অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইয়ন ফ'ছে

ইয়ন অলাভ ফ'ছে (Jon Olav Fosse,; জন্ম ২৯ ছেপ্টেম্বৰ ১৯৫৯) এগৰাকী নৰৱেৰ লেখক, অনুবাদক আৰু নাট্যকাৰ। ২০২৩ চনত তেওঁ "অব্যক্ত কথাবোৰক কণ্ঠদান কৰা উদ্ভাৱনীমূলক নাটক আৰু গদ্যৰ বাবে" সাহিত্যৰ নোবেল বঁটা লাভ কৰে।

হালনাগাদ: ১৮ জানুৱাৰী ২০২৬ ৭১৭ শব্দ · ৪ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ইয়ন অলাভ ফ'ছে (Jon Olav Fosse,; জন্ম ২৯ ছেপ্টেম্বৰ ১৯৫৯) এগৰাকী নৰৱেৰ লেখক, অনুবাদক আৰু নাট্যকাৰ। ২০২৩ চনত তেওঁ "অব্যক্ত কথাবোৰক কণ্ঠদান কৰা উদ্ভাৱনীমূলক নাটক আৰু গদ্যৰ বাবে" সাহিত্যৰ ন'বেল বঁটা লাভ কৰে।

ফ'ছেৰ ৰচনাসমূহে সত্তৰখনতকৈও অধিক উপন্যাস, কবিতা, শিশু সাহিত্য, ৰচনা আৰু থিয়েটাৰ নাটক আদিক সামৰি লৈছে। তেওঁৰ সাহিত্যৰাজি পঞ্চাশটাতকৈও অধিক ভাষালৈ অনূদিত হৈছে।১ ফছে হৈছে হেনৰিক ইবছেনৰ পিছত সৰ্বাধিক পৰিবেশন কৰা নৰৱেৰ নাট্যকাৰ।২ তেওঁ বিশ্বজুৰি হাজাৰৰো অধিক মঞ্চত প্ৰযোজনা উপস্থাপন কৰা—বিশ্বজুৰি সৰ্বাধিক পৰিবেশন কৰা সমসাময়িক নাট্যকাৰসকলৰ ভিতৰত অন্যতম।৩৪ তেওঁৰ ন্যূনতম আৰু গভীৰভাৱে অন্তৰ্দৃষ্টিসম্পন্ন নাটকসমূহৰ ভাষা প্ৰায়ে গীতিময় গদ্য আৰু কবিতাৰ সীমাৰেখাৰে আবৃত।৫৬ ১৯ শতিকাত হেনৰিক ইবছেনে প্ৰতিষ্ঠা কৰা নাটকীয় পৰম্পৰাৰ আধুনিক ধাৰাবাহিকতাক তেওঁ প্ৰতিনিধিত্ব কৰা বুলি বহুতে উল্লেখ কৰে।৫৭ ফছেৰ ৰচনাক প্ৰায়ে উত্তৰ নাটকীয় থিয়েটাৰ পৰম্পৰাৰ ভিতৰত স্থান দিয়া হয়।৮৯

জীৱনী

১৯৫৯ চনত নৰৱেৰ হাউগেছুণ্ডত জন্মগ্ৰহণ কৰা ইয়ন ফ'ছে ষ্ট্ৰেণ্ডেবাৰ্মত ডাঙৰ-দীঘল হৈছিল।১০ তেওঁৰ পৰিয়াল খ্ৰীষ্টান দৰ্শনৰ কোৱাকাৰ আৰু পিটিষ্টৰ অনুগামী আছিল। তেওঁ নিজৰ আধ্যাত্মিক মতামত গঢ় দিয়াৰ কৃতিত্ব খ্ৰীষ্টান ধৰ্মৰ এই বিশেষ শাখাক দিয়ে।১১ সাত বছৰ বয়সত হোৱা এক ভয়াৱহ দুৰ্ঘটনাত তেওঁ মৃত্যুৰ পৰা কোনোমতে বাচিছিল। এই অভিজ্ঞতাই তেওঁৰ প্ৰাপ্তবয়স্ক কালত ৰচনা কৰা সাহিত্যত যথেষ্ট প্ৰভাৱ পেলাইছিল।১২ ফ’ছে কিতাপৰ প্ৰতি তেওঁৰ বিশেষ ৰুচি নাই বুলি দাবী কৰাৰ পিছতো তেওঁ প্ৰায় বাৰ বছৰ বয়সৰ পৰাই সাহিত্য ৰচনা কৰিবলৈ আৰম্ভ কৰিছিল। কিশোৰ অৱস্থাত ফ'ছে ৰক গীটাৰিষ্ট হ'বলৈ আগ্ৰহী আছিল আৰু সংগীতৰ উচ্চাকাংক্ষা এৰি দিয়াৰ পিছত তেওঁ সাহিত্যৰ প্ৰতি অধিক সময় উছৰ্গা কৰিবলৈ আৰম্ভ কৰিছিল।১১ তেওঁ বেহেলাও বজাইছিল আৰু কৈশোৰ কালত সংগীতৰ বাবে নিজাকৈ গীতৰ কথা ৰচনা কৰিছিল। ডাঙৰ হৈ তেওঁ সাম্যবাদ আৰু নৈৰাজ্যবাদৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু নিজকে "হিপ্পী" বুলি অভিহিত কৰিছে।১৩

