অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

জিঅ'চিনেমা

জিঅ’চিনেমা (Jio Cinema) হৈছে ভায়াকম১৮ৰ মালিকানাধীন ভাৰতীয় অভাৰ-দ্য-টপ মিডিয়া ষ্ট্ৰীমিং সেৱা, যিয়ে বিজ্ঞাপন (এ.ভিঅ.ডি) আৰু চাবস্ক্ৰিপচন (এছ.ভিঅ.ডি) মডেলৰ ওপৰত ভিত্তি কৰি লাইভষ্ট্ৰীমিংৰ লগতে ভিডিঅ’ অন ডিমাণ্ড (ভি.অ.ডি) সেৱা প্ৰদান কৰে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৭৮ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

জিঅ’চিনেমা (Jio Cinema) হৈছে ভায়াকম১৮ৰ মালিকানাধীন ভাৰতীয় অভাৰ-দ্য-টপ মিডিয়া ষ্ট্ৰীমিং সেৱা, যিয়ে বিজ্ঞাপন (এ.ভিঅ.ডি) আৰু চাবস্ক্ৰিপচন (এছ.ভিঅ.ডি) মডেলৰ ওপৰত ভিত্তি কৰি লাইভষ্ট্ৰীমিংৰ লগতে ভিডিঅ’ অন ডিমাণ্ড (ভি.অ.ডি) সেৱা প্ৰদান কৰে। ইয়াক প্ৰথমে ২০১৬ চনৰ ৫ ছেপ্টেম্বৰত ৰিলায়েন্সৰ মোবাইল সেৱা প্ৰদানকাৰী জিঅ’ৰ ব্যৱহাৰকাৰীসকলৰ বাবে মুকলি কৰা হৈছিল। ২০২৩ চনৰ এপ্ৰিল মাহত ভায়াকম১৮-এ ৰিলায়েন্স ষ্ট’ৰেজ, বোধি ট্ৰি চিষ্টেমছ, আৰু পেৰামাউণ্ট গ্ল’বেলৰ একত্ৰীকৰণ সম্পূৰ্ণ কৰে।১ আৰু, ২০২৩ চনৰ আগষ্ট মাহৰ ভিতৰত Voot ৰ প্ৰগ্ৰেমিং জিঅ'চিনেমাৰ কণ্টেণ্ট লাইব্ৰেৰীৰ সৈতে একত্ৰিত কৰা হয়।২ জিঅ’চিনেমাৰ কণ্টেণ্ট লাইব্ৰেৰীত ছবি, টেলিভিছন শ্ব’, ৱেব ছিৰিজ, মিউজিক ভিডিঅ’, তথ্যচিত্ৰ, আৰু ক্ৰীড়া ইত্যাদি অন্তৰ্ভুক্ত কৰা হৈছে।

বিষয়বস্তু

বৰ্তমানৰ সম্প্ৰচাৰৰ অধিকাৰ

  • ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (২০২৭ চন লৈকে)
  • ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড এ আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা খেল (২০২৩ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২৮ চনৰ মাৰ্চলৈকে)

অতীতৰ সম্প্ৰচাৰৰ অধিকাৰ

  • ২০২২ চনৰ ফিফা বিশ্বকাপ

উপলব্ধতা আৰু প্ৰৱেশ

অৱস্থান

২০২৩ চনৰ জুলাই মাহলৈকে ভাৰতৰ বাহিৰত জিঅ'চিনেমা উপলব্ধ নহয়।

চাবস্ক্ৰিপচন

২০২৩ চনৰ আগষ্ট মাহৰ পৰা ‘এইচ বি অ’ আৰু ‘পিকক’ হাবৰ অধীনত আন্তঃৰাষ্ট্ৰীয় বিষয়বস্তু লাভ কৰিবলৈ ‘জিঅ’চিনেমা প্ৰিমিয়াম’ নামৰ চাবস্ক্ৰিপচন প্লেনৰ প্ৰয়োজন। কিছুমান স্থানীয় বিষয়বস্তুৰ শিৰোনাম চাবস্ক্ৰিপচন বা পঞ্জীয়ন অবিহনে উপলব্ধ আৰু বিজ্ঞাপনৰ সৈতে অভিগমযোগ্য।

বিজ্ঞাপনমুক্ত প্ৰৱেশ কেৱল চাবস্ক্ৰিপচনৰ সৈতেহে উপলব্ধ।

দৰ্শকৰ সংখ্যা

ষ্টেটিষ্টাৰ ২০২০ চনৰ দ্বিতীয় ত্ৰৈমাসিকৰ প্ৰতিবেদন অনুসৰি নেটফ্লিক্স আৰু এমাজন প্ৰাইম ভিডিঅ’ৰ দৰে বহু প্ৰতিযোগীৰ মাজত জিঅ’চিনেমাৰ বজাৰ অংশীদাৰিত্ব ৭%, উল্লেখ্য যে নেটফ্লিক্স আৰু এমাজন প্ৰাইম ভিডিঅ’ৰ বজাৰ অংশীদাৰিত্ব হৈছে ২০%। ডিজনী+ হটষ্টাৰ, যাৰ বজাৰ অংশীদাৰিত্ব ১৭%; জি৫ৰ বজাৰ অংশীদাৰিত্ব ৯%; এ.এল.টি বালাজি আৰু ছনিলিভ, যাৰ প্ৰত্যেকৰে বজাৰ অংশীদাৰিত্ব ৪%; আৰু অন্যান্য ষ্ট্ৰীমিং প্লেটফৰ্ম, যিবোৰৰ বজাৰ অংশীদাৰিত্ব মুঠ ১৯%।৩

২০২৩ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ফাইনেলত ষ্ট্ৰীমিং সম্প্ৰচাৰৰ সমান্তৰাল দৰ্শকৰ নতুন অভিলেখ গঢ়িছিল; জিঅ’চিনেমাই প্ৰকাশ কৰা তথ্য অনুসৰি এই মেচখনে ৩.২ কোটি সমান্তৰাল দৰ্শকৰে শিখৰত উপনীত হয় (২০১৯ চনৰ ক্ৰিকেট বিশ্বকাপৰ সময়ত হটষ্টাৰে স্থাপন কৰা অভিলেখক অতিক্ৰম কৰি) আৰু ১২ কোটিৰো অধিক অনন্য দৰ্শকে ইয়াক দেখিছিল।৪৫

তথ্যসূত্ৰ

  1. ↑ Viacom18 Completes Deal With Reliance, Bodhi Tree Systems And Paramount Global. Outlook
  2. ↑ (2023-08-15). Viacom18 completes merger of JioCinema and Voot OTT platforms, majority subscribers transitioned. Business Line
  3. ↑ (23 September 2020). International Brands Rise to the Top of Indian Streaming Market. Statista
  4. ↑ Singh, Manish. (2023-05-29). Reliance's JioCinema breaks world record with free cricket streaming. TechCrunch
  5. ↑ (17 July 2019). Hotstar sets global streaming record during India-New Zealand semi-final. SportsPro Media

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিঅ'চিনেমা” প্ৰবন্ধৰ সংশোধন ৬৩৭১৫৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।