উদ্বিগ্নতা (মানসিক উদ্বিগ্নতা, anxiety) মনোজগতৰ অস্থিৰতাৰ জৰিয়তে দেখা দিয়া এক বিশেষ অপ্ৰীতিকৰ আৰু অনাকাংক্ষিত আৱেগিক প্ৰাৱস্থা। মানসিক উদ্বিগ্নতা সাধাৰণতেই স্নায়ৱিক বিৱশতাৰ আচৰণ, যেনে উচপিচনি (লৰা-ঢপৰাকৈ অগা-পিছা কৰা), স্বেচ্ছাপ্ৰবৃত্ত বা ছ'মাটিক (somatic) উদ্বেগ, আৰু অপ্ৰত্যাশিত পৰিস্থিতি বা ঘটনাৰ সম্পৰ্কে অস্থিৰ ৰোমন্থন বা পূৰ্বানুমান, ইত্যাদিৰ সৈতে সংপৃক্ত। স্বেচ্ছাপ্ৰবৃত্ত স্নায়ুতন্ত্ৰ (somatic nervous system) প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ এক অংশ, যি ঐচ্ছিক পেশীসমূহৰ মাধ্যমেৰে শৰীৰত লৰ-চৰ কৰা স্বতঃপ্ৰবৃত্ত ক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰে, আৰু স্বেচ্ছাপ্ৰবৃত্ত বা ছ'মাটিক উদ্বেগ হৈছে এইসমূহৰ লগত জড়িত উদ্বেগ।১ ই মূলতঃ ভৱিষতব্য কোনো ঘটনাৰ সম্পৰ্কে পূৰ্বানুমানৰ জৰিয়তে সৃষ্ট অস্বস্তিকৰ আৰু অস্থিৰ মনোৱস্থা বা মানসিক সন্ত্ৰস্ততাৰ সৈতে জড়িত।২
উদ্বিগ্নতা অস্বস্তি আৰু দুশ্চিন্তাৰ সৈতে জড়িত অপ্ৰীতিকৰ অনুভূতি। আপাতত সাধাৰণ পৰিস্থিতিকেই আত্মপ্ৰসূত চিন্তাৰে অ-কেন্দ্ৰীভুত আৰু অতিঃপ্ৰতিক্ৰিয়াশীল ত্ৰাসগ্ৰস্ত ৰূপ দিয়াকেই সাধাৰণতে মানসিকভাৱে উদ্বিগ্ন অৱস্থা হিচাপে চিহ্নিত কৰা হয়।৩ উদ্বিগ্নতাৰ সৈতে প্ৰায়েই পেশীজনিত উত্তেজনা,৪ অস্থিৰতা, ক্লান্তি আৰু মনোযোগহীনতাৰ সমস্যা সংপৃক্ত হৈ থাকে। উদ্বিগ্নতা ভীতিগ্ৰস্ততাৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। ভীতিগ্ৰস্ততা বাস্তৱ আৰু অনুধাৱিত তাৎক্ষণিক বিপদৰ ভাবুকি বা উৎসৰ সৈতে জড়িত, আৰু উদ্বিগ্নতা ভৱিষ্যতৰ কোনো উপাদানৰ পৰা প্ৰত্যাশিত বিপদ বা শংকাৰ পৰা উদ্ভূত।৪ উদ্বেগগ্ৰস্থ ব্যক্তিয়ে সাধাৰণতে অতীতৰ উদ্বিগ্নতা উদ্বুদ্ধকাৰী পৰিস্থিতিৰ পৰা আঁতৰি থাকিব খোজে।৫
উদ্বেগজনিত ব্যাধিসমূহ বিকাশগতভাৱে স্বাভাৱিক ভয়ৰ সৈতে সংপৃক্ত উদ্বিগ্নতাৰ পৰা পৃথক। এই ব্যাধিগত উপসৰ্গসমূহ (অৰ্থাৎ ভয় বা উদ্বিগ্নতা) বিকাশৰ উপযুক্ত সময়কালৰ বাহিৰতো অতিৰিক্ত বা দীৰ্ঘসময় ধৰি বৰ্তি থাকে। অত্যধিক মানসিক চাপৰ ফলস্বৰূপে (মাহ ধৰি বা কেতিয়াবা ততোধিক) সৃষ্ট এইবিলাক উপসৰ্গ কোনো কাৰণজনিত সাময়িক বা ক্ষণস্থায়ী ভয় বা উদ্বিগ্নতাৰ পৰাও পৃথক, আৰু সাধাৰণতে ছমাহ বা তাতোকৈ বেছিদিন ধৰি থাকে। উল্লেখ্য যে, উদ্বিগ্নতাৰ ব্যাধি নিৰূপনৰ বাবে সময়ৰ এই অনুমাপক নমনীয়, আৰু ই এক সাধাৰণ নিৰ্দেশক মাপকাঁঠিহে। বিশেষতঃ শিশুসকলৰ ক্ষেত্ৰত উপসৰ্গৰ স্থিতিকাল সাধাৰণতে সংক্ষিপ্ত হয়।৪
উদ্বিগ্নতা বনাম ভয়

উদ্বিগ্নতা ভয়ৰ পৰা পৃথক। ভয় হৈছে অনুভূত কোনো আসন্ন অমঙ্গল অথবা বিপদৰ উৎসৰ প্ৰতি সৃষ্ট এক আৱেগিক প্ৰতিক্ৰিয়া।৬ উদ্বিগ্নতা যুঁজা-অন্যথা-পলোৱা প্ৰতিক্ৰিয়া (fight-or-flight response), প্ৰতিৰক্ষামূলক আচৰণ, অথবা পলায়নবাদী চিন্তাৰ সৈতে সম্পৰ্কিত।৭ ই অনিয়ন্ত্ৰয়নীয় বা অনিবাৰ্যমূলক যেন অনুভূত, বা আত্মপ্ৰসূত পৰিস্থিতিতহে উদ্ভৱ হয়, কিন্তু বাস্তৱিকতে সেই বিশেষ পৰিস্থিতিটো তেনে নহ'বও পাৰে।৮ প্ৰখ্যাত মনোবিজ্ঞানী আৰু মনোৰোগ বিশেষজ্ঞ ডেভিদ বাৰ্ল'ই উদ্বিগ্নতাৰ সংজ্ঞা এইদৰে ডাঙি ধৰিছে- "ই এক ভবিষ্যৎ মুখী মানসিক অৱস্থা য'ত ভুক্তভোগীজন অনাগত আৰু সম্ভাৱ্য ঋণাত্মক সংঘটনৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুত হৈ নুঠে,"৯ আৰু ভৱিষ্যত আৰু বৰ্তমানৰ মাজৰ প্ৰভেদসূচক বৈশিষ্ট্যই উদ্বিগ্নতা আৰু ভয়ৰ মাজৰ সীমাৰেখা। আন এক বৰ্ণনা অনুসৰি উদ্বিগ্নতা হৈছে মৰ্মবেদনা, আতংক, সন্ত্ৰাস, বা আনকি সংশয়ৰ এক মনোৱস্থা।১০ ধনাত্মক মনোবিজ্ঞান (positive psychology)-ত উদ্বিগ্নতাক কোনো জটিল প্ৰত্যাহ্বান মোকাবিলা কৰিব পৰাকৈ ভুক্তভোগীৰ কৌশলগত অপৰ্যাপ্ততাৰ ফলস্বৰূপে সৃষ্ট এক মানসিক অৱস্থা হিচাপে আখ্য দিয়া হয়।১১
