১৯৪৭ চনত বিলুপ্ত হোৱা ৰাজ্য আৰু ভূ-খণ্ড
৪ প্ৰবন্ধ
-
বেংগল প্ৰেচিডেঞ্চি
বেংগল প্ৰেচিডেঞ্চি, আনুষ্ঠানিকভাৱে প্ৰেচিডেঞ্চি অৱ ফ'ৰ্ট ৱিলিয়াম আৰু পাছলৈ বেংগল প্ৰদেশ, ব্ৰিটিছ ভাৰতৰ এটি ভাগ আছিল। ভৌগোলিকভাৱে নিজৰ আটাইতকৈ প্ৰসাৰিত অৱস্থাত বেংগল প্ৰেচিডেঞ্চিত দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ বৃহৎ অঞ্চল অন্তৰ্ভুক্ত আছিল।
-
বোম্বে প্ৰেচিডেঞ্চি
বোম্বে প্ৰেচিডেঞ্চি বা বোম্বে প্ৰদেশ ( Bombay Presidency বা Bombay Province; ১৮৪৩–১৯৩৬) ভাৰতৰ এটা প্ৰশাসনিক উপখণ্ড (প্ৰদেশ) আছিল, যাক বোম্বে এণ্ড সিন্ধ বুলিও কোৱা হয়। ইয়াৰ ৰাজধানী আছিল সাতটা দ্বীপৰে নিৰ্মিত বোম্বে চহৰ। বেছিন সন্ধিৰ জৰিয়তে কোংকন অঞ্চলত মূল ভূ-খণ্ড অধিগ্ৰহণ কৰা হৈছিল।
-
মাদ্ৰাচ প্ৰেচিডেঞ্চি
মাদ্ৰাচ প্ৰেচিডেঞ্চি বা মাদ্ৰাচ প্ৰদেশ (Madras Presidency বা Madras Province) ব্ৰিটিছ ভাৰতৰ এক উপবিভাগ (প্ৰদেশ) আছিল, যাক অধিকাৰিকভাবে ফ’ৰ্ট চেণ্ট জৰ্জ প্ৰেচিডেঞ্চি বুলি কোৱা হৈছিল আৰু পিছলৈ ভাৰতৰ ডমিনিয়ন হৈছিল।
-
খাচী আৰু জয়ন্তীয়া পাহাৰ
খাচী আৰু জয়ন্তীয়া পাহাৰ পূৰ্বে মূলতঃ অসম আৰু মেঘালয়ৰ অংশ হিচাপে থকা পাহাৰীয়া অঞ্চল। এই অঞ্চল বৰ্তমান ভাৰতীয় ৰাজ্য মেঘালয়ৰ (পূৰ্বৰ অসম) অন্তৰ্গত। পূব জয়ন্তীয়া পাৰ্বত্য জিলা, পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা, পূব খাচী পাৰ্বত্য জিলা আৰু পশ্চিম খাচী পাৰ্বত্য জিলাৰ বৰ্তমান ইয়াৰ অংশ।