অসমীয়া নাটক
২৭ প্ৰবন্ধ
-
শোণিত কুঁৱৰী
শোণিত কুঁৱৰী এখন মূলতঃ এখনি পৌৰাণিক আখ্যানমূলক ৰোমাণ্টিক নাট। এইখন জ্যোতিপ্ৰসাদ আগৰৱালা বিৰচিত প্ৰথম পূৰ্ণাংগ নাট। ১৯১৭ চনত চৈধ্য বছৰ বয়সত লিখি উলিওৱা এই নাটকখনত মুঠ পাঁচটা অংক আছে।
-
কাৰেঙৰ লিগিৰী
কাৰেঙৰ লিগিৰী হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত দ্বিতীয়খন নাটক। তেখেতে ১৯২৫ চনত নাটকখন লিখা আৰম্ভ কৰি ইংলেণ্ডত থকা সময়ত (প্ৰায় ১৯২৭ চনত) সম্পূৰ্ণ কৰিছে। কাৰেঙৰ লিগিৰীৰ প্ৰথম প্ৰকাশ হয় ১৯৩৭ চনত। প্ৰথম সংস্কৰণৰ প্ৰণেতাৰ কথাত নাট্যকাৰে নাটখন প্ৰায় ১০ বছৰ আগতে লিখা বুলি উল্লেখ কৰিছে।
-
জয়মতী কুঁৱৰী (নাটক)
জয়মতী কুঁৱৰী (Joymoti Kunwari) হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত এখন উল্লেখযোগ্য বুৰঞ্জীমূলক নাটক। এই নাটকত বেজবৰুৱাই অসম বুৰঞ্জীৰ যুগৰ চিত্ৰ আকোঁতেও শ্বেইক্সপীয়েৰৰ চৰিত্ৰ আৰু চিত্ৰৰ ছাঁ পৰিছে। ইয়াৰ জৰিয়তে বেজবৰুৱাই অসমীয়া নাট্য সাহিত্যৰ সমৃদ্ধি সাধনত অশেষ অৰিহণা যোগাইছিল।
-
ৰূপালীম
ৰূপালীম হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত তৃতীয়খন সম্পূৰ্ণ নাটক। ১৯৩৬ চনত ৰচিত এই নাটখনিত সাতটাকৈ অংক আছে। ১৯৩৭ চনত এই নাটখন প্ৰথমতে তেজপুৰৰ বাণ ৰঙ্গমঞ্চত মঞ্চস্থ কৰা হয়। কিছু সংশোধনৰ পিছত এই নাটখন ডিব্ৰুগড়ৰ ড্ৰামাটিক আৰ্ট ছোছাইটীয়ে ডিব্ৰুগড়ত দুবাৰকৈ অভিনয় কৰে।
-
ভূমি লেটোৱা (ঝুমুৰা)
মাধৱদেৱৰ ভূমি লেটোৱা ঝুমুৰাখন শ্ৰীকৃষ্ণৰ ল'ৰালি কালৰ একোটা বিশেষ মুহূৰ্ত বা পৰিস্থিতিত ঘটা ক্ষুদ্ৰ ঘটনাক লৈ ৰচিত। মাধৱদেৱৰ নাটকবোৰ "ঝুমুৰা" হিচাপেহে অসমীয়া নাট্য সাহিত্যত পৰিচিত।
-
লভিতা
লভিতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত চতুৰ্থখন সম্পূৰ্ণ নাট। ই এখন সামাজিক নাটক। ১৯৪৭ চনত ৰচিত এই নাটকখনত অসমৰ জনসাধাৰণৰ ওপৰত বিয়াল্লিছ চনৰ বিপ্লৱ আৰু অসমৰ ওপৰেদি বৈ যোৱা দ্বিতীয় মহাসমৰৰ ঢৌৱে কেনেদৰে প্ৰতিক্ৰিয়া কৰিছিল তাৰ এক চিত্ৰ ৰূপায়ণ কৰা হৈছে।
-
চোৰধৰা
মাধৱদেৱৰ চোৰধৰা নাটকখন শ্ৰীকৃষ্ণৰ বাল্য লীলা-বিষয়ক। মাধৱদেৱৰ নাটকবোৰ "ঝুমুৰা" হিচাপেহে অসমীয়া নাট্য সাহিত্যত পৰিচিত। চৰিত পুথি মতে অনুমাণিক ১৫৫৭ খ্ৰীষ্টাব্দৰ ভিতৰত মাধৱদেৱে চোৰধৰা নাটকখন ৰচনা কৰে। নাটকখনিৰ মূল "বিল্বমঙ্গল"ৰ 'কৃষ্ণস্তোত্ৰ'ৰ কেইটিমান নিৰ্দিষ্ট শ্লোক।
