কেৰালাৰ সংগীত
৪ প্ৰবন্ধ
-
ইডাক্কা
ইডাক্কা (Idakka) দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ এটা ডম্বৰুজাতীয় বাদ্যযন্ত্ৰ। ই দেখিবলৈ সমগ্ৰ ভাৰততে প্ৰচলিত ডম্বৰুৰ সৈতে বহুত সাদৃশ্যপূৰ্ণ। অৱশ্যে ডম্বৰু বজাবলৈ ইয়াৰ কাষত থকা ৰছী আৰু গুটি ব্যৱহাৰ কৰা হয়। কিন্তু ইডাক্কা এডাল সৰু লাঠী বা মাৰিৰে বজোৱা হয়।
-
চেংগিলা
চেংগিলা বা চেন্নালা এবিধ ভাৰতীয় কাঁহী আকৃতিৰ ঘণ্টা। ই পৰম্পৰাগত গায়ক বা নৃত্যশিল্পীসকলক তাল ধৰি ৰখাত সহায় কৰে।
-
কেৰালাৰ সংগীত
কেৰালা ৰাজ্যৰ এক অতি ব্যাপক আৰু চহকী সংগীত পৰম্পৰা আছে। ইয়াৰ গীতসমূহৰ মাজত নৱম শতিকাৰ মালয়ালম সাহিত্যৰ সমল পোৱা যায়। মালয়ালম ভাষাৰ মাজেৰে লোক-কবিতা আৰু সংগীতৰ গুৰুত্ব প্ৰতিষ্ঠা হৈছিল। এই অঞ্চলৰ সংগীত কেইবাটাও বেলেগ বেলেগ দিশত বিকশিত হৈছিল।
-
সোপানা সংগীতম
সোপানা সংগীতম এবিধ ভাৰতীয় শাস্ত্ৰীয় সংগীত। এই সংগীত ধাৰা দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ মন্দিৰসমূহৰ ভিতৰত গঢ়ি উঠিছিল। জয়দেৱৰ 'গীত গোবিন্দম' বা অষ্টপদীসমূহ গায়ন কৰাৰ এক শাস্ত্ৰীয় শৈলী হিচাপে ইয়াৰ বিকাশ ঘটে।