীনতৰ বয়-বস্তুবোৰ চুৰি কৰি নিয়ে। অৱশ্যে জীনত বিপদত পৰাত নিজা কলাত্মক গুণেৰে তেওঁ তাইক উদ্ধাৰ কৰিবলৈ আহে। যেতিয়া জীনতে বহুৰূপীয়াৰ আগত নিজৰ উদ্দেশ্যৰ কথা ব্যাখ্যা কৰে তেতিয়া সহানুভূতিশীল হৈ সি তেওঁক সহায় কৰিব খোজে। দুয়ো লগ হৈ সিঙ হাউলীটো (শংকৰৰ ঘৰ) বিচাৰি উলিয়ায় আৰু শংকৰৰ পৰিয়ালক আমীৰৰ ভুলৰ বাবে ক্ষমা কৰি দিবলৈ অনুৰোধ জনায়। অৱশ্যে এই কাৰ্যত তেওঁলোক সফল নহ'ল। জীনতে ধাৰণা কৰে যে মীৰাৰ সৈতে বন্ধুত্ব কৰিলে এই কামত সহায় হ'ব।
মীৰা দৈনিক যোৱা এক মন্দিৰত দুয়ো প্ৰথম লগ হয়। প্ৰথমাৱস্থাত জীনতে তেওঁৰ আগমণৰ প্ৰকৃত উদ্দেশ্যৰ কথা লুকুৱাই ৰাখে। কেইটামান সপ্তাহতে দুয়োৰে মাজত ভাল বন্ধুত্বই গঢ় লৈ উঠে। ইয়াৰ ফলস্বৰূপে মীৰাই পৰম্পৰাৰ খোলাটোৰপৰা ওলাই আহি কিছু স্বাধীনতাৰ সোৱাদ পায়।
ইয়াৰ মাজতে শংকৰহঁতৰ হাউলীটো এক স্থানীয় কাৰখানা এটাৰ মালিক চোপ্ৰাৰ ধাৰৰ গ্ৰাসত সোমাই পৰে। ৰণধীৰ সিঙে ধাৰ পৰিশোধ কৰিবলৈ অতিৰিক্ত সময় বিচৰাত চোপ্ৰাই ধাৰ ৰেহাই দিয়াৰ বিনিময়ত মীৰাক বিচাৰে আৰু সিঙেও পিছলৈ এয়া মানি লয়।
ইফালে মৃত্যুদণ্ডৰ চূড়ান্ত জাননী অহাত জীনতে তেওঁৰ প্ৰকৃত উদ্দেশ্যৰ কথা মীৰাক জনাবলৈ বাধ্য হয়। জীনতক স্বাৰ্থান্বেষী বুলি ভাবি মীৰাই ক্ষমাদান পত্ৰত চহী কৰিবলৈ অস্বীকাৰ কৰে আৰু এই কথা স্পষ্ট কৰি দিয়ে যে এয়া এক দুৰ্ঘটনা হ'লেও স্বামীৰ হত্যাকাৰীক তেওঁ দণ্ড দিবলৈ বিচাৰে। জীনতেও অৱশেষত এয়াই অদৃষ্ট বুলি মানি লৈ গৃহচহৰলৈ উভতিবলৈ লয়। পিছত সিঙ পৰিয়ালে তাইক চোপ্ৰাক 'বিক্ৰী' কৰিব খোজা কথাত মীৰাৰ মন সলনি হয় আৰু শাহু-আইতাকৰ উৎসাহত ৰেলৱে ষ্টেচনলৈ গৈ জীনতৰ হাতত হস্তাক্ষৰিত ক্ষমাদান পত্ৰখন তুলি দিয়ে। শেষ মুহূৰ্ত্তত জীনতে হাত আগবঢ়াই দিয়াত মীৰা ৰেলত উঠি পৰে আৰু পৰম্পৰাৰ গণ্ডীৰ মাজত জীৱনটো এৰি থৈ গুচি যায়।
অভিনয় শিল্পী
- এক মুখ্য চৰিত্ৰ মীৰাৰ ভূমিকাত আয়েশা টাকিয়া, এক ৰক্ষণশীল ৰাজপুত পৰিয়ালৰ বোৱাৰী যি এক আনন্দবিহীন জীৱন যাপন কৰিছে।
- আনটো মুখ্য চৰিত্ৰ জীনতৰ ভূমিকাত গুল পানাগ, এক দৃঢ়মনা নাৰী যি মনত কিছু জটিল পৰিস্থিতিত পৰা নিজৰ পতিৰ জীৱন ৰক্ষা কৰাৰ আশা লৈ ফুৰিছে আৰু অৱশেষত মীৰাক লগ পাইছে।
- বহুৰূপীয়াৰ ভূমিকাত শ্ৰেয়াস তালপাড়ে, এক বহুমুখী ব্যক্তিত্ব। বহুৰূপীয়ে মীৰাক বিচাৰি পোৱাত জন্নতক সহায় কৰিছে।
