অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টাৰা ৱেষ্টঅ'ভাৰ

টাৰা ৱেষ্টঅ'ভাৰ (Tara Westover, জন্ম: ২৭ ছেপ্টেম্বৰ, ১৯৮৬)এগৰাকী আমেৰিকীয় আত্মজীৱনীকাৰ, ৰচনাকাৰ আৰু ইতিহাসবিদ। তেওঁৰ আত্মজীৱনী এডুকেটেড (২০১৮) দ্য নিউয়ৰ্ক টাইমছৰ বেষ্টচেলাৰ তালিকাৰ প্ৰথম স্থানত আত্মপ্ৰকাশ কৰিছিল আৰু এল এ টাইমছ বুক প্ৰাইজ, পেন আমেৰিকাৰ জিন ষ্টেইন বুক এৱাৰ্ড, আৰু নেচনেল বুকৰ পৰা…

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৫ ৫৮৪ শব্দ · ৩ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

টাৰা ৱেষ্টঅ'ভাৰ (Tara Westover, জন্ম: ২৭ ছেপ্টেম্বৰ, ১৯৮৬)১এগৰাকী আমেৰিকীয় আত্মজীৱনীকাৰ, ৰচনাকাৰ আৰু ইতিহাসবিদ। তেওঁৰ আত্মজীৱনী এডুকেটেড (২০১৮) দ্য নিউয়ৰ্ক টাইমছৰ বেষ্টচেলাৰ তালিকাৰ প্ৰথম স্থানত আত্মপ্ৰকাশ কৰিছিল আৰু এল এ টাইমছ বুক প্ৰাইজ, পেন আমেৰিকাৰ জিন ষ্টেইন বুক এৱাৰ্ড, আৰু নেচনেল বুকৰ পৰা দুটা বঁটাকে ধৰি কেইবাটাও ৰাষ্ট্ৰীয় বঁটাৰ বাবে চূড়ান্ত প্ৰতিযোগী আছিল। নিউয়ৰ্ক টাইমছে ২০১৮ চনৰ ১০খন শ্ৰেষ্ঠ কিতাপৰ ভিতৰত এডুকেটেডক স্থান দিছে।২ৱেষ্টঅ'ভাৰক টাইম আলোচনীয়ে ২০১৯ চনৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰে।৩

প্ৰাথমিক জীৱন আৰু শিক্ষা

ইডাহ’ৰ ক্লিফটনত (জনসংখ্যা ২৫৯) মৰ্মন ছাৰ্ভাইভেলিষ্ট পিতৃ-মাতৃৰ পৰা জন্ম হোৱা সাতটা সন্তানৰ ভিতৰত ৱেষ্টঅ’ভাৰ আছিল সৰ্বকনিষ্ঠ। তেওঁৰ পাঁচজন ককায়েক আৰু এগৰাকী বায়েক আছে।৪৫তেওঁৰ পিতৃ-মাতৃয়ে চিকিৎসক, চিকিৎসালয়, ৰাজহুৱা বিদ্যালয় আৰু ফেডাৰেল চৰকাৰক সন্দেহৰ চকুৰে চাইছিল। ৱেষ্টঅ'ভাৰৰ জন্ম ঘৰত হৈছিল। ধাত্ৰীৰ দ্বাৰা প্ৰসৱ-কাৰ্য সম্পন্ন হৈছিল। তেওঁলোক কোনোদিনেই চিকিৎসক বা নাৰ্ছৰ ওচৰলৈ যোৱা নাছিল।৬ ন বছৰ বয়সলৈকে তেওঁৰ জন্মৰ প্ৰমাণ পত্ৰ পঞ্জীয়ন কৰা হোৱা নাছিল। তেওঁলোকৰ পিতৃয়ে আনুষ্ঠানিক চিকিৎসাৰ বিৰোধিতা কৰিছিল। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ সময়তো সন্তানৰ চিকিৎসা কেৱল তেওঁলোকৰ মাকেহে কৰিছিল। তাৰ বাবে তেওঁ বনৌষধি আৰু বিকল্প নিৰাময়ৰ অন্যান্য পদ্ধতিৰ বিষয়ে অধ্যয়ন কৰিছিল।

প্ৰতিটো সন্তানকে মাকে ঘৰতে যি পাৰে তাকে শিকাইছিল। ৱেষ্টঅভাৰে কয় যে এজন ককায়েকে তেওঁক পঢ়া-শুনা কৰাইছিল। তেওঁ চাৰ্চ অৱ জিছুছ ক্ৰাইষ্ট অৱ লেটাৰ-ডে চেণ্টছৰ শাস্ত্ৰ অধ্যয়ন কৰিছিল। কিন্তু তেওঁ কেতিয়াও বক্তৃতাত অংশ লোৱা নাছিল, ৰচনা লিখা নাছিল, পৰীক্ষাও দিয়া নাছিল। তেওঁলোকৰ ঘৰত পাঠ্যপুথিও বৰ বেছিকৈ নাছিল।

