মাদুৰাই বীৰন (Madurai Veeran; অৰ্থ: মাদুৰাইৰ যোদ্ধা) ১৯৫৬ চনত ডি যোগানন্দৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় তামিল ভাষাৰ ঐতিহাসিক একচন ছবি; ৰচনা কন্নদাসন আৰু প্ৰযোজনা লীনা চেট্টিয়াৰৰ। একে নামৰ লোককথাৰ আধাৰত নিৰ্মিত এই ছবিখনত এম জি ৰামচন্দ্ৰনে নাম ভূমিকাত অভিনয় কৰিছে,১ য’ত পি ভানুমতী আৰু পদ্মিনীয়ে তেওঁৰ প্ৰেমাস্পদৰ চৰিত্ৰত অভিনয় কৰিছে।২ অন্য সহযোগী চৰিত্ৰত অভিনয় কৰিছে টি এছ বালাইয়া, এন এছ কৃষ্ণন আৰু টি এ মথুৰামে।৩
এই কিংবদন্তিৰ আধাৰত নিৰ্মিত ১৯৩৯ চনৰ এখন ছবিৰ পিছত মাদুৰাই বীৰন আছিল দ্বিতীয়খন ছবি।৪৫ ১৯৫৬ চনৰ ১৩ এপ্ৰিলত, তামিল নৱবৰ্ষ পুথাণ্ডুৰ সময়ত ছবিখন মুক্তি পাইছিল। ছবিখনে এক বৃহৎ সফলতা লাভ কৰিছিল আৰু ২০০ দিনতকৈও অধিক সময় ধৰি থিয়েটাৰত চলিছিল আৰু ৰূপালী জয়ন্তী পালন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও এইখন ৰামচন্দ্ৰন আৰু পদ্মিনীৰ কেৰিয়াৰৰ এক মাইলৰ খুঁটি আছিল। ছবিখনৰ সফলতাই আৰু বহুতো অনুৰূপ ছবি নিৰ্মাণৰ বাবে অনুপ্ৰাণিত কৰিছিল।
সঁহাৰি
মুক্তিৰ দিনাই দ্য ইণ্ডিয়ান এক্সপ্ৰেছে মাদুৰাই বীৰনক “নোচোৱাকৈ থকা উচিত নহয়” ছবি বুলি অভিহিত কৰে। সমীক্ষতে ৰামচন্দ্ৰন, টি এচ বালাইয়া, ভানুমতী আৰু পদ্মিনীৰ অভিনয়, এন এচ কৃষ্ণন আৰু টি এচ মথুৰমৰ কমেডী দৃশ্য, যোগানন্দৰ পৰিচালনা, চিত্ৰনাট্য আৰু সংগীতৰ প্ৰশংসা কৰিছে আৰু মন্তব্য কৰিছে যে ছবিখনে "আৰম্ভণিৰ পৰা শেষলৈকে আকৰ্ষণ কৰি ৰাখিব পাৰিছে।"৬
তথ্যসূত্ৰ
- ↑ Guy, Randor. (2016). Memories of Madras: Its Movies, Musicians & Men of Letters. Creative Workshop. পৃ. 208. ISBN 978-81-928961-7-5
- ↑ (26 September 2006). The very best of Padmini. Rediff.com
- ↑ (14 April 2009). NSK a comedian with social awareness. দ্য হিন্দু
- ↑ (12 June 2017). நாட்டியப் பேரொளி பத்மினி. Dinamani
- ↑ Sri Kantha, Sachi. (30 September 2014). MGR Remembered – Part 21 · Generativity in DMK Party of 1950s. Ilankai Tamil Sangam
- ↑ (1956). விமர்சனம் · மதுரை வீரன். Swadesamitran
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাদুৰাই বীৰন (১৯৫৬ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৮৭০৭৩ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।