- ৰণধীৰ সিঙৰ ভূমিকাত গিৰিশ কাৰ্ণাড, মীৰাৰ শহুৰেক। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী তেওঁৰ পুত্ৰৰ মৃত্যুৰ পিছত মীৰাৰ প্ৰতি কঠোৰ হৈ পৰিছে।
- চোপ্ৰাৰ ভূমিকাত নাগেশ কুকুনৰ, এজন ব্যৱসায়ী। তেওঁ মীৰাৰ বিনিময়ত ৰণধীৰ সিঙৰ পৈতৃক ঘৰটোৰ ওপৰত তেওঁৰ পাওনাস্বত্ব উঠাই লোৱাৰ প্ৰস্তাৱ দিছে।
- ৰণধীৰ সিঙৰ সহধৰ্মিণী গৌৰীৰ ভূমিকাত প্ৰতীক্ষা লঙ্কাৰ। গৌৰীয়ে সামাজিক পৰম্পৰাৰ অজুহাতত মীৰাৰ স্বাধীনতা আৰু পছন্দৰ বিৰোধিতা কৰিছে।
- দাদীমা অৰ্থাত্ আইতাকৰ ভূমিকাত (ৰণধীৰ সিঙৰ মাতৃ) উত্তৰা ভবাকৰ। মীৰাৰ মুক্তিত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।
নিৰ্মাণ
নিৰ্মাণৰ আগৰছোৱা
২০০৫ চনৰ নৱেম্বৰ মাহত নাগেশ কুকুনুৰে ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থকাৰ সময়ৰে পৰাই ড'ৰৰ আৰম্ভণি ঘটে। কুকুনুৰে এজন সাংবাদিকক তেওঁৰ পৰৱৰ্তী চিত্ৰনাট্য লিখিবলৈ লোৱাৰ ইংগিত দিয়ে২। পেৰুমাঝক্কালম চোৱাৰ পিছত৩। এক সাক্ষাৎকাৰত তেওঁ এই বিষয়ে নিশ্চিতি দিয়ে। এই ছবিখনৰ কাহিনীভাগ বাতৰি কাকতত প্ৰকাশিত এক লেখাৰ ওপৰত আধাৰিত আছিল আৰু পেৰুমাঝক্কালমৰ পৰিচালক কমলৰ পৰা কাহিনীস্বত্ব ক্ৰয় কৰাৰ পিছত কুকুনুৰে ইয়াক এক নিজাববীয়া ৰূপ দিবলৈ সিদ্ধান্ত লয়। তেওঁ নায়িকাৰ কঠোৰ অভিজ্ঞতাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াক পৃথক ৰূপত দেখুৱাব খুজিছিল৪। অৱশ্যে পেৰুমাঝক্কালম বা ইয়াৰ নিৰ্মাতাসকলৰ প্ৰতি ইয়াত শলাগৰ অংশীদাৰীত্ব দিয়া হোৱা নাছিল৫।
কুকুনুৰে ২০০৬ চনৰ মাৰ্চ মাহৰ প্ৰথমভাগৰ পৰা নিৰ্মাণকাৰ্য আৰম্ভ হ'ব বুলি ঘোষণা কৰে আৰু একে বছৰৰে আগষ্ট মাহত ইয়াক মুক্তি দিয়াৰ কথা কয়৬। তেওঁ দুটা মুখ্য আৰু এটা পাৰ্শ্ব চৰিত্ৰৰে ছবিখনৰ ধাৰণাটো গঠন কৰে৭। কুকুনুৰে কয় যে তেওঁৰ আটাইবোৰ চলচ্চিত্ৰে ভিতৰভাগত "মানৱীয় উপাদান - আমাল সকলোক অন্ধ কৰি তোলা মূল অনুভূতিবোৰ" আছে৮।
ছবিৰ পৃষ্ঠভূমি ৰাজস্থান হোৱা হেতুকে কুকুনুৰ তালৈ গৈ ঠাইখন আৰু চৰিত্ৰসমূহ বোলছবিখনত উপস্থাপন কৰিবৰ বাবে লাগতিয়াল গৱেষণা আদি কৰে৯।
পৰিচালকজনৰ পূৰ্বৰ ছবি ইকবাল (২০০৫) প্ৰযোজনা কৰা চাহাৰা ৱান মোশ্বন পিকচাৰ্চৰ প্ৰধান কাৰ্যবাহী বিষয়াগৰাকীয়ে কয়, "আমি আটায়ে কুকুনুৰৰ ছবিসমূহলৈ বাট চাওঁ কিয়নো ইয়াৰ বিষয়বস্তু আৰু ইয়াত থকা বস্তুসমূহ বৰ অসাধাৰণ আৰু মোহনীয়"৮।