ভয় আৰু উদ্বিগ্নতাক চাৰিটা ক্ষেত্ৰৰ ওপৰত ভিত্তি কৰি পৃথক কৰিব পাৰি: (১) সংবেদনশীল অভিজ্ঞতাৰ ব্যাপ্তিকাল, (২) ক্ষণস্থায়ী কেন্দ্ৰিকতা, (৩) বিপদৰ নিৰ্দিষ্টতা, আৰু (৪) কাৰণযুক্ত দিশ। ভয় হৈছে ক্ষণস্থায়ী, বৰ্তমান কেন্দ্ৰিক, কোনো বিশেষ শংকাৰ উৎসৰ প্ৰতি গতিযুক্ত, আৰু ই বিপদৰ কাৰণৰ পৰা ভুক্তভোগীৰ পৰিত্ৰাণৰ ক্ষেত্ৰত সাহায্য কৰে। অন্যহাতে উদ্বিগ্নতা হৈছে দীৰ্ঘস্থায়ী, ভৱিষ্যত কেন্দ্ৰিক, কোনো পৰিব্যাপ্ত বিপদৰ প্ৰতি বিস্তৃতভাৱে কেন্দ্ৰিক, আৰু ই সম্ভাৱনীয় শংকাৰ কাৰণৰ মুখামুখি হোৱাৰ ক্ষেত্ৰত ভুক্তভোগীক অতিমাত্ৰা সাৱধানতা ল'বলৈ প্ৰৰোচিত কৰে, আৰু সেইবাবেই প্ৰত্যাহ্বানমূলক পৰিস্থিতি গঠনমূলকভাৱে মোকাবিলা কৰাত ই হস্তক্ষেপ কৰে।১২
Joseph E. LeDoux আৰু Lisa Feldman Barrett-এ বিপদৰ প্ৰতি স্বয়ংক্ৰিয় প্ৰতিক্ৰিয়াক উদ্বিগ্নতাৰ সৈতে জড়িত অতিৰিক্ত স্নায়ৱিক বা বোধভিত্তিক সক্ৰিয়তাৰ পৰা পৃথককৈ চাব খোজে।১৩১৪
লক্ষণসমূহ
উদ্বিগ্নতা দীৰ্ঘদিন ধৰি আৰু দৈনিক ৰূপত দেখা দিয়া লক্ষণৰ জৰিয়তে ভুক্তভোগীয়ে অনুভৱ কৰে, আৰু এইসমূহে জীৱনৰ মানদণ্ড অৱনমিত কৰে। এনেধৰণৰ ব্যাধিক সঞ্চিত (বা সাধাৰণীকৃত) (chronic anxiety) উদ্বিগ্নতা হিচাপে জনা যায়। কোনো কোনো ক্ষেত্ৰত উদ্বিগ্নতাই বিক্ষিপ্ত বা অসংহত, মানসিক চাপযুক্ত পে'নিক এটে'কৰ সংক্ষিপ্ত উদ্দীপনা হিচাপেও দেখা দিয়ে, আৰু ইয়াক তাৎক্ষণিক বা তীব্ৰ উদ্বিগ্নতা (acute anxiety) বুলি জনা যায়।১৫ সংখ্যা, তীব্ৰতা, সঘনতা আৰু ভুক্তভোগী ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰি উদ্বিগ্নতাৰ ব্যাধিৰ লক্ষণসমূহ বহুপ্ৰকাৰৰ। এইটো অনস্বীকাৰ্য যে, প্ৰায় প্ৰতিজন ব্যক্তিয়েই তেওঁলোকৰ জীৱনৰ কোনো এক পৰ্যায়ত উদ্বিগ্নতাৰ সমস্যাৰ মুখামুখি হয় যদিও ইয়াৰে অধিকাংশই দীৰ্ঘদিনীয়া ব্যাধিৰ সৃষ্টি নকৰে। অৱশ্যে, উদ্বিগ্নতা মনোৰোগ সংক্ৰান্তিয় আৰু শৰীৰবৃত্তীয় বিভিন্ন লক্ষণৰ জৰিয়তে প্ৰকাশিত হয়।১৬১৭
উদ্বিগ্নতাৰ পৰা হতাশগ্ৰস্ততাৰ ব্যাধি হোৱাৰ সম্ভাৱনা থাকে, আৰু তীব্ৰতৰ ক্ষেত্ৰত ভুক্তভোগীয়ে নিজৰ ওপৰতে অত্যাচাৰ কৰাৰ দৰে পৰিস্থিতিও উদ্ভৱ হয়। সেই কাৰণেই প্ৰায়বোৰ দেশতে ২৪ ঘণ্টীয়া আত্মহত্যা প্ৰতিৰোধী সহায়ক হটলাইন উপলব্ধ কৰোৱা হৈছে।১৮
উদ্বিগ্নতাৰ আচৰণগত প্ৰভাৱসমূহৰ ভিতৰত এটা হৈছে অতীজতে উদ্বিগ্নতা বা ঋণাত্মক চিন্ত্ৰা উদ্ৰেককাৰী পৰিস্থিতিৰ পৰা ভুক্তভোগীৰ স্বেচ্ছা অপসৰণ।৫ অন্য প্ৰভাৱসমূহৰ কেইটামান হৈছে শয়ন চক্ৰৰ পৰিৱৰ্ত্তন, অভ্যাসৰ পৰিৱৰ্ত্তন, খাদ্য গ্ৰহণৰ পৰিমাণ বৃদ্ধি বা হ্ৰাস, আৰু পেশী টানি ধৰা।৫
উদ্বিগ্নতাৰ আৱেগিক প্ৰভাৱসমূহৰ অন্তৰ্ভুক্তিসমূহ হৈছে "সংশয় বা আতংকৰ অনুভূতি, মনোযোগ স্থাপনৰ অসুবিধা, উত্তেজনা বা ভীতিৰ অনুভূতি, নিকৃষ্ট সংঘটনৰ আশংকা, বিৰক্তি, অস্থিৰতা, বিপদৰ সংকেত (আৰু সংঘটন)-ৰ নিৰীক্ষণ (আৰু অপেক্ষা), আৰু আপোনাৰ মন উকা হৈ যোৱাৰ দৰে অনুভূতি",১৯ আৰু লগতে, "পীড়াদায়ক স্বপ্ন/দুঃস্বপ্ন, সংবেদনৰ ভ্ৰান্ত ধাৰণা, পূৰ্বানুভৱ (déjà vu), মনোবদ্ধ অনুভূতি (trapped-in-your-mind feeling), আৰু প্ৰতিটো বিষয়েই ভীতিজনক যেন হোৱা অনুভূতি।" ২০ অব্যৱস্থিত-চিত্ত (বা অস্পষ্ট বা ধুঁৱলী-কুঁৱলী) অনুভৱ, আৰু অসহায়বোধ- উদ্বিগ্নতাৰ আন প্ৰভাৱৰ ভিতৰুৱা লক্ষণ।২১
সন্ধিগ্ধ বিপদৰ ভাৱ, যেনে মৰণৰ শংকা, উদ্বিগ্নতাৰ বোধভিত্তিক প্ৰভাৱসমূহৰ ভিতৰত পৰে। "আপোনৰ মনত ভয় হ'ব পাৰে যে… আপুনি অনুভৱ কৰা বুকুৰ বিষটো প্ৰকৃততে এক প্ৰাণনাশী হাৰ্ট-এটে'ক, বা মূৰত হোৱা নিক্ষেপিত বিষটো এটা টিউমাৰ বা ধমনীস্ফীতি (aneurysm)ৰ ফল। মৃত্যুৰ ভাৱ যেতিয়া মনলৈ আহে আপুনি ভয়াৰ্ত হৈ পৰিব পাৰে, বা সাধাৰণ অৱস্থাতকৈ আপুনি মৃত্যুৰ বিষয়ে বেছিকৈ ভাৱিব পাৰে অথবা মৃত্যুৰ ভাৱ মনৰ পৰা কোনোপধ্যে আতঁৰাব নোৱাৰিবই পাৰে। "২২
উদ্বিগ্নতাৰ সৈতে জড়িত শৰীৰবৃত্তীয় লক্ষণসমূহ এনেধৰণৰ:১৬২৩
- স্নায়ৱিক: মূৰৰ বিষ, পেৰেথেছিয়া, ফেছিকুলেছন, ঘূৰ্ণীৰোগ, বা মূৰ্ছা যোৱা।
- পাচন সংক্ৰান্তিয়: পেটবিষ, বমি ভাৱ, অতিসাৰ, বদহজম, শুষ্ক মুখ, বা বলচ।
- শ্বাস-প্ৰশ্বাসজনিত: শ্বাসকষ্ট, বা দীৰ্ঘশ্বাস।
- হৃদযন্ত্ৰ সম্বন্ধীয়: বুকুৰ বিষ, ধৰফৰণি, বা দ্ৰুত হৃদস্পন্দন।
- পেশীজনিত: পেশীৰ ক্লান্তি, কম্পন বা পেশী সংকোচন।
