সাগৰ
১২ প্ৰবন্ধ
-
আৰৱ সাগৰ
আৰৱ সাগৰ উত্তৰ ভাৰত মহাসাগৰৰ অংশবিশেষ। ইয়াৰ উত্তৰে পাকিস্তান আৰু ইৰাণ, পশ্চিমে ছুমালিয়াৰ উত্তৰ-পূব অংশ আৰু আৰৱ উপদ্বীপ আৰু পূবে ভাৰত অৱস্থিত। ঐতিহাসিকভাৱে এই সাগৰৰ কেইবাটাও নাম প্ৰচলিত আছিল। সিন্ধু সাগৰ, ইৰীথ্ৰীন সাগৰ আৰু পাৰ্ছীয়ান সাগৰ ইয়াৰ পূৰ্বৰ নাম।
-
ভূমধ্য সাগৰ
ভূমধ্য সাগৰ (; Mare Mediterraneo or Mar Mediterraneo; البحر الابيض المتوسط al-Baḥr al-abyaḍ al-Mutawassiṭ; Μεσόγειος Θάλασσα; Mer Méditerranée; Mar Mediterráneo; Akdeniz; Mare Nostrum) আটলাণ্টিক মহাসাগৰৰ লগত সংযোজিত হৈ থকা এখন সাগৰ। এই সাগৰখন ভূমধ্য অঞ্চলে চাৰিওদিশৰ পৰা আৱৰি আছে।
-
সাগৰ
সাগৰ বা সমুদ্ৰ (Sea) হ'ল লৱণ যুক্ত পানীৰ পৰস্পৰ সংযুক্ত জলৰাশি, যি পৃথিৱীৰ উপৰিভাগৰ ৭০ শতাংশৰো বেছি অংশ আবৃত কৰি ৰাখিছে। সাগৰে পৃথিৱীৰ জলবায়ুক সহনীয় কৰি ৰাখে আৰু জলচক্ৰ, কাৰ্বন চক্ৰ আৰু নাইট্ৰ'জেন চক্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।
-
কৃষ্ণ সাগৰ
কৃষ্ণ সাগৰ পশ্চিম এছিয়া আৰু দক্ষিণ-পূব ইউৰোপোৰ মাজত অৱস্থিত এখন সাগৰ। এই সাগৰৰ সীমাত ইউৰোপ, এনাট’লিয়া (Anatolia) আৰু ক’কেছাছ (Caucasus) অৱস্থিত। এই সাগৰ ভূমধ্যৰ মাজেৰে গৈ আটলাণ্টিক মহাসাগৰত মিলিত হৈছেগৈ।
-
কাস্পিয়ান সাগৰ
কাস্পিয়ান সাগৰ (Каспи́йское мо́ре, Xəzər dənizi, Каспий теңізі Kaspiy teñizi, {{lang-fa|دریای خزر Daryā-e Xazar',دریای کاسپین Daryā-e Kāspiyan}}, Hazar deňizi )কালিৰ ফালৰ পৰা বিশ্বৰ সৰ্ববৃহৎ মাটিৰে আৱৰা সাগৰ (inland body of water), বা বহুতে গণ্য কৰাৰ দৰে বিশ্বৰ সৰ্ববৃহৎ হ্ৰদ৷ এই সাগৰৰ পৃষ্ঠকালি…
-
লোহিত সাগৰ
লোহিত সাগ (Red Sea) আফ্ৰিকা আৰু এছিয়াৰ মাজত অৱস্থিত ভাৰত মহাসাগৰৰ সাগৰীয় প্ৰৱেশদ্বাৰ। ইয়াৰ সাগৰৰ সৈতে সংযোগ দক্ষিণে, বাব-এল-মাণ্ডেব জলদ্বীপ আৰু এডেন উপসাগৰৰ মাজেৰে। লোহিত সাগৰৰ উত্তৰ দিশত চিনাই উপদ্বীপ, আকাবা উপসাগৰ আৰু ছুৱেজ উপসাগৰ আছে, যিটোৱে ছুৱেজ খাললৈ যায়।
-
বাল্টিক সাগৰ
বাল্টিক সাগৰ (Baltic Sea) আটলাণ্টিক মহাসাগৰৰ এখন সাগৰ আৰু ইয়াক স্কেনডিনাভিয়া (Scandinavia), ফিনলেণ্ড, বাল্টিক দেশসমূহ আৰু উত্তৰ ইউৰোপে আৱৰি আছে। এই সাগৰৰ ভিতৰত Gulf of Bothnia, Bay of Bothnia, Gulf of Finland আৰু Gulf of Riga অন্তৰ্ভুক্ত।
-
কেৰিবিয়ান সাগৰ
কেৰিবিয়ান সাগৰ পশ্চিম গোলাৰ্ধত অৱস্থিত আটলান্টিক মহাসাগৰৰ এখন সাগৰ৷ এই সাগৰৰ পশ্চিমে মেক্সিকোৰ Yucatán Peninsula, পশ্চিম-দক্ষিণ দিশত কেন্দ্ৰীয় আমেৰিকা, উত্তৰে কিউবা, পূবে Lesser Antilles আৰু দক্ষিণে দক্ষিণ আমেৰিকাৰ সাগৰীয় উত্তৰ পাৰ (north coast)৷ কেৰিবিয়ান সাগৰ, ৱেষ্ট ইণ্ডিজৰ অসংখ্য দ্বীপ আৰু…
-
দক্ষিণ চীন সাগৰ
দক্ষিণ চীন সাগৰ প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত এক সীমান্তীয় সাগৰ। ই কাৰিমাটা আৰু মালাক্কা ষ্ট্ৰেইটৰপৰা টাইৱান ষ্ট্ৰেইটলৈকে সামৰে। এই সাগৰে ৩৫,০০,০০০ বৰ্গ কিলোমিটাৰ অঞ্চল সামৰে।
-
উত্তৰ সাগৰ
উত্তৰ সাগৰ আটলাণ্টিক মহাসাগৰৰ এক সীমামূৰীয়া সাগৰ। ই গ্ৰেট ব্ৰিটেইন, স্কেণ্ডিনাভিয়া (Scandinavia), জাৰ্মানী (Germany), নেডাৰলেণ্ড (Netherlands), বেলজিয়াম (Belgium), আৰু ফ্ৰান্সৰ মাজত অৱস্থিত। এই সাগৰে দক্ষিণে ইংলিছ চেনেল আৰু উত্তৰে নৰৱেৰিয়ান সাগৰেৰে মূল সাগৰত মিলিত হৈছে।
-
আন্দামান সাগৰ
আন্দামান সাগৰ (ঐতিহাসিকভাৱে বাৰ্মা সাগৰ বুলিও জনা যায়) হৈছে উত্তৰ-পূব ভাৰত মহাসাগৰৰ এটা প্ৰান্তীয় সাগৰ। ইয়াৰ সীমা মাৰ্টাবান উপসাগৰৰ কাষেৰে ম্যানমাৰ আৰু থাইলেণ্ডৰ উপকূলৰ সৈতে আৰু মালয় উপদ্বীপ; পশ্চিম দিশত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ; দক্ষিণ দিশ ব্ৰেউ দ্বীপত আৰু দক্ষিণ-পূব দিশত মালাকা প্ৰণালী…
-
জাপান সাগৰ
জাপান সাগৰ হৈছে জাপানী দ্বীপপূঞ্জ, ছাখালিন, আৰু এছীয় মূলভূমিৰ মাজত থকা এখন সীমান্তৱৰ্তী সাগৰ। জাপানী দ্বীপপূঞ্জই সাগৰখনক প্ৰশান্ত মহাসাগৰৰ পৰা পৃথক কৰিছে। ইয়াৰ সীমাত জাপান, উত্তৰ কোৰিয়া, ৰাছিয়া আৰু দক্ষিণ কোৰিয়া আছে।