অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কুম্ভ মেলা

কুম্ভ মেলা(সংস্কৃত: Kumbha Mēlā উচ্চাৰণ [kʊˈmbʰᵊ melaː]) হ'ল এক হিন্দু ধৰ্মীয় তিৰ্থ যাত্ৰী আৰু যোগীৰ বৃহৎ সন্মিলন। ইয়াত হিন্দু ধৰ্মীয় লোকসকলে পবিত্ৰ নদীত স্নান কৰিবলৈ সমবেত হয়। ইয়াক পৃথিৱীৰ সৰ্ববৃহৎ শান্তিপূৰ্ণ সমদল বুলি গণ্য কৰা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১,৪২৫ শব্দ · ৮ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

কুম্ভ মেলা(সংস্কৃত: Kumbha Mēlā উচ্চাৰণ [kʊˈmbʰᵊ melaː]) হ'ল এক হিন্দু ধৰ্মীয় তিৰ্থ যাত্ৰী আৰু যোগীৰ বৃহৎ সন্মিলন। ইয়াত হিন্দু ধৰ্মীয় লোকসকলে পবিত্ৰ নদীত স্নান কৰিবলৈ সমবেত হয়। ইয়াক পৃথিৱীৰ সৰ্ববৃহৎ শান্তিপূৰ্ণ সমদল বুলি গণ্য কৰা হয়। কুম্ভ মেলা প্ৰকৃততে এটি 'পবিত্ৰ কলহৰ উৎসৱ'১ মহা কুম্ভ মেলা এক গুৰুত্বপূৰ্ণ হিন্দু তীৰ্থযাত্ৰা আৰু প্ৰায় প্ৰতি ৬, ১২ আৰু ১৪৪ বছৰৰ মূৰে মূৰে পালন কৰা হয়। এই মেলা বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ মেলা য'ত মানুহৰ সবাতোতকৈ অধিক সমাগম হয়।২৩৪

পৰম্পৰাগতভাৱে চাৰিটা প্ৰধান তীৰ্থস্থানত নদীৰ পাৰৰ মেলাসমূহক কুম্ভমেলা হিচাপে স্বীকৃতি দিয়া হয়: প্ৰয়াগৰাজ (গংগা-যমুনা-সৰস্বতী নদীৰ সংগম), হৰিদ্বাৰ (গংগা), নাশিক-ত্ৰিম্বক (গোদাবৰী), আৰু উজ্জয়িন (শিপ্ৰা)। ৫৬ এইটো দৃঢ়তাৰে কোৱা হৈছিল যে, ২০২২ চনত ৭০০ বছৰৰ বিৰতিৰ পিছত বান্সবেৰিয়াই (হুগলি) পুনৰ তীৰ্থযাত্ৰাৰ আয়োজন কৰে।৭৮

উল্লেখযোগ্য যে ২০১৩ চনত এলাহাবাদত হোৱা মহা কুম্ভ মেলাত প্ৰায় ১০০ মিলিয়ন লোক সমবেত হৈছিল।৯১০ কুম্ভ মেলা অনুষ্ঠিত হোৱা চাৰিখন ঠাইৰ প্ৰতিখনত বৃত্তীয় ক্ৰম অনুসৰি প্ৰতি তিনিবছৰৰ মূৰত অৰ্থাৎ একোখন ঠাইত ১২ বছৰৰ মূৰে মূৰে এই মেলা অনুষ্ঠিত হয়। এই ঠাইকেইখন হ'ল হৰিদ্বাৰ, এলাহাবাদ(প্ৰয়াগ), নাচিক আৰু উজ্জয়িনী। অৰ্ধ কুম্ভ মেলা ৬ বছৰৰ মূৰে মূৰে কেৱল দুঠাইত, হৰিদ্বাৰ আৰু এলাহাবাদত, অনুষ্ঠিত হয়। এই ঠাইকেইখনত থকা পবিত্ৰ নৈ কেইখন হ'ল ক্ৰমে হৰিদ্বাৰত গংগা, এলাহাবাদত গংগা, যমুনা আৰু সৰস্বতীৰ সংগম, নাচিকত গোদাবৰী আৰু উজ্জিয়িনীত সিপ্ৰা। সংস্কৃত তথা আন ভাৰতীয় ভাষা সমূহত কুম্ভ(বা কুম্ভা) শব্দৰ অৰ্থ হ'ল কলহ বা মাটিৰ পাত্ৰ। এই চাৰিখন ঠাইত দেৱতা সকলে সমুদ্ৰ মন্থনৰ পিছত কঢ়িয়াই অনা অমৃতৰ কলহৰ পৰা অমৃত বাগৰি পৰিছিল বুলি হিন্দু ধৰ্মত বিশ্বাস কৰা হয়। এই মেলা প্ৰায় দেৰমহীয়াকৈ অনুষ্ঠিত হয়। কুম্ভ মেলাত এই নদীকেইখনত স্নান কৰিলে পাপ মুক্ত হয় বুলি বিশ্বাস কৰা হয়।১১ ১২