- চৰ্ম সংক্ৰান্তিয়: ঘৰ্মাক্ত, বা খজুৱতি বা পোৰণি যুক্ত চৰ্ম।
- মুত্ৰ-ব্যৱস্থা সংক্ৰান্তিয়: সঘন প্ৰস্ৰাৱ, প্ৰস্ৰাৱৰ জৰুৰী অৱস্থা, dyspareunia, বা পুৰুষত্বহীনতা বা লিংগস্তম্ভনৰ সমস্যা, শ্ৰোণী অঞ্চলৰ বিষ।
মানসিকভাৱে উদ্বেগজনিত অৱস্থাত নিঃসৰিত চাপ হ'ৰমনে অন্ত্ৰৰ ক্ৰিয়া প্ৰভাৱিত কৰে, আৰু ইয়াৰ ফলস্বৰূপেই Exacerbate Irritable Bowel Syndrome (IBS)-ৰ দৰে ৰোগ সৃষ্টি কৰিব পাৰে।
উদ্বিগ্নতাৰ ধৰণ

উদ্বিগ্নতা বিভিন্ন ধৰণৰ আছে। কোনো ব্যক্তিবিশেষ বিভীষিকাৰ সম্মুখীন হ'লে বা অস্তিত্বৰ সংকটত বা নাস্তিবাদ (nihilism)ত ভুগিলে অস্তিত্বজনিত উদ্বিগ্নতাৰ সৃষ্টি হ'ব পাৰে। মানুহে গাণিতিক উদ্বিগ্নতা (mathematical anxiety), স্বেচ্ছাপ্ৰবৃত্ত উদ্বিগ্নতা (somatic anxiety), মঞ্চভীতি (stage fright), বা পৰীক্ষাৰ উদ্বেগ (test anxiety)-ৰ দৰে উদ্বিগ্নতাৰো মুখামুখি হয়। প্ৰত্যাখ্যানৰ প্ৰতি ভীতি আৰু সমাজৰ আন লোকৰ দ্বাৰা ঋণাত্মক মূল্যাংকনৰ ভীতি হৈছে সামাজিক উদ্বেগ (Social anxiety)।২৪
অস্তিত্বজনিত উদ্বেগ
দাৰ্শনিক চ'ৰেন কিয়েৰ্কেগাৰ্ড (Søren Kierkegaard)-ৰ The Concept of Anxiety (১৮৪৪) শীৰ্ষক গ্ৰন্থত "স্বাধীনতাৰ মুৰফুৰণি" ("dizziness of freedom")-ৰ সৈতে সংযুক্ত উদ্বিগ্নতা বা ভীতি বৰ্ণিত হৈছে। তেওঁ দায়িত্ববোধ আৰু বাছনিৰ আত্ম-চেতনাযুক্ত অনুশীলনৰ জৰিয়তে উদ্বিগ্নতাক ধনাত্মক অভিপ্ৰেতলৈ ৰূপান্তৰণৰ পৰামৰ্শ ডাঙি ধৰিছে। Art and Artist (১৯৩২) শীৰ্ষক গ্ৰন্থত, মনোবিদ অ'ট্ট' ৰেংক (Otto Rank)-এ লিখিছিল যে, জন্মৰ মনস্তাত্বিক অভিঘাত (psychological trauma) হৈছে অস্তিত্বজনিত উদ্বেগৰ বিশিষ্টতম প্ৰতীক। ই সৃষ্টিশীল ব্যক্তিৰ বিছিন্নকৰণ (separation), স্বাতন্ত্ৰ্য (individuation), আৰু পৃথক্কৰণ (differentiation)-ৰ প্ৰতি ভয় আৰু অভিলাষৰ যুগপৎ আৱেষ্টনী।
ধৰ্মতত্ত্ববিদ প'ল টিলিছ (Paul Tillich)-এ অস্তিত্বজনিত উদ্বেগক "অস্তিত্ব (being)-ই সম্ভাৱ্য অস্তিত্বহীনতা (nonbeing)-ৰ বিষয়ে জ্ঞাত অৱস্থা"২৫ হিচাপে বৈশিষ্ট্যভুক্ত কৰিছিল। তেওঁ অস্তিত্বহীনতা আৰু ইয়াৰ লগত জড়িত উদ্বিগ্নতাক তিনিটা শ্ৰেণীভুক্ত কৰিছিল: ontic (দশা আৰু মৰণ), নৈতিক (অপৰাধবোধ আৰু নিন্দা), আৰু আধ্যাত্মিক (শূন্যতা আৰু নিৰাৰ্থতা)। টিলিছৰ মতে আধুনিক কালত, এই তিনিধৰণৰ উদ্বেগৰ শেষৰবিধ, অৰ্থাৎ আধ্যাত্মিক উদ্বেগ সৰ্বাধিক পৰিলক্ষিত হয়। আনহাতে, প্ৰথম দুবিধ উদ্বেগ অতীজতে অধিক পৰিলক্ষিত হৈছিল। তেওঁ যুক্তি ডাঙি ধৰে যে, আধ্যাত্মিক উদ্বেগক মানৱ জীৱনৰ অংশ হিচাপে গ্ৰহণ কৰি ল'ব পাৰি। অথবা ইয়াক প্ৰতিহত কৰিব পৰা যায়, কিন্তু সেই ক্ষেত্ৰত তাৰ ঋণাত্মক পৰিণাম অৱধাৰিত। আধ্যাত্মিক উদ্বেগে ইয়াৰ ৰোগগত ৰূপত ব্যক্তিক "পৰম্পৰা আৰু কতৃত্বৰ দ্বাৰা সমৰ্থিত, সাৰমৰ্মৰ পদ্ধতিত প্ৰত্যয় সৃষ্টিৰ প্ৰতি আগুৱাই দিব" পাৰে, যদিও এইধৰণৰ "প্ৰত্যয় বাস্তৱতাৰ সুদৃঢ় ভেটিৰ ওপৰত আধাৰিত নহয়।" ২৫
Man's Search for Meaning শীৰ্ষক গ্ৰন্থৰ লেখক ভিক্ট'ৰ ফ্ৰেংকল (Viktor Frankl)-ৰ মতে, যেতিয়া এজন ব্যক্তি অত্যন্ত নশ্বৰ বিপদৰ সম্মুখীন হয়, তেতিয়া মৰণৰ নিকটকালত "অস্তিত্বহীনতাৰ অভিঘাত (trauma of nonbeing)"-ৰে সংগ্ৰাম কৰিবলৈ জীৱনৰ অৰ্থ অন্বেষণ কৰাটো মানুহৰ সকলোতকৈ প্ৰাথমিক ইচ্ছা হৈ পৰে।২৬
বিপদৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰি, মনোবিশ্লেষণাত্মক তত্ত্বই উদ্বিগ্নতা নিম্নোক্ত ধৰণক বৈশিষ্ট্যভুক্ত কৰিছে:
- বাস্তৱানুগ (realistic)
- স্নায়ৱিক পীড়াজনিত (neurotic)
- নৈতিক (moral)২৭
পৰীক্ষা আৰু নিষ্পাদন
Yerkes-Dodson law অনুসৰি, পৰীক্ষা, প্ৰদৰ্শন, বা প্ৰতিযোগিতামূলক অনুষ্ঠানত কোনো ব্যক্তিবিশেষক তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে উদ্বুদ্ধ কৰি তুলিবলৈ এক অনুকূল স্তৰৰ জাগৰণ (arousal) আৱশ্যকীয়। অৱশ্যে, যেতিয়া এই উদ্বেগ বা জাগৰণৰ স্তৰে অনুকূলতাৰ সীমা অতিক্ৰম কৰে, তেতিয়া ই কৰ্ম নিষ্পাদনত বিৰূপ প্ৰভাৱ পেলাই ইয়াক নিম্নগামীহে কৰে।২৮