দৃশ্যগ্ৰহণৰ স্থান আৰু অভিনয় শিল্পী
পৰিচালক কুকুনুৰ ইয়াৰ আগেয়ে ৰাজস্থান বা হিমাচল প্ৰদেশলৈ যোৱা নাছিল। কিন্তু তেওঁ ধাৰণা কৰিছিল যে তাত তেওঁ দৃশ্যগ্ৰহণৰ ভাল ঠাই বিচাৰি পাব। পৰিকল্পনা অনুসৰিয়ে ৰাজস্থানত দৃশ্যগ্ৰহণ সম্পন্ন হয়। অৱশ্যে স্থানীয় পৰিৱেশৰ বাবে চিত্ৰনাট্যৰ কিছু সৰু-সুৰা সালসলনি কৰা হয়।৪ পানাগ পূৰ্বতে ৰাজস্থানলৈ যোৱা নাছিল আৰু কোনো কোনো সময়ত তেওঁ গ্ৰীষ্মৰ প্ৰচণ্ড উত্তাপক অসহ্য বোধ কৰিছিল। তেওঁ কেৱল একেৰাহে চলা দৃশ্যগ্ৰহণ ভাল পাইছিল আৰু কৈছিল যে ই প্ৰদৰ্শনলৈ স্থিৰতা আনে।১০
৩৭ দিনত ৰাজস্থানৰ বিভিন্ন ঠাইত দৃশ্যগ্ৰহণ সম্পূৰ্ণ হয়।১১ তাৰ সৰহভাগ প্ৰাসাদ হোটেললৈ ৰূপান্তৰ কৰা হেতুকে দলটো মনৱাৰ নামৰ এক প্ৰাসাদ ৰিজৰ্টত থাকে।১২ যোধপুৰৰ মেহৰনগড় দুৰ্গত দৃশ্যগ্ৰহণ হওঁতে তেওঁলোক পোখৰাণতো থাকিছিল।১২ দৃশ্যগ্ৰহণ শেষ হোৱাৰ পিছত কুকুনুৰে কয় যে এইখন তেওঁৰ আটাইতকৈ প্ৰত্যহ্বানমূলক ছবি কিয়নো ই সঁচা কাহিনী এটা অন্তৰ্ভুক্ত কৰিছে।১১
কুকুনুৰে কয় যে তেওঁ সদায় এনে অভিনয় শিল্পী বিচাৰে যি দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে আৰু সেয়ে অ-সমান্তৰাল ছবিৰ অভিনেতাক প্ৰাধান্য দিয়ে।১১
চচ্ছা না থা বোলছবিত আয়েশা টাকিয়াৰ অভিনয় দেখি মুগ্ধ হৈ কুকুনুৰে মীৰাৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ তেওঁক বাছনি কৰে।১৩ দৃশ্যগ্ৰহণৰ সময়তে দুয়ো দুয়োকে ভাতৃ-ভগ্নী হিচাপে গ্ৰহণ কৰে।১৪
বহুৰূপীয়াৰ চৰিত্ৰটোৰ কাৰণে পৰিচালকে প্ৰথমে এজন বুঢ়া মানুহৰ কথা ভাবে যদিও পিছত শ্ৰেয়াস তালপাড়েক বাছনি কৰে।১১
ডিভিডি অতিৰিক্ত অংশৰ মতে নাগেশ কুকুনুৰে প্ৰথমে চিত্ৰনাট্যখন ইংৰাজীত লিখিছিল আৰু পিছতহে হিন্দীলৈ অনুবাদ কৰোৱায়।১৫
দৃশ্যায়ণ আৰু সংগীত
পূৰ্বতে কুকুনুৰৰ ইকবাল বোলছবিত কাম কৰা তালপাড়েই ৰাজস্থানৰ বহুৰূপীয়াবোৰক নিৰীক্ষণ কৰি তেওঁলোকৰ ভাষা, উচ্চাৰণ আৰু শৰীৰি ভাষা আয়ত্ত কৰে। কুকুনুৰৰ বিষয়ে তেওঁ কয় যে নাগেশে এজন পৰিচালক হিচাপে অভিনেতাজনৰ মনলৈ এই ভাব আনি দিয়ে যে এই চৰিত্ৰটো ফুটাই তোলাতো তেওঁৰ বাবে তেনেই সহজ। বহুৰূপীয়া হিচাপে তালপাড়েই মাত-কথাৰ অনুকৰণ কৰা কাম কৰিব লাগিছিল। মহাবিদ্যালয়ত পঢ়ি থাকোঁতে তালপাড়ে এই ক্ষেত্ৰত ভাল আছিল আৰু ইকবালৰ দৃশ্যগ্ৰহণৰ সময়ত কুকুনুৰে এই কথা লক্ষ্য কৰাত ড'ৰ তালপাড়েৰ হাতলৈ আহে। সহশিল্পীসকলৰ বিষয়ে তেওঁ কয় যে পানাগ আৰু টাকিয়াৰ সৈতে অভিনয় কৰাৰ কামটো ৰাজস্থানত ৪৫°ছে তাপমাত্ৰা হোৱা স্বত্বেও মধুৰ আছিল১৬।