ফ'ছে বাৰ্গেন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে আৰু তুলনামূলক সাহিত্য অধ্যয়ন কৰে। এই সময়ছোৱাত তেওঁ নৱ নৰৱেজিয়ান ভাষা বা নিনৰ্স্কত সাহিত্য ৰচনা আৰম্ভ কৰে।১৩ তেওঁৰ প্ৰথম উপন্যাস Raudt, svart (ৰঙা, ক'লা) ১৯৮৩ চনত প্ৰকাশ পায় আৰু ই নিনৰ্স্কৰ সাহিত্যিক টাৰ্জেই ভেছাছৰ দ্বাৰা প্ৰভাৱিত হয়।১৩১১ উপন্যাসখনে সেই সময়ত নৰৱেত জনপ্ৰিয় সামাজিক বাস্তৱবাদী কল্পকাহিনীৰ সৈতে বিপৰীতমুখী আছিল আৰু কাহিনীভাগৰ পৰিৱৰ্তে ভাষিক প্ৰকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।১১ ১৯৮৫ চনত তেওঁ দ্বিতীয়খন উপন্যাস Stengd gitar (বন্ধ গীটাৰ) আৰু ১৯৮৬ চনত Engel med vatn i augene (চকুত চকুলোৰ সৈতে পৰী) নামৰ কাব্যিক চক্ৰ প্ৰকাশ কৰে।১১ ১৯৮৭ চনত তেওঁ পুনৰ বাৰ্গেন বিশ্ববিদ্যালয়ৰ পৰা তুলনামূলক সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু তেওঁৰ তৃতীয়খন উপন্যাস Blod. Steinen er (তেজ, শিল হয়) প্ৰকাশিত হয়।১১ ১৯৮৯ চনত প্ৰথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত ফ'ছে এখন উপন্যাস আৰু তেওঁৰ প্ৰথম ৰচনা সংকলন প্ৰকাশ কৰে। নব্বৈৰ দশকৰ আৰম্ভণিতে তেওঁ উপন্যাস প্ৰকাশ অব্যাহত ৰাখিছিল আৰু দ্বিতীয় পত্নী গ্ৰেথে ফাতিমা ছায়েদৰ সৈতে কেইবাটাও অনুবাদৰ কাম কৰিছিল।১১

ফ'ছেৰ প্ৰথম নাটক Og aldri skal vi skiljast (আৰু আমি কেতিয়াও বিচ্ছেদ নহ'ম) ১৯৯৪ চনত পৰিবেশন আৰু প্ৰকাশ কৰা হয়। তেওঁ উপন্যাস, চুটিগল্প, কবিতা, শিশু সাহিত্য, প্ৰবন্ধ, নাটক আদি ৰচনা কৰিছে। তেওঁৰ ৰচনাসমূহ চল্লিশটাতকৈও অধিক ভাষালৈ অনুবাদ কৰা হৈছে। উপন্যাসৰ লগতে ফ'ছে আন সাহিত্যিকৰ ৰচনাৰ অনুবাদো কৰে।১৩

