অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

এছিয়া (শ্ৰুতিকথা)

এছিয়া (ইংৰাজী: Asia, প্ৰাচীন গ্ৰীক: Ἀσία) নামটোৱে গ্ৰীক শ্ৰুতিকথাৰ বহুকেইটা চৰিত্ৰক বুজায়৷

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৩০ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

এছিয়া (ইংৰাজী: Asia,১ প্ৰাচীন গ্ৰীক: Ἀσία) নামটোৱে গ্ৰীক শ্ৰুতিকথাৰ বহুকেইটা চৰিত্ৰক বুজায়৷

অ'চেনিড

এছিয়া গ্ৰীক শ্ৰুতিকথা অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷২৩ কিছুমান সংস্কৰণত তেওঁৰ মাতৃ পম্ফলিক্স আৰু ভগ্নী লিবিয়া বুলিও কোৱা হৈছিল।৪ কিছুমান শ্ৰুতিকথাৰ মতে লিবিয়া সাগৰ দেৱতা ট্ৰাইটনৰ পত্নী৫ এপ'ল'ড'ৰাছৰ মতে এছিয়া টাইটান ইয়াপেটাছৰ পত্নী আৰু এটলাছ, প্ৰমিথিউছ,৬ এপিমিথিউছ আৰু মেনোইটিয়াছৰ মাতৃ আছিল৭ যদিও হেচিঅডে তেওঁলোকৰ মাতৃ হিচাপে আন এগৰাকী অ'চেনিড ক্লাইমেনৰ নাম উল্লেখ কৰিছিল।৮

নেৰেইড

এছিয়া গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷৯ গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।১০১১৯ হোমাৰৰ ইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত এছিয়াও আছিল।১২

এথেনাৰ উপনাম

কলচিছত এথেনাক এছিয়া উপনামেৰে সম্বোধন কৰা হয়৷ কলচিছৰ পৰা কেষ্টাৰ আৰু পলিডিউচেছে তেওঁৰ পূজা লেকনিয়ালৈ আনিছিল বুলি বিশ্বাস কৰা হৈছিল আৰু প্ৰাচীন লাছ নগৰত তেওঁৰ বাবে এটা মন্দিৰ নিৰ্মাণ কৰা হৈছিল।১৩

তথ্যসূত্ৰ

  1. ↑ Bell, Robert E. (1991). Women of Classical Mythology: A Biographical Dictionary. ABC-CLIO. পৃ. 74. ISBN 9780874365818
  2. ↑ Hesiod, থিঅ'গনি 351
  3. ↑ Kerényi, Carl. (1951). The Gods of the Greeks. Thames and Hudson. পৃ. 41
  4. ↑ Tzetzes ad Lycophron, 894 (Gk text); Andron of Halicarnassus fr. 7 Fowler = FGrHist 10 F 7 (Fowler 2000, p. 42; Fowler 2013, p. 13; Bouzek and Graninger, p. 12. Fowler 2013, p. 15, calls Pompholyge, a name found nowhere else, an ad hoc invention.)
  5. ↑ Apollonius of Rhodes, 4.1323, 1358 & 1742
  6. ↑ Varro, De lingua latina libri 5.31
  7. ↑ Apollodorus, 1.2.3
  8. ↑ Hesiod, থিঅ'গনি 507–511
  9. ↑ Bane, Theresa. (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃ. 11, 12. ISBN 978-0-7864-7111-9
  10. ↑ হোমাৰ, ইলিয়াড 18.40; Hesiod, থিঅ'গনি 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
  11. ↑ হোমাৰ, ইলিয়াড 18.41; Apollodorus, 1.2.7; Hesiod, থিঅ'গনি 240
  12. ↑ Homer, Iliad 18.39
  13. ↑ Pausanias, Graeciae Descriptio 3.24.5

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এছিয়া (শ্ৰুতিকথা)” প্ৰবন্ধৰ সংশোধন ৬৩২১১৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।