অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিজয়লক্ষ্মী (কবি)

বিজয়লক্ষ্মী (Vijayalakshmi; জন্ম ২ আগষ্ট ১৯৬০) দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ এগৰাকী মালয়ালম ভাষাৰ কবি।

হালনাগাদ: ২৮ জুলাই ২০২৬ ৩২৪ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

বিজয়লক্ষ্মী (Vijayalakshmi; জন্ম ২ আগষ্ট ১৯৬০) দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ এগৰাকী মালয়ালম ভাষাৰ কবি।

জীৱন

১৯৬০ চনৰ ২ আগষ্টত এৰ্নাকুলাম জিলাৰ মুলান্থুৰুথী গাঁৱত কুঝিকত্তিল ৰমন ভেলায়ুধন আৰু কমলাক্ষীৰ কন্যা হিচাপে বিজয়লক্ষ্মীৰ জন্ম হৈছিল৷ তেওঁ চোত্তানিকৰা চৰকাৰী হাইস্কুল, ছেইণ্ট টেৰেছা কলেজ, এৰ্নাকুলাম আৰু মহাৰাজাছ কলেজৰ পৰা শিক্ষা সমাপ্ত কৰে। তেওঁ জীৱবিজ্ঞানত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰি কেৰালা বিশ্ববিদ্যালয়ৰ পৰা মালয়ালম সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। মালয়ালম কবি বালাচন্দ্ৰ চুলিক্কাডুৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হৈছে৷১

সাহিত্যিক জীৱন

১৯৭৭ চনত তেওঁৰ প্ৰথম কবিতাটো প্ৰকাশ পাইছিল কালাকাউমুদি সাপ্তাহিক কাকতত।২ স্নাতককালত কেৰালা বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত গল্প আৰু কবিতা লিখা প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰে।

মালয়ালম ভাষাত তেওঁৰ অসংখ্য কবিতা প্ৰকাশ পাইছে। তেওঁ কেৰালা সাহিত্য অকাডেমীৰ কাৰ্যনিৰ্বাহক সমিতি আৰু সাধাৰণ পৰিষদৰ সদস্য আছিল। তেওঁ অকাডেমীৰ উপদেষ্টা মণ্ডলীৰ সদস্য আৰু প্ৰকাশন সমিতিৰ আহ্বায়ক আদি বিভিন্ন পদতো অধিষ্ঠিত হৈ আহিছে। সমস্থ কেৰালা সাহিত্য পৰিষদৰ উপ-সভানেত্ৰী হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।

বিজয়লক্ষ্মীৰ বহু কবিতাই লিংগ-সমতা প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰাৰ লগতে‍ নাৰীৰ ওপৰত থকা দ্বৈততাক লৈ প্ৰশ্ন উত্থাপন কৰে। সাহিত্য সমালোচক এম. লীলাৱতীয়ে বিজয়লক্ষ্মীৰ নাৰীবাদৰ ধাৰণাটোক মালয়ালম কবি বালামণি আম্মাৰ নাৰীবাদৰ ধাৰাবাহিকতা হিচাপে প্ৰশংসা কৰিছে৷

কাম

  • মৃগশকণ (১৯৯২, মালবেৰী প্ৰকাশন, কালিকাট)
  • থাচন্তে মাকাল (১৯৯২, ডি চি বুকছ, কোট্টায়ম)
  • মাজহাথান মাথেথো মুখম (১৯৯৯, ডি চি বুকছ, কোট্টায়ম)
  • হিমাসমাধি (২০০১, ডি চি বুকছ, কোট্টায়ম)
  • অন্ত্যপ্ৰলোভনম (২০০২, ডি চি বুকছ, কোট্টায়ম)
  • অট্টামনালথাৰী (২০০৩, ডি চি বুকছ, কোট্টায়ম)
  • আন্না আখমতোৱায়ুদে কবিঠাকল (২০০১, ডি চি বুকছ, কোট্টায়ম, অনুবাদ)
  • অন্ধকন্যাক (২০০৬, ডি চি বুকছ, কোট্টায়ম)
  • মাঝায়ক্কাপ্পুৰম (২০১০) (২০১০, ডি চি বুকছ, কোট্টায়ম)
  • বিজয়লক্ষ্মীযুদে কবিতাকাল (২০১০, ডি চি বুকছ, কোট্টায়ম)
  • জ্ঞান মগদলেনা (২০১৩, ডি চি বুকছ, কোট্টায়ম)
  • সীতাদৰ্শনম (২০১৬, ডি চি বুকছ, কোট্টায়ম)
  • বিজয়লক্ষ্মীযুদে প্ৰাণায়কবিঠাকল (২০১৮, ডি চি বুকছ, কোট্টায়ম)

পুৰস্কাৰ

  • ১৯৯২: ললিথাম্বিকা সাহিত্য বঁটা
  • ১৯৯০: অংকনম সাহিত্য বঁটা
  • ১৯৯৪: কেৰালা সাহিত্য অকাডেমি বঁটা
  • ১৯৯৫: ভাইল’পিলি বঁটা
  • ১৯৯৫: চাংগামপুজা বঁটা
  • ১৯৯৫: ইন্দিৰা গান্ধী সাহিত্য বঁটা
  • ১৯৯৭: ভি টি ভট্টাথিৰিপদ বঁটা
  • ২০০১: প. কুঁহিৰমন নাইৰ বঁটা মাজথান মাথেথো মুখমৰ বাবে।
  • ২০১০: বালা সাহিত্য প্ৰতিষ্ঠানৰ বঁটা
  • ২০১০: উল্লুৰ বঁটা
  • ২০১১: এ. আয়্যাপ্পান কবিতা বঁটা৩
  • ২০১১: কৃষ্ণগীতি বঁটা
  • ২০১৩: পুথিভঁৰাল পৰিষদৰ সাহিত্য বঁটা৪
  • ২০১৩: অ. ভি বিজয়ন সাহিত্য পুৰাস্কৰাম বিজয়লক্ষ্মীযুদে কবিঠাকলৰ বাবে।৫৬

তথ্যসূত্ৰ

  1. ↑ (2018-07-26). എന്റെ കവയിത്രി. Indian Express Malayalam
  2. ↑ കവിതയുടെ നഷ്ടജാതകം. ManoramaOnline
  3. ↑ (22 October 2011). Ayyappan award presented. The Hindu
  4. ↑ (29 August 2013). Poet Vijayalakshmi gets Kerala State Library Council award. The New Indian Express
  5. ↑ (18 October 2011). Award for writer Vijayalakshmi. The Hindu
  6. ↑ Malayalam poet Vijayalakshmi selected for Literary Award. news.webindia123.com

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজয়লক্ষ্মী (কবি)” প্ৰবন্ধৰ সংশোধন ৬২১১০৯ (২৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।