স্বীকৃতি

হেনৰিক ইবছেনৰ পিছত ফ'ছে হৈছে আটাইতকৈ বেছি তেওঁৰ দ্বাৰা ৰচিত নাটক মঞ্চত পৰিবেশন কৰা নৰৱেৰ নাট্যকাৰ।২৫ তেওঁৰ ৰচনাসমূহ ১৯ শতিকাত হেনৰিক ইবচেনে প্ৰতিষ্ঠা কৰা পৰম্পৰাৰ আধুনিক ধাৰাবাহিকতাক বহন কৰা হিচাপে দেখা যায়।৭ ফ'ছে নিজেই চেমুৱেল বেকেটৰ লগতে জৰ্জ ট্ৰেকল আৰু থমাছ বাৰ্নহাৰ্ডক তেওঁৰ নিৰ্বাচিত আত্মীয় হিচাপে উল্লেখ কৰিছে।১৪ তেওঁৰ জীৱন আৰু কৰ্মত প্ৰভাৱ পেলোৱা আন সাহিত্যিক আৰু গ্ৰন্থসমূহৰ ভিতৰত অলাভ এইচ হাউজ, ফ্ৰান্‌ৎছ কাফকা, উইলিয়াম ফকনাৰ, ভাৰ্জিনিয়া উল্‌ফ আৰু বাইবেল আদি অন্যতম।১৫

২০০৩ চনত ফ'ছেক ফ্ৰান্সৰ অৰ্ডে নেচনেল ডু মেৰাইটৰ চেভালিয়াৰ হিচাপে সন্মানিত কৰা হয়।১৬ ইয়াৰ উপৰিও দ্য ডেইলী টেলিগ্ৰাফৰ শীৰ্ষ ১০০ জীৱিত প্ৰতিভাসম্পন্ন ব্যক্তিৰ তালিকাত তেওঁক ৮৩ নম্বৰ স্থান দিয়া হৈছে।১৭

২০১১ চনৰ পৰা ফ'ছেক নৰৱে ৰাজতন্ত্ৰৰ অধীনত থকা অছলো চহৰৰ মাজমজিয়াত অৱস্থিত ৰাজপ্ৰসাদ ৰয়েল পেলেছৰ চৌহদত অৱস্থিত গ্ৰ'টেন নামৰ সন্মানীয় বাসগৃহটো প্ৰদান কৰা হয়।১৮ গ্ৰ’টেনক স্থায়ী বাসস্থান হিচাপে ব্যৱহাৰ কৰা নৰৱেৰ কলা আৰু সংস্কৃতিলৈ অৱদানৰ বাবে নৰৱেৰ ৰজাই বিশেষভাৱে প্ৰদান কৰা এক সন্মান। ২০১১ চনত প্ৰকাশিত বাইবেলৰ নৰৱেজিয়ান অনুবাদ বিবেল ২০১১ৰ সাহিত্য পৰামৰ্শদাতাসকলৰ ভিতৰত তেওঁ অন্যতম হিচাপে আছিল।১৯ এণ্ডভাকে (নিদ্ৰাহীন), অলাভছ ড্ৰ'মাৰ (অলাভৰ সপোন), আৰু ক্ভেল্ডছভেভড (ক্লান্তি) তিনিখন গ্ৰন্থৰ ট্ৰিল'জিড° বাবে ২০১৫ চনৰ নৰ্ডিক কাউন্সিলৰ সাহিত্য বঁটা লাভ কৰিছিল।২০

ফ'ছেৰ বহু ৰচনা পাৰ্চী ভাষালৈ মহম্মদ হামেদে ৰচনা কৰিছে আৰু তেওঁৰ নাটকীয় ৰচনা ইৰাণৰ তেহৰাণৰ মূল মঞ্চত পৰিবেশন কৰা হৈছে।২১২২ তেওঁৰ ছখন২৩ নাটক আমেৰিকান-ইংৰাজীলৈ আন্তঃশাখা শিল্পী চাৰা কেমেৰন ছুণ্ডে অনুবাদ কৰিছে। তেওঁ অনুবাদ কৰা ৰচনাসমূহৰ ভিতৰত উল্লেখযোগ্য সমূহ হৈছে নাইট চিংছ ইটছ ছংছ২৪ (২০০৪), ডেথভেৰিয়েচনছ২৫ (২০০৬), ছাকালা২৬ (২০০৮), এ ছামাৰ ডে২৭২৮ (২০১২), আৰু ড্ৰিম অটুইম২৯ (২০১৩)।