ইতিহাস

প্ৰাচীন হিন্দু গ্ৰন্থৰ কিংবদন্তিত সমুদ্ৰ মন্থনৰ পৰা উৎপাদন হোৱা অমৃত অন্যতম আৰু অমৃত থোৱা পাত্ৰটোক কুম্ভ বোলা হয়।
প্ৰাচীন হিন্দু গ্ৰন্থৰ কিংবদন্তিত সমুদ্ৰ মন্থনৰ পৰা উৎপাদন হোৱা অমৃত অন্যতম আৰু অমৃত থোৱা পাত্ৰটোক কুম্ভ বোলা হয়।ছবি: Unknown artist · Public domain

কুম্ভ মেলাৰ বিষয়ে লিখিত সমল চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ লেখনিত পোৱা যায়। তেওঁ হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত ভাৰত ভ্ৰমণ কৰিছিল(৬২৯-৬৪৫ খ্ৰীষ্টাব্দ) ১৩১৪ হিন্দু দৰ্শনৰ মতে ইয়াৰ গুৰিৰ বিষয়ে ভাগৱৎ পুৰাণত পোৱা যায়। সমুদ্ৰ মন্থনৰ কাহিনীটো ভাগৱৎ পুৰাণ, বিষ্ণু পুৰাণ, মহাভাৰত আৰু ৰামায়ণত উল্লেখ আছে।১৫

প্ৰবাদ মতে দেৱতা সকলে দুৰ্বাসা মুনিৰ অভিশাপত তেওঁলোকৰ শক্তি হেৰুৱাইছিল আৰু হেৰুৱা শক্তি উদ্ধাৰৰ বাবে তেওঁলোকে ভগৱান ব্ৰহ্মা আৰু ভগৱান শিৱৰ ওচৰ চাপে। তেওঁলোকে দেৱতাসকলক ভগৱান বিষ্ণুৰ ওচৰলৈ পঠিয়ালে। বিষ্ণুৱে তেওঁলোকক খীৰ সাগৰ মন্থন কৰি অমৃত উলিয়াবলৈ উপদেশ দিলে। ইয়াৰ বাবে দেৱতা সকলে চিৰবৈৰী অসুৰ সকলৰ লগত একেলগে সমুদ্ৰ মন্থন কৰি অমৃত ওলালে সমভাগ কৰিম বুলি সন্ধি কৰিব লগা হ'ল। কিন্তু যেতিয়া অমৃতৰ পাত্ৰটো ওলাই পৰিল, তেতিয়া অমৃতৰ বাবে তেওঁলোকৰ মাজত যুদ্ধ হ'ল আৰু এই যুদ্ধ ১২ দিন আৰু ১২ ৰাতি চলিল(মানুহৰ বাবে ১২ বছৰ) এই যুদ্ধত ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধৰি অমৃতৰ পাত্ৰটো লৈ উৰি গৈছিল আৰু তেতিয়াই এই চাৰিখন ঠাইত অমৃতৰ টোপাল পৰিছিল। ১৬

ঠাইসমূহ

কুম্ভ মেলাৰ প্ৰতি উৎসৰ্গিত ২০১৯ চনৰ এখন ডাকটিকট
কুম্ভ মেলাৰ প্ৰতি উৎসৰ্গিত ২০১৯ চনৰ এখন ডাকটিকটছবি: India Post, Government of India · GODL-India

এলাহাবাদ(প্ৰয়াগ), হৰিদ্বাৰ, নাচিক আৰু উজ্জয়িনী এই চাৰিখন ঠাইৰ একোখনত ১২ বছৰৰ মূৰে মূৰে কুম্ভ মেলা অনষ্ঠিত হয়। .১৭১৮১৯

  • কুম্ভ মেলা: এই চাৰিখন ঠাইত প্ৰতি তিনিবছৰত অনুষ্ঠিত হয়।
  • অৰ্ধ কুম্ভ মেলা: হৰিদ্বাৰ আৰু প্ৰয়গত প্ৰতি ৬ বছৰত অনুষ্ঠিত হয়।
  • পূৰ্ণ কুম্ভ মেলা: প্ৰয়াগত প্ৰতি ১২ বছৰত অনুষ্ঠিত হয়।২০২১
  • মহা কুম্ভ মেলা: প্ৰয়াগত প্ৰতি ১৪৪ বছৰত অনুষ্ঠিত হয়।২২২৩