কিশোৰ অৱস্থাত ৱেষ্টঅ'ভাৰে বৃহত্তৰ সমাজখনত প্ৰৱেশ কৰি কলেজত পঢ়িবলৈ ইচ্ছা কৰিবলৈ ধৰিলে। এচিটি পৰীক্ষাত ভাল নম্বৰ পাবলৈ তেওঁ পাঠ্যপুথি ক্ৰয় কৰি স্বতন্ত্ৰভাৱে অধ্যয়ন কৰিছিল। তেওঁ ব্ৰিগম ইয়ং বিশ্ববিদ্যালয়ত নামভৰ্তি লাভ কৰে আৰু হাইস্কুলৰ ডিপ্লমা নাছিল যদিও বৃত্তি লাভ কৰে। প্ৰথম বৰ্ষৰ কঠিন প্ৰত্যাহ্বানৰ পিছত (য'ত ৱেষ্টঅ'ভাৰে শিক্ষা আৰু তাৰ বহল সমাজৰ সৈতে খাপ খুৱাবলৈ সংগ্ৰাম কৰিছিল) তেওঁ অধিক সফল হৈছিল আৰু ২০০৮ চনত সন্মানেৰে স্নাতক ডিগ্ৰী লাভ কৰিছিল।

তাৰ পিছত তেওঁ ট্ৰিনিটি কলেজ৭ৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা গেটছ কেম্ব্ৰিজ স্ক'লাৰ হিচাপে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু ২০১০ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ভিজিটিং ফেলো হিচাপে কাম কৰে। তেখেতৰ গৱেষণা-পত্ৰৰ শিৰোনাম হৈছে "এংলো-আমেৰিকান সমবায় চিন্তাত পৰিয়াল, নৈতিকতা আৰু সমাজ বিজ্ঞান, ১৮১৩–১৮৯০।"৮৯

২০০৯ চনত কেম্ব্ৰিজৰ স্নাতক ছাত্ৰী হিচাপে ৱেষ্টঅ'ভাৰে পিতৃ-মাতৃক কৈছিল যে বহু বছৰ ধৰি (১৫ বছৰ বয়সৰ পৰা) তেওঁক ককায়েকৰ দ্বাৰা শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতিত হৈ আহিছিল। পিছে তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ অভিযোগ অস্বীকাৰ কৰে আৰু ৱেষ্টঅ'ভাৰ চয়তানৰ প্ৰভাৱত আছে বুলি মত প্ৰকাশ কৰে। এইবোৰ ঘটনাক লৈ পৰিয়ালটোৰ মাজত বিভাজন ঘটিল। ৱেষ্টঅ'ভাৰে ২০১৮ চনৰ আত্মজীৱনীমূলক গ্ৰন্থ এডুকেটেডত এই বিচ্ছিন্নতাৰ বিষয়ে লিখিছিল আৰু বিশ্ববিদ্যালয়ৰ শিক্ষালাভৰ ক্ষেত্ৰত তেওঁ সমুখীন হোৱা অসুবিধাজনক পথটোৰ বিষয়ে লিখিছিল।

