অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গৌৰী খান

গৌৰী শ্বাহৰুখ খান:Gauri Shah Rukh Khan; (neeজন্ম চিব্বাৰ; জন্ম ৮ অক্টোবৰ ১৯৭০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক আৰু ফেশ্বন ডিজাইনৰ, যি হিন্দী চলচ্চিত্ৰ আৰু ডিজাইনৰ উদ্যোগত কাম কৰে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৭৮৩ শব্দ · ৪ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

গৌৰী শ্বাহৰুখ খান:Gauri Shah Rukh Khan১২; (neeজন্ম চিব্বাৰ; জন্ম ৮ অক্টোবৰ ১৯৭০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক আৰু ফেশ্বন ডিজাইনৰ, যি হিন্দী চলচ্চিত্ৰ আৰু ডিজাইনৰ উদ্যোগত কাম কৰে। ২০০২ চনত তেখেতৰ স্বামী অভিনেতা শ্বাহৰুখ খানৰ সৈতে সহযোগীভাৱে প্ৰতিষ্ঠা কৰা প্ৰডাকচন কোম্পানী ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ অধীনত মেইন হুন না, ওম শান্তি ওম, ৰাওনে, চেন্নাই এক্সপ্ৰেছকে ধৰি ছবি নিৰ্মাণ কৰি আহিছে।

খান এগৰাকী ইণ্টেৰিয়ৰ ডিজাইনাৰ যিয়ে অন্যান্য চেলিব্ৰিটিসকলৰ লগতে অন্য কিছুমান প্ৰসিদ্ধ ব্যক্তিৰ বাবেও ইণ্টেৰিয়ৰ ডিজাইন কৰিছে।৩৪ ২০১৮ চনত গৌৰীক ফৰ্চুন আলোচনীৰ "৫০ গৰাকী শক্তিশালী মহিলা"ৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হয়।৫

প্ৰাৰম্ভিক জীৱন

গৌৰী ছিব্বৰৰ জন্ম হৈছিল দিল্লীৰ এটা পঞ্জাবী হিন্দু পৰিয়ালত মাতৃ সবিতা আৰু পিতৃ কৰ্ণেল ৰমেশ চন্দ্ৰ ছিব্বৰৰ ঔৰষত।৬ গৌৰী দিল্লীৰ পঞ্চশীল পাৰ্কৰ উপকণ্ঠ অঞ্চলত ডাঙৰ-দীঘল হৈছিল।৭ তেও লৰেটো কনভেণ্ট স্কুলত স্কুলীয়া শিক্ষা সমাপ্ত কৰি নতুন দিল্লীৰ মডাৰ্ণ স্কুল বসন্ত বিহাৰত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে। তাৰ পিচত লেডী শ্ৰী ৰাম কলেজৰ পৰা ইতিহাসত বি.এ. (Hons.) ডিগ্ৰী লয়। নেচনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন'লজি ৩ৰ পৰা ফেশ্বন ডিজাইনৰ ছমাহীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰি পিতৃৰ কাপোৰৰ ব্যৱসায়ৰ বাবে টেইলাৰিং শিকিছিল।৮

কৰ্ম জীৱন

ৰ সৈতে খান]]

২০০২ চনত গৌৰী খান আৰু তেওঁৰ স্বামী শ্বাহৰুখ খানে চলচ্চিত্ৰ নিৰ্মাণ আৰু বিতৰণ কোম্পানী ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট প্ৰতিষ্ঠা কৰে। ১৯৯৯ চনত প্ৰথমবাৰৰ বাবে এই দম্পতীহালে স্থাপন কৰা বৰ্তমান বন্ধ হৈ যোৱা ড্ৰিমজ আনলিমিটেডৰ পৰা ইয়াক ৰূপান্তৰিত কৰা হয়। তেওঁ নিৰ্মাণ কৰা প্ৰথমখন ছবি আছিল ফাৰাহ খানৰ পৰিচালনাৰ প্ৰথম ছবি মেইন হুন না। ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰি বছৰৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হয়। ওম শান্তি ওম (২০০৭) প্ৰযোজনা কৰা এখন ছবিতো অতিথি হিচাপে অভিনয় কৰিছিল।

