অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টানিয়া শচদেৱ

টানিয়া শচদেৱ (Tania Sachdev; জন্ম: ২০ আগষ্ট ১৯৮৬) হৈছে এগৰাকী ভাৰতীয় দবা খেলুৱৈ। তেখেতে আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ আৰু মহিলা গ্ৰেণ্ডমাষ্টাৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। টানিয়া খেলুৱৈৰ লগতে দবা খেলৰ এগৰাকী ধাৰাভাষ্যকাৰ আৰু পৰিৱেশকো।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩৩১ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

টানিয়া শচদেৱ (Tania Sachdev; জন্ম: ২০ আগষ্ট ১৯৮৬) হৈছে এগৰাকী ভাৰতীয় দবা খেলুৱৈ। তেখেতে আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ আৰু মহিলা গ্ৰেণ্ডমাষ্টাৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। টানিয়া খেলুৱৈৰ লগতে দবা খেলৰ এগৰাকী ধাৰাভাষ্যকাৰ আৰু পৰিৱেশকো।

প্ৰাৰম্ভিক জীৱন

টানিয়া শচদেৱৰ জন্ম হৈছিল নতুন দিল্লীত। ছয় বছৰ বয়সত মাতৃ অঞ্জুৱে জীয়েক টানিয়াক দবা খেলৰ লগত পৰিচয় কৰাই দিছিল। টানিয়াৰ অভিভাৱকে তেখেতক দবাৰ পেছাগত প্ৰশিক্ষণ দিয়ায়। মাত্ৰ আঠ বছৰ বয়সতে টানিয়াই প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় খিতাপ দখল কৰিছিল। জীৱনৰ প্ৰাৰম্ভিক সময়ত টানিয়াই কে.চি. যোশীৰ পৰা দবাৰ প্ৰশিক্ষণ লাভ কৰিছিল। এটি শিশু হিচাপে টানিয়াই একাধিক খেলৰ শিতানত জয়লাভ কৰিছিল। তেখেতৰ অন্যতম সফলতাসমূহ হৈছে-অনূৰ্ধ্ব-১২ বছৰৰ ভাৰতীয় চেম্পিয়ন,১ ২০০০ চনত এছিয়াৰ অনুৰ্ধ ১৪ ছোৱালী চেম্পিয়ন,২ আৰু অনুৰ্ধ ১২ বিভাগৰ বিশ্ব যুৱ দবা চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ (১৯৯৮ চনত),৩ ২০০২ চনত টানিয়াই মাৰাৱিলাত এছিয়ান কনিষ্ঠ ছোৱালী চেম্পিয়নশ্বিপ দখল কৰিছিল।৪

কেৰিয়াৰ

২০০৫ চনত টানিয়া মহিলা গ্ৰেণ্ডমাষ্টাৰৰ খিতাপ দখল কৰা অষ্টমগৰাকী ভাৰতীয় দবা খেলুৱৈ হয়। ইয়াৰ পূৰ্বে তেখেতে ২০০৬ চনত আৰু ২০০৭ চনত 'ভাৰতীয় মহিলাৰ দবা চেম্পিয়নশ্বিপ'ৰ খিতাপ দখল কৰিছিল। ২০০৭ চনত টেহৰানত অনুষ্ঠিত হোৱা মহিলা এছিয়া দবা চেম্পিয়নশ্বিপত তেখেতে নটা পইণ্টৰ ভিতৰত ৬.৫ পইণ্ট লাভ কৰে।৫ ২০০৯ চনত টানিয়াক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়। ২০১৬ চনত টানিয়াই ৰেয়কজাভিক অপেনত শ্ৰেষ্ঠ মহিলাৰ বঁটা লাভ কৰে।৬৭ আনহাতে কালুটাৰাত কমনৱেলথ অৱ নেশ্যনচৰ মহিলা চেম্পিয়নৰ খিতাপ দখল কৰে।৮

২০০৮ চনৰ পৰাই টানিয়াই মহিলা দবা অলিম্পিয়াডত ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ হৈ খেলি আহিছে। ২০০৯ আৰু ২০১১ চনত বিশ্ব দলীয় মহিলা চেম্পিয়নশ্বিপ, ২০০৩ চনৰ পৰা এছিয়ান দলীয় দবা চেম্পিয়নশ্বিপ, ২০০৬ চনত এছিয়ান গেমছ আৰু ২০০৯ চনৰ এছিয়ান ইন্দোৰ গেমছত টানিয়াই অংশগ্ৰহণ কৰিছে। টানিয়াই ৪০তম দবা অলম্পিয়াডত অংশগ্ৰহণ কৰি (২০১২) বৰ্ড-৩ত এককভাৱে ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয়। উক্ত প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ইষ্টানবুলত। ইয়াৰ লগতে ২০০৮, ২০০৯, ২০১২, আৰু ২০১৪ চনত অনুষ্ঠিত হোৱা মহিলা এছিয়ান দলীয় চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি টানিয়াই চাৰিটা পদক (তিনিটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ) জয় কৰিবলৈ সক্ষম হয়।৯

ব্যক্তিগত জীৱন

টানিয়া শচদেৱে দিল্লীৰ বসন্ত বিহাৰত থকা মডাৰ্ণ স্কুলৰ পৰা পঢ়াশলীয়া শিক্ষা সমাপ্ত কৰে আৰু শ্ৰী ভেংকটাশ্বৰা কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

'ৰেড বুল' নামৰ প্ৰতিষ্ঠানটোৱে টানিয়াক স্পনচৰ কৰি আহিছে।১০ ২০১৪ চনত টানিয়াই দিল্লী নিবাসী স্থপতিবিদ বিৰাজ কাটাৰিয়াৰ লগত বৈবাহিক জীৱন আৰম্ভ কৰে।১১১২

তথ্যসূত্ৰ

  1. ↑ (2013-11-06). Tania Sachdev joins the Chessdom commentators team. Chessdom
  2. ↑ (2000-04-04). Young champions are back. The Hindu
  3. ↑ World Championship in U18 categories. 25/10-7/11/1998 . 'chess.gr'. Retrieved 28 January 2016
  4. ↑ 25th Asian Juniors 2002, Sri Lanka. Tripod
  5. ↑ 12th Asian Women Indevidual (sic) Chess Championship Chess-Results
  6. ↑ Ramirez, Alejandro. (2016-03-20). Indian success in Iceland. ChessBase
  7. ↑ (2016-03-17). Abhijeet wins Reykjavik Open; Tania makes Grandmaster norm. The Times of India
  8. ↑ (2016-08-19). Gupta and Sachdev overall champions of Commonwealth Open Chess. Daily News (Sri Lanka)
  9. ↑ Sachdev Tania team chess record at Olimpbase.org
  10. ↑ (2014-06-08). Don't mind being called a chess hottie: Tania Sachdev. mid-day.com
  11. ↑ Bhalla, Ankita. Chess champ Tania Sachdev ties knot with Viraj Kataria in Delhi. Times of India
  12. ↑ Tania Sachdev. Red Bull

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ দবা খেলুৱৈঅৰ্জুন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টানিয়া শচদেৱ” প্ৰবন্ধৰ সংশোধন ৬৩৯৭৯৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।