পৰীক্ষাজনিত উদ্বেগ হৈছে ছাত্ৰ-ছাত্ৰী বা পৰীক্ষাৰ্থীৰ মনত কোনো পৰীক্ষাবিশেষত অকৃতকাৰ্য হোৱাৰ শংকাৰ ফলস্বৰূপে উদ্ভূত অসহজবোধ, সংশয়, বা স্নায়ৱিক দুৰ্বলাৱস্থা (nervousness)। যিসকল ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাজনিত উদ্বেগ থাকে তেওঁলোকে নিম্নোক্তবোৰৰ যিকোনো অনুভূতি অনুভৱ কৰিব পাৰে: পৰীক্ষাৰ ফলাফল বা গ্ৰে'ড (grade)ক আত্ম-সন্মানৰ সৈতে কৰা সংযুক্তি, শিক্ষকৰ দ্বাৰা বিব্ৰত হোৱাৰ ভয়, পিতৃ-মাতৃ আৰু বন্ধু-বান্ধৱৰ পৰা বিছিন্ন হোৱাৰ ভয়, সময়ৰ চাপ, নিয়ন্ত্ৰণ হেৰুওৱাৰ অনুভৱ ইত্যাদি। ঘৰ্ম নিঃসৰণ, মুৰফুৰণি, মূৰৰ বিষ, ধাৱিত হৃদস্পন্দন, বমিভাৱ, উচপিচনি, নিয়ন্ত্ৰণহীন ক্ৰন্দন বা হাস্য, আৰু ডেস্কত ঢোল বজোৱা ইত্যাদিবোৰ এই উদ্বেগৰ সাধাৰণ লক্ষণ। যিহেতু, পৰীক্ষাজনিত উদ্বেগ ঋণাত্মক মূল্যায়নৰ ভয়ৰ ওপৰত আধাৰিত,২৯ সেয়ে পৰীক্ষাজনিত উদ্বেগ এটা অপ্ৰতিম উদ্বেগৰ ব্যাধি নে ই এক সামাজিক ফ'বিয়াৰ এক বিশেষ ধৰণ সেই লৈ বিতৰ্ক আছে।৩০ DSM-IV-এ পৰীক্ষাজনিত উদ্বেগক সামাজিক ফ'বিয়াৰ এক ধৰণ হিচাপে শ্ৰেণীভুক্ত কৰে।৩১
অপৰিচিত, সামাজিক, আৰু আন্তঃগোট উদ্বিগ্নতা
সামাজিক প্ৰাণী হিচাপে মানুহক সাধাৰণতে সামাজিক গ্ৰহণীয়তাৰ প্ৰয়োজন হয়, আৰু সেয়ে আনৰ দ্বাৰা অ-স্বীকৃত হোৱাক লৈ কেতিয়াবা ভীতিত ভোগে। সামাজিক পৰিৱেশত আন লোকৰ দ্বাৰা মূল্যায়িত হোৱাৰ সংশয়ে উদ্বিগ্নতাৰ উদ্ভৱ কৰিব পাৰে।৩২
কমবয়সৰ ব্যক্তিৰ ক্ষেত্ৰত সামাজিক ভাৱ বিনিময়ৰ সময়ত, বিশেষকৈ অচিনাকি ব্যক্তিৰ মাজত, উদ্বিগ্নতা সাধাৰণভাৱেই দেখা যায়। ক্ষেত্ৰবিশেষে। এই উদ্বিগ্নতা প্ৰাপ্তবয়স্কতা প্ৰাপ্তিৰ সময়লৈও বৰ্তি থাকিব পাৰে, আৰু ই সামাজিক উদ্বিগ্নতা বা সামাজিক ফ'বিয়াৰ ৰূপ ল'ব পাৰে। সৰু ল'ৰা ছোৱালীৰ মাজত অপৰিচিত ব্যক্তিৰ প্ৰতি থকা আচহুৱা উদ্বিগ্নতাক ফ'বিয়া হিচাপে বিবেচনা কৰা নহয়। কিন্তু, প্ৰাপ্তবয়স্ক লোকৰ মাজত, অপৰিচিত ব্যক্তিৰ প্ৰতি অত্যধিক ভয় বিকাশগতভাৱে স্বাভাৱিক নহয়; আৰু ইয়াকেই সামাজিক উদ্বিগ্নতা বুলি আখ্যা দিয়া হয়। কাটিঙ (Cutting)-ৰ মতে, সামাজিকভাৱে ভীতগ্ৰস্ত লোকে জনসমাগমলৈ ভয় নকৰে, কিন্তু তেওঁলোক আন লোকৰ দ্বাৰা ঋণাত্মকভাৱে বিবেচিত হ'ব পাৰে বুলি ভয় কৰে।৩৩
মাত্ৰা আৰু প্ৰবলতাৰ ওপৰত নিৰ্ভৰ কৰি সামাজিক উদ্বিগ্নতা ভিন্ন ভিন্ন হ'ব পাৰে। কিছু ব্যক্তিৰ ক্ষেত্ৰত, ইয়াক শাৰীৰিক বা সামাজিক সংস্পৰ্শ (যেনে আলিংগন, কৰমৰ্দন, আদি)ৰ সময়ত অনুভূত অস্বস্তি বা অসহজবোধতাৰ জৰিয়তে চিহ্নিত কৰা হয়। অন্য কিছু ক্ষেত্ৰত, সামাজিক উদ্বিগ্নতাৰ ফলস্বৰূপে অপৰিচিত ব্যক্তিৰ লগত ভাৱ বিনিময়ৰ ক্ষেত্ৰত ভয়ৰেই জন্ম হ'ব পাৰে। এই ব্যাধিত ভুগি থকা ব্যক্তিয়ে ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ যতদূৰ সম্ভৱ সামাজিক ভাৱ বিনিময় হ্ৰাস কৰি নিজৰ জীৱনশৈলীক সীমাবদ্ধ কৰি তুলিব পাৰে। পৰিহাৰকাৰী ব্যক্তিত্ব ব্যাধি (avoidant personality disorder)-কে ধৰি কিছুমান বিশেষ ব্যক্তিত্ব ব্যাধি (personality disorder)-ৰ ক্ষেত্ৰত সামাজিক উদ্বিগ্নতা মূল অন্তঃদিশ হ'ব পাৰে।৩৪
কোনো ব্যক্তি অপৰিচিত বা অনভ্যস্ত লোকৰ সৈতে সামাজিক সাক্ষাতলৈ ভয়াৰ্ত হোৱাৰ পৰিসৰত; কিছুমানে বিশেষভাৱে নিজৰ অভ্যস্ত গোটৰ বাহিৰৰ ব্যক্তি, বা একেসময়তে বিভিন্ন গোটৰ সদস্যভুক্ত (অৰ্থাৎ, ভিন্ন জাতি, নৃগোষ্ঠী, শ্ৰেণী, লিংগ ইত্যাদি হিচাপে গোট) লোকৰ সৈতে ভাৱ বিনিময়ৰ ক্ষেত্ৰত উদ্বিগ্নতাৰ সম্মুখীন হ'ব পাৰে। পূৰ্বৱৰ্তী সম্পৰ্কৰ প্ৰকৃতি, ধীশক্তি, পৰিস্থিতিগত কাৰক ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰি আন্তঃগোট সম্পৰ্ক চাপযুক্ত হ'ব পাৰে, আৰু ই উদ্বিগ্নতাৰ জন্ম দিব পাৰে। বহিঃগোটৰ সদস্যৰ সৈতে সংযোগৰ ক্ষেত্ৰত হোৱা এই সংশয় বা ভীতিক প্ৰায়ে আন্তঃজাতিগত বা আন্তঃগোটগত উদ্বিগ্নতা বোলা হয়।৩৫