তেওঁক বটমলাইন মিডিয়াৰ দ্বাৰা পৰিচালনা কৰা হয়, আৰু তেওঁৰ ঘনিষ্ঠ বিশ্বাসীপাত্ৰ তথা বন্ধু নিউ ইয়ৰ্ক চিটিৰ তানাজ ভাটিয়াৰ সৈতে সম্পৰ্ক আছে।৯ গৌৰি খানে ২০১৬ চনত সত্য়া পলৰ বাবে 'ককটেইল এণ্ড ড্ৰিমছ' শীৰ্ষক এখন ফেশ্বন সংগ্ৰহ ও ডিজাইনৰ কাম কৰিছিল।১০

গৌৰীয়ে প্ৰথমে চিৰাজ ডোকাদিয়া ৰোডৰ বান্দ্ৰাস্থিত বাংলো, মান্নাতক পুনঃ নিৰ্মাণ কৰাৰ সময়ত চখ হিচাপে ইণ্টেৰিয়ৰ ডিজাইনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল।১১ বাংলোটো পৰ্যটনস্থলী আৰু চহৰৰ সুদৃশ্য ঐতিহ্যমণ্ডিত ভৱনবুলি গণ্য কৰা হৈছিল আৰু সেয়েহে ভাঙি পেলোৱাৰ পৰা ৰেহাই দিয়া হৈছিল। কিন্তু ২০১০ চনত তেওঁ পেছাদাৰীভাৱে ইণ্টেৰিয়ৰ ডিজাইনাৰ আৰু ঘনিষ্ঠ বন্ধু চুছানে খানৰ সৈতে অংশীদাৰিত্বৰে ইণ্টেৰিয়ৰ ডিজাইনিঙৰ কামত যোগদান কৰি একেলগে একচেটিয়া ইণ্টেৰিয়ৰ প্ৰজেক্ট ডিজাইন কৰে।১২ সেই বছৰতে তেওঁলোকে বদোদৰাত একেলগে প্ৰথম বাণিজ্যিক প্ৰকল্পত সহযোগিতা কৰে।১২ ২০১১ চনত গৌৰীয়ে পুনৰ চুছানেৰ সৈতে অংশীদাৰিত্ব কৰি মুম্বাইত দ্য চাৰ্কোল প্ৰজেক্ট ফাউণ্ডেশ্যন আৰম্ভ আৰু প্ৰৱৰ্তন কৰে।১৩

গৌৰীয়ে ২০১৪ চনৰ আৰম্ভণিতে মুম্বাইৰ ৱৰ্লিত অৱস্থিত দ্য ডিজাইন চেল নামৰ প্ৰথমটো কনচেপ্ট ষ্ট'ৰ মুকলি কৰে। ২০১৬ চনত পেৰিছৰ প্ৰতিষ্ঠিত মেইচন এট অবজেট শ্ব'ত গৌৰীক তেওঁৰ ডিজাইন দেখুৱাবলৈ আমন্ত্ৰণ জনোৱা হয়।১৪১৫

২০১৭ চনৰ আগষ্ট মাহত গৌৰীয়ে মুম্বাইৰ জুহুত {cvt|8,700|sqft}} তকৈ অধিক বিস্তৃত তেওঁৰ ডিজাইন ষ্টুডিঅ' 'গৌৰী খান ডিজাইনছ' মুকলি কৰে। ১৬খানে ঘৰুৱা সামগ্ৰীৰ বাবে ৰবাৰ্ট' কেভালি আৰু ৰালফ লৰেনকে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ সৈতে সহযোগিতা কৰিছে।১৭ ২০১৭ চনত ভোগ ইণ্ডিয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ নিজৰ প্ৰজেক্টৰ বিষয়ে কয়, আৰু কয় যে "এই সকলোবোৰ একত্ৰিত হোৱা দেখি মই এক ৰোমাঞ্চকৰ অভিজ্ঞতা লাভ কৰিছো। সমগ্ৰ ভাৰত আৰু বিশ্ব ভ্ৰমণৰ দ্বাৰা মই প্ৰভাৱিত হৈছো।" ১৮২০১৮ চনত ইণ্টেৰিয়ৰ ডিজাইনৰ ক্ষেত্ৰ খনত কৰা কামৰ বাবে গৌৰীক হেলো! হল অৱ ফেম বঁটা প্ৰদান কৰা হয়।১৯

২০১৭ চনত, গৌৰি খানে TISVAৰ বাবে এখন নক্সাগঠিত আলোক সংগ্ৰহ নিৰ্বাচন কৰিছিল, যি উষা ইণ্টাৰনেচনেল লিমিটেডৰ এখন প্ৰিমিয়াম গৃহ-সজোৱা আলোক ব্ৰেণ্ড। এই সংগ্ৰহত স্মাৰ্ট-কণ্ট্ৰোল মেগনেটিক চিষ্টেম অন্তৰ্ভুক্ত আছিল, যাক প্ৰথমবাৰৰ বাবে ভাৰতত উন্মোচন কৰা হৈছিল।২০