প্ৰয়াগৰাজ

ত্ৰিৱেণী সংগম
ত্ৰিৱেণী সংগমছবি: L1CENSET0K1LL at English Wikipedia · Public domain

ত্ৰিৱেণী সংগম হ'ল গংগা, যমুনা আৰু সৰস্বতী নৈৰ মিলন থলী। ২০২৫ প্ৰয়াগ কুম্ভ মেলাবৰ্তমান চলি আছে।

হৰিদ্বাৰ

হৰিদ্বাৰ হৈছে গংগা নৈৰ পাৰত অৱস্থিত এখন চহৰ।

নাছিক

নাছিক ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ উত্তৰ অঞ্চলৰ এখন চহৰ। ইয়াত ১৪খন আখাড়া আছে। ইয়াৰে ১১খন শৈৱপন্থী সকলৰ(১১খন শৈৱ আখাড়াৰ ১০খন বৰ্তমান সক্ৰিয় হৈ আছে; বুদ্ধ আখাড়া নামেৰে এখন বৰ্তমান অসক্ৰিয়)। বাকী ৩খন আখাড়া বৈষ্ণৱপন্থী সকলৰ। নাচিকৰ পৰা ৩০ কি:মি: দূৰৈৰ ত্ৰিম্বাকেশ্বৰৰ কুশাভাৰ্ট নামৰ ঠাইত শৈৱ আখাড়া কেইখনে পৱিত্ৰ স্নানৰ কাৰ্য সমাপন কৰে।২৪ আনহাতে বৈষ্ণৱ আখাড়া কেইখনে তপোবনত থাকি ৰামাকুন্দৰ গোদাবৰীত ধৰ্মীয় কাৰ্যসমূহ সমাপন কৰে।২৫ বৈষ্ণৱ আখাড়া কেইখনত খালচা বুলি মহন্তই নেতৃত্ব দিয়া ধৰ্মীয় দল কিছুমান থাকে। ১৮৩৮ চনলৈ শৈৱ আৰু বৈষ্ণৱ সাধু উভয়ে ত্ৰিম্বাকেশ্বৰতে পবিত্ৰ স্নান কৰিছিল। কিন্তু উভয়ৰ মাজত হোৱা এক ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছত দুয়ো পন্থীকে ভাগ কৰি দিয়া হয়।

উজ্জয়িন

উজ্জয়িনৰ পুৰণি নাম অৱন্তিকা বা উজ্জয়িনী ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যৰ উজ্জয়িন জিলাৰ এখন চহৰ। উজ্জয়িন সিপ্ৰা(Shipra) নদীৰ পাৰত অৱস্থিত।

অতীত আৰু ভৱিষ্যত বছৰৰ কুম্ভ মেলা

বছৰহৰিদ্বাৰপ্ৰয়াগৰাজনাশিক-ত্ৰিম্বকউজ্জয়িনী
১৯৮০অৰ্ধ কুম্ভকুম্ভ মেলাকুম্ভ মেলা
১৯৮১
১৯৮২
১৯৮৩
১৯৮৪অৰ্ধ কুম্ভ
১৯৮৫
১৯৮৬কুম্ভ মেলা
১৯৮৭
১৯৮৮
১৯৮৯কুম্ভ মেলা
১৯৯০
১৯৯১
১৯৯২অৰ্ধ কুম্ভ মেলাকুম্ভ মেলাকুম্ভ মেলা
১৯৯৩
১৯৯৪
১৯৯৫অৰ্ধ কুম্ভ মেলা
১৯৯৬
১৯৯৭
১৯৯৮কুম্ভ মেলা
১৯৯৯
২০০০
২০০১কুম্ভ মেলা
২০০২
২০০৩কুম্ভ মেলা
২০০৪অৰ্ধ কুম্ভ মেলাকুম্ভ মেলা
২০০৫
২০০৫
২০০৭অৰ্ধ কুম্ভ মেলা
২০০৮
২০০৯
২০১০কুম্ভ মেলা
২০১১
২০১২
২০১৩কুম্ভ মেলা২৬
২০১৪
২০১৫কুম্ভ মেলা
২০১৮অৰ্ধ কুম্ভ মেলাকুম্ভ মেলা
২০১৭
২০১৮
২০১৯অৰ্ধ কুম্ভ মেলা২৭
২০২০
২০২১২৮কুম্ভ মেলা
২০২২
২০২৩
২০২৪
২০২৫২০২৫ প্ৰয়াগ কুম্ভ মেলা২৯
২০২৬
২০২৭অৰ্ধ কুম্ভ মেলাকুম্ভ মেলা
২০২৮কুম্ভ মেলা

