আশ্ৰম
৫ প্ৰবন্ধ
-
সাবৰমতী আশ্ৰম
সাবৰমতী আশ্ৰম (Sabarmati Ashram) ভাৰতৰ গুজৰাট ৰাজ্যৰ আহমেদাবাদ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ আহমেদাবাদৰ সমীপত সাবৰমতী নদীৰ পাৰত অৱস্থিত। ১৯১৭ চনত আহমেদাবাদৰ কোচৰব নামে ঠাইত মোহনদাস কৰমচান্দ গান্ধীৰ দ্বাৰা সত্যাগ্ৰহ আশ্ৰম স্থাপন কৰা হৈছিল।
-
টলষ্টয় ফাৰ্ম
টলষ্টয় ফাৰ্ম (Tolstoy Farm) আছিল মহাত্মা গান্ধীয়ে তেওঁৰ দক্ষিণ আফ্ৰিকাৰ আন্দোলনৰ সময়ত আৰম্ভ আৰু আয়োজিত প্ৰথম আশ্ৰম। ১৯১০ চনত সৃষ্টি হোৱা এই আশ্ৰমে ট্ৰান্সৱালত, য'ত ই অৱস্থিত আছিল, ভাৰতীয়সকলৰ বিৰুদ্ধে বৈষম্যবিৰোধী সত্যাগ্ৰহ অভিযানৰ মুখ্য কাৰ্যালয় হিচাপে কাম কৰিছিল।
-
যাজ্ঞবল্ক্য আশ্ৰম
যাজ্ঞবল্ক্য আশ্ৰম (সংস্কৃত: याज्ञवल्क्य आश्रम) হৈছে ভাৰতীয় দাৰ্শনিক তথা বৈদিক ঋষি যাজ্ঞবল্ক্যৰ সৈতে সম্পৰ্কিত এক প্ৰাচীন গুৰুকুল। বিশ্বাস কৰা হয় যে ঋষি যাজ্ঞবল্ক্যই এই আশ্ৰমতেই আত্মজ্ঞান তথা ব্ৰহ্মজ্ঞান লাভ কৰিছিল। প্ৰাচীন ভাৰতীয় দৰ্শনৰ বহু গুৰুত্বপূৰ্ণ গ্ৰন্থ ইয়াতেই ৰচনা কৰা হৈছিল।
-
কেঁচি ধাম
কেঁচি ধাম (Kainchi Dham) হৈছে ভাৰতৰ উত্তৰাখণ্ডৰ কুমাঊঁ অঞ্চলৰ নৈনীতাল জিলাত অৱস্থিত এটা আধ্যাত্মিক আশ্ৰম আৰু হিন্দু মন্দিৰ চৌহদ, যাক নীম কৰোলী আশ্ৰম বুলিও জনা যায়। এই ধামখন পূজনীয় হিন্দু সন্ত নীম কৰোলী বাবাৰ সৈতে সম্পৰ্কিত হোৱা বাবে জনাজাত।
-
বটেশ্বৰ স্থান
বটেশ্বৰ স্থান ( সংস্কৃত: बटेश्वर स्थान ) হৈছে ভাৰতৰ বিহাৰ ৰাজ্যৰ ভাগলপুৰ জিলাৰ অন্তৰ্গত কহলগাঁও অঞ্চলত অৱস্থিত এক প্ৰাচীন ধৰ্মীয় স্থান। এই স্থানটো ব্ৰহ্মৰ্ষি বশিষ্ঠৰ সৈতে সম্পৰ্কিত বুলি বিশ্বাস কৰা হয় আৰু ইয়াক ঋষি বশিষ্ঠৰ তপস্থলী হিচাপে গণ্য কৰা হয়।