সামাজিক উদ্বিগ্নতাৰ অধিক সাধাৰণীকৃত ৰূপসমূহৰ ক্ষেত্ৰৰ দৰেই, আন্তঃগোটগত উদ্বিগ্নতাৰো আচৰণগত, বোধগত, আৰু আৱেগপূৰ্ণ প্ৰভাৱো আছে। উদাহৰণস্বৰূপে, যেতিয়া উদ্বিগ্নতা বাঢ়ি যায় তেতিয়া যোজনাবদ্ধ প্ৰক্ৰিয়াকৰণ (schematic processing) আৰু সৰলীকৃত তথ্য প্ৰক্ৰিয়াকৰণ (simplified information processing)-ৰ মান বৃদ্ধি হ'ব পাৰে। বাস্তৱিকতে, অন্তৰ্নিহিত স্মৃতি (implicit memory)-ত মনোযোগীয় পক্ষপাত (attentional bias) সম্পৰ্কীয় গৱেষণালব্ধ তথ্যৰ সৈতে ই সংগতিপূৰ্ণ।৩৬৩৭৩৮ অতিৰিক্তভাৱে, শেহতীয়া গৱেষণাই দেখুৱাইছে যে আন্তঃগোটগত ভাৱ বিনিময়ৰ ক্ষেত্ৰত অন্তৰ্নিহিত জাতিগত মূল্যায়ন (অৰ্থাৎ, স্বয়ংক্ৰিয় পূৰ্বধাৰণাপ্ৰসূত মনোভাৱ (automatic prejudiced attitudes)) বিৱৰ্ধিত হ'ব পাৰে।৩৯ ঋণাত্মক প্ৰত্যাশাই কেৱল ঋণাত্মক অভিজ্ঞতাই নহয়, কিন্তু শত্ৰুতাৰ দৰে পৰিহাৰকাৰী, বা দ্বন্দ্বমূলক আচৰণ উৎপন্ন কৰাৰ অভিজ্ঞতাও বৰ্ণিত হৈছে।৪০ তদুপৰি, অন্তঃগোট বিনিময়ৰ ক্ষেত্ৰত উদ্বিগ্নতাৰ স্তৰ আৰু বোধগত প্ৰচেষ্টা (উদাহৰণস্বৰূপে, পৰিচয়গত সাঁচ ব্যৱস্থাপনা (impression management) আৰু স্ব-উপস্থাপনা (self-presentation))ৰ তুলনাত, আন্তঃগোট বিনিময়ৰ ক্ষেত্ৰত স্তৰ আৰু সম্পদৰ অৱক্ষয় তীব্ৰ হোৱাৰ সম্ভাৱনা থাকে।
চাৰিত্ৰিক বৈশিষ্ট্য
উদ্বিগ্নতা হ্ৰস্ব-ম্যাদী এক "অৱস্থা" অথবা দীৰ্ঘ-ম্যাদী "চাৰিত্ৰিক বৈশিষ্ট্য" হ'ব পাৰে। "বৈশিষ্ট্যগত উদ্বিগ্নতা"ই জীৱনকাল জুৰি অশুভ বা বিপদজনক পৰিস্থিতিৰ প্ৰতি ভয়ভৰা প্ৰত্যাশা (সেয়া অশুভ হিচাপে অভিহিত হওক বা নহওক)-ত জটিল উদ্বিগ্ন অৱস্থাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ অপৰিৱৰ্তনীয় প্ৰৱণতা বুজায়।৪১ এক মেটা বিশ্লেষণ (meta-analysis)ৰ পৰা দেখা গৈছিল যে, উদ্বিগ্নতাৰ লক্ষণ আৰু ব্যাধি বিকাশৰ ক্ষেত্ৰত উচ্চ স্তৰৰ নিউৰ'টিচিজম (neuroticism) এটা হানিৰ সম্ভাৱনা কাৰক।৪২ এনেধৰণৰ উদ্বিগ্নতা সচেতন (conscious) অথবা অ-সচেতন (unconscious) হ'ব পাৰে।৪৩
ব্যক্তিত্বও উদ্বিগ্নতা আৰু অৱসাদ সৃষ্টিকাৰী এক বৈশিষ্ট্য হ'ব পাৰে। পূৰ্ব-অভিজ্ঞতা প্ৰসুত কাৰণৰ জৰিয়তে বহুলোকে নিজৰ ব্যক্তিগত প্ৰকৃতিৰ বাবেই নিজকে উদ্বিগ্নতা বা অৱসাদৰ পৰা সংযত কৰি ৰাখিবলৈ অসুবিধা অনুভৱ কৰে।৪৪
বাছনি বা সিদ্ধান্ত
ব্যক্তিগত আৰু অনুষ্ঠানিক দুয়ো পৰ্যায়তে, উপলব্ধ সদৃশ বিকল্পৰ মাজত বাছনি কৰিবলৈ গৈ আৱেশিত হোৱা উদ্বিগ্নতা এক সমস্যা হিচাপে ক্ৰমাগতভাৱে স্বীকৃত হৈছে।৪৫ ২০০৪ চনত কে'পজেমিনি (Capgemini)-এ লিখিছিল: "আজি আমি সকলোয়েই বৃহৎ বিকল্প, অধিক প্ৰতিযোগিতা আৰু বিবেচনাৰ বাবে বা সঠিক উপদেশ বিচাৰিবৰ বাবে কম সময়ৰ, সম্মুখীন হৈছো" ("Today we're all faced with greater choice, more competition and less time to consider our options or seek out the right advice.")।৪৬
বিশেষ সিদ্ধান্ত একোটা গ্ৰহণৰ প্ৰসংগত, উদ্বিগ্ন ব্যক্তিবিশেষৰ মাজত অনিৰ্দেশ্যতা (unpredictability) আৰু অনিশ্চয়তা (uncertainty)-ই আৱেগিক প্ৰতিক্ৰিয়াৰ উৎক্ষেপণ ঘটাব পাৰে, আৰু ই প্ৰণালীবদ্ধভাৱে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পৰিৱৰ্তন আনে।৪৭ এইধৰণৰ উদ্বিগ্নতাৰ প্ৰাথমিকভাৱে দুটা ৰূপ আছে। ইয়াৰে প্ৰথমটো হৈছে সেই বাছনি, য'ত জ্ঞাত বা গনণ্যব্য সম্ভাৱিতা (probabilities)যুক্ত একাধিক সমৰ্থ ফলাফল থাকে। দ্বিতীয় ৰূপটো হৈছে, অজ্ঞাত সম্ভাৱিতাযুক্ত একাধিক সম্ভৱপৰ ফলাফল থকা ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত উদ্ভৱ হোৱা অনিশ্চয়তা আৰু দ্ব্যৰ্থতা।৪৭
পে'নিক বিকাৰ
পে'নিক বিকাৰ (Panic disorder)-ৰ কিছুমান লক্ষণ চাপ আৰু উদ্বিগ্নতাৰ সদৃশ হ'ব পাৰে, কিন্তু প্ৰকৃততে ই চাপ আৰু উদ্বিগ্নতাৰ পৰা বহু পৃথক। পে'নিক বিকাৰ হৈছে একপ্ৰকাৰৰ উদ্বেগজনিত বিকাৰ, য'ত সংঘটনৰ কোনো সুচক উপাদান (trigger) নাথাকে। আমেৰিকাৰ স্বাস্থ্য আৰু মানৱ সেৱা বিভাগ (U.S Department of Health and Human Services)-ৰ মতে এই বিকাৰক অপ্ৰত্যাশিত আৰু পুনৰাবৃত্ত তীব্ৰ ভয়ৰ পৰ্বৰ উপস্থিতিৰ দ্বাৰা চিনাক্ত কৰিব পাৰি।৪৮ পে'নিক বিকাৰগ্ৰস্ত ব্যক্তিৰ অৱশেষত গৈ আন এক পে'নিক এটে'কৰ প্ৰতি অবিৰত ভয়ৰ সৃষ্টি হয়, আৰু ই এইদৰেই থাকিলে ব্যক্তিৰ দৈনিক ক্ৰিয়াকৰ্মত বিৰূপ প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে, আৰু ই ব্যক্তিজনৰ সাধাৰণ জীৱন যাপনৰ মান নিম্নগামী কৰে। Cleveland Clinic-ৰ তথ্য অনুসৰি আমেৰিকাৰ ২-ৰ পৰা ৩ শতাংশ প্ৰাপ্তবয়স্ক ব্যক্তি পে'নিক বিকাৰগ্ৰস্ত হয়, আৰু ই কৈশোৰ বা আদি-প্ৰাপ্তবয়স্ক স্তৰত আৰম্ভ হয়। পে'নিক বিকাৰৰ কিছু লক্ষণ হ'ল: উশাহ-নিশাহত জটিলতা, বুকুৰ বিষ, মুৰ আচন্দ্ৰাই কৰা, কঁপনি আৰু জোকাৰণি, মূৰ্ছা যোৱা, বমিভাৱ, নিয়ন্ত্ৰণ হেৰুওৱা বা নিকট মৃত্যুৰ অনুভৱ। যদিও বিকাৰগ্ৰস্ত ব্যক্তিয়ে পে'নিক এটে'কৰ সময়ত এই লক্ষণবোৰত আক্ৰান্ত হয়, কিন্তু মূল লক্ষণ হৈছে ভৱিষ্যতে হ'ব পৰা পে'নিক এটে'কৰ প্ৰতি গঢ় লোৱা নিৰন্তৰ ভয়।৪৯
উদ্বেগজনিত বিকাৰসমূহ
উদ্বেগজনিত বিকাৰসমূহ হৈছে অতিশয়োক্তিপূৰ্ণ উদ্বিগ্নতা আৰু ভয়ৰ প্ৰতিক্ৰিয়াৰ অনুভূতিৰে চিহ্নিত এক মানসিক বিকাৰপুঞ্জ।৫০ উদ্বিগ্নতা হৈছে ভৱিষ্যতে সংঘটিত হ'ব পৰা ঘটনা সম্পৰ্কে উদ্ভূত দুঃশ্চিন্তা আৰু ভয় হৈছে বৰ্তমানৰ কোনো ঘটনাক্ৰমৰ প্ৰতি সৃষ্ট প্ৰতিক্ৰিয়া। এই অনুভূতিবোৰে ত্বৰিত হৃদস্পন্দন (tachycardia) আৰু কঁপনি বা জোকাৰণিৰ দৰে শৰীৰবৃত্তীয় লক্ষণৰ উদ্ৰেক কৰিব পাৰে। উদ্বেগজনিত বিকাৰ কেইবাধৰণৰো আছে: সাধাৰণীকৃত উদ্বেগজনিত বিকাৰ (generalized anxiety disorder), ফ'বিয়া (phobia), সামাজিক উদ্বেগজনিত বিকাৰ (social anxiety disorder), পৃথক্কৰণৰ উদ্বেগজনিত বিকাৰ (separation anxiety disorder), agoraphobia, পে'নিক বিকাৰ, আৰু চয়নাত্মক নীৰৱতা (selective mutism)। দেখা দিয়া লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি উদ্বেগজনিত ব্যাধিসমূহক এইধৰণেৰে শ্ৰেণীবদ্ধ কৰা হয়। বহুক্ষেত্ৰত, আক্ৰান্ত ব্যক্তিবিশেষৰ প্ৰায়ে একাধিক উদ্বেগজনিত বিকাৰ থকাটো পৰিলক্ষিত হয়।৫০
উদ্বেগজনিত বিকাৰসমূহ বংশগতি (heredity) আৰু পৰিৱেশগত কাৰকৰ জটিল মিশ্ৰণৰ জৰিয়তে সংঘটিত হয়।৫১৫২ ৰোগ নিৰ্ণয়ৰ বাবে, লক্ষণসমূহ সাধাৰণতে কমপক্ষেও ছমাহ দেখা দিয়া দৰকাৰ। আক্ৰান্ত ব্যক্তিৰ পৰিস্থিতিত লক্ষণসমূহ আশা কৰা ছমাহতকৈ বেছি দিন থাকে, আৰু ই ব্যক্তিৰ সাধাৰণ দৈনিক জীৱন যাপনৰ সামৰ্থ্য বাধাগ্ৰস্ত কৰে। মন কৰা দৰকাৰ যে একেধৰণৰ লক্ষণ প্ৰদৰ্শন কৰা আন সমস্যাসমূহ হৈছে: অতি-থাইৰ'য়ডিজিম (hyperthyroidism), হৃদযন্ত্ৰৰ ৰোগ (heart disease), কেফে'ইন (caffeine), সুৰাপান (alcohol), বা গাঁজা (cannabis)-ৰ ব্যৱহাৰ, আৰু কিছু নিচাযুক্ত নিষিদ্ধ দ্ৰব্য (drugs) বা ঔষধবিশেষৰ ত্যাগ ইত্যাদি।
উপযুক্ত চিকিৎসা অবিহনে, উদ্বেগজনিত ব্যাধিসমূহ সাধাৰণতে উপশম নহয়।৫০৫৩ সৰ্বসাধাৰণতে গ্ৰহণকৰা চিকিৎসাৰ ভিতৰত জীৱনশৈলীৰ পৰিৱৰ্তন, কাউন্সেলিঙ, আৰু ঔষধ অন্তৰ্ভুক্ত। কাউন্সেলিঙ সাধাৰণতে হৈছে এক বিশেষ ধৰণৰ সংজ্ঞানাত্মক আচৰণগত মনোচিকিৎসা (cognitive behavioural therapy), যাৰ জৰিয়তে আক্ৰান্ত ব্যক্তিৰ ধীশক্তি আৰু আচৰণৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰদান কৰা হয়।৫৪ লগতে এইটোও দেখা গৈছে যে, এণ্টিডিপ্ৰেছেণ্ট (antidepressants) বা বিটা ব্লকাৰ (beta blockers)-ৰ দৰে ঔষধে আক্ৰান্ত ব্যক্তিৰ অৱস্থাৰ উন্নতি ঘটাব পাৰে।৫৩
পৰিসংখ্যাই দেখুৱায় যে, প্ৰতিবছৰে প্ৰায় ১২% লোক উদ্বেগজনিত বিকাৰত আক্ৰান্ত হয়, আৰু প্ৰায় ৫%-৩০% লোক জীৱনৰ কোনো এক সময়ত এই ব্যাধিগ্ৰস্ত হয়।৫৪৫৫ এনে বিকাৰ সাধাৰণতে ২৫ বছৰ বয়স প্ৰাপ্তিৰ আগতেই আৰম্ভ হয়, আৰু পুৰুষতকৈ নাৰী আক্ৰান্ত হোৱাৰ হাৰ প্ৰায় দ্বিগুণ।৫০৫৪ একেবাৰে সাধাৰণভাৱে হোৱা বিকাৰ হৈছে কিছুমান বিশেষ ফ'বিয়া, যিবোৰে প্ৰায় ১২% শতাংশ লোকক প্ৰভাৱিত কৰে, আৰু সামাজিক উদ্বিগ্নতা বিকাৰ- যি প্ৰায় ১০% লোকক জীৱনৰ কোনো এক পৰ্যায়ত প্ৰভাৱিত কৰে। এই বিকাৰসমূহে ১৫ বছৰ আৰু ৩৫ বছৰ বয়সৰ মাজৰ লোকক বেছিকৈ আক্ৰান্ত কৰে, আৰু ৫৫ বছৰ বয়সৰ পিছত এইবিলাক সংঘটনৰ হাৰ কমি যোৱা দেখা যায়। ভৌগোলিক ভাৱে, সংঘটনৰ হাৰ আমেৰিকা যুক্তৰাষ্ট আৰু ইউৰোপত উচ্চ হোৱা দেখা যায়।৫৪
হ্ৰস্ব- আৰু দীৰ্ঘ-ম্যাদী উদ্বিগ্নতা
উদ্বিগ্নতা এটা হ্ৰস্ব-ম্যাদী "অৱস্থা" বা দীৰ্ঘ-ম্যাদী "চাৰিত্ৰিক বৈশিষ্ট্য" হ'ব পাৰে। বৈশিষ্ট্যমূলক উদ্বেগে ভৱিষ্যতৰ সম্ভাৱ্য ঘটনাৰ সন্দৰ্ভত দুঃশ্চিন্তা বুজায়। উদ্বেগজনিত ব্যাধিসমূহ প্ৰকৃতপক্ষে উদ্বেগ আৰু ভীতিৰ অনুভূতিৰে বৈশিষ্ট্যভূত এক মানসিক বিশৃংখলতাৰ পুঞ্জ।৫০
সহ-অসুস্থতা
উদ্বিগ্নতাজনিত ব্যাধিসমূহ প্ৰায়ে অন্য কোনো মানসিক স্বাস্থ্যৰ বিসংগতি, বিশেষকৈ গুৰুতৰ হতাশগ্ৰস্ততা ব্যাধি, দ্বিমেৰু ব্যাধি, ভোজন বিসংগতি, বা বিশেষ কিছু ব্যক্তিত্বৰ বিসংগতি; আদিৰ সৈতে সংঘটিত হয়। এইসমূহ নিউৰ'টিজিমৰ দৰে বৈশিষ্ট্যমূলক ব্যক্তিত্বৰ সৈতে সাধাৰণভাৱে দেখা যায়। আংশিকভাৱে, এই বৈশিষ্ট্যমূলক ব্যক্তিত্বসমূহ আৰু উদ্বিগ্নতাৰ মাজৰ জিনীয় আৰু পৰিৱেশগত প্ৰভাৱৰ কাৰণে, পৰ্যবেক্ষিত এই সহ-সংঘটন পৰিলক্ষিত হয়।৫৬৫৭
অত্যধিক-অমোঘ ব্যাধিত আক্ৰান্ত লোকৰ ক্ষেত্ৰত উদ্বিগ্নতা প্ৰায়ে দেখা যায়, আৰু ই পে'নিক বিকাৰত আক্ৰান্ত লোকৰ ক্ষেত্ৰতো তীব্ৰভাৱে উপস্থিত।
হানিৰ কাৰকসমূহ

উদ্বেগজনিত ব্যাধিসমূহ আংশিকভাৱে জিনীয়। যঁজা ব্যক্তিৰ ওপৰত কৰা গৱেষণাই দেখুৱাইছে যে, উদ্বিগ্নতাৰ স্বতন্ত্ৰ পাৰ্থক্যৰ ক্ষেত্ৰত ৩০%-৪০% জিনীয় প্ৰভাৱ প্ৰবাহিত হয়।৫৮ পৰিৱেশগত কাৰকসমূহো এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। যমজৰ ওপৰত কৰা এই অধ্যয়নসমূহৰ পৰা দেখা যায় যে, উদ্বিগ্নতাৰ ওপৰত ব্যক্তি-বৈশিষ্ট্যমুলক পৰিৱেশৰ (individual-specific environments) এক বৃহৎ প্ৰভাৱ আছে। অন্যহাতে সহভাজী পৰিৱেশগত প্ৰভাৱসমূহ (shared environmental influences) (পৰিৱেশগত কাৰক যি যঁজা ব্যক্তিসকলক একেধৰণে প্ৰভাৱান্বিত কৰে) শৈশৱ অৱস্থাত সক্ৰিয় হৈ থাকে, কিন্তু বয়সন্ধিৰ লগে লগে এইবোৰৰ মাত্ৰা হ্ৰাস পায়।৫৯ উদ্বিগ্নতাৰ সৈতে সংযোজিত কৰা নিৰ্দিষ্ট মাপিত 'পৰিৱেশ' (Specific measured ‘environments’)-ৰ অন্তৰ্ভুক্ত কাৰকবোৰ হৈছে: শিশু নিৰ্যাতন, মানসিক স্বাস্থ্য সম্বন্ধীয় বিকাৰৰ পৰিয়ালগত ইতিহাস, আৰু দাৰিদ্ৰ্য।৬০ উদ্বিগ্নতাৰ সৈতে সুৰা, কেফেইন, নিচাযুক্ত নিষিদ্ধ ড্ৰাগছ, আৰু benzodiazepines (উদ্বেগজনিত ব্যাধিৰ চিকিৎসাৰ বাবে চিকিৎসকে প্ৰায়ে প্ৰদান কৰে)-ৰ দৰে ঔষধৰ ব্যৱহাৰ জড়িত হৈ থাকে।
স্নায়ৱিয়-দেহতত্ত্ব (নিউৰ'এনাট'মী)
প্ৰমস্তিস্কখণ্ড (amygdala) (যি হাইপ'থেলামিক-পিটুইটে'ৰী-এদ্ৰিনে'লিন অক্ষ (Hypothalamic–pituitary–adrenal axis, HPA Axis) আৰু সংবেদী স্নায়ুতন্ত্ৰ (sympathetic nervous system)-ৰ উদ্দীপনৰ জৰিয়তে উদ্বিগ্নতা আৰু ভয়ৰ দৰে আৱেগ নিয়ন্ত্ৰণ কৰে) আৰু হিপ্প'কেম্পাছ (hippocampus) (আৱেগিক স্মৃতিৰ ক্ষেত্ৰত যাক প্ৰমস্তিস্কখণ্ডৰ সৈতে সাঙোৰা হয়)-ৰ লগত সংলগ্ন স্নায়ৱীয় বৰ্তনী (Neural circuitry), উদ্বিগ্নতাৰ বাবে দায়ী হিচাপে ভবা হয়।৬১ যিসকল ব্যক্তি সাধাৰণতে উদ্বিগ্ন, তেওঁলোকৰ প্ৰমস্তিস্কখণ্ডত কোনো আৱেগিক উদ্দীপনাৰ প্ৰতিক্ৰিয়া হিচাপে উচ্চ সক্ৰিয়তা পৰিলক্ষিত হয়।৬২ কিছুসংখ্যক লেখকে বিশ্বাস কৰে যে, অত্যধিক মাত্ৰাৰ উদ্বিগ্নতাই লিম্বিক তন্ত্ৰ (limbic system)ৰ (প্ৰমস্তিস্কখণ্ড আৰু nucleus accumbens লিম্বিক তন্ত্ৰৰ অন্তৰ্ভুক্ত) অধি-সক্ৰিয়তা (overpotentiation)-ৰ সূচনা কৰিব পাৰে, যাৰ ফলস্বৰূপে ভৱিষ্যতৰ সংঘটনৰ সম্পৰ্কে অধিক উদ্বিগ্নতাৰ সৃষ্টি হয়। কিন্তু ই তথ্য সহকাৰে প্ৰতিষ্ঠাপিত হোৱা নাই।৬৩৬৪
শিশু অৱস্থাত অত্যন্ত সংশয়ী, সতৰ্ক আৰু ভয়াৰ্ত হিচাপে চিহ্নিত প্ৰাপ্তবয়স্ক লোকৰ ওপৰত কৃত গৱেষণাৰ পৰা দেখা গৈছে যে, পাৰিতোষিত হোৱা নোহোৱাৰ ওপৰত নিৰ্ণয় কৰি কোনো এক একশ্যন (action)-ৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত, তেওঁলোকৰ nucleus accumbens অংশ আন লোকতকৈ অধিক সংবেদী।৬৫ ই উদ্বিগ্ন ব্যক্তিসকলৰ ক্ষেত্ৰত ভয়ৰ বাবে দায়িত্বশীল বৰ্তনী আৰু পৰিতোষণৰ মাজত এক সংযোগৰ উদ্ৰেক কৰে। গৱেষকসকলে কয় " অনিশ্চয়তা (সম্ভাৱ্য ফলাফল)ৰ প্ৰসংগত, 'দায়িত্বশীলতা' বা স্ব-সংস্থাৰ অভিপ্ৰায়ে অভিৰোচনৰ ভিত্তিস্বৰূপ স্নায়ু তন্ত্ৰ (অৰ্থাৎ, nucleus accumbens)ক, স্বভাৱগতভাৱে সংকোচ ভাৱাপন্ন প্ৰাপ্তবয়স্ক ব্যক্তিসকলৰ ক্ষেত্ৰত অ-সংকোচসকলৰ তুলনাত, অধিক প্ৰভাৱশালীৰূপে পৰিচালিত কৰে" ("a sense of 'responsibility', or self-agency, in a context of uncertainty (probabilistic outcomes) drives the neural system underlying appetitive motivation (i.e., nucleus accumbens) more strongly in temperamentally inhibited than noninhibited adolescents".)।৬৫
অন্ত্ৰ-মস্তিস্ক অক্ষ
মানুহৰ অন্ত্ৰত থকা অনুজীৱসমূহে মস্তিস্কৰ সৈতে সংযোজিত হৈ উদ্বেগজনিত অৱস্থা প্ৰভাৱিত কৰে। এই বিশেষ যোগাযোগ স্থাপনৰ বাবে বিভিন্ন পথ আছে। তাৰে এটা হৈছে মুখ্য নিউৰ'ট্ৰেন্সমিটাৰ (major neurotransmitter) সমূহৰ জৰিয়তে।৬৬ অন্ত্ৰত থকা অনুজীৱ, যেনে বাইফিড'বেক্টেৰিয়া (Bifidobacterium) আৰু বেছিলাছ (Bacillus)-এ ক্ৰমে GABA আৰু ড'পেমিন (dopamine) নামৰ নিউৰ'ট্ৰেন্সমিটাৰ উৎপন্ন কৰে।৬৭ নিউৰ'ট্ৰেন্সমিটাৰবিলাকে পাচন-নলী (gastrointestinal tract)-ৰ সৈতে সংযুক্ত স্নায়ু তন্ত্ৰলৈ সংকেত প্ৰেৰণ কৰে, আৰু এই সংকেতবোৰ মেৰুদণ্ড তন্ত্ৰ (spinal system)-ৰ জৰিয়তে বা ভেগাছ স্নায়ু (vagus nerve)-ৰ জৰিয়তে মগজুলৈ পৰিবাহিত হয়।৬৬৬৭৬৮ গৱেষণামূলক অধ্যয়নত, এই অণুজীৱসমূহৰ জিন-সংযুক্তি (microbiome)-ৰ পৰিৱৰ্ত্তনৰ জৰিয়তে নিগণিৰ ক্ষেত্ৰত উদ্বিগ্নতা আৰু হতাশগ্ৰস্ততা হ্ৰাসকাৰী প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। অৱশ্যে ভেগাছ স্নায়ুবিহীন পৰীক্ষণীয় জীৱত এই প্ৰভাৱ দেখা পোৱা নাযায়।৬৯
ওপৰত উল্লেখ কৰাৰ দৰে অন্ত্ৰ-মস্তিস্কৰ সংযোগৰ অন্য এক মুখ্য পথ হৈছে, HPA অক্ষ (HPA axis)।৬৮ পৰীক্ষামূলক সাক্ষ্যৰ পৰা দেখা গৈছে যে অণুজীৱবিলাকে শৰীৰত চাইট'কাইন (cytokine)-ৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰে। অন্যহাতে চাইট'কাইনৰ স্তৰৰ পৰিৱৰ্ত্তনে মস্তিস্কৰ হাইপ'থেলামাছৰ দৰে অংশসমূহত প্ৰত্যক্ষ প্ৰভাৱ পেলায়, আৰু এই হাইপ'থেলামাছেই হৈছে HPA অক্ষ সক্ৰিয়তা (HPA axis activity) উদ্ৰেককাৰী কাৰক। HPA অক্ষই শৰীৰত মানসিক চাপৰ প্ৰতি প্ৰতিক্ৰিয়াৰ বাবে দায়বদ্ধ ক'ৰ্টিছ'ল (cortisol) নামৰ হৰম'নবিধৰ উৎপাদন নিয়ন্ত্ৰণ কৰে।৬৮ HPA অক্ষৰ সক্ৰিয়তা যেতিয়া হঠাতে বৃদ্ধি হয়, ক'ৰ্টিছলৰ স্তৰ বৃদ্ধি পায়, আৰু ই চাপযুক্ত পৰিস্থিতিৰ প্ৰক্ৰিয়াকৰণ আৰু উদ্বিগ্নতা হ্ৰাসকৰণৰ কাম কৰে। অৱশ্যে, এই সংযোগপথসমূহ আৰু এই প্ৰতিটো বৰ্গ (taxa)-ৰ অণুজীৱৰ বিশেষ প্ৰভাৱ এতিয়ালৈ সম্পূৰ্ণ স্পষ্ট হোৱা নাই। কিন্তু অন্ত্ৰীয় অণুজীৱ আৰু মগজুৰ মাজৰ সংযোগ, আৰু উপৰোক্ত পথসমূহৰ উদ্বিগ্নতাৰ স্তৰ পৰিৱৰ্ত্তনৰ ক্ষেত্ৰত ভূমিকা অনস্বীকাৰ্য।
উল্লেখনীয় যে, অন্ত্ৰ আৰু মস্তিস্কৰ এই সংযোগতেই উদ্বিগ্নতাৰ ব্য্যাধিৰ চিকিৎসাৰ সম্ভাৱনা নিহিত হৈ আছে। প্ৰি-বায়'টিক (prebiotic) আৰু প্ৰ'-বায়'টিক (probiotic) সমূহে উদ্বিগ্নতা হ্ৰাস কৰিব পাৰে। উদাহৰণস্বৰূপে, কেইটামান বিশেষ পৰীক্ষামূলক গৱেষণাত নিগণিৰ ওপৰত ফ্ৰুক্ট'- (fructo-) আৰু গেলে'ক্ট'-অলিগ'ছেকাৰাইড (galacto-oligosaccharide) প্ৰিবায়'টিক,৭০ আৰু লেক্টবেছিলাছ (Lactobacillus) প্ৰ'বায়'টিক প্ৰয়োগ কৰাত,৬৯ দুয়োবিধৰে উদ্বিগ্নতা হ্ৰাস কৰাৰ সামৰ্থ্য প্ৰদৰ্শিত হৈছিল। মানুহৰ ক্ষেত্ৰত এই পৰীক্ষাৰ ফলাফলসমূহ সিমান সুদৃঢ় নহয় যদিও আশা-প্ৰদৰ্শী।৭১৭২
বংশগতি
বংশগতি আৰু পৰিয়ালগত ইতিহাস (উদাহৰণস্বৰূপে, পিতৃ-মাতৃৰ উদ্বিগ্নতা)-এ ব্যক্তিবিশেষৰ উদ্বিগ্নতাৰ ব্যাধিত ভোগাৰ দুঃসম্ভাৱনা বৃদ্ধি কৰিব পাৰে। কিন্তু সাধাৰণতে, বাহ্যিক উদ্দীপক বা কাৰকে এই উদ্বেগজনিত ব্যাধিৰ সূচনা কৰাত বা ইয়াৰ মাত্ৰা তীব্ৰতৰ কৰি তোলাত অৰিহণা যোগায়।৭৩ যমজ ব্যক্তিৰ ওপৰত কৰা গৱেষণাৰ জৰিয়তে দেখা গৈছে যে, ব্যাধিৰ বিশেষ ধৰণ আৰু বয়স-গোট (age-group)-ৰ ওপৰত নিৰ্ভৰ কৰি উদ্বিগ্নতাৰ ওপৰত বংশগতিৰ প্