২০২২ চনৰ এপ্ৰিল মাহত ডেমিয়ন ছিয়াৰ্লছৰ ইংৰাজীলৈ অনুবাদ কৰা ফ'ছেৰ উপন্যাস এ নিউ নেম: চেপ্ট'লজি VI-VII আন্তৰ্জাতিক বুকাৰ বঁটাৰ বাবে চৰ্টলিষ্ট কৰা হৈছিল।৩০ ২০২৩ চনৰ কল্পকাহিনীত ৰাষ্ট্ৰীয় গ্ৰন্থ সমালোচক চক্ৰ বঁটাৰ বাবে এই গ্ৰন্থখনক চূড়ান্ত প্ৰতিযোগী হিচাপে নিৰ্বাচিত কৰা হৈছিল।৩১

২০২৩ চনৰ অক্টোবৰ মাহত ফ'ছেক সাহিত্যৰ ন'বেল বঁটা প্ৰদান কৰা হয়।৩২ ইয়াৰ ফলত তেওঁ এই বঁটা লাভ কৰা প্ৰথমজন নিনৰ্স্ক ভাষাৰ লেখক৩৩ আৰু ১৯২৮ চনত এই বঁটা লাভ কৰা চিগ্ৰিড আনডছেটৰ পিছত এই বঁটা লাভ কৰা চতুৰ্থজন নৰৱেৰ লেখক হিচাপে পৰিগণিত হয়।৩৪

ব্যক্তিগত জীৱন

ফ’ছে তিনিবাৰকৈ বিবাহপাশত আবদ্ধ হৈছে। ১৯৮০ চনৰ পৰা ১৯৯২ চনলৈকে নাৰ্ছ ব্যোৰ্গ চিছেল (জন্ম ১৯৫৯)ৰ সৈতে দাম্পত্য জীৱন অতিবাহিত কৰিছিল। তেওঁলোকৰ এজন পুত্ৰ সন্তান আছে। বিবাহ বিচ্ছেদৰ পিছৰ বছৰত তেওঁ ভাৰতীয়-নৰ্ৱেজিয়ান অনুবাদক আৰু লেখিকা গ্ৰেথে ফাতিমা ছায়েদৰ সৈতে বিবাহপাশত আবদ্ধ হয় যদিও পিছলৈ তেওঁলোকৰো বিচ্ছেদ ঘটে। বিবাহৰ সময়ত তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছিল।৩৫৩৬১১

ফ'ছে তেওঁৰ তৃতীয় পত্নী আনা ফ'ছে (মৃত্যু ২০১১)ৰ সৈতে অষ্ট্ৰিয়াৰ হাইনবাৰ্গ আৰু ডেৰ ড’নাউত কটায়। তেওঁৰ বাৰ্গেনত আৰু পশ্চিম নৰৱেৰ অন্যান্য অঞ্চলত আৰু দুটা ঘৰ আছে।১৩ মূলতঃ তেওঁ চাৰ্চ অৱ নৰৱেৰ সদস্য আছিল যদিও ২০১২ চনৰ আগতে তেওঁ নিজকে নাস্তিক বুলি বৰ্ণনা কৰিছিল। ২০১২–২০১৩ চনত তেওঁ কেথলিক গীৰ্জাত যোগদান কৰে আৰু মদ্যপানৰ দীৰ্ঘম্যাদী সমস্যাসমূহৰ সমাধানৰ বাবে স্বেচ্ছাই পুনৰ্বাসন স্বীকাৰ কৰে।১৯

বঁটা আৰু সন্মান

সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ইয়ন ফ'ছে বহুতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে।

