কাইলৈৰ দিনটো আমাৰ হ’ব (Kailoir Dinto Amar Hobo) অসমীয়া ভাষাৰ এখন কাব্যগ্ৰন্থ। এই সংকলনখনৰ কবি সনন্ত তাঁতি। এই কবিতা পুথিখনে ২০১৮ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। এই বঁটা লাভ কৰা অসমীয়া কবিতা পুথিৰ ভিতৰত ইয়াৰ সংখ্যা চতুৰ্দশ।১ কবিতাপুথিখনত কবিগৰাকীৰ মুঠ ৫৫টা কবিতা অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ প্ৰথম প্ৰকাশ হয় আঁক-বাক প্ৰকাশনৰ দ্বাৰা ২০১৩ চনৰ ডিচেম্বৰ মাহত। ২০১৮ চনৰ ডিচেম্বৰত পুথিখনৰ দ্বিতীয় প্ৰকাশ মুকলি কৰা হয়। ইয়াৰ প্ৰচ্ছদ সজ্জা হিমাংশু লহকৰৰ।২
বিষয়বস্তু
কবিৰ নিজৰ মতেই তেওঁৰ কবিতাত সমাজ, মানুহৰ চিন্তা-চেতনা, সামাজিক দায়বদ্ধতা, নিজৰ আৰু সমাজৰ মনোৰঞ্জন আদি প্ৰতিফলিত হয়।৩ কাইলৈৰ দিনটো আমাৰ হ’ব কাব্যগ্ৰন্থখনৰো প্ৰায়ভাগ কবিতাতেই সামাজিক দায়ৱদ্ধতাৰ লগতে মানুহৰ সুখ-দুখে প্ৰাধান্য লাভ কৰিছে।৪ কাব্যগ্ৰন্থখনৰ প্ৰচ্ছদত এই কথা কোৱা হৈছে যে ইয়াত সংকলিত কবিতাসমূহে কবিতাৰ যোগেদি মানুহৰ জয়গান গোৱা তাঁতিৰ কবিতাৰ আন এক পৰ্বান্তৰক প্ৰতিনিধিত্ব কৰিছে। পূৰ্বৰ কবিতাসমূহতকৈ ইয়াৰ কবিতাসমূহৰ ভাষা অধিক পোনপটীয়া আৰু পৌৰুষপূৰ্ণ।২
কাব্যগ্ৰন্থখনৰ কাইলৈৰ দিনটো আমাৰ হ'ব৫ শীৰ্ষক প্ৰথম কবিতাটোত গভীৰ আশাবাদ প্ৰকাশ পাইছে। একেদৰে আকৌ জী উঠিছোঁ, অহাবাৰ, মৃত্যু উপত্যকাৰ পৰা৫ আদি কবিতাতো একেই সুৰৰ ধ্বনি শুনিবলৈ পোৱা যায়। সন্ত্ৰাসবাদৰ সংজ্ঞা, কাশ্মীৰ, যেতিয়া আপোনালোকে হাতত অস্ত্ৰ তুলি লয়, ভোকৰ বিষয়ে বিল, গণেশগুৰিত লগ পোৱাৰ পাছৰে পৰা৫ আদি কবিতাত কবিৰ জীৱনবোধ আৰু সামাজিক চেতনাৰ ভাৱ প্ৰকাশ পাইছে। ইয়াৰ বিপৰীতে সুনয়নাৰ জন্মদিন, স্মৃতি, ব্ৰেকিং নিউজ, আপোনাৰ কথা, অসম্পৰ্ক আদি কবিতাসমূহৰ মূল উপজীব্য মানৱ জীৱনৰ আবেগ-অনুভূতি আদি। উল্লেখ্য যে, চাৰি নম্বৰ কেম'ৰ পাছত, কবি এতিয়া হাস্পতালৰ বিছনাত, যোৱা কিছুদিন ধৰি আদি কবিতাৰ যোগেদি তাঁতিয়ে দীৰ্ঘদিন ধৰি ভুগি থকা অসুখৰ কথাও বৰ্ণনা কৰিছে।৫
কবিৰ চমু পৰিচয়
মূল প্ৰবন্ধ: সনন্ত তাঁতি
সনন্ত তাঁতিয়ে সত্তৰৰ দশকত কবি হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁৰ মুঠ ১৪খন কবিতাপুথি প্ৰকাশিত হোৱাৰ লগতে কবিতা সমগ্ৰ হিচাপেও এখন সংকলন প্ৰকাশ পাইছে। ২০১৭ চনত 'Selected Poems Sananta Tanty' নামেৰে দিব্যজ্যোতি শৰ্মাই কৰা তেওঁৰ কবিতাৰ ইংৰাজী অনুবাদ প্ৰকাশ পায়। ২০২১ চনৰ ২৫ নবেম্বৰত দীৰ্ঘদিনীয়া ৰোগত ভুগি থকা তাঁতিৰ ৬৯ বছৰ বয়সত দেহাৱসান ঘটে।৬
