কামৰূপ কী কাহানী হৈছে ১৯৯০ চনৰ দশকৰ ভিতৰত প্ৰচাৰ হোৱা এখন ভাৰতীয় হিন্দী ভাষাৰ ধাৰাবাহিক, যাক ৰুমা ঘোষে পৰিচালনা কৰিছিল। এই ধাৰাবাহিকখন মামণি ৰয়ছম গোস্বামীৰ কাহিনী ''The Moth-Eaten Howdah of the Tusker'-ৰ আধাৰত নিৰ্মিত।
পটভূমি
এই কাহিনীটোৰ পটভূমি কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) জিলাৰ পলাশবাৰী অঞ্চল। এয়া এগৰাকী যুৱ ব্ৰাহ্মণ বিধৱাৰ জীৱনৰ কাহিনী, যি পৰম্পৰাগত চিন্তাধাৰা আৰু উদাৰবাদৰ মাজত সংগ্ৰাম কৰি আগুৱাই যাব লগীয়া হয়। তেওঁৰ সামাজিক জীৱন, জীৱন-শৈলী আৰু চিন্তাধাৰাৰ প্ৰভাৱৰপৰা উৎসাহিত এই ধাৰাবাহিখনে তেওঁক আৱৰি থকা সমাজখনৰ প্ৰতিচ্ছবি দৰ্শকলৈ উপস্থাপন কৰিছে।
অভিনয় শিল্পী
| চৰিত্ৰ | অভিনেতা/অভিনেত্ৰী |
|---|---|
| গিৰিবালা | নন্দিতা দাস |
| গোসাঁই | নিপন গোস্বামী |
| — | চেতনা দাস |
| — | নাথান স্কট |
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কামৰূপ কী কাহানী” প্ৰবন্ধৰ সংশোধন ৫৩০০১০ (৩ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।