  • ১৯৯২ চনৰ নিনৰ্স্ক সাহিত্য বঁটা৩৭
  • ১৯৯৬ চনৰ ইবছেন বঁটা৫৩
  • ১৯৯৭ চনৰ আশ্বেহাউগ বঁটা৩৮
  • ১৯৯৯ চনৰ ছ'ৰেন গিলডেণ্ডেল বঁটা৫
  • ১৯৯৯ চনৰ ডব্লগ বঁটা৩৯
  • ২০০০ চনৰ নেষ্ট্ৰয় থিয়েটাৰ বঁটা
  • ২০০০ চনৰ নৰ্ডিক নাট্যকাৰ বঁটা
  • ২০০৩ চনত Norsk kulturråds ærespris
  • ২০০৩ চনৰ নিনৰ্স্ক সাহিত্য বঁটা
  • ২০০৩ চনত ফ্ৰান্সৰ অৰ্ডে নেচনেল ডু মেৰাইটৰ চেভালিয়েৰ (২০০৩)
  • ২০০৪ চনৰ ডিক্টাৰ্টাভলা বঁটা
  • ২০০৫ চনৰ ব্ৰেজ বঁটা
  • ২০০৫ চনত চেইণ্ট অলাভৰ ৰয়েল নৰৱেজিয়ান অৰ্ডাৰৰ কমাণ্ডাৰ৪০
  • ২০০৬ চনৰ এণ্ডাৰছ জাহৰেছ সংস্কৃতি বঁটা
  • ২০০৭ চনত ছুইডিছ একাডেমী নৰ্ডিক বঁটা৪১৪২
  • ২০০৭ ফেডাৰেল পৰিয়াল পৰিক্ৰমা মন্ত্ৰালয়ৰ ডয়চাৰ জুগেণ্ডলিটাৰেটাৰপ্ৰেইছ৪৩
  • ২০১০ চনৰ ইবছেন বঁটা৪৪
  • ২০১২ চনৰ টাৰ্গেট প্ৰাইজ
  • ২০১৪ চনৰ ইউৰোপীয় সাহিত্যৰ বঁটা৪৫
  • ২০১৫ চনৰ নৰ্ডিক কাউন্সিল সাহিত্য বঁটা৪৬
  • ২০১৬ চনৰ উইলি ব্ৰেণ্ড বঁটা
  • ২০১৯ চনৰ নিনৰ্স্ক সাহিত্য বঁটা৫৪৭
  • ২০২১ চনৰ কল্পকাহিনীৰ বাবে ব্ৰেজ বঁটা
  • ২০২৩ চনৰ সাহিত্যৰ ন'বেল বঁটা
  • ষ্ট্ৰেণ্ডবাৰ্মতৰ ফ'ছে ফাউণ্ডেশ্যন হৈছে ফ'ছে আৰু তেওঁৰ কৰ্মৰাজিৰ প্ৰতি উৎসৰ্গিত এটা সংস্থা। এই অট্টালিকাটো ফ'ছেৰ শৈশৱৰ ঘৰ আৰু তেওঁৰ ককা-আইতাকৰ এটা ঘৰৰ ওচৰত অৱস্থিত।১৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Frank Johnsen/Bergens Tidende: -Eg skriv aldri sjølvbiografisk – Intervju med Jon Fosse – Aftenposten 4. november 2020
  2. ↑ Jon Fosse – "take it or leave it". NRK
  3. ↑ Jon Fosse
  4. ↑ NRK. (19 August 2005). Jon Fosse – «take it or leave it». NRK
  5. ↑ Drangsholt, Janne Stigen; Rottem, Øystein; Surén, Odd Wilhelm. (5 October 2023). Jon Fosse. Store norske leksikon
  6. ↑ (10 September 2019). «Nokon kjem til å kome»: Mørk meditasjon over ensomheten. Dagsavisen
  7. ↑ H.H. Andersson, Jon Fosse i teaterhistorien, kunstinstitusjonen og markedet, University of Oslo, 2003
  8. ↑ Bordemann, Suzanne. (26 March 2012). «Man må føre menneskeheten ut av fryktens og den tålmodige sløvhetens primitive stadier» – Om den tyskspråklige resepsjonen av Jon Fosses tidlige dramatikk. Norsk Litteraturvitenskapelig Tidsskrift. পৃ. 46–59
  9. ↑ (8 May 2005). Hva er det med Jon Fosse?. www.bt.no
  10. ↑ Creamer, Ella. (5 October 2023). Jon Fosse wins the 2023 Nobel prize in literature. The Guardian
  11. ↑ Storfjell, Troy. (2004). Dictionary of Literary Biography: Twentieth-Century Norwegian Writers. Gale. পৃ. 95–101. ISBN 0-7876-6834-6
  12. ↑ "I have to talk about it because it's so fundamental to me: at the age of seven, I was close to death because of an accident . . I could see myself sitting here . . everything was peaceful, and I looked at the houses back home, and I felt quite sure that I saw them for the last time as I was going to the doctor. Everything was shimmering and very peaceful, a very happy state, like a cloud of particles of light. This experience is the most important experience from my childhood. And it has been very formative for me as a person, both in good and in bad ways. I think it created me as a kind of artist." ('Jon Fosse's Search for Peace'. The New Yorker, 13 November 2022)
  13. ↑ Merve Enre. (13 November 2022). Jon Fosse's Search for Peace. The New Yorker
  14. ↑ (5 October 2023). Winner of the 2023 Nobel Prize in Literature announced. The Independent
  15. ↑ (1 January 2023). What's on my bookshelf: Jon Fosse · The Booker Prizes. thebookerprizes.com
  16. ↑ Fransk heder til Fosse, nrk.no
  17. ↑ (30 October 2007). Top 100 living geniuses. Telegraph.co.uk
  18. ↑ Winje Agency. Winje Agency
  19. ↑ Kvamme, Kjell. (16 November 2013). Jon Fosse er blitt katolikk: Som å kome heim. Vårt Land (Norwegian newspaper)
  20. ↑ NRK. (27 October 2015). Fosse vant Nordisk råds litteraturpris. NRK
  21. ↑ (4 November 2006). Iranian actor Kianian to perform in Fosse play. Mehr News Agency
  22. ↑ Behnegarsoft.com. (1 January 2011). IBNA – 2nd stage shortlisted works of Dramatic Arts. Iran's Book News Agency (IBNA)
  23. ↑ Sarah Cameron Sunde · Translating + Oslo Elsewhere
  24. ↑ Gates, Anita. (17 June 2004). THEATER IN REVIEW; A Man, a Woman and a Baby, Locked in a Northern Nightmare. The New York Times
  25. ↑ Gates, Anita. (21 August 2006). Young Suicide in the Eyes of Norwegian Playwrights Old and New, Ibsen and Non-Ibsen. The New York Times
  26. ↑ Willis, Paul. (12 September 2008). As Few Words as Possible Sarah Cameron Sunde on Jon Fosse. The Brooklyn Rail
  27. ↑ Brantley, Ben. (26 October 2012). Tides Come and Go, but She Won't. The New York Times
  28. ↑ Kozinn, Allan. (21 October 2012). A Lifetime of Regret, Born in a Moment. The New York Times
  29. ↑ Stage review: 'Dream of Autumn' a surreal journey. Pittsburgh Post-Gazette
  30. ↑ Knight, Lucy. (7 April 2022). International Booker prize shortlist delivers 'awe and exhilaration'. The Guardian
  31. ↑ Varno, David. (1 February 2023). NATIONAL BOOK CRITICS CIRCLE ANNOUNCES FINALISTS FOR PUBLISHING YEAR 2022. National Book Critics Circle
  32. ↑ Marshall, Alex. (5 October 2023). Nobel Prize in Literature: Jon Fosse Is the 2023 Laureate. The New York Times
  33. ↑ Oltermann, Philip. (5 October 2023). Jon Fosse's Nobel prize announces his overdue arrival on the global stage. The Guardian
  34. ↑ Keyton, David. Norwegian author Jon Fosse wins the Nobel Prize in literature. ABC News
  35. ↑ Drangsholt, Janne Stigen; Rottem, Øystein; Surén, Odd Wilhelm. (5 October 2023). Jon Fosse. Store norske leksikon
  36. ↑ (20 April 2018). Syéd-familien. Dag og Tid
  37. ↑ Nynorsk litteraturpris
  38. ↑ Jon Fosse (NORWAY). AO International
  39. ↑ Store norske leksikon (2005–2007). Doblougprisen. Store norske leksikon
  40. ↑ Tildelinger av ordener og medaljer. Det norske kongehus
  41. ↑ (13 March 2007). Jon Fosse prisas av Svenska Akademien. nummer.se
  42. ↑ (13 March 2007). Fosse får Akademiens nordiska pris. DN.se
  43. ↑ 2007 Archive
  44. ↑ Jon Fosse. internationalibsenaward.com
  45. ↑ (19 November 2014). Laureate 2014 (Press Release). City of Strasbourg
  46. ↑ (2013). Prize ceremony 2015. norden.org
  47. ↑ Drangsholt, Jamme. (5 October 2023). Jon Fosse. Store norske leksikon

সম্পৰ্কিত শ্ৰেণী

নৰৱে'ৰ ব্যক্তিসাহিত্যিকনাট্যকাৰঔপন্যাসিকসাহিত্যৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইয়ন ফ'ছে” প্ৰবন্ধৰ সংশোধন ৫৭০৩৫৪ (১৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।