মালিনী গোস্বামী ( Malini Goswami) অসমৰ এগৰাকী সংস্কৃত ভাষা-সাহিত্যৰ বিদূষী-গৱেষক, অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা। যোৰহাটত জন্মগ্ৰহণ কৰা গোস্বামীৰ পিতৃৰ নাম পদ্মেন্দ্ৰ নাৰায়ণ গোস্বামী আৰু মাতৃৰ নাম নলিনী গোস্বামী। তেওঁ প্ৰায় ৩৬খন গৱেষণাধৰ্মী গ্ৰন্থ ৰচনা কৰে। হৰ্ষচৰিত নামৰ গ্ৰন্থখনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেওঁ লিখা কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল, মৃচ্ছকটিকমীমাংসা, ৰঘুৰপি কাব্যম্, অসমত সংস্কৃত চৰ্চাৰ ইতিহাস, পাঠ সমীক্ষা, সংস্কৃতায়ন, শ্ৰুতি ভাৰতী, বাণভট্ট বিৰচিত হৰ্ষচৰিত, আনন্দৰাম বৰুৱা, ভাগৱত বিভূতি, কৃষ্ণকান্ত সন্দিকৈ আদি।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
অসমৰ যোৰহাট জিলাৰ গৌৰাংগ সত্ৰত মালিনী গোস্বামীৰ জন্ম। তেওঁৰ পিতৃৰ নাম পদ্মেন্দ্ৰ গোস্বামী আৰু মাতৃ নলিনী গোস্বামী। মালিনীয়ে যোৰহাট বাল্যভৱনৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰে আৰু যোৰহাটৰ জে বি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী আৰু ১৯৮৮ চনত পি এইচ ডি লাভ কৰে।১
কৰ্মজীৱন
তেওঁ পোনতে ৰঙিয়া কলেজত চাৰিবছৰ অধ্যাপনা কৰি পিছত গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে যোগ দিয়ে। কৰ্মজীৱনৰ শেষছোৱাত তেওঁ যোৰহাটৰ মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্ত হয়। যোৰহাট মহিলা বিশ্ববিদ্যালয়ৰ তেওঁ প্ৰথমগৰাকী উপাচাৰ্য আছিল।২ পাঁচ বছৰৰ বাবে নিযুক্ত গোস্বামীয়ে কাৰ্যকাল শেষ হোৱাৰ আগেয়েই ব্যক্তিগত কাৰণত পদত্যাগ কৰে।১ ত্ৰিপুৰা বিশ্ববিদ্যালয়ত তেওঁ ভিজিটৰ ন’মিনী হিচাপে চাৰিবছৰ কাম কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয় প্ৰকাশন কোষে চন্দ্ৰকান্ত অভিধানৰ চতুৰ্থ সংস্কৰণ প্ৰকাশৰ দায়িত্ব দিয়ে। তেওঁ হেমকোষ অভিধানৰো পঞ্চদশ সংস্কৰণৰ কাম কৰিছিল।১
সাহিত্য কৰ্ম
তেওঁ কেইবাখনো গৱেষণাধৰ্মী আৰু অনুবাদ সাহিত্য ৰচনা কৰে, বৰ্তমানলৈ প্ৰায় ৩৬ খন।১ কেইখনমানৰ নাম দিয়া হ’ল।
- মৃচ্ছকটিকমীমাংসা
- ৰঘূৰপি কাব্যম্।
- অসমত সংস্কৃত চৰ্চাৰ ইতিহাস।
- পাঠ সমীক্ষা।
- সংস্কৃতায়ণ।
- শ্ৰুতিভাৰতী।
- হৰ্ষচৰিত
- শ্ৰীধৰ স্বামীৰ ভাগৱত ভাৱাৰ্থ টীকা সম্বলিত শ্ৰীমদ্ভাগৱত পুৰাণ
- আধুনিক অসমীয়া কবিতাৰ তিনিটা স্তৰ।
- আনন্দৰাম বৰুৱা।
- শ্ৰীধৰ স্বামীৰ টীকা সুবোধিনীসহ শ্ৰীমদ্ভাগৱদ্গীতা
- সংস্কৃত সাধনা।
- ভাগৱত বিভূতি
- কৃষ্ণকান্ত সন্দিকৈ
বঁটা-সন্মান
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালিনী গোস্বামী” প্ৰবন্ধৰ সংশোধন ৫০৫৯৭১ (৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।