জামিল জান কচাই (Jamil Jan Kochai; জন্ম: ১৯৯২) এগৰাকী আফগানী লেখক, যি পাকিস্তানৰ পেছৱাৰত জন্ম হৈছিল। তেওঁ বৰ্তমান কেলিফৰ্ণিয়াৰ চেক্ৰেমেণ্ট’ত থাকে।১২ বৰ্তমানলৈ তেওঁৰ দুখন কল্পকাহিনীৰ কিতাপ প্ৰকাশ হৈছে আৰু ইতিমধ্যে তেওঁ অ’ হেনৰী বঁটা লাভ কৰিছে।৩
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ক’চাইৰ জন্ম হৈছিল পাকিস্তানত। শৈশৱতে তেওঁ আমেৰিকালৈ আহিছিল আৰু কেলিফৰ্ণিয়াত ডাঙৰ দীঘল হৈছিল। তেওঁৰ প্ৰথমে পেষ্ট’ ভাষা শিকিছিল। ই আছিল একপ্ৰকাৰ পূৱ ইৰাণিয়ান ভাষা। তেওঁৰ পৰিয়ালে পশ্চিম ইৰাণনিয়ান ফাৰ্চী ভাষা ব্যৱহাৰ কৰিছিল।৪ ৯/১১ উগ্ৰপন্থী আক্ৰমণৰ পিছত, ১২ বছৰ বয়সত তেওঁ উৎপীড়নৰ সন্মুখীন হয় আৰু তেওঁৰ পৰিয়াল আফগানিস্তানলৈ যায়। এই ভ্ৰমণে তেওঁৰ প্ৰথম কিতাপখনৰ বাবে অনুপ্ৰেৰণা হিচাপে কাম কৰিছিল।৫
কেলিফৰ্ণিয়াৰ ৱেষ্ট চেক্ৰামেণ্টোত ডাঙৰ-দীঘল হোৱাৰ সময়ত ৰিভাৰ চিটি হাই স্কুলৰ এজন শিক্ষকে তেওঁক সৃষ্টিশীল লেখনীৰ শ্ৰেণীকোঠালৈ লৈ যাবলৈ উৎসাহিত কৰিছিল, ই তেওঁক কল্পকাহিনী বিষয়ত চৰ্চা কৰিবলৈ উদঙণি দিছিল, ফলত তেওঁ ইংৰাজীত মেজৰ লৈ৫ কেলিফৰ্নিয়া ষ্টেট ইউনিভাৰ্চিটি, চেক্ৰামেণ্টোৰপৰা স্নাতক ডিগ্ৰী লৈ লেখাত মনোনিৱেশ কৰিছিল। তাৰ পিছত তেওঁ সৃষ্টিশীল লিখনীত দুটা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে, প্ৰথমটো ২০১৭ চনত কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, ডেভিছৰ পৰা আৰু তাৰ পিছত ২০১৯ চনত আইৱা ৰাইটাৰ্ছ ৱৰ্কশ্বপৰ পৰা, য’ত তেওঁ এগৰাকী ফেলো আছিল।৫১
গ্ৰন্থপঞ্জী
চুটি কল্পকাহিনী
সংগ্ৰহ
- ক’, জামিল জান. (২০২২). দ্য হণ্টিং অৱ হাজ্জি হটাক এণ্ড আডাৰ ষ্ট’ৰিজ'চুটি গল্প'
| নাম | বৰ্ষ | প্ৰথম প্ৰকাশ | ছপা/সংগ্ৰহ |
|---|---|---|---|
| প্লেয়িং মেটেল গিয়েৰ চলিড ভি: দ্য ফেণ্টম পেইন | ২০২০ | দ্য নিউ য়ৰ্কাৰ, ৬ জানুৱাৰী, ২০২০ | দ্য বেষ্ট এমেৰিকান চৰ্ট ষ্ট’ৰিজ, ২০২০ (শ্ৰেষ্ঠ আমেৰিকান চুটি গল্প, ২০২০) |
| অকুপেচনেল হাজাৰ্ডচ্ | ২০২২ | ক’চাই, জামিল জান. (২৩ মে’, ২০২২). <!--|access-date=2023-06-21--> Occupational hazards. দ্য নিউ য়ৰ্কাৰ. পৃ. ৫০-৫৫ |
তথ্যসূত্ৰ
- ↑ Jamil Kochai – Texas Book Festival. www.texasbookfestival.org
- ↑ (2021-11-01). Jamil Jan Kochai on Americans' Fear of Islam. The New Yorker
- ↑ 3Q4: Jamil Jan Kochai. The Sewanee Review
- ↑ Saleem, Rabeea. (2019-04-07). INTERVIEW: 'I WANTED THE READER TO EXPERIENCE THE IMMENSITY. DAWN.COM
- ↑ Day, Jeffrey. (2019-11-14). Tales of Afghanistan. UC Davis College of Letters and Science
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জামিল জান ক'চাই” প্ৰবন্ধৰ সংশোধন ৬১৫০২৯ (৩০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।