ব্যক্তিগত জীৱন

গৌৰীয়ে প্ৰথমবাৰৰ বাবে ১৯৮৪ চনত দিল্লীত শ্বাহৰুখ খানক লগ পাইছিল, বলীউডত তেওঁৰ সফল কেৰিয়াৰ আৰম্ভ হোৱাৰ আগতে।২১ ১৯৯১ চনৰ ২৫ অক্টোবৰত পৰম্পৰাগত হিন্দু বিবাহ প্ৰথাৰে দুয়ো বিবাহপাশত আবদ্ধ হয়।২২

তেওঁলোকৰ এজন পুত্ৰ আৰিয়ান (জন্ম ১৯৯৭) আৰু এগৰাকী কন্যা সুহানা (জন্ম ২০০০)। ২০১৩ চনত তেওঁলোকে তৃতীয় সন্তানৰ পিতৃ-মাতৃ হয়, আবৰাম নামৰ এজন পুত্ৰ, যিজনৰ জন্ম হয় এগৰাকী প্ৰতিনিধি মাতৃৰ জৰিয়তে।২৩ শ্বাহৰুখ খানৰ মতে তেওঁ ইছলাম ধৰ্মত বিশ্বাস ৰাখিলেও পত্নীৰ ধৰ্মক অতিশয় সন্মান কৰে। তেওঁলোকৰ সন্তানে দুয়োটা ধৰ্মকে পালন কৰে; ঘৰত কোৰআনৰ লগতে হিন্দু দেৱতাসকলৰ মুৰ্ত্তিও অৱস্থিত।২৪

ফিল্মগ্ৰাফী

প্ৰযোজক হিচাপে বছৰৰ চলচ্চিত্ৰৰ টোকা

  • ২০০৪ চনত ‘মেইন হুন না’ ভেনাছ মুভিজৰ সৈতে সহযোগী প্ৰযোজনা

মনোনীত — শ্ৰেষ্ঠ ছবিৰ বাবে ফিল্মফেয়াৰ বঁটা

  • ২০০৫ চনত ‘পাহেলীৣ’
  • ২০০৭ চনৰ ‘ওম শান্তি ওম’ লগতে শেষৰ ক্ৰেডিটত কেমিও উপস্থিতি

মনোনীত – শ্ৰেষ্ঠ ছবিৰ বাবে ফিল্মফেয়াৰ বঁটা

  • ২০০৯ চনত ‘বিলু ’
  • ২০১১ চনত-‘অলৱেজ কভি কভি’

‘ৰা.এক’

  • ২০১২ চনৰ ‘ষ্টুডেন্ত অব্ দা ইয়েৰ’ ধৰ্ম প্ৰডাকচনৰ সৈতে সহযোগী প্ৰযোজনা
  • ২০১৩ চনত ‘চেন্নাই এক্সপ্ৰেছ’ ইউটিভি মোচন পিকচাৰ্ছৰ সৈতে সহ-প্ৰযোজনা

মনোনীত – শ্ৰেষ্ঠ ছবিৰ বাবে ফিল্মফেয়াৰ বঁটা

  • ২০১৪ চনৰ ‘শুভ নৱবৰ্ষ’ৰ লগতে শেষৰ ক্ৰেডিটত কেমিও উপস্থিতি
  • ২০১৫ ‘ডিলৱালে’ ৰোহিত শ্বেট্টী প্ৰডাকচনৰ সৈতে সহ-প্ৰযোজনা
  • ২০১৬ ‘ডিয়াৰ জিন্দগী’ ধৰ্ম প্ৰডাকচন আৰু হোপ প্ৰডাকচনৰ সৈতে সহযোগী প্ৰযোজনা
  • ২০১৭ চনত ‘ৰেইছে’ এক্সেল এণ্টাৰটেইনমেণ্টৰ সৈতে সহ-প্ৰযোজক

‘জাব হেৰী মেট চেজাল ’ ইটেফাকে ধৰ্ম প্ৰডাকচন আৰু বি আৰ ষ্টুডিঅ’ৰ সৈতে সহযোগী প্ৰযোজক

  • ২০১৮ চনৰ ‘জিৰ’ ৰঙীন হালধীয়া প্ৰডাকচনৰ সৈতে সহযোগী প্ৰযোজনা
  • ২০১৯ ‘বদলা’ এজুৰ এণ্টাৰটেইনমেণ্টৰ সৈতে সহযোগী প্ৰযোজনা
  • ২০২০ চনৰ ‘ক্লাছ অৱ '৮৩’

‘কামিয়াব’ৰ সহ-প্ৰযোজক দৃষ্টিম ফিল্মছৰ সৈতে

  • ২০২১ ‘বব বিশ্বাস’ বাউণ্ড স্ক্ৰিপ্ট প্ৰডাকচনৰ সৈতে সহ-প্ৰযোজনা
  • ২০২২ ‘লাভ হোষ্টেল’ দৃষ্টিশ্যাম ফিল্মছৰ সৈতে সহযোগী প্ৰযোজনা

‘ডাৰ্লিংছ’ ইটাৰ্নেল ছানশ্বাইন প্ৰডাকচনৰ সৈতে সহযোগী প্ৰযোজনা

  • ২০২৩ ‘জোৱান’

ৰাজকুমাৰ হিৰানী ফিল্মছ আৰু জিঅ’ ষ্টুডিঅ’ৰ সৈতে সহযোগী প্ৰযোজক ‘ডংকি’ৰ

  • ২০২৫ চনৰ ‘The Bads Of Bollywood †’ নেটফ্লিক্সৰ সৈতে সহযোগী প্ৰযোজনা

তথ্যসূত্ৰ

  1. ↑ GAURI SHAH RUKH KHAN · DIN: 00780191. IndiaFilings
  2. ↑ Director Master Info. www.mca.gov.in
  3. ↑ (3 November 2018). I don't want to make my business mass: Gauri Khan. www.fortuneindia.com
  4. ↑ (2018-06-16). Gauri Khan revamps Jacqueline Fernandez's apartment, shares pics on Instagram. Hindustan Times
  5. ↑ (2018-11-27). Shah Rukh Khan calls wife Gauri their family's 'fortunate, most powerful' as she features on power list. Hindustan Times
  6. ↑ (3 March 2016). Shah Rukh Khan's father-in-law passes away, actor in Delhi with wife Gauri. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  7. ↑ (13 June 2010). A big fat wedding. The Telegraph
  8. ↑ Wise-Guide-1186. (2021-05-07). Part 2 of Gauri Khan interview's(sorry if a little long). r/BollyBlindsNGossip
  9. ↑ (17 January 2005). Gauri Khan turns model. Sify
  10. ↑ (12 February 2016). Cocktails and dreams: Satya Paul, Gauri Khan launch their new collection. The Indian Express
  11. ↑ 3m1! 4b1! 4m5! 3m4! 1s0x3be7c9850914788d:0x24d44175e2957ac1! 8m2! 3d19.046872! 4d72.8203336 Mannat Lands End, Siraj Dokadia road. Mannat Lands End
  12. ↑ Khan, Zahra. (10 July 2011). Gauri Khan turns designer. Times of India (indiatimes.com)
  13. ↑ (2017-04-08). Sussanne Khan, Gauri Shinde feted as women achievers. The Indian Express
  14. ↑ Mishra, Manish D. (2014-02-16). A synonym for talent. Daily News and Analysis
  15. ↑ (2015-10-09). My Design is a Reflection of My Creativity: Gauri Khan. Khaleej Times
  16. ↑ Crossley, FashionNetwork.com, Isabelle. Gauri Khan launches design store in Mumbai. FashionNetwork.com
  17. ↑ Everything you need to know about Gauri Khan's new design store. vogue.in
  18. ↑ (18 December 2017). Gauri Khan's decor advice is a must-read for anyone redoing their home. Inhome.rediff.com
  19. ↑ (12 March 2018). Gauri Khan receives Excellence in Design Award. The Times of India
  20. ↑ (2017-08-28). Gauri Khan lights up the house with TISVA's new collection. Architectural Design · Interior Design · Home Decoration Magazine · AD India
  21. ↑ (30 January 2014). Famous inter-religious marriages. MSN
  22. ↑ B'day Special: Shah Rukh Khan (p. 16). The Times of India
  23. ↑ Sharma, Sarika. (3 July 2013). Shah Rukh Khan, Gauri blessed with a baby boy. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  24. ↑ Zubair Ahmed. (23 September 2005). Who's the real Shah Rukh Khan?. BBC News

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৌৰী খান” প্ৰবন্ধৰ সংশোধন ৬৩৭০০৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।