-
নিমাতী কইনা
নিমাতী কইনা হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত এখনি লিৰিকধৰ্মী কাব্য-নাট। ১৯৩৬ চনত তেঁও এই নাটখনি ৰচনা কৰিছিল। নিমাতী কইনা নামৰ লক্ষ্মীনাথ বেজবৰুৱাৰ এটি বেলাড জাতীয় কবিতাৰ ওপৰত এই নাটখনি প্ৰতিষ্ঠিত।
-
পিম্পৰা গুচোৱা
মাধৱদেৱৰ পিম্পৰা গুচোৱা শিশু উপযোগী এখন ধেমেলীয়া নাট বা ঝুমুৰা। ইয়াত শিশু কৃষ্ণই গোৱালৰ ঘৰত খীৰ লৱণু চুৰি কৰি খাই ধৰা পৰাৰ এটি ধেমেলীয়া দৃশ্য দিয়া হৈছে। নাটকখন শ্ৰীকৃষ্ণৰ ল'ৰালি কালৰ একোটা বিশেষ মুহূৰ্ত বা পৰিস্থিতিত ঘটা ক্ষুদ্ৰ ঘটনাক লৈ ৰচিত।
-
কানীয়াৰ কীৰ্ত্তন
'কানীয়াৰ কীৰ্ত্তন' হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা লিখিত এখন অসমীয়া নাটক। ১৮৬১ চনত কানীয়াৰ কীৰ্ত্তন প্ৰকাশিত হৈছিল। প্ৰকাশৰ তাৰিখৰপৰা 'কানীয়াৰ কীৰ্ত্তন' প্ৰথমখন আধুনিক অসমীয়া নাটক। আনহাতে গুণাভিৰাম বৰুৱাৰ দ্বাৰা ৰছিত 'ৰাম নৱমী' নাটকখন ১৮৫৭ চনত লিখা হৈছিল, কিন্তু ছপা হৈ ওলাইছিল ১৮৭০ চনত।
-
গোপী-উদ্ধৱ সংবাদ (নাট)
গোপী-উদ্ধৱ সংবাদ (উদ্ধৱজান) নাটখন শংকৰোত্তৰ যুগৰ গোপাল আতাৰ এখনি উল্লেখযোগ্য অঙ্কীয়া নাট। গোপী-উদ্ধৱ সংবাদ নাটৰ কাহিনীভাগ 'ভাগৱত'ৰ ১০ম স্কন্ধৰ পৰা লোৱা হৈছে যদিও নাট্যকাৰে নিজাববীয়াকৈ দুই এটা কথাও যোগ কৰিছে। নাটখনত মুঠ ২টা সংস্কৃত শ্লোক (নান্দী শ্লোকসহ) আছে আৰু আৰম্ভণিতে ভটিমা এটা আছে।
-
চক্ৰধ্বজ সিংহ (নাটক)
চক্ৰধ্বজ সিংহ (Chakraddhaj Singha) হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত এখন উল্লেখযোগ্য ঐতিহাসিক নাটক। এই নাটকৰ কথাবস্তু বেজবৰুৱাই প্ৰধানকৈ হেমচন্দ্ৰ গোস্বামীৰ শৰাইঘাটৰ যুদ্ধ নামৰ প্ৰবন্ধৰ পৰা চয়ন কৰিছে। অসমৰ অতীত গৌৰৱ অসমীয়াৰ আগত দাঙি ধৰিবলৈহে বেজবৰুৱাই এই নাটকখন ৰচনা কৰিছিল।
-
জন্মযাত্ৰা (নাট)
জন্মযাত্ৰা নাটখন শংকৰোত্তৰ যুগৰ এখনি উল্লেখযোগ্য অঙ্কীয়া নাট। জন্মযাত্ৰাখনিৰ ভাওনা শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত সত্ৰ আৰু সংহতি নিৰ্বিশেষে সকলোতে কৰা হয়। জন্মযাত্ৰাৰ উপসংহাৰ স্বৰূপ নন্দোৎসৱ বা পচতি (বোকা ভাওনা) উৎসৱো প্ৰায় সকলো সত্ৰতে পাতে। নাটখনৰ মাজেৰে কৃষ্ণৰ জন্মৰ কাহিনী প্ৰকাশ পাইছে।