সময়

২০১৩ চনৰ প্ৰয়াগৰ কুম্ভ মেলাৰ সময়ত গ্ৰহৰ অৱস্থান।
২০১৩ চনৰ প্ৰয়াগৰ কুম্ভ মেলাৰ সময়ত গ্ৰহৰ অৱস্থান।ছবি: Kishorekumar 62 · CC BY-SA 3.0

বৃহস্পতি গ্ৰহ আৰু সূৰ্যৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি কুম্ভ মেলা এই ঠাইকেইখনত অনুষ্ঠিত কৰা হয়। যেতিয়া বৃহস্পতি গ্ৰহ আৰু সূৰ্য সিংহ ৰাশিত অৱস্থান কৰে, তেতিয়া নাচিকত; যেতিয়া সূৰ্য কুম্ভ ৰাশিত অৱস্থান কৰে, তেতিয়া হৰিদ্বাৰত; যেতিয়া বৃহস্পতি বৃষ ৰাশিত আৰু সূৰ্য মকৰ ৰাশিত অৱস্থান কৰে, তেতিয়া প্ৰয়াগত; আৰু বৃহস্পতি আৰু সূৰ্য বৃশ্চিক ৰাশিত অৱস্থান কৰিলে উজ্জয়িনীত এই মেলা অনুষ্ঠিত কৰা হয়।৩০৩১ সূৰ্য, চন্দ্ৰ আৰু বৃহস্পতিৰ অৱস্থান অনুসৰি প্ৰতিখন ঠাইত অনুষ্ঠিত হ'বলগীয়া দিনবোৰ আগতীয়াকৈ গণনা কৰি উলিওৱা হয়।৩২

উপস্থিতি

কুম্ভ মেলা, প্ৰয়াগ, ২০০১
কুম্ভ মেলা, প্ৰয়াগ, ২০০১ছবি: The original uploader was Devinasch at English Wikipedia. · CC BY-SA 3.0
২০১৩ চনত মহা কুম্ভত এজন সন্ন্যাসী
২০১৩ চনত মহা কুম্ভত এজন সন্ন্যাসীছবি: ßlåçk Pærl · CC BY-SA 3.0

ভাৰতীয় ইম্পেৰিয়েল গেজেটিয়াৰৰ মতে ১৮৯২ চনৰ হৰিদ্বাৰৰ মেলাত কলেৰাৰ প্ৰাদুৰ্ভাৱ ঘটিছিল যাৰ ফলত কৰ্তৃপক্ষৰ ব্যৱস্থাৰ দ্ৰুত উন্নতি ঘটিছিল আৰু হৰিদ্বাৰ উন্নয়ন সমিতি গঠন হৈছিল। ১৯০৩ চনত প্ৰায় ৪ লাখ লোকে এই মেলাত অংশগ্ৰহণ কৰা বুলি লিপিবদ্ধ কৰা হৈছে।৩৩ ১৯৫৪ চনত প্ৰয়াগত কুম্ভ মেলাৰ হুলস্থুলৰ সময়ত প্ৰায় ৫০০ লোকৰ মৃত্যু হয়, আৰু কেইবাজনো লোক আহত হয়। ১৯৯৮ চনৰ ১৪ এপ্ৰিলত কুম্ভৰ বাবে হৰিদ্বাৰত দহ নিযুত লোক সমবেত হয়।৩৪

২০০১ চনত ইয়াৰ ৫৫ দিনৰ ভিতৰত আটাইতকৈ ব্যস্ত দিনটোত ৪ কোটিতকৈ অধিক লোকে সমবেত হয়।৩৫

মেলা প্ৰশাসনৰ হিচাপ অনুসৰি ২০০৭ চনত প্ৰয়াগত ৪৫ দিনীয়া অৰ্ধ কুম্ভ মেলাত প্ৰায় ৭ কোটি লোকে অংশগ্ৰহণ কৰিছিল।৩৬

২০০১ চনত প্ৰয়াগত অনুষ্ঠিত হোৱা শেষৰ "কুম্ভ মেলা"ত ৩০ৰ পৰা ৭ কোটি লোকক আকৰ্ষণ কৰা বুলি কৰ্তৃপক্ষই অনুমান কৰিছিল।৩৭৩৮৩৯

