অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

হাঁপানি

হাঁপানী বা উদফাঁই বা এজমা হাওঁফাওঁৰ বায়ুপথৰ দীৰ্ঘদিনীয়া প্ৰদাহজনিত ৰোগ ৷ ইয়াৰ বৈশিষ্ট্য হৈছে পৰিৱৰ্তনশীল আৰু পুনৰাবৃত্তি হোৱা লক্ষণ, বায়ু প্ৰবাহত বাধা, আৰু সহজে আৰম্ভ হোৱা ব্ৰংক'স্পাজম বা শ্বাসনলীৰ সংকোচন। ডিঙিৰ শব্দ (wheeze), কাহ, বুকুখন টানি ধৰা, আৰু উশাহ চুটি হোৱা এই ৰোগৰ লক্ষণ।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৪৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

হাঁপানী বা উদফাঁই বা এজমা হাওঁফাওঁৰ বায়ুপথৰ দীৰ্ঘদিনীয়া প্ৰদাহজনিত ৰোগ ৷১ ইয়াৰ বৈশিষ্ট্য হৈছে পৰিৱৰ্তনশীল আৰু পুনৰাবৃত্তি হোৱা লক্ষণ, বায়ু প্ৰবাহত বাধা, আৰু সহজে আৰম্ভ হোৱা ব্ৰংক'স্পাজম বা শ্বাসনলীৰ সংকোচন।২৩ ডিঙিৰ শব্দ (wheeze), কাহ, বুকুখন টানি ধৰা, আৰু উশাহ চুটি হোৱা এই ৰোগৰ লক্ষণ। এইবোৰ দিনটোত কেইবাবাৰো বা সপ্তাহত কেইবাবাৰো হ’ব পাৰে।১ ব্যক্তিবিশেষে ৰাতি বা ব্যায়ামৰ লগে লগে হাঁপানিৰ লক্ষণবোৰ বেছি বেয়া হ’ব পাৰে।১

জিনীয় আৰু পৰিৱেশগত কাৰকৰ সংমিশ্ৰণৰ ফলত হাঁপানি হোৱা বুলি ভবা হয়৷ পৰিৱেশৰ কাৰকসমূহৰ ভিতৰত বায়ু প্ৰদূষণ আৰু এলাৰ্জেনৰ সংস্পৰ্শলৈ অহা আদি অন্তৰ্ভুক্ত।১ আন সম্ভাৱ্য ট্ৰিগাৰসমূহৰ ভিতৰত এছপিৰিন আৰু বিটা ব্লকাৰৰ দৰে ঔষধসমূহো অন্তৰ্ভুক্ত।১ সাধাৰণতে লক্ষণৰ আৰ্হি, সময়ৰ লগে লগে চিকিৎসাৰ প্ৰতি সঁহাৰি আৰু স্পাইৰ’মেট্ৰি বা হাওঁফাওঁৰ কাৰ্য্য পৰীক্ষাৰ ওপৰত ভিত্তি কৰি ৰোগ নিৰ্ণয় কৰা হয়।৪ লক্ষণসমূহৰ নিয়মিয়তা, এক চেকেণ্ডত বলপূৰ্বক নিশাহ লোৱাৰ আয়তন (FEV1), আৰু নিশাহৰ শীৰ্ষ প্ৰবাহৰ হাৰ (PEFR) অনুসৰি হাঁপানিক শ্ৰেণীকৰণ কৰা হয়। ৫ ইয়াক এট'পিক বা নন-এট'পিক হিচাপেও শ্ৰেণীকৰণ কৰিব পাৰি, য'ত এট'পিয়ে প্ৰথম প্ৰকাৰৰ অতি সংবেদনশীলতা (Type 1 hypersensitivity) বিকাশৰ প্ৰৱণতাক বুজায়।৬৭

হাঁপানিৰ কোনো নিৰাময় জনা নাযায় যদিও ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি।১ ট্ৰিগাৰ, যেনে এলাৰ্জেন (এলাৰ্জীৰ কাৰক) আৰু শ্বাসজনিত উত্তেজক পদাৰ্থ (irritants) এৰাই চলি লক্ষণসমূহ প্ৰতিৰোধ কৰিব পাৰি আৰু শ্বাসত লোৱা কৰ্টিক'ষ্টেৰয়ডৰ ব্যৱহাৰৰ দ্বাৰা দমন কৰিব পাৰি।৮ হাঁপানিৰ লক্ষণসমূহ অনিয়ন্ত্ৰিত হৈ থাকিলে কৰ্টিক’ষ্টেৰয়ডৰ উপৰিও দীৰ্ঘ-কাৰ্য্যক্ষম বিটা এগ’নিষ্ট (LABA) বা এণ্টিলিউক'ট্ৰাইন এজেণ্টৰ দৰে ঔষধ ব্যৱহাৰ কৰিব পাৰি।৯১০ দ্ৰুতগতিত বেয়া হোৱা লক্ষণসমূহৰ চিকিৎসা সাধাৰণতে শ্বাসত লোৱা হ্ৰস্ৰ- কাৰ্য্যক্ষম বিটা ২ এগ’নিষ্ট যেনে ছালবিউটামল আৰু কৰ্টিক’ষ্টেৰয়ডৰ দ্বাৰা কৰা হয়। অতি গুৰুতৰ ক্ষেত্ৰত সিৰাত কৰ্টিক'ষ্টেৰয়ড, মেগনেছিয়াম ছালফেট, আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন হ'ব পাৰে।১১

২০১৯ চনত হাঁপানিয়ে প্ৰায় ২৬.২ কোটি লোক আক্ৰান্ত কৰিছিল আৰু প্ৰায় ৪,৬১,০০০ লোকৰ মৃত্যু হৈছিল। ইয়াৰে অধিকাংশ মৃত্যু উন্নয়নশীল দেশসমূহত হৈছে৷১ প্ৰায়ে শৈশৱৰ পৰাই হাঁপানি আৰম্ভ হয়১ আৰু ১৯৬০ৰ দশকৰ পৰা ইয়াৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে।১২ প্ৰাচীন মিচৰৰ দিনতে হাঁপানিৰ উমান পোৱা গৈছিল৷১৩ হাঁপানি শব্দটো গ্ৰীক ἆσθμα ৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে 'ফোঁপনি'।১৪

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (November 2013). Asthma Fact sheet №307. WHO
  2. ↑ NHLBI Guideline 2007, পৃ. 11–12
  3. ↑ GINA 2011, পৃ. 20,51
  4. ↑ (February 2010). Asthma: clinical expression and molecular mechanisms. The Journal of Allergy and Clinical Immunology. পৃ. S95-102
  5. ↑ (September 2008). Factors accounting for asthma variability: achieving optimal symptom control for individual patients. Primary Care Respiratory Journal. পৃ. 138–147
  6. ↑ (2010). Robbins and Cotran pathologic basis of disease. Saunders. পৃ. 688. ISBN 978-1-4160-3121-5
  7. ↑ (2005). Stedman's Medical Dictionary. Lippincott Williams & Wilkins. ISBN 978-0-7817-3390-8
  8. ↑ GINA 2011, পৃ. 71
  9. ↑ GINA 2011, পৃ. 33
  10. ↑ (September 2013). Antileukotriene agents for the treatment of lung disease. American Journal of Respiratory and Critical Care Medicine. পৃ. 538–44
  11. ↑ NHLBI Guideline 2007, পৃ. 373–75
  12. ↑ (February 2010). Is the prevalence of asthma declining? Systematic review of epidemiological studies. Allergy. পৃ. 152–67
  13. ↑ (1999). Sacred luxuries: fragrance, aromatherapy, and cosmetics in ancient Egypt. Cornell University Press. পৃ. 49. ISBN 978-0-8014-3720-5
  14. ↑ (2010). Murray and Nadel's textbook of respiratory medicine. Elsevier. ISBN 978-1-4160-4710-0

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাঁপানি” প্ৰবন্ধৰ সংশোধন ৬৩২০৫০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।