অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ডব্লিউ থ্ৰী স্কুলচ্

ডব্লিউ থ্ৰী স্কুলচ্‌ (W3Schools) হ’ল ৱেবছাইটৰ কৌশল বা তথ্যপ্ৰযুক্তিসমূহ শিকোৱাৰ এখন অনলাইন ৱেবছাইট। ইয়াত শিকিব পৰা বিভিন্নধৰণৰ সংযোজিত তথ্যসমূহ হ’ল- এইচ টি এম এল, চি এছ এছ, JavaScript, JSON, PHP, পাইথন, AngularJS, React.js, SQL, Bootstrap, Sass, Node.js, jQuery, XQuery, AJAX, XML, Raspberry Pi,…

হালনাগাদ: ১১ জুলাই ২০২৫ ২৩৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ডব্লিউ থ্ৰী স্কুলচ্‌ (W3Schools) হ’ল ৱেবছাইটৰ কৌশল বা তথ্যপ্ৰযুক্তিসমূহ শিকোৱাৰ এখন অনলাইন ৱেবছাইট। ইয়াত শিকিব পৰা বিভিন্নধৰণৰ সংযোজিত তথ্যসমূহ হ’ল- এইছটিএমএল, চিএছএছ, JavaScript, JSON, PHP, পাইথন, AngularJS, React.js, SQL, Bootstrap, Sass, Node.js, jQuery, XQuery, AJAX, XML, Raspberry Pi, চি++, C# আৰু জাভা.১

১৯৯৮ চনত নিৰ্মিত এই ডব্লিউ থ্ৰী স্কুলচ্‌ৰ নামটি লোৱা হৈছে ৱৰ্ল্ড ৱাইড ৱেবৰ পৰা। কিন্তু ই ৱৰ্ল্ড ৱাইড ৱেবৰ দ্বাৰা অনুমোদিত নহয়। এই ৱেবছাইটটো নৰৱেৰ 'ৰেফচ্‌নেচ্‌ ডাটা'ই চলায়।২ ইয়াত TryIt Editor নামৰ এটা সম্পাদনা ক্ষেত্ৰ উপলভ্য য’ত ন-শিকাৰুসকলে উদাহৰণ হিচাপে আগবঢ়োৱা ক’ডসমূহ সহজে সম্পাদনা কৰি নিজে পৰীক্ষা কৰি চাব পাৰে।

কাৰ্য্যসমূহ

চাইটটোত, ব্যাখ্যাৰ সৈতে উৎস ক’ডৰ উদাহৰণবোৰ ইংৰাজীত বিনামূলীয়াকৈ দেখুৱাই দিয়া হয়। যাৰ বেছিভাগ উদাহৰণেই এটা লাইভ এডিটৰত নিজে সলনি কৰি চাব আৰু চলাব পাৰি। ক’ডৰ আন গুৰুত্বপূৰ্ণ অংশবোৰ লুকুৱাই ৰখা হয় যাতে ব্যৱহাৰকাৰীয়ে কেৱল দেখুওৱা ক'ডটোত মনোযোগ দিব পাৰে। ইয়াক “ডেভেলপাৰ ছেণ্ডবক্স” বুলি কোৱা হয়। প্ৰতিটো প্ৰগ্ৰেমিং ভাষাৰ বাবে টিউটোৰিয়েলবোৰক বেলেগ বেলেগ অধ্যায়ত ভাগ কৰা হৈছে। ইয়াত কেৱল প্ৰাথমিক বা মূল কথাবোৰেই নহয়, কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তাৰ উপায় আৰু উদাহৰণো দিয়া আছে। লগতে ইয়াত প্ৰগ্ৰেমিং ভাষাৰ আন আন অংশবোৰৰ ওপৰতো বিশেষভাৱে বুজাই দিয়া হয় (যিবোৰক 'ৰেফাৰেন্স' বুলি কোৱা হয়)৷ ইয়াৰ উপৰি চাইটটোৰ এটা ইউটিউব চেনেল আছে, যিয়ে ৱেব ডেভেলপমেণ্টৰ কিছুমান বিশেষ বিষয় গ্ৰহণ কৰে আৰু ব্যাখ্যা কৰে, আৰু এটা ইণ্টাৰনেট ফ’ৰাম আছে। HTML, CSS, JavaScript, JSON, C, C++, C#, Java, PHP, React, AngularJS, SQL, Python, Django, Bootstrap, Node.js, jQuery, XQuery, Ajax, আৰু XML আদি প্ৰযুক্তিসমূহ সকলো সমৰ্থিত।৩৪৫

তথ্যসূত্ৰ

  1. ↑ ডাটা, ৰেফচ্‌নেচ্‌. ডব্লিউ থ্ৰী স্কুলচ্‌. ডব্লিউ থ্ৰী স্কুলচ্‌. এলেক্সা ইণ্টাৰনেট
  2. ↑ ডাটা, ৰেফচ্‌নেচ্‌. ডব্লিউ থ্ৰী স্কুলচ্‌ৰ বিষয়ে. ডব্লিউ থ্ৰী স্কুলচ্‌. এলেক্সা ইণ্টাৰনেট
  3. ↑ Einstieg Informatik. Einstieg Informatik · W3Schools - Webtechniken online lernen
  4. ↑ W3Schools
  5. ↑ it-times. W3Schools: Was sich hinter der weltweit größten Website für Entwickler verbirgt

সম্পৰ্কিত শ্ৰেণী

ৱেবছাইট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডব্লিউ থ্ৰী স্কুলচ্” প্ৰবন্ধৰ সংশোধন ৫২৩২৯৮ (১১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।