বৰ্তমানৰ মহা কুম্ভ মেলা ২০১৩ চনৰ ১৪ জানুৱাৰীৰ পৰা প্ৰয়াগত আৰম্ভ হৈছিল। আশা কৰা মতে ২০১৩ চনৰ কুম্ভ মেলাত ১০ কোটিতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছিল।৪০ ২০২৫ ত প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ উৎসৱটো ২৩ জানুৱাৰীলৈকে ১০ কোটিৰো অধিক ভক্ত আৰু দৰ্শনাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। মকৰ সংক্ৰান্তিৰ দিনা(১৪ জানুৱাৰী) গংগা, যমুনা আৰু সৰস্বতী নদীৰ মিলনস্থলী, ত্ৰিবেণী সংগমত পবিত্ৰ স্নান ল'বলৈ ৩.৫ কোটি ভক্তই সমবেত হয়। এই মহোৎসৱৰ সামৰণি পৰ্যন্ত মুঠ ৪৫ কোটি ভক্তৰ আকৰ্ষণ হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত এই মহোৎসৱ বিশ্বৰ অন্যতম বৃহৎ ধৰ্মীয় সমাৱেশ হিচাপে পৰিগণিত হৈছে।৪১

ধৰ্মীয় ৰীতি-নীতি

নগা সাধুৰ শোভাযাত্ৰা ১৯৯৮ কুম্ভ মেলা
নগা সাধুৰ শোভাযাত্ৰা ১৯৯৮ কুম্ভ মেলাছবি: Muslic - Stefania Zamparelli · Attribution

এই উৎসৱৰ মুখ্য ৰীতি হৈছে যিখন নগৰত কুম্ভমেলা হৈ আছে সেই নগৰৰ নদীত ধৰ্মীয় ৰীতি-নীতিৰ সৈতে সামূহিক স্নান কৰা:হৰিদ্বাৰত গঙ্গা নদী, নাচিকত গোদাৱৰী, উজ্জয়িনীত শিপ্ৰা আৰু সংগম (গংগা, যমুনা আৰু পৌৰাণিক সৰস্বতীৰ সংগম) এলাহাবাদত (প্ৰয়াগ)। নাচিকে সৰ্বাধিক ৭৫ নিযুত দৰ্শনাৰ্থী পঞ্জীয়ন কৰিছে। আন আন কাৰ্য্যসূচীসমূহৰ ভিতৰত ধৰ্মীয় আলোচনা, ভক্তিমূলক গায়ন-বায়ন, পবিত্ৰ পুৰুষ-মহিলা আৰু দৰিদ্ৰসকলক গণ খাদ্য প্ৰদান, আৰু ধৰ্মীয় সভা য'ত মতবাদৰ ওপৰত বিতৰ্ক আৰু মানকৰণ কৰা হয়। সাধুসকলে প্ৰাচীন পৰম্পৰাৰ প্ৰয়োজনীয়তা অনুসৰি ছালত বিভূতিৰ ছাই লেপি কেশৰ চাদৰ পিন্ধি থকা দেখা যায়। কিছুমানে, যাক নাগা সন্ন্যাসী বুলি কোৱা হয়, চুৰান্ত শীতকালতো কোনো কাপোৰ নিপিন্ধাকৈয়ো থাকিব পাৰে। নাগা বা উলংগ হোৱাৰ অধিকাৰক বস্তুগত জগতৰ পৰা বিচ্ছিন্ন হোৱাৰ চিন বুলি গণ্য কৰা হয়।৪২

দৰ্শন

দৰ্শন বা সন্মানজনক দৃশ্য বিনিময় কুম্ভ মেলাৰ এক গুৰুত্বপূৰ্ণ অংশ। বিশেষভাৱে এই অনুষ্ঠানৰ ধৰ্মীয় আৰু ধৰ্মনিৰপেক্ষ দুয়োটা দিশ চাবলৈ আৰু অনুভৱ কৰিবলৈ মানুহে কুম্ভমেলালৈ তীৰ্থযাত্ৰা কৰে। কুম্ভমেলাত অংশগ্ৰহণ কৰা দুটা প্ৰধান গোটৰ ভিতৰত সাধু (হিন্দু পবিত্ৰ পুৰুষ) আৰু তীৰ্থযাত্ৰীসকল। সাধুসকলে তেওঁলোকৰ নিৰন্তৰ যোগাভ্যাসৰ জৰিয়তে জীৱনৰ ক্ষণস্থায়ী দিশটোক প্ৰকাশ কৰি দেখুৱায়। সাধুসকলে হিন্দু জনসাধাৰণৰ বহু লোকৰ বাবে নিজকে উপলব্ধ কৰিবলৈ কুম্ভ মেলালৈ যায়। ইয়াৰ ফলত হিন্দু জনসাধাৰণৰ সদস্যসকলে সাধুসকলৰ সৈতে মত বিনিময় কৰিব পাৰে আৰু "দৰ্শন" ল'ব পাৰে। তেওঁলোকে "নিজৰ আধ্যাত্মিক জীৱনত নিৰ্দেশনা বা পৰামৰ্শ বিচাৰিবলৈ" সক্ষম হয়। দৰ্শনে দৃশ্যগত বিনিময়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে, য'ত কোনো ধৰ্মীয় দেৱতাৰ সৈতে পাৰস্পৰিক ক্ৰিয়া-কলাপ হয় আৰু উপাসকজনে দৃশ্যগতভাৱে "ঈশ্বৰ শক্তি 'পান' কৰিবলৈ" সক্ষম হয়। কুম্ভ মেলাৰ আয়োজন কৰা হয় শিবিৰত যিয়ে হিন্দু উপাসকসকলক সাধুসকলৰ ওচৰলৈ যাব পাৰে। কুম্ভমেলাৰ অভিজ্ঞতাৰ বাবে এই দৰ্শন গুৰুত্বপূৰ্ণ আৰু ইয়াৰ বাবেই উপাসকসকলে সাৱধান হ’ব লাগিব যাতে ধৰ্মীয় দেৱতাক অসন্তুষ্ট নহয়।৪৩