-
বেলিমাৰ (নাটক)
বেলিমাৰ (Belimar) নাটকখন হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত এখন ঐতিহাসিক নাটক। এই নাটকখনত অসমৰ জাতীয় জীৱনৰ ট্ৰেজেডিৰ ইতিহাস ওপৰত ৰচিত। ইয়াত ব্যক্তি বিশেষৰ ট্ৰেজেডি প্ৰতিফলিত হোৱা নাই।
-
খনিকৰ (নাট)
খনিকৰ হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত এখন পূৰ্ণাংগ অসমীয়া নাটক। ১৯২৮ চনত লিখিবলৈ আৰম্ভ কৰা নাটখনি ১৯৪০ চনত লিখা সম্পূৰ্ণ হয়। এই নাটখনিত শিল্প-ভাস্কৰ্যৰ প্ৰতি অনুৰক্ত নবীন নামৰ এজন ডেকাল'ৰাই বিভিন্ন প্ৰতিকূলতা নেওচি বিলাতলৈ গৈ এজন প্ৰখ্যাত শিল্পকাৰ হৈ উঠাৰ কাহিনী বৰ্ণনা কৰা হৈছে।
-
নৰকাসুৰ (নাট)
নৰকাসুৰ সাহিত্যচাৰ্য অতুলচন্দ্ৰ হাজৰিকাই ৰচনা কৰা এখন পৌৰাণিক নাট। প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰৰ জীৱনক বিষয়বস্তু হিচাপে লৈ নাটখন ৰচনা কৰা হৈছে। নাট্যকাৰে ১৯২৬ চনত কলেজীয়া জীৱনৰ দ্বিতীয় বাৰ্ষিক শ্ৰেণীতে নাটখন লিখিছিল।
-
ৰাম-নৱমী নাটক
ৰাম-নৱমী নাট গুণাভিৰাম বৰুৱা দেৱ ৰচিত প্ৰথম আধুনিক অসমীয়া নাটক।। এই নাটকখনক এখন গহীন সামাজিক নাটক হিচাপেও আখ্যা দিয়া হয়। এই নাটক খনৰ স্বৰূপ আছিল সংস্কৃত নাটক আৰু অঙ্কীয়া নাট। সমসাময়িক কালৰ সৰ্বভাৰতীয় নৱজাগৰণৰ লগত জড়িত মানৱতাবাদী আৰু সংস্কাৰমুখী আন্দোলনেই হৈছে এই নাটখনৰ মূল সমল।
-
অসমীয়া শিশু নাট
শিশু নাট হ'ল শিশুৰ বাবে, শিশুৰ স'তে আৰু শিশুৰ দ্বাৰা এই তিনিধৰণে শিশুৰ উপযোগীকৈ ৰচনা আৰু মঞ্চত্ব কৰা নাটক। শিশুনাট সমূহত শিশু মনস্তত্ত্ব প্ৰতিফলন কৰি মুখ্যতঃ শিশু দৰ্শক পাঠকৰ বাবেই ৰচনা আৰু মঞ্চস্থ কৰা হয়।
-
অৰ্জুন ভঞ্জন
অৰ্জুন ভঞ্জন বা দধিমথন এখন নাট সাহিত্য। নাটখনৰ লেখক মাধৱদেৱ। নাটকীয় বিন্যাসেৰে এই নাটখন মূলতঃ তিনিটা প্ৰধান ভাগত বিভক্ত- শিশু কৃষ্ণ আৰু মাক যশোদাৰ মাজত বিৰোধ, যমলাৰ্জুন ভংগ আৰু নন্দ যশোদাৰ ঘৰুৱা কোলাহল। ইয়াত শিশু কৃষ্ণৰ ৰসাল কথা উল্লেখ আছে।
-
এটা চোলাৰ কাহিনী (নাটক)
এটা চোলাৰ কাহিনী আলি হাইদৰে ৰচনা কৰা এখন অসমীয়া ভাষাৰ সামাজিক নাটক। নাটকখনত এক প্ৰবল সমাজ চেতনাৰ চিত্ৰণ হিচাপে সমাজত যুগ যুগ ধৰি চলি অহা শ্ৰেণী সংগ্ৰাম তথা শোষিত শ্ৰেণীৰ ওপৰত কৰা শোষক শ্ৰেণীৰ অত্যাচাৰ, দৰিদ্ৰতাৰ দুখ-বেদনা, শোষক শ্ৰেণীৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ আদি বিভিন্ন দিশৰ জৰিয়তে প্ৰকাশ পাইছে।
