চন্দা জয়ন্ত জ'গ (Chanda Jayanth Jog) হৈছে এগৰাকী ভাৰতীয় জ্যোতিৰ্পদাৰ্থবিজ্ঞানী। ১তেখেতে বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান অৰ্থাৎ আইআইএছচিত কৰ্মৰত। তেখেতৰ গৱেষণাক্ষেত্ৰ হৈছে-তাৰকাপুঞ্জীয় গতিবিজ্ঞান(Galactic Dynamics), ইণ্টাৰএক্টিং এণ্ড ষ্টাৰ বাষ্ট তাৰকাৰাজ্য, আৰু অন্তৱৰ্তী আণৱিক মেঘ। তাৰকাৰাজ্য আৰু তাৰকাপুঞ্জীয় গতিবিজ্ঞান সম্পৰ্কীয় তেখেতে প্ৰায় ৮৫টা নিবন্ধ প্ৰকাশিত কৰিছে। ২
প্ৰাৰম্ভিক জীৱন
মহাৰাষ্ট্ৰৰ কালৱেত তেখেতে শৈশৱৰ অধিকাংশ সময় পাৰ কৰে। তেখেতৰ পিতৃ এগৰাকী বৈদ্যুতিক অভিযন্তা আছিল। ৩
কৰ্মজীৱন
ষ্টনি ব্ৰুক বিশ্ববিদ্যালয়ৰ পৰা তেখেতে ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে। প্ৰিন্সটনত তেখেতে পষ্ট ডক্তৰেল সভ্য হিচাপে আৰু ভাৰ্জিনিয়াত অধ্যাপক হিচাপে দায়িত্ব পালন কৰে। ১৯৮৭ চনত তেখেত ভাৰতলৈ ঘূৰি আহে আৰু ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, আইআইএছিত কৰ্মজীৱন অব্যাহত ৰাখে। জ্যোতিপদাৰ্থৰ্বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰ যেনে-নক্ষত্ৰ-গেছ অস্থিৰতা আৰু তাৰকাৰাজ্যৰ উলম্ব-কাঁহী গতিবিজ্ঞান, সমতাবিহীন তাৰকাৰাজ্য, আৰু আন্তঃক্ৰিয়াশীল তাৰকাৰাজ্যৰ গতিবিজ্ঞানত(dynamics of interacting galaxies) উল্লেখনীয় কাম কৰিছে। ২৩
বঁটা আৰু সন্মান
- ২০১২ চনত আইআইএছচিৰ পৰা প্ৰফেচাৰ এছ.কে. চেটাৰ্জী বঁটাProf. S. K. Chatterjee Award of IISc (2012)
- ২০১১ চনত এলাহাবাদ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সভ্য নিৰ্বাচিত
- ২০০৭ চনত বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান একাডেমীৰ সভ্য নিৰ্বাচিত২
তথ্যসূত্ৰ
- ↑ Indian Fellow: Chanda Jog. Indian National Science Academy
- ↑ IISc Physic Department Chanda Jog
- ↑ (2007). Lilavati's daughters: The women scientists of India. Indian Academy of Science. পৃ. 139–142
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দা জ'গ” প্ৰবন্ধৰ সংশোধন ৫৮৩৮৮৬ (২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।