অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

চাঁওতালি ৱিকিপিডিয়া

চাঁওতালি ৱিকিপিডিয়া (ᱥᱟᱱᱛᱟᱲᱤ ᱣᱤᱠᱤᱯᱤᱰᱤᱭᱟ) হ'ল অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ চাঁওতালি সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেচনৰ অন্তৰ্ভুক্ত এই প্ৰকল্পটো ২০১৮ চনৰ ২ আগষ্ট তাৰিখে ইয়াক মুকলি কৰা হৈছিল। চাঁওতালি ভাষাৰ নিজস্ব অল চিকি লিপিৰ চাঁওতালি ৱিকিপিডিয়াত ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ৬ জুলাই ২০২৫ ২৩৭ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

চাঁওতালি ৱিকিপিডিয়া (ᱥᱟᱱᱛᱟᱲᱤ ᱣᱤᱠᱤᱯᱤᱰᱤᱭᱟ) হ'ল অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ চাঁওতালি সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্ভুক্ত এই প্ৰকল্পটো ২০১৮ চনৰ ২ আগষ্ট তাৰিখে ইয়াক মুকলি কৰা হৈছিল।১ চাঁওতালি ভাষাৰ নিজস্ব অল চিকি লিপিৰ চাঁওতালি ৱিকিপিডিয়াত ব্যৱহাৰ কৰা হয়।১২ চাঁওতালি বা সান্থালী ভাষা হ'ল অষ্ট্ৰো-এছীয় ভাষাপৰিবাৰৰ চাঁওতালি উপ-পৰিয়ালৰ এটি ভাষা। দক্ষিণ এছিয়াৰ ভাৰতৰ ঘাইকৈ ঝাৰখণ্ড, অসম, বিহাৰ, ওড়িশা, ত্ৰিপুৰা আৰু পশ্চিমবংগ, বাংলাদেশ, নেপাল আৰু ভূটানৰ প্ৰায় ৭৪ লাখ মানুহে চাঁওতালি ভাষা ব্যৱহাৰ কৰে। চাঁওতালি ৱিকিপিডিয়াত বৰ্তমান টা প্ৰবন্ধ আছে।

ইতিহাস

চাঁওতালি ভাষাৰ ৱিকিপিডিয়াৰ সৃষ্টিৰ প্ৰক্ৰিয়া ২০১২ চনত আৰম্ভ হৈছিল আৰু ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত এয়া গতি লাভ কৰে।৩ ২০১২ চনত ৱিকিমিডিয়া বাংলাদেশে বাংলাদেশৰ দিনজপুৰ জিলাত চাঁওতালি ভাষা সম্প্ৰদায়ৰ সৈতে চাঁওতালি ৱিকিপিডিয়া আৰম্ভ কৰাৰ উদেশ্যৰে সভা আৰু কৰ্মশালাৰ আয়োজন কৰিছিল।৪ অৱশ্যে কিছু সময়ৰ পিছত সেই প্ৰক্ৰিয়াটো লেহেমীয়া হয়।৫

তাৰ পিছত ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত ৱিকিমিডিয়া বাংলাদেশে ঢাকাত অনুষ্ঠিত চাঁওতালি ভাষা সম্প্ৰদায়ৰ সৈতে অন্য এক সভাৰ আয়োজন কৰে। ইয়াতেই চাঁওতালি ৱিকিপিডিয়াৰ আৰম্ভণিৰ কাম ত্বৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।৩৬ সেই আলোচনাৰ পিছত ২০১৭ চনৰ ৩০ ডিচেম্বৰত চাঁওতালি ভাষা সম্প্ৰদায়ৰ বাবে ৱিকিমিডিয়া বাংলাদেশৰ দ্বাৰা ঢাকাত এক কৰ্মশালাৰ আয়োজন কৰা হৈছিল।৪ ভাৰতৰ চাঁওতালি ভাষাৰ সম্প্ৰদায়েও অনলাইন আলোচনাৰ যোগেৰে সেই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিছিল। তাৰ পিছত ওড়িয়া উইকিমিডিয়া ব্যৱহাৰকাৰী গোটৰ সহযোগত ২০১৮ চনৰ ১১ মাৰ্চ তাৰিখে ভাৰতৰ ওড়িশাত চাঁওতালি ভাষাসম্প্ৰদায়ৰ বাবে অন্য এক কৰ্মশালাৰ আয়োজন কৰা হৈছিল।

কেইবামাহৰ কামৰ পিছত ৱিকিমিডিয়া ভাষা সমিতিয়ে ২০১৮ চনৰ ২৮ জুনত চাঁওতালি ভাষাৰ ৱিকিপিডিয়াক অনুমোদন জনায় আৰু ২০১৮ চনৰ ২ আগষ্ট তাৰিখে ইয়াৰ আনুষ্ঠানিক ৱেবচাইট মুকলি কৰা হয়।৪৬

ব্যৱহাৰকাৰী আৰু সম্পাদক

+ চাঁওতালি ৱিকিপিডিয়া
ব্যৱহাৰকাৰী একাউণ্টৰ সংখ্যাপ্ৰবন্ধৰ সংখ্যাফাইলৰ সংখ্যাপ্ৰশাসকৰ সংখ্যা

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ উইকিপিডিয়ায় সাঁওতালি ভাষা - banglatribune.com
  2. ↑ Team, Samakal Online. উইকিপিডিয়ায় সাঁওতালি ভাষা
  3. ↑ Tanvi, Patel. (10 August 2018). This Tribal Language Just Became India's First to Have Wikipedia Edition in Own Script!. The Better India
  4. ↑ (9 August 2018). Santhali becomes India's first tribal language to get own Wikipedia edition
  5. ↑ ক্ষুদ্ৰজাতিৰ ভাষায় বিশ্বকোষ - কালেৰ কণ্ঠ. Kaler Kantho
  6. ↑ Bhandari, Tannistha. নজিৰ গড়ে উইকিপিডিয়ায় স্বীকৃতি পেল সাঁওতালি ভাষা. kolkata24x7.com

সম্পৰ্কিত শ্ৰেণী

চাঁওতাল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাঁওতালি ৱিকিপিডিয়া” প্ৰবন্ধৰ সংশোধন ৫২২৪৭৬ (৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।