বঁটা আৰু সন্মান

ৱেষ্টঅ'ভাৰে তেওঁৰ আত্মজীৱনীখনৰ বাবে কেইবাটাও বঁটা আৰু সন্মান লাভ কৰিছে-

  • আমেৰিকান বুকচেলাৰ্ছ এছ’চিয়েশ্যনে বছৰৰ কিতাপ হিচাপে নিৰ্বাচিত কৰে
  • ৰাষ্ট্ৰীয় কিতাপ সমালোচক চক্ৰৰ পৰা জন লিঅ’নাৰ্ড বঁটাৰ বাবে চূড়ান্ত প্ৰতিযোগী
  • ৰাষ্ট্ৰীয় গ্ৰন্থ সমালোচক চক্ৰৰ পৰা আত্মজীৱনী বঁটাৰ বাবে চূড়ান্ত প্ৰতিযোগী
  • জীৱনীত এল এ টাইমছ বুক প্ৰাইজৰ বাবে চূড়ান্ত প্ৰতিযোগী
  • পেন/আমেৰিকাৰ জিন ষ্টেইন বঁটাৰ বাবে চূড়ান্ত প্ৰতিযোগী
  • আমেৰিকান বুকচেলাৰ্ছ এছ’চিয়েশ্যনৰ বছৰৰ অডিঅ’বুক বঁটাৰ বাবে চূড়ান্ত প্ৰতিযোগী
  • বাৰ্নছ এণ্ড নোবেলৰ ডিস্কভাৰ গ্ৰেট ৰাইটাৰ্ছ বঁটাৰ বাবে চূড়ান্ত প্ৰতিযোগী
  • নিউয়ৰ্ক টাইমছৰ ২০১৮ চনৰ ১০ খন শ্ৰেষ্ঠ কিতাপৰ ভিতৰত অন্যতম
  • কাৰ্নেগী মেডেল অৱ এক্সেলেন্সৰ বাবে দীৰ্ঘ তালিকাভুক্ত
  • আত্মজীৱনীৰ বাবে গুডৰিডছ চয়ছ বঁটা বিজয়ী
  • আত্মজীৱনী/স্মৃতিগ্ৰন্থৰ বাবে অডি বঁটা বিজয়ী
  • আমেৰিকান লাইব্ৰেৰী এছ’চিয়েশ্যনৰ পৰা এলেক্স বঁটা
  • আমেৰিকান লাইব্ৰেৰী এছ’চিয়েশ্যনে ‘ইয়ং এডাল্টছৰ বাবে আচৰিত অডিঅ’বুক’ নামেৰে নামাকৰণ কৰে
  • ২০১৮ চনৰ শ্ৰেষ্ঠ কিতাপৰ বাবে আমাজন সম্পাদকৰ বাছনি১০
  • এপলৰ বছৰৰ শ্ৰেষ্ঠ স্মৃতিগ্ৰন্থ
  • অডিবলৰ বছৰৰ শ্ৰেষ্ঠ স্মৃতিগ্ৰন্থ
  • হাডছন গ্ৰুপৰ বছৰৰ শ্ৰেষ্ঠ কিতাপ
  • গ্ৰীষ্মকালীন পঢ়াৰ বাবে ৰাষ্ট্ৰপতি বাৰাক অবামাৰ নিৰ্বাচিত আৰু বছৰৰ প্ৰিয় কিতাপৰ তালিকা১১
  • বিল গেটছৰ ছুটীৰ পঢ়া তালিকাত অন্তৰ্ভুক্তি১২১৩
  • টাইম মেগাজিনে ২০১৯ চনৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত
  • বৈশিষ্ট্যযুক্ত বক্তা, ছিয়াটল আৰ্টছ এণ্ড লেকচাৰ, ২০১৯
  • নিউয়ৰ্ক হিষ্ট’ৰিকেল ছ’চাইটি উইমেন ইন পাব্লিক লাইফ বঁটা
  • জেমছ জয়ছ বঁটা
  • ইভান্স হেণ্ডকাৰ্ট বঁটা

ব্যক্তিগত জীৱন

ৱেষ্টঅ'ভাৰ লণ্ডনত বাস কৰে৷ ১৪

তথ্যসূত্ৰ

  1. ↑ Whitworth, Damian. (February 17, 2018). Review: Educated by Tara Westover — from the Mormon boondocks to a Cambridge PhD. The Times
  2. ↑ (2018-12-05). The 10 Best Books of 2018. The New York Times
  3. ↑ Tara Westover: The 100 Most Influential People of 2019. TIME
  4. ↑ Bureau, U. S. Census. U.S. Census website. United States Census Bureau
  5. ↑ Educated by Tara Westover · PenguinRandomHouse.com
  6. ↑ Miller, Dave. REBROADCAST: Tara Westover. Think Out Loud. Oregon Public Broadcasting
  7. ↑ (Summer 2018). Tara Westover (2018) on her first book, Educated: A Memoir, the 'life of the mind', and the transformative power of education. The Fountain. Trinity College, Cambridge
  8. ↑ Westover, Tara. (2014). The Family, Morality and Social Science in Anglo-American Cooperative Thought, 1813-1890. University of Cambridge
  9. ↑ Westover, Tara. (2014). The family, morality and social science in Anglo-American cooperative thought, 1813-1890. E-Theses Online Service. কেমব্ৰিজ বিশ্ববিদ্যালয়
  10. ↑ The Best Books of 2018. www.amazon.com
  11. ↑ Cummings, William. (August 20, 2018). 'Factfulness' and 'Educated' among the titles on Obama's summer reading list. USA Today
  12. ↑ Elkins, Kathleen. (2018-12-03). Bill Gates says these are the 5 best books he read in 2018. CNBC
  13. ↑ Gates, Bill. Educated is even better than you've heard. gatesnotes.com
  14. ↑ Follis, Don. (August 27, 2018). On defying one's family to earn a Ph.D. from Cambridge. The News-Gazette

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিসাহিত্যিকইতিহাসবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাৰা ৱেষ্টঅ'ভাৰ” প্ৰবন্ধৰ সংশোধন ৫৩৭৪১৭ (৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।