শেহতীয়া কুম্ভ মেলাসমূহ

২০০৪

২০০৪ চনত উজ্জয়িনীত সিপ্ৰা নদীৰ পাৰত সিংহস্থ মেলা অনুষ্ঠিত হৈছিল।

২০০৭

প্ৰয়াগত হোৱা অৰ্ধ কুম্ভ মেলাত ৭০ মিলিয়নতকৈ অধিক লোক সমবেত হৈছিল।৪৪

২০১০

২০১০ চনত হৰিদ্বাৰত পূৰ্ণ কুম্ভ মেলা মকৰ সংক্ৰান্তিৰ পৰা(১৪ জানুৱাৰী ২০১০) to Shakh Purnima Snan (২৮ এপ্ৰিল ২০১০) লৈ অনুষ্ঠিত হৈছিল। লাখ লাখ ভক্ত সমৱেত হৈছিল এই মেলাত। ১৪ এপ্ৰিল ২০১০ ৰ দিনাই অকল ১০ মিলিয়ন লোকে গংগাত স্নান কৰিছিল। এপ্ৰিলৰ মাজভাগলৈ প্ৰায় ৪০ মিলিয়ন লোকে স্নান কৰিছিল। শ শ বিদেশী পৰ্যটকেও ভিৰ কৰিছিল পৃথিৱীৰ এই সৰ্ববৃহৎ মানৱ সমদলত।৪৫৪৫৪৬ ভক্ত সকলৰ সুবিধাৰ্থে ভাৰতীয় ৰেলে ভালেসংখ্যক বিশেষ ৰেলৰ ব্যৱস্থা কৰিছিল।৪৭ পাঁচজন লোকৰ ভিৰত হেঁচা-ঠেলাত মৃত্যু হৈছিল। ৪৮

২০১৩

২০১৩ চনত এলাহবাদত ১৪ জনুৱাৰীৰ পৰা ১০ মাৰ্চলৈ মহা কুম্ভ মেলা অনুষ্ঠিত হয়। প্ৰায় ৩০ মিলিয়ন লোক ১০ ফেব্ৰুৱাৰীৰ দিন সমৱেত হৈছিল। মেলাৰ ৫৫ দিনত প্ৰায় ১০০ মিলিয়ন লোকে ভিৰ কৰিছিল। ৯ ১০ ফেব্ৰুৱাৰীৰ দিনাখন ৰেল ষ্টেচনত এটা দুৰ্ঘটনাত ৩৬ জন লোক নিহত হয় আৰু ৩৯ জন আহত হয়।৪৯

গুৰুত্বপূৰ্ণ দিনসমূহৰ বৰ্ণনা তলত দিয়া হ'ল:

  • ১৪ জানুৱাৰী ২০১৩ (সোমবাৰ) -মকৰ সংক্ৰান্তি
  • ২৭ জানুৱাৰী ২০১৩ (ৰবিবাৰ) - পৌষ পুৰ্ণিমা
  • ৬ ফেব্ৰুৱাৰী ২০১৩ (বুধ্বাৰ) - একাদশী স্নান
  • ১০ ফেব্ৰুৱাৰী ২০১৩ (ৰবিবাৰ) - মৌনি অমাৱস্যা স্নান (মুখ্য স্নানৰ দিন)
  • ১৫ ফেব্ৰুৱাৰী ২০১৩ (শুক্ৰবাৰ) - বসন্ত পঞ্চমী স্নান
  • ১৭ ফেব্ৰুৱাৰী ২০১৩ (ৰবিবাৰ) - ৰথ সপ্তমী স্নান
  • ২১ ফেব্ৰুৱাৰী ২০১৩ (বৃহস্পতি বাৰ) - ভীস্ম একাদশী স্নান
  • ২৫ ফেব্ৰুৱাৰী ২০১৩ (সোমবাৰ) - মাঘী পুৰ্ণিমা স্নান
  • ১০ মাৰ্চ ২০১৩ (ৰবিবাৰ) - মহাশিৱৰাত্ৰি