আৱহ সংগীতৰ বিষয়ে কুকুনুৰে কয় যে "জীৱনতকৈ বিশাল এখন ছবিৰ ৰূপ দিবলৈ উচ্চ সংগীত দিয়াটো কিছু কঠিন। " চিন্তা হোৱা স্বত্বেও চেলিম-চুলেইমানৰ দৃশ্যপটৰ সৈতে খাপ খাই পৰা সংগীত-সংযোজনত তেওঁ সন্তুষ্ট আছিল। কাৰচান চকুৰীয়া, সুনীধি চৌহান, পাকিস্তানী গায়ক শ্বফাকত অমানত আলী খান আদি শিল্পীয়ে গীতসমূহত কণ্ঠদান কৰিছিল। সংগীত উন্মোচনৰ সময়ত কুকুনুৰে কয় যে তেওঁ আৰু চেলিম-চুলেইমানে এনে কিছু গীত সৃষ্টি কৰাৰ চেষ্টা কৰিছিল যি "হুলস্থূলীয়া চিঞৰ-বাখৰবোৰৰ পৰা আঁতৰি থাকে আৰু আইটেম নাম্বাৰ আৰু বিৰক্তিকৰ প্ৰেমগীতসমূহতকৈ ভিন্ন হয়"১৭।
মুক্তি আৰু সঁহাৰি
২০০৬ চনৰ শেষলৈকে ড'ৰে ভাৰতত ৩৮ মিলিয়ন সংগ্ৰহ কৰে১৮।
সমালোচনা
এক সমালোচনাত দ্য টেলিগ্ৰাফে কয়, "মনোমোহাকৈ দৃশ্যগ্ৰহণ কৰা নাগেশ কুকুনুৰৰ ড'ৰ প্ৰথমবাৰ চাওঁতে এখন ভাল চলচ্চিত্ৰ বুলি আপোনাৰ হাততালি দিবলৈ মন যাব। আয়েশাৰ বঁটা পাবলগীয়া অভিনয়েই হওক বা শ্ৰেয়াসৰ আমোদজনক মুহূৰ্ত্তবোৰেই হওক ইয়াৰ সুনাম পৰিচালকজনলৈকে যাব যি আপ্লুত কৰি ৰখা বোলছবি নিৰ্মাণ কৰিছে১৯। " দ্য টাইমছ অফ ইণ্ডিয়াই কয়:
"ড'ৰে কঠোৰ নোহোৱাকৈ বা চিঞৰ-বাখৰ নকৰাকৈয়ে এক দৃঢ় নাৰীবাদী মত দাঙি ধৰিছে। দুগৰাকী ভিন্ন মেৰুৰ নাৰীৰ অটুট হৈ পৰা বন্ধুত্ব আৰু তেওঁলোকক একেলগ কৰা পৰিস্থিতিবোৰে আপোনাৰ বুকুত খুন্দিয়াই থাকিব। শ্ৰেয়াস তালপাড়েই এই কথা প্ৰমাণ কৰে যে ইকবাল (তেওঁৰ পূৰ্বৱৰ্ত্তী চলচ্চিত্ৰ) এক দুৰ্ঘটনা নাছিল আৰু গুল পানাগেও তেওঁৰ কেৰিয়াৰৰ এক অন্যতম পতিয়নযোগ্য প্ৰদৰ্শন দাঙি ধৰে। কিন্তু আয়েশা টাকিয়াইহে আপোনাৰ দম বন্ধ কৰি দিয়ে। পতিৰ আগত নৃত্য কৰা আৰু পতিৰ আত্মীয়হঁতৰ আজ্ঞাধীন হৈ থাকিবলৈ হাঁহিমুখে স্বীকাৰ কৰি লোৱাৰপৰা নীৰৱ মুক্তিলৈকে তেওঁৰ যাত্ৰা নিশ্চিতভাৱে মোহনীয়২০। "
আন এক সমালোচনাত দ্য টেলিগ্ৰাফে কয়:
"সুদীপ টেটাৰ্জীৰ চিত্ৰগ্ৰহণ অত্যন্ত ভাল। তেওঁ সুন্দৰ কিন্তু সৰল দৃশ্য কিছুমান ৰচনা কৰে যি মনোযোগ লাভৰ বাবে হুলস্থূল নকৰে, কিন্তু গৰ্বহীনভাৱে ছবিখনৰ সামগ্ৰিক নক্সাত যোগ হৈ যায়। "২১
