অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

যশৱন্ত গড়, অৰুণাচল প্ৰদেশ

যশৱন্ত গড় বা যশৱন্ত গড় ৱাৰ মেম’ৰিয়েল হৈছে অৰুণাচল প্ৰদেশৰ ছেলা পাছত নিৰ্মিত এটি যুদ্ধ স্মাৰক। এই স্মাৰকটো ভাৰত-চীন যুদ্ধৰ সময়ত শ্বহীদ হোৱা ভাৰতীয় সেনাৰ ৰাইফলমেন যশৱন্ত সিং ৰাৱতৰ সন্মানাৰ্থে নিৰ্মাণ কৰা হৈছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৯৭ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

যশৱন্ত গড় বা যশৱন্ত গড় ৱাৰ মেম’ৰিয়েল হৈছে অৰুণাচল প্ৰদেশৰ ছেলা পাছত নিৰ্মিত এটি যুদ্ধ স্মাৰক। এই স্মাৰকটো ভাৰত-চীন যুদ্ধৰ সময়ত শ্বহীদ হোৱা ভাৰতীয় সেনাৰ ৰাইফলমেন যশৱন্ত সিং ৰাৱতৰ সন্মানাৰ্থে নিৰ্মাণ কৰা হৈছে। '''১ যশৱন্ত সিং ৰাৱত ভাৰতীয় সৈন্য বাহিনীৰ গাড়োৱাল ৰাইফলছৰ এজন সৈনিক আছিল যাক অৰুণাচল প্ৰদেশ, ভাৰতৰ নুৰানাঙত চীন-ভাৰত যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা বীৰত্বৰ বাবে মৰণোত্তৰভাৱে সন্মানীয় মহা বীৰ চক্ৰ প্ৰদান কৰা হৈছিল।২‘যশৱন্ত গড়’ বা ‘যশৱন্ত গড় ৱাৰ মেম’ৰিয়েল’ অৰুণাচল প্ৰদেশৰ ছেলা পাছত অৱস্থিত এক বিখ্যাত পৰ্যটনস্থলী আৰু গোটেই বছৰ জুৰি বিভিন্ন ঠাইৰপৰা অলেখ ভ্ৰমণকাৰী এই ঠাইডোখৰ চাবলৈ আহে। যশৱন্ত সিঙে যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা বিছনা পত্ৰ, কাপোৰ, অস্ত্ৰ, টেলিফোন আদি ইয়াত সংৰক্ষণ কৰা হৈছে।

জনশ্ৰুতি মতে, যশৱন্ত সিং ৰাৱতে চীনা সৈন্যৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়ত ছেলা নামৰ এগৰাকী পাহাৰীয়া গাভৰুৱে যশৱন্ত সিঙক বহুদূৰ বাটকুৰি বাই আহি খাদ্য আৰু পানীৰ যোগান ধৰিছিল আৰু যুঁজিবলৈ প্ৰেৰণা দিছিল। যুদ্ধত যশৱন্ত সিঙৰ মৃত্যু হয় আৰু তেওঁৰ মৃত্যুৰ কথা শুনি ছেলাই আত্মহত্যা কৰে।৩ পাছটো ৪১৭০ মিটাৰ (১৩,৭০০ ফুট) ওখ৪৫ দুয়োজনৰ মৃত্যুৰ পিছত যি ঠাইৰ পৰা যশৱন্ত সিঙে চীনা সৈন্যৰ বিৰুদ্ধে যুঁজিছিল সেই গড়টো ‘যশৱন্ত গড়’ আৰু যি ৰাস্তাৰে ছেলা অহা-যোৱা কৰিছিল সেই ৰাস্তা ছেলা পাছ নামে বিখ্যাত হৈ পৰে।

লগতে চাওঁক

  1. অৰুণাচল প্ৰদেশ
  2. টাৱাং জিলা
  3. ছেলা পাছ
  4. যশৱন্ত সিং ৰাৱত
  5. জং জলপ্ৰপাত

তথ্যসূত্ৰ

  1. ↑ Jaswant Garh War Memorial, Arunachal Pradesh. www.tourmyindia.com/
  2. ↑ (2016-04-13). 72 Hours: A Movie On Jaswant Singh, The Man Who Saved Arunachal Pradesh From The Chinese but he die.. IndiaTimes
  3. ↑ Sela Pass. Pan India Internet Private Limited (PIIPL). arunachalonline.in
  4. ↑ (21 January 2011). High Altitude Sela Pass–Backbone of Tawang District. Sankara Subramanian C (www.beontheroad.com). beontheroad.com
  5. ↑ Sela Passmountain pass. travelomy.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ পৰ্যটনস্থলীঅৰুণাচল প্ৰদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যশৱন্ত গড়, অৰুণাচল প্ৰদেশ” প্ৰবন্ধৰ সংশোধন ৩৮২৭৬১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।