২০১০ বৰ্ষৰ চলচ্চিত্ৰ
৭ প্ৰবন্ধ
-
পান সিং তোমৰ (চলচ্চিত্ৰ)
পান সিং তোমৰ ( Paan Singh Tomar) ২০১০ চনত মুক্তি পোৱা ভাৰতীয় হিন্দী ভাষাৰ এখন জীৱনীমূলক ছবি, য'ত ভাৰতীয় সেনাবাহিনীৰ এজন সৈনিক আৰু সাতবাৰৰ ৰাষ্ট্ৰীয় ষ্টীপলচেজ চেম্পিয়ন আৰু পিছলৈ অস্ত্ৰধাৰী ডকাইতলৈ পৰিণত হোৱা পান সিং তোমৰৰ জীৱনৰ বিষয়ে বৰ্ণিত হৈছে।
-
আই এম (২০১০ চলচ্চিত্ৰ)
আই এম ( I Am ) ২০১০ চনৰ অ’নিৰৰ পৰিচালনাত ভাৰতীয় হিন্দী ভাষাৰ চলচ্চিত্ৰ সংকলন। এইখন চাৰিখন চুটি ছবিৰ সংকলন: "ওমৰ", "আফিয়া", "অভিমন্যু", আৰু "মেঘা"। প্ৰতিখন ছবিৰ কাহিনীত এক ধৰণৰ সংশয়ে ক্ৰিয়া কৰি আছে আৰু আটাইকেইখনে বাস্তৱ জীৱনৰ কাহিনীৰ ওপৰত আধাৰিত।
-
আৰেকটি প্ৰেমেৰ গল্প
আৰেকটি প্ৰেমেৰ গল্প ( Just Another Love Story ) ২০১০ চনৰ বাংলা চলচ্চিত্ৰ নিৰ্মাতা কৌশিক গাংগুলীৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় নাট্যধৰ্মী চলচ্চিত্ৰ। ইয়াত অভিনয় কৰিছে ঋতুপৰ্ণ ঘোষ আৰু ইন্দ্ৰনীল সেনগুপ্তই।, ঘোষে ইয়াত এজন ট্ৰাঞ্চজেণ্ডাৰ চলচ্চিত্ৰ নিৰ্মাতাৰ চৰিত্ৰত অভিনয় কৰিছে।
-
ইতি মৃণালিনী
ইতি মৃণালিনী ( An Unfinished Letter ) ২০১১ চনত বাংলা চলচ্চিত্ৰ নিৰ্মাতা অপৰ্ণা সেনৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় নাট্যধৰ্মী ছবি। সেনে ৰঞ্জন ঘোষৰ সৈতে সহযোগিতাৰে কাহিনী আৰু চিত্ৰনাট্য ৰচনা কৰিছিল। এই ছবিখনৰ প্ৰযোজক আছিল শ্ৰী ভেংকটেশ ফিল্মছ প্ৰাইভেট লিমিটেডৰ শ্ৰীকান্ত মহতা আৰু মহেন্দ্ৰ ছোনীয়ে।
-
এঞ্জেলছ অৱ ছেক্স (চলচ্চিত্ৰ)
এঞ্জেলছ অৱ ছেক্স (El Sexo de los Ángeles) হৈছে জেভিয়াৰ ভিলাভাৰ্ডেৰ এখন স্পেনিছ ছবি য'ত আলভাৰো চাৰ্ভান্টেছ, আষ্ট্ৰিড বাৰ্গেছ-ফ্ৰিছবে আৰু ল'ৰেন্স গনজালেজে অভিনয় কৰিছে। ২০১২ চনত এইখন চলচ্চিত্ৰ মুক্তি লাভ কৰে। তাৰোপৰি ইয়াক কাটালন ভাষাতো ডাব কৰা হৈছে।
-
মাচো লাইক মি
মাচো লাইক মি (ইংৰাজী: Macho Like Me) হ’ল হেলি লীৰ দ্বাৰা পৰিচালিত আৰু অভিনীত এখন তথ্যচিত্ৰ। এই ছবিখনত তেওঁ এটা সামাজিক পৰীক্ষা চলাইছে য’ত তেওঁ নিজৰ চুলি কাটি আৰু পুৰুষৰ পোছাক পৰিধান কৰি এগৰাকী প্ৰতিষ্ঠিত মহিলাৰ পৰা এজন "পুৰুষ"লৈ নিজৰ ৰূপান্তৰ ঘটাইছে আৰু পুৰুষসুলভ জগতখনত খোজ দিছে।
-
ৰিৱায়ত
ৰিৱায়ত (Riwayat) (অনুবাদঃ পৰম্পৰা) হ'ল ২০১০ চনত বিজয় পাটকাৰৰ দ্বাৰা পৰিচালিত আৰু অজয় ৰানে আৰু সঞ্জয় পাটোলেৰ প্ৰযোজনাত নিৰ্মিত এখন ভাৰতীয় বোলছবি। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে খালিদ ছিদ্দিকী, সমপিকা দেৱনাথ, সৌৰভ ডুবে আৰু সলিল অংকোলাই। ছবিখন ভাৰতত কন্যা ভ্ৰূণহত্যা বিষয়ৰ ওপৰত আধাৰিত।