২০১৫

পৰৱৰ্তী কুম্ভ মেলা ২০১৫ চনত নাচিক (মহাৰাষ্ট্ৰ)ত অনুষ্ঠিত হ'ব।৫০ গুৰুত্বপূৰ্ণ দিন সমূহৰ বৰ্ণনা তলত দিয়া হ'ল:

  • ১৪ জুলাই ২০১৫(মঙ্গলবাৰ): ৰাম কুণ্ডত মূল উৎসৱৰ পতাকা উত্তোলন।
  • ১৪ আগষ্ট ২০১৫(শুক্ৰবাৰ): সাধুগ্ৰামত আখৰাৰ পতাকা উত্তোলন
  • ২৬ আগষ্ট ২০১৫(বুধবাৰ): শ্ৰৱণ শূধা- প্ৰথম স্নান
  • ২৯ আগষ্ট ২০১৫ (শনিবাৰ): শ্ৰৱণ পূৰ্ণিমা - ৰাম কুণ্ডাত প্ৰথম শ্বাহী স্নান
  • ১৩ ছেপ্তেম্বৰ ২০১৫ (ৰবিবাৰ): ভদ্ৰপদ অমৱস্য - দ্বিতীয় শ্বাহী স্নান/ মূল স্নান দিন
  • ১৮ ছেপ্তেম্বৰ ২০১৫ (শুক্ৰবাৰ):উত্থান ঘটিৰ তৰ্পণ কৰি (শুষ্য): ভদ্ৰপদ: শুক্ল পঞ্চমী - তৃতীয় শ্বাহী স্নান
  • ২৫ ছেপ্তেম্বৰ ২০১৫ (শুক্ৰবাৰ): বিভাগৰ অন্তৰ্গত ভাদ্ৰা দ্বাদাশী স্নান

