ছিক্কিম
৭ প্ৰবন্ধ
-
ছিক্কিম
ছিক্কিম (Sikkim; ) হিমালয় পৰ্বতমালাৰ ওপৰত অৱস্থিত উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ছিক্কিমৰ জনসংখ্যা আৰু মাটিকালি ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত গোৱাৰ পিছতেই আটাইতকৈ কম। ছিক্কিম নামজ্ঞাল ৰাজবংশৰ দ্বাৰা শাসিত এখন স্বাধীন ৰাষ্ট্ৰ আছিল। কিন্তু প্ৰশাসনিক সমস্যাৰ ফলত হোৱা এক জনমতৰ পিছত ই ভাৰতবৰ্ষৰ লগত মিলি যায়।
-
ছিক্কিম বিশ্ববিদ্যালয়
ছিক্কিম বিশ্ববিদ্যালয় (Sikkim University) হʼল ভাৰতীয় সংসদৰ এক আইনৰ অধীনত প্ৰতিষ্ঠিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়। ই গেংটকত অৱস্থিত। ইয়াৰ চৌহদটো গেংটকৰ পৰা প্ৰায় ৫৬ কিলোমিটাৰ (৩৫ মাইল) দূৰত্বত থকা নামচি জিলাৰ ইয়াংগাঙত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ প্ৰথমগৰাকী আচাৰ্য আছিল এম. এছ.
-
ছিক্কিমৰ জিলাসমূহ
ছিক্কিম (Sikkim) হিমালয় পৰ্বতমালাৰ ওপৰত অৱস্থিত ভাৰতবৰ্ষৰ এখন ৰাজ্য। | এই ৰাজ্যখন ছখন জিলাত ভাগ কৰা হৈছে। এই ছখন জিলা হৈছে গেংটক, মাংগন, নামছি, গেইজিঙ, পাকয়ং আৰু ছৰেং। কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া জিলা উপায়ুক্তই এই জিলা সমূহ পৰিচালনা কৰে। এই জিলা সমূহ পুনৰ মহকুমাত ভাগ কৰা হৈছে।
-
কিৰাঁতেশ্বৰ মহাদেৱ মন্দিৰ
কিৰাঁতেশ্বৰ মহাদেৱ মন্দিৰ (Kirateshwar Mahadev Temple, किराँतेश्वर महादेव मन्दिर) ভাৰতৰ গ্যালশ্বিং জিলাৰ লেগশ্বিপত ৰংগীত নদীৰ পাৰত অৱস্থিত এখন হিন্দু মন্দিৰ তথা তীৰ্থস্থান। এই মন্দিৰটোৰ সৈতে মহাভাৰতৰ বহুতো কাহিনী জড়িত হৈ আছে।
-
ছিক্কিম লোকসভা সমষ্টি
ছিক্কিম লোকসভা সমষ্টি(Sikkim Lok Sabha constituency) হৈছে উত্তৰ-পূব ভাৰতৰ ছিক্কিম ৰাজ্যৰ একমাত্ৰ লোকসভা সমষ্টি। এই সমষ্টিটোত সমগ্ৰ ছিক্কিমখন সামৰি লোৱা হৈছে। এই লোকসভা সমষ্টিটো ১৯৭৭ চনত সৃষ্টি কৰা হৈছিল।
-
জুলুক
জুলুক (অন্য বানান:ঝুলুক আৰু জালুক) ছিক্কিম ৰাজ্যৰ পাকিয়ং জিলাৰ ৰংলি মহকুমাৰ অন্তৰ্গত নিম্ন হিমালয়ৰ এটা সৰু পাহাৰীয়া গাঁও। গাঁওখন প্ৰায় ১০,১০০ ফুট উচ্চতাত অৱস্থিত আৰু ঐতিহাসিক ৰেচম পথৰ এটা গুৰুত্বপূৰ্ণ যাতায়াত কেন্দ্ৰ আছিল।
-
ভুমচু
ভুমচু (Bhumchu) প্ৰতিবছৰে তিব্বত, ভূটান আৰু ভাৰতৰ ছিক্কিম ৰাজ্যত উদযাপন কৰা পাৰম্পৰিক উৎসৱ। এই বৌদ্ধ উৎসৱ তিব্বতীয় চন্দ্ৰ বৰ্ষপঞ্জীৰ প্ৰথম মাহৰ চতুৰ্দশ আৰু পঞ্চদশ দিনত অনুষ্ঠিত হয়। এই দিন সাধাৰণতে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ফেব্ৰুৱাৰী বা মাৰ্চ মাহত পৰে।