-
কুকুৰনেচীয়া মানুহ
কুকুৰনেচীয়া মানুহ হৈছে অৰুণ শৰ্মাৰ এখন উল্লেখযোগ্য নাটক। এই নাটকখন প্ৰথমে ১৯৬৫ চনত হোমেন বৰগোহাঞিৰ সম্পাদনাত প্ৰকাশিত 'নীলাচল' আলোচনীত প্ৰকাশ পাইছিল। ১৯৮২ চনত আকাশবাণীৰ সৰ্বভাৰতীয় নাট প্ৰতিযোগিতাত নাটকখনে দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল।
-
গাঁওবুঢ়া (নাটক)
গাঁওবুঢ়া পদ্মনাথ গোহাঞিবৰুৱাই লিখা এখন ধেমেলীয়া সামজিক নাটক৷ গাঁওবুঢ়া নাটক সম্পৰ্কে ড° মহেশ্বৰ নেওগে কৈছে, “সুলিখিত গ্ৰাম্য কমেডী’’, ড° হৰিশ্চন্দ্ৰ ভট্টাচাৰ্যই “কৰুণ ৰসসিক্ত সামাজিক নাট’’ আৰু ড° সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে, “প্ৰহসনৰ লক্ষণ দুই এটা মিলে যদিও বেছিভাগ লক্ষণ লঘু কমেডীৰ লগতহে মিলে কাৰণে…
-
ধানটো পতানটো
ধানটো-পতানটো (ইংৰাজী: Dhanto potanto) হ'ল অসমীয়া সাহিত্য জগতৰ এগৰাকী অন্যতম নাট্যকাৰ যোগেন চেতিয়াৰ এখন একাংকিকা নাটক। "সাহিত্য অকাডেমী"য়ে প্ৰকাশ কৰা, সত্যপ্ৰসাদ বৰুৱাই সংকলন আৰু সম্পাদনা কৰা, ১৯৯১ চনত প্ৰকাশিত অসমীয়া নাট্য সংকলনত এই নাটকখন প্ৰকাশিত হৈছিল।
-
মহৰি
মহৰি নাটকখন দুৰ্গাপ্ৰসাদ মজিন্দাৰবৰুৱাৰ এখন ধেমেলীয়া নাট। মহৰি মজিন্দাৰ বৰুৱাৰ প্ৰথম নাট। মহৰি নাটকখন ১৮৯২ খৃষ্টাব্দত ৰচিত হৈ ১৮৯৬ খৃষ্টাব্দত প্ৰকাশ হয়।
-
মৃণালমাহী
মৃণালমাহী হ'ল সত্যপ্ৰসাদ বৰুৱাৰ এখন উল্লেখযোগ্য সামাজিক মনস্তাত্ত্বিক নাটক। এই নাটকখন প্ৰকাশ হৈছিল ১৯৭৭ চনত।
-
শংকৰদেৱৰ নাট
মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱ কেৱল ধৰ্ম প্ৰচাৰকেই নহয়, তেওঁ আছিল কৰ্মনিষ্ঠ সাধক, সংস্কাৰক, সাহিত্যিক। কীৰ্তন, ভাগৱত, গীতাৱলী আদিত হাজাৰ হাজাৰ পদ ৰচনা কৰা উপৰিও তেখেতে কেইবাখনো নাট ৰচনা কৰে। শংকৰদেৱে প্ৰথম ৰচনা কৰা প্ৰথম নাট চিহ্নযাত্ৰা।
-
সুভদ্ৰা হৰণ (নাট)
সুভদ্ৰা হৰণ নাটখন শংকৰোত্তৰ যুগৰ এখনি উল্লেখযোগ্য অঙ্কীয়া নাট। নাটখনৰ মাজেৰে অৰ্জুন সুভদ্ৰাৰ প্ৰেম পূৰ্ণ মিলনৰ কাহিনী প্ৰকাশ পাইছে। সুভদ্ৰা হৰণৰ কাহিনীভাগ 'ভাগৱত পুৰাণ' আৰু 'মহাভাৰত'ত পোৱা যায় যদিও, শ্ৰীৰাম আতাই ইয়াৰ কাহিনীভাগ গ্ৰহণ কৰিছে অনন্ত কন্দলীৰ 'শেষ দশমৰ পৰাহে।যদিও নাটখনিৰ মূল ভাগ 'দশম…