তথ্যসূত্ৰ

  1. ↑ "Kumbh Mela Hindu festival begins in India". Deutsche Welle. 15 January 2019. Retrieved 17 January 2025
  2. ↑ Kumbh Mela: Hindu festival. Encyclopaedia Britannica. 2015. The Kumbh Mela lasts several weeks and is one of the largest festivals in the world, attracting more than 200 million people in 2019, including 50 million on the festival's most auspicious day
  3. ↑ "Maha Kumbh Mela 2025". kumbh.gov.in. Retrieved 16 December 2024
  4. ↑ Haghani, Milad (14 January 2025). "The world's largest gathering: how India plans to keep 400 million pilgrims safe at the Maha Kumbh Mela festival". The Conversation. Retrieved 14 January 2025
  5. ↑ Maclean, Kama (2003). "Making the Colonial State Work for You: The Modern Beginnings of the Ancient Kumbh Mela in Allahabad". The Journal of Asian Studies. 62 (3): 873–905. doi:10.2307/3591863. JSTOR 3591863. S2CID 162404242
  6. ↑ "Revival of age-old 'Tribeni Kumbho Mohotshav' in Bengal finds mention in PM Modi's Mann Ki Baat address". The Economic Times. 26 February 2023. ISSN 0013-0389. Retrieved 16 December 2024
  7. ↑ "Kumbh Mela in Tribeni: West Bengal town gears up for major pilgrimage". Financialexpress. 3 December 2022. Retrieved 21 December 2024
  8. ↑ "Bansberia kumbh mela showcased in 100th episode of Mann Ki Baat". The Times of India. 1 May 2023. ISSN 0971-8257. Retrieved 21 December 2024
  9. ↑ (11 February 2013). India's Kumbh Mela festival holds most auspicious day. BBC News
  10. ↑ Sugden, Joanna. (2 February 2013). How the Kumbh Mela Crowds Are Counted - India Real Time - WSJ. The Wall Street Journal. Wall Street Journal
  11. ↑ McLean, Kama
  12. ↑ The Maha Kumbh Mela 2001 indianembassy.org
  13. ↑ Kumbh Mela – Timeline What Is Hinduism?: Modern Adventures into a Profound Global Faith, by Editors of Hinduism Today, Hinduism Today Magazine Editors
  14. ↑ Kumbh Mela Channel 4.
  15. ↑ Ramayana, Book I; Canto: XLV – The Quest for the Amrit Ramayana of Valmiki
  16. ↑ Urn Festival Time, 1 May 1950
  17. ↑ official 2013 Kumbh website
  18. ↑ K Shadananan Nair, "Role of water in the development of civilization of India: A review of ancient literature, traditional practices and beliefs", pp. 160–166 of The Basis of Civilization: Water Science?, ed
  19. ↑ John C. Rodda; Lucio Ubertini; Symposium on the Basis of Civilization Water Science (. (2004). Water Science. IAHS Press. পৃ. 165–. ISBN 978-1-901502-57-2
  20. ↑ Gopal, Madan. (1990). India through the ages. Publication Division, Ministry of Information and Broadcasting, Government of India. পৃ. 173
  21. ↑ Purna Kumbh Mela at Prayag. Explora Films
  22. ↑ Huston Smith; Phil Cousineau. (4 September 2012). And Live Rejoicing: Chapters from a Charmed Life: Personal Encounters With Spiritual Mavericks, Remarkable Seekers, and the World's Great Religious Leaders. New World Library. পৃ. 73–. ISBN 978-1-60868-071-9
  23. ↑ Chris Philpott. (24 January 2011). Green Spirituality: One Answer to Global Environmental Problems and World Poverty. AuthorHouse. পৃ. 45–. ISBN 978-1-4520-8290-5
  24. ↑ (2012). Preparation for 2015 Kumbh caught in bureaucratic procedures, politics. The Times of India
  25. ↑ (2003). Shahi Snanam begins at Kumbh Mela. mid-day.com
  26. ↑ Comptroller and Auditor General of India Audit Reports
  27. ↑ (14 December 2017). U.P. Governor launches Kumbh 2019 logo. The Hindu. PTI
  28. ↑ Pioneer, The. CM reviews Kumbh Mela 2021 preparations. The Pioneer
  29. ↑ Thakur, Anjali. (12 January 2025). Mahakumbh 2025: Know Shahi Snan Date, Time, Significance. NDTV
  30. ↑ Kumbh Mela Students' Britannica India, by Dale Hoiberg, Indu Ramchandani
  31. ↑ Haridwar The Imperial Gazetteer of India, 1909, v. 13, p. 52.
  32. ↑ Kumbh Mela 'Encyclopædia Britannica.
  33. ↑ Haridwar The Imperial Gazetteer of India, 1909, v. 13, p. 52
  34. ↑ Kumbh Mela – Timeline What Is Hinduism?: Modern Adventures into a Profound Global Faith, by Editors of Hinduism Today, Hinduism Today Magazine Editors
  35. ↑ India's Hindu Kumbh Mela festival begins in Prayag, a 14 January 2013 article from BBC News
  36. ↑ "Ardha Kumbh – 2007: The Ganges River". Mela Administration. Archived from the original on 2012-03-15। আহৰণ কৰা হৈছে: 2012-01-05
  37. ↑ Kumbh Mela pictured from space – probably the largest human gathering in history BBC News, 26 January 2001
  38. ↑ Kumbh Mela: the largest pilgrimage – Pictures: Kumbh Mela by Karoki Lewis Archived 2010-05-29 at the Wayback Machine The Times, 22 March 2008
  39. ↑ Kumbh Mela, New Scientist, 25 January 2001
  40. ↑ "Millions of Hindus take to the Ganges at Maha Kumbh Mela | Reuters". Reuters. 14 January 2013. Archived from the original on 31 October 2014। আহৰণ কৰা হৈছে: 15 January 2013. "Officials believe that over the next two months as many as 100 million people passed"
  41. ↑ ddnews.gov.in/en/maha-kumbh-2025-breaks-records-
  42. ↑ McLean, Kama
  43. ↑ McLean, Kama
  44. ↑ www.niticentral.com/2013/02/10-things-about-kumb [dead link]
  45. ↑ Millions dip in Ganges at world's biggest festival, Agence France-Presse, 13 April 2010
  46. ↑ Foreigners join huge crowds at India’s holy river festival, The Gazette, 14 April 2010
  47. ↑ (11 April 2010). More trains during Kumbh Mela. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  48. ↑ Five die in stampede at Hindu bathing festival, BBC, 14 April 2010
  49. ↑ (11 February 2013). Allahabad stampede kills 36 Kumbh Mela pilgrims. Reuters
  50. ↑ 10 million to gather for 2015 Nashik Kumbh Mela. Zee News

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ উৎসৱসমূহউত্তৰাখণ্ডপোখালি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুম্ভ মেলা” প্ৰবন্ধৰ সংশোধন ৬৩২৪৬৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।