সত্ৰাধিকাৰ
৯ প্ৰবন্ধ
-
পীতাম্বৰ দেৱগোস্বামী
পীতাম্বৰ দেৱগোস্বামী (Pitambar Deva Goswami; ১৮৮৫ – ১৯৬২) আছিল গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ। তেওঁ আছিল একাধাৰে সমাজ সংস্কাৰক, সাহিত্যিক, প্ৰাচ্যতত্ত্ববিদ, মক্তিযুঁজাৰু আৰু ৰাজনীতিক। তেওঁ ১৯০৭ চনত গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ হয়। তেওঁ চিৰ কুমাৰ আছিল।
-
পীতাম্বৰ দেৱ গোস্বামী (আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ)
শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীদেৱে ১৯৯৭ চনত “নিৰ্মালি” গ্ৰহণ কৰি আউনীআটী সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰ পদত অধিষ্ঠিত হয়।
-
মথুৰা দাস বুঢ়া আতা
মথুৰাদাস বুঢ়া আতা-ৰ (জ. ১৪১২ শক – মৃ. ১৫৬১ শক) প্ৰকৃত নাম গোপাল তাঁতী। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে তেওঁক বৰপেটা সত্ৰৰ প্ৰথম গৰাকী সত্ৰাধিকাৰ নিযুক্ত কৰিছিল।
-
অষ্টভুজ মহন্ত
অষ্টভুজ মহন্ত (? - ১৭৭০) মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ আছিল। এখেতৰ দিনতে অসম বুৰঞ্জীৰ প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল। অষ্টভূজ মহন্তৰ পিতৃ আছিল চতুৰ্ভূজদেৱ। চতুৰ্ভূজ দেৱৰ মৃত্যুৰ পাছত ১৭৮৪ চনত এখেত মায়ামৰা সত্ৰৰ অধিকাৰ হৈছিল। প্ৰথমে স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহৰ লগত সদ্ভাৱ ৰাখি চলিছিল।
-
কোষকান্ত দেৱগোস্বামী
কোষকান্ত দেৱগোস্বামী অসমৰ মাজুলীৰ পৰম্পৰাগত মুখাশিল্পৰ এগৰাকী যশস্বী শিল্পী তথা চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ। চিত্ৰকলা আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ স্বীকৃতি স্বৰূপে ২০১৩ চনত দেৱগোস্বামী প্ৰণৱ বৰুৱা শিল্পী বঁটা প্ৰদান কৰা হয়।
-
নাৰায়ণ চন্দ্ৰ গোস্বামী
নাৰায়ণ চন্দ্ৰ গোস্বামী (Narayan Chandra Goswami) আছিল নতুন কমলাবাৰী সত্ৰ, মাজুলীৰ এগৰাকী সত্ৰাধিকাৰ।
-
নৰহৰি বুঢ়াভকত
নৰহৰি বুঢ়াভকত (ইংৰাজী: Narahari Buhabhakat,১৯১৩-১৯৮৫) আছিল মাধৱদেৱে স্থাপন কৰা বৰপেটা সত্ৰৰ বৰবাহাৰ প্ৰথম বুঢ়াভকত পূৰ্ণানন্দ আতৈৰ বংশধৰ। তেওঁ পৰিয়ালৰ পৰম্পৰা পালন কৰি চৈধ্য বছৰ বয়সত নৰহৰি দাসে উদাসীন ভকত হৈ সত্ৰৰ বৰবাহাত থাকিবলৈ লয়। তেতিয়াৰে পৰা তেওঁ নৰহৰি বুঢ়াভকত নামেৰে পৰিচিত হয়।
-
কুশৰাম দেৱ
কুশৰাম দেৱ (১৭৮০ - ১৮৩৮) আউনীআটী সত্ৰৰ ডেকা অধিকাৰ আছিল। সত্ৰাধিকাৰ পদ্মপাণিদেৱৰ মৃত্যুৰ পাছত ডেকা অধিকাৰ হৈছিল। এখেতৰ দিনতে মানৰ আক্ৰমণত সত্ৰ দাহ হৈছিল। পলাই গৈ প্ৰথমে বালিসত্ৰত আছিলগৈ। ৰংপুৰলৈ গৈ মান সেনাপতি মিঙিমাহা তিলোৱাক দেখা কৰাত তেখেতে যথাযোগ্য সন্মানসহ সত্ৰলৈ ফিৰাই পঠিয়ায়।
-
জিতেন মহন্ত
জিতেন মহন্ত (Jiten Mahanta) বৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ আছিল। বৈষ্ণৱ ধৰ্ম প্ৰসাৰত তেওঁ সক্ৰিয় ভূমিকা পালন কৰিছিল। তেওঁ বৰদোৱা থান সমিতিৰ গুৱাহাটী শাখাৰ সভাপতি আৰু শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ সৈতে ৫০ বছৰৰ বেছি যুক্ত আছিল।