মন্তব্য আৰু সমালোচনা
জেবি কলেজত পঢ়ি থকা অৱস্থাতে তাঁতিক প্ৰথমবাৰৰ বাবে সেই সময়ত প্ৰকাশিত সাম্প্ৰতিক নামৰ আলোচনীত কবিতা লিখিবলৈ উদ্বুদ্ধ কৰা ড° নগেন শইকীয়াই সনন্ত তাঁতিৰ কবিতা সন্দৰ্ভত নিয়মীয়া বাৰ্তাৰ মুক্তকণ্ঠ শিতানত কৈছে যে কবিগৰাকী আছিল দৰাচলতে মানুহৰ কবি। তেওঁৰ প্ৰতিটো শব্দৰ মাজেদি শ্ৰমজীৱি দৰিদ্ৰ মানুহ আৰু সমাজৰ প্ৰতি এটা গভীৰ দায়বদ্ধতা প্ৰকাশ পাইছে। তথাপি তেওঁৰ কবিতাৰ বৈশিষ্ট্য এয়ে যে এনে গভীৰ দায়বদ্ধতা প্ৰকাশ পোৱা স্বত্বেও তেওঁৰ কবিতা শ্লোগানলৈ ৰূপান্তৰিত হোৱা নাছিল।৭
ড° হীৰেন গোহাঁয়ে কাব্যগ্ৰন্থখনৰ পাতনিত লিখিছে:
...সনন্তৰ কাব্যৰ অৱয়ৱত উপমাৰ চমক নোহোৱা নহয়, কিন্তু তেওঁৰ কবিতাৰ প্ৰাণ হ'ল মানুহে মানুহক দিয়া গভীৰ সহৃদয়তাপূৰ্ণ আহ্বান– 'A man speaking to men'''২
কমল কুমাৰ তাঁতীৰ মতে:
সনন্ত তাঁতিয়ে তেওঁৰ প্ৰতিটো কবিতাই লিখে মানুহৰ বাবে। তেওঁৰ সকলো কবিতাৰেই মূল বিষয় হৈছে মানুহ আৰু মানুহৰ জীৱন। ....... সেইবাবেই হয়তো কোনোদিনেই নিজকে আদিবাসী বা চাহ-জনগোষ্ঠীৰ এজন প্ৰতিনিধি বুলি মুকলিকৈ ক’বলৈ সংকোচ নকৰা কবিয়ে নিজৰ সমস্ত সততা আৰু সাহসেৰে ঘোষণা কৰিব পৰিছে যে – “কাইলৈৰ দিনটো আমাৰ হ’ব”।৮
তথ্যসূত্ৰ
- ↑ AKADEMI AWARDS (1955-2021). sahitya-akademi.gov.in
- ↑ সনন্ত তাঁতি. (২০১৮). কাইলৈৰ দিনটো আমাৰ হ’ব. আঁক-বাক. পৃ. প্ৰচ্ছদ. ISBN 978-93-82726-46-3
- ↑ (6 December 2018). কবি সনন্ত তাঁতি, গল্পকাৰ ঋতুৰাজ বসুমতাৰীলৈ সাহিত্য অকাদেমি বঁটা. janambhumi.in
- ↑ (6 December 2018). সনন্ত তাতিঁলৈ সাহিত্য অকাডেমীৰ বঁটা. nefocus.com
- ↑ সনন্ত তাঁতি. (2018). কাইলৈৰ দিনটো আমাৰ হ'ব. আঁক-বাক. পৃ. 1-104. ISBN 978-93-82726-46-3
- ↑ (25 November 2021). Assamese Poet Sananta Tanty Dies in New Delhi at 69. DY365
- ↑ ড° নগেন শইকীয়া. (28 November 2021). দুজন মাটি আৰু মানুহৰ কবি. niyomiyabarta.com
- ↑ ড: কমল কুমাৰ তাঁতী. (13 January 2019). যেতিয়া প্ৰান্তীয় কণ্ঠস্বৰ হৈ উঠে মূলসুঁতিৰ শক্তিশালী কণ্ঠস্বৰ. muktosinta.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাইলৈৰ দিনটো আমাৰ হ’ব” প্ৰবন্ধৰ সংশোধন ৫১০৫৯৪ (২০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।