বোলছবিখনৰ কাহিনী আৰু চিত্ৰণৰ বিষয়ে লিখোতে ৰেডিফ ডট কমে এইবুলি মোখনি মাৰে:
"চিত্ৰনাট্যখন আপ্লুত কৰি ৰাখিব পৰা; সংলাপসমূহ মনোৰঞ্জক, বুদ্ধিদীপ্ত আৰু যথেষ্ট গভীৰ। চৰিত্ৰৰ অংকন শক্তিশালী আৰু চৰিত্ৰসমূহ উদগণিমূলক কিন্তু পৃষ্ঠপোষক নহয়। চিত্ৰনাট্য, কাহিনী আৰু চৰিত্ৰসমূহে ঘাইকৈ দৃষ্টি আকৰ্ষণ কৰিছে আৰু ছেটসমূহে, চকুতলগা হোৱা স্বত্বেও ছাঁ কৰি নিদি কাহিনীৰ লগত মিলি পৰিছে। "২২
ছবিখনৰ বাণিজ্যিক সফলতা লাভৰ সম্ভাৱনাৰ বিষয়ে লিখোতে তৰণ আদৰ্শই কয়, "ড'ৰ এক সুনিৰ্মিত বোলছবি যি ভাল গুণমানৰ বোলছবিৰ তৃষ্ণা থকা লোকক তৃপ্তি দিয়ে। পুৰস্কাৰ আৰু সমালোচকৰ প্ৰশংসা, হয়, এয়া জিনিবলৈ ইয়াৰ শক্তি আছে। "২৩</blockquote>
হ'ম মিডিয়া
ডিভিডি
২০০৬ চনৰ ২০ অক্টোবৰত চলচ্চিত্ৰখনৰ ডিভিডি মুকলি কৰা হয়। ইয়াৰ বিতৰক আছিল এৰ'ছ এণ্টাৰটেইনমেণ্ট আৰু ই ১৬:৯ এনামৰ্ফিক ৱাইডস্ক্ৰীণ, ডলবি ডিজিটেল ৫.১ ছাৰাউণ্ড, প্ৰগ্ৰেছিভ ২৪ এফপিএছ, ৱাইডস্ক্ৰীণ আৰু এনটিএছচি সজ্জাত উপলব্ধ আছিল। ১৪৭ মিনিট দৈৰ্ঘ্যৰ ডিভিডিখনত ইংৰাজী চাবটাইটলৰো ব্যৱস্থা আছিল।
গীতসমূহ
ড'ৰৰ সংগীত চেলিম-চুলেইমানৰ আৰু গীতিকাৰ মীৰ আলি হুছেইন। ২০০৬ চনৰ ২৬ আগষ্টত পৰম্পৰাগত বিশেষ ৰাজস্থানী সুৰযুক্ত ছবিখনৰ সংগীতৰ এলবাম উন্মোচন কৰা হৈছিল।
ইয়াৰ বিষয়ে এক সমালোচনাত কোৱা হৈছিল যে, "এয়া কোনো সাধাৰণ এলবাম নহয় আৰু ই সাংগীতিক সুধী সমাজৰ প্ৰাধান্য লাভ কৰিব। শাস্ত্ৰীয় তথা ৰাজস্থানী লোক সংগীতৰ সংমিশ্ৰণত ই চেলিম-চুলেইমানৰ এক ভাল মানদণ্ডৰ এলবাম। কিন্তু অসুবিধাটো হ'ল যে এনে সংগীতে আটাইৰে শ্ৰৱণেন্দ্ৰিয়ক আনন্দ নিদিয়ে২৪। " একেধৰণে আন এটা সমালোচনাত কোৱা হয় যে এলবামটোৱে "কেৱল শাস্ত্ৰীয় সংগীতৰ অনুগামী আৰু ৰাজস্থানী লোক সংগীত উপভোগ কৰা লোকৰ বাবেহে কাৰ্যকৰী হ'ব। এই বিষয়ে কোনো সন্দেহ নাই যে ইয়াৰ প্ৰত্যেক অংশই ভাল গুনমানৰ, কিন্তু সামগ্ৰিকভাৱে ই কিছুসংখ্যক শ্ৰোতাকহে আহাৰ যোগাব২৫। "
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ ড'ৰ (চলচ্চিত্ৰ)
- ↑ Sen, Raja. (29 November 2005). Final scene of Iqbal still moves me. Rediff.com
- ↑ (19 March 2005). Mathrubhumi, Medimix film awards announced. The Hindu
- ↑ Sen, Raja. (26 September 2006). Why Nagesh picked Ayesha and Gul. Rediff.com
- ↑ (5 December 2007). Foreign body in Bombay to Bangkok?. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (3 March 2006). Nagesh Kukunoor announces his next movie Dor. Indiafm.com
- ↑ Sen, Raja. (27 September 2006). The Dor-man and his secrets. Rediff.com
- ↑ (15 August 2006). Nagesh Kukunoor's Dor releases this September. Bollyvista.com
- ↑ (20 September 2006). The one thing in this industry is that you can never say a "yes" with finality - Nagesh Kukunoor. Indiafm.com
- ↑ Sen, Raja. (21 September 2006). I wasn't stalking Nagesh. Rediff.com
- ↑ (18 September 2006). Nagesh Kukunoor believes in realistic cinema. Apunkachoice.com
- ↑ Jain, Priyanka. (20 October 2006). From Iqbal to Behrupia. Rediff.com
- ↑ Us Salam, Ziya. (22 September 2006). Making movies his way. দ্য হিন্দু
- ↑ Kumar, Nikhil. (20 September 2006). Ayesha Takia finds a brother in Nagesh Kukunoor. apunkachoice.com
- ↑ Making of Dor, 2006, Sahara One Motion Pictures
- ↑ (15 October 2006). It's great when legends appreciate your performance. The Times of India
- ↑ (27 August 2006). Music of Dor will break rules: Kukunoor. হিন্দুস্তান টাইমছ
- ↑ International Business Overview Standard
- ↑ Pradhan, Bharathi. (8 October 2006). Kukunoor's minority report. The Telegraph (Kolkata)
- ↑ Kazmi, Nikhat. (22 September 2006). Dor: Hindi movie review. The Times of India
- ↑ Mitra, Mandira. (29 September 2006). Striking visual design. The Telegraph
- ↑ Diniz, Merill. (22 September 2006). Dor is a must-watch. Rediff.com
- ↑ Adarsh, Tarun. (22 September 2006). Dor: Movie Review. Indiafm.com
- ↑ Audio Review: Dor - Will be preferred by musical elites. Musicindiaonline.com
- ↑ Tuteja, Joginder. (4 September 2005). Dor: Music Review by Joginder Tuteja. Indiafm.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ড'ৰ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮৫১৫৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।