উদ্বেগজনক বিকাৰ (Anxiety disorder)১ হৈছে মানসিক বিকাৰৰ এটা গোট যাৰ বৈশিষ্ট্য হৈছে উদ্বেগ আৰু ভয়ৰ উল্লেখযোগ্য অনুভূতি।২ উদ্বেগ হৈছে জৱিষ্যতৰ পৰিঘটনাৰ চিন্তা, আনহাতে ভয় হৈছে সাম্প্ৰতিক পৰিঘটনাৰ প্ৰতিক্ৰিয়া। এই অনুভূতিৰ ফলত হৃদস্পন্দন বৃদ্ধি আৰু কম্পনৰ দৰে শাৰীৰিক লক্ষণ আদিয়ে দেখা দিব পাৰে।২৩সাধাৰণ উদ্বেগ বিকাৰ, নিৰ্দিষ্ট ভয়, পৃথককৰণৰ উদ্বেগ, এগোৰাফ'বিয়া, আতংক, আৰু নিৰ্বাচিত মিউটিজম আদি কেইবাটাও উদ্বেগজনক বিকাৰ আছে।২ এইসমূহৰ লক্ষণসমূহত বিকাৰৰ পাৰ্থক্য থাকে। এজন ব্যক্তিৰ এটাতকৈ অধিক উদ্বেগজনক বিকাৰ হ'ব পাৰে।২
উদ্বেগজনক বিকাৰৰ কাৰণ জিনীয় আৰু পৰিৱেশগত কাৰকৰ সমন্বয় বুলি ভবা হয়। বিপদজনক কাৰকসমূহৰ ভিতৰত শিশু নিৰ্যাতনৰ ইতিহাস, পাৰিবাৰিক মানসিক বিকাৰৰ ইতিহাস আৰু দৰিদ্ৰতা আদি অন্তৰ্ভুক্ত। উদ্বেগজনিত বিকাৰ প্ৰায়ে অন্যান্য মানসিক বিকাৰৰ সৈতে দেখা দিয়ে, বিশেষকৈ মেজৰ ডিপ্ৰেছিভ ডিছঅৰ্ডাৰ, ব্যক্তিত্বৰ বিকাৰ আৰু দ্ৰব্য ব্যৱহাৰৰ বিকাৰ।২ ৰোগ নিৰ্ণয় কৰিবলৈ লক্ষণসমূহ সাধাৰণতে মানুহৰ গাত কমেও ৬ মাহে সক্ৰিয় হ'ব লাগে। এনে লক্ষণ সমূহ পৰিস্থিতিৰ বাবে আশা কৰিব পৰাতকৈয়ো অধিক হ'ব লাগে আৰু ই ব্যক্তিৰ দৈনন্দিন জীৱনত কাম কৰাৰ ক্ষমতাক হ্ৰাস কৰিব লাগে। আন আন সমস্যাসমূহৰ ফলত একে ধৰণৰ লক্ষণ দেখা দিব পাৰে, যেনে- হাইপাৰথাইৰয়ডিজম; হৃদৰোগ, কেফেইন, মদ, বা ভাঙৰ ব্যৱহাৰ। ইয়াৰোপৰি কিছুমান পূৰ্বে ব্যৱহৃত ঔষধৰ পৰা আঁতৰি থকা আদি৪ উদ্বেগজনক বিকাৰসমূহ অত্যধিক বা স্থায়ী স্বাভাৱিক ভয় বা উদ্বেগৰ পৰা পৃথক।
তথ্যসূত্ৰ
- ↑ MARQUEZ, CHAREE. LMFT. California Prime Recovery
- ↑ (2013). Diagnostic and statistical manual of mental disorders 5th edition: ((DSM-5)). American Psychiatric Association. পৃ. 189–195. ISBN 978-0-89042-555-8
- ↑ (2009). Pharmacological treatment of mental disorders in primary health care. World Health Organization. ISBN 978-92-4-154769-7
- ↑ Hovenkamp-Hermelink, Johanna H. M.; Jeronimus, Bertus F.; Myroniuk, Solomiia. (May 2021). Predictors of persistence of anxiety disorders across the lifespan: a systematic review. The Lancet. Psychiatry. পৃ. 428–443
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উদ্বেগজনিত বিকাৰ” প্ৰবন্ধৰ সংশোধন ৫৩৭৮৭৭ (৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।