অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয়ন্ত কুমাৰ বৰা

জয়ন্ত কুমাৰ বৰা (Jayanta Kumar Bora) হৈছে এগৰাকী অসমীয়া লেখক, অধ্যাপক, সম্পাদক৷ তেখেত বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷ সাহিত্য সমালোচনা বিষয়ত তেখেতৰ ভালেকইখন গ্ৰন্থ ইতিমধ্যে প্ৰকাশিত হৈছে৷

হালনাগাদ: ১০ ডিচেম্বৰ ২০২৪ ১৯১ শব্দ · ১ মিনিট সংগৃহীত ৪৯
সংশোধনৰ পৰামৰ্শ

জয়ন্ত কুমাৰ বৰা (Jayanta Kumar Bora) হৈছে এগৰাকী অসমীয়া লেখক, অধ্যাপক, সম্পাদক৷ তেখেত বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷১ সাহিত্য সমালোচনা বিষয়ত তেখেতৰ ভালেকইখন গ্ৰন্থ ইতিমধ্যে প্ৰকাশিত হৈছে৷

শিক্ষা

  • অসমীয়া বিষয়ত স্নাতক ডিগ্ৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসমীয়া বিভাগ, ১৯৯১
  • অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসমীয়া বিভাগ, ১৯৯৪
  • ডক্টৰেট ডিগ্ৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসমীয়া বিভাগ, ২০০৪ তেখেতৰ গৱেষণৰা বিষয় আছিল- ‘হোমেন বৰগোহাঞিৰ উপন্যাস: এটি বিশ্লেষণাত্মক অধ্যয়ন’

চাকৰি জীৱন

  • সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, শিৱসাগৰ কলেজ, ১৯৯৫ৰপৰা ১৯৯৮ চনলৈ৷ ২
  • সহকাৰী অধ্যাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসমীয়া বিভাগ, ১৯৯৮ৰপৰা ২০০৮ চনলৈ৷
  • Reader, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসমীয়া বিভাগ, ১৯৯৮ৰপৰা ২০১১ চনলৈ৷
  • অধ্যাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসমীয়া বিভাগ, ২০১১ৰপৰা বৰ্তমানলৈকে৷

সাহিত্যৰাজি

  • সাহিত্য অভিৰূপা, বাণী মন্দিৰ, ২০১৩
  • অসমীয়া সাহিত্যৰ নানা দিশ, বাণী মন্দিৰ,২০১০(প্ৰথম প্ৰকাশ)
  • সাহিত্য-প্ৰনিধি, বনলতা, ২০১৪
  • বিষয় আৰু ব্যাখ্যা, কৌস্তুভ প্ৰকাশন, ২০১৪
  • হোমেন বৰগোহাঞিৰ উপন্যাসৰ শিল্প বৈভৱ, অসম পাবলিচিং কোম্পানী, ২০১৫
  • বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ গল্প সাহিত্য আৰু অন্যান্য, কৌস্তুভ প্ৰকাশন, ২০১৫
  • নেপথ্য আৰু নিৰ্মাণ,বনলতা প্ৰকাশন,প্ৰথম প্ৰকাশ ২০১৯ ৩

সম্পাদিত গ্ৰন্থ

  • মনকৰৰ মনসা কাব্য, বাণী মন্দিৰ, ২০০৮
  • শঙ্কৰদেৱৰ কুৰুক্ষেত্ৰ কাব্য, বাণী মন্দিৰ, ২০০৯
  • ভ্ৰমৰংগ, ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰকাশন, ২০০৯
  • মিলন-জ্যোতি, ডিব্ৰুগড় গ্ৰন্থ উৎসৱ, ২০১১
  • অসমীয়া গদ্য চয়নিকা,যুতীয়াভাৱে, সাৰদা প্ৰকাশন, ২০০৯
  • ভাষা সাহিত্য অধ্যয়নৰ বিবিধ দিশ, যুতীয়াভাৱে, ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰকাশন, ২০১৪ ৩
  • বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ, (মূলঃ গণেশচন্দ্ৰ হাজৰিকা) সম্প্ৰীতি প্ৰকাশন, ২০২৩

তথ্যসূত্ৰ

  1. ↑ Dibrugarh University Retrieved on 7 July 2022
  2. ↑ Dibrugarh University official website dibru.ac.in/ Retrieved on 7th July 2022
  3. ↑ dibru University userlist Retrieved on 7 July 2022

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়ন্ত কুমাৰ বৰা” প্ৰবন্ধৰ সংশোধন ৪৫৩১৯৮ (১০ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।