জীৱনী
১৪ প্ৰবন্ধ
-
ছানা খান
ছৈয়দ ছানা খান (জন্ম: ২১ আগষ্ট ১৯৮৭/১৯৮৮) এগৰাকী ভাৰতীয় ব্যৱসায়ী আৰু প্ৰাক্তন অভিনেত্ৰী। তেওঁ ২০২০ চনত অভিনয় জগতৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পূৰ্বে প্ৰধানকৈ হিন্দী, তামিল আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত কাম কৰিছিল।
-
অশনূৰ কৌৰ
অশনূৰ কৌৰ (ইংৰাজী: Ashnoor Kaur; জন্ম: ৩ মে’ ২০০৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ হিন্দী টেলিভিছনত কাম কৰে। কৌৰে ২০০৯ চনত ‘ঝান্সী কী ৰাণী’ ধাৰাবাহিকৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল।
-
আশি সিং
আশি সিং (ইংৰাজী: Ashi Singh) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মুখ্যত ‘য়ে উন দিনো কী বাত হ্যে’ আৰু ‘মীত: বদলেগী দুনিয়া কী ৰীত’ ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
কৃষ্ণা মুখাৰ্জী
কৃষ্ণা মুখাৰ্জী (ইংৰাজী: Krishna Mukherjee; জন্ম: ১২ আগষ্ট ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ হিন্দী টেলিভিছনত কাম কৰে। তেওঁ ‘য়ে হ্যে মহব্বতেঁ’ ধাৰাবাহিকত আলিয়া ৰাঘৱ ভাল্লাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে বেছি পৰিচিত।
-
কেণ্ডিচ স্বানেপোৱেল
কেণ্ডিচ চুজান স্বানেপোৱেল (ইংৰাজী: Candice Susan Swanepoel; জন্ম: ২০ অক্টোবৰ ১৯৮৮) এগৰাকী দক্ষিণ আফ্ৰিকীয় মডেল। তেওঁ মুখ্যত ভিক্টোৰিয়াছ ছিক্ৰেটৰ সৈতে কৰা কামৰ বাবে পৰিচিত। ২০১০ চনত তেওঁ এগৰাকী ভিক্টোৰিয়াছ ছিক্ৰেট এঞ্জেল হৈছিল।
-
কৰিশ্মা তন্না
কৰিশ্মা কে. তন্না (ইংৰাজী: Karishma K. Tanna; জন্ম: ২১ ডিচেম্বৰ ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছন শ্ব’ত কাম কৰে। ২০০১ চনত ‘কিউকি ছাছ ভী কভী বহু থী’ ধাৰাবাহিকৰ জৰিয়তে তেওঁ টেলিভিছনত আত্মপ্ৰকাশ কৰে।
-
জান্নাত জুবাইৰ ৰহমানী
জান্নাত জুবাইৰ ৰহমানী (ইংৰাজী: Jannat Zubair Rahmani; জন্ম: ২৯ আগষ্ট ২০০১) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ হিন্দী ভাষাৰ টেলিভিছন ধাৰাবাহিক আৰু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ‘কাছী – অব না ৰহে তেৰা কাগজ কোৰা’ত কাছী, ‘ফুলৱা’ত ফুলৱা আৰু ‘তু আশিকী’ত পংক্তি চৰিত্ৰত কৰা অভিনয়ৰ বাবে বেছি পৰিচিত।
-
ডাউছেন ক্ৰুছ
ডাউছেন ক্ৰুছ (ইংৰাজী: Doutzen Kroes; জন্ম: ২৩ জানুৱাৰী ১৯৮৫) এগৰাকী ডাচ্চ ফেশ্বন মডেল। তেওঁ ২০০৩ চনত নেদাৰলেণ্ডত নিজৰ মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু অতি সোনকালেই তেওঁৰ এজেঞ্চীয়ে তেওঁক নিউয়ৰ্কলৈ পঠিয়াই দিছিল য’ত তেওঁক লঞ্জৰী ব্ৰেণ্ড ভিক্টোৰিয়াছ ছিক্ৰেটৰ বাবে নিৰ্বাচিত কৰা হৈছিল।
-
প্ৰণালী ৰাঠোড়
প্ৰণালী ৰাঠোড় (ইংৰাজী: Pranali Rathod; জন্ম: ১৫ অক্টোবৰ ১৯৯৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ হিন্দী টেলিভিছনত কাম কৰে। ৰাঠোড়ক মুখ্যত ‘য়ে ৰিশ্তা ক্যা কহলাতা হ্যে’ ধাৰাবাহিকত অক্ষৰা গোৱেংকা শৰ্মাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনা যায়।
-
বেহাতি প্ৰিন্সলু
বেহাতী প্ৰিন্সলু (ইংৰাজী: Behati Prinsloo; জন্ম: ১৬ মে’ ১৯৮৮) এগৰাকী নামিবিয়ান মডেল। ২০০৮ চনত তেওঁ ‘পিংক’ৰ এজন চুক্তিবদ্ধ মডেল হয় আৰু ২০০৯ চনত ‘ভিক্টোৰিয়াছ ছিক্ৰেট এঞ্জেল’ হিচাপে নিৰ্বাচিত হয়।
-
সমীক্ষা
সমীক্ষা সিং (ইংৰাজী: Samiksha Singh; জন্ম: ৮ অক্টোবৰ ১৯৮৫), যিয়ে কেৱল সমীক্ষা নামেৰেও পৰিচিত, এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ তামিল, তেলুগু, পঞ্জাবী, হিন্দী আৰু কন্নড় আদিকে ধৰি বিভিন্ন ভাষাৰ ধাৰাবাহিক আৰু চলচ্চিত্ৰত বৈচিত্ৰ্যময় চৰিত্ৰত অভিনয় কৰিছে।
-
সমৃদ্ধি শুক্লা
সমৃদ্ধি শুক্লা (ইংৰাজী: Samridhii Shukla; জন্ম: ১৪ নৱেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ডাবিং শিল্পী, যিয়ে প্ৰধানকৈ হিন্দী টেলিভিছনত কাম কৰে। ‘ডৰেমন’ কাৰ্টুনত ডৰেমনৰ চৰিত্ৰত কণ্ঠদানৰ বাবে পৰিচিত শুক্লাই ‘সাৱী কী সাৱাৰী’-ত সাৱী গোৱেল ডালমিয়াৰ চৰিত্ৰত অভিনয় কৰি অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল।
-
সুহানী ধানকী
সুহানী ধানকী (ইংৰাজী: Suhani Dhanki) এগৰাকী ভাৰতীয় ভৰতনাট্যম নৃত্যশিল্পী আৰু টেলিভিছন অভিনেত্ৰী। ২০১৩–২০১৪ বৰ্ষত স্বস্তিক প্ৰডাকচনৰ ‘মহাভাৰত’ ধাৰাবাহিকত মদ্ৰ দেশৰ ৰাজকুমাৰী মাদ্ৰীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল।
-
ৰুহানিকা ধৱন
ৰুহানিকা ধৱন (ইংৰাজী: Ruhaanika Dhawan; জন্ম: ২৫ ছেপ্টেম্বৰ ২০০৭) এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী। তেওঁ ২০১২ চনত জি টিভিৰ ধাৰাবাহিক মিচেছ কৌশিক কী পাঁচ বহুৱেঁ-ত আশীৰ চৰিত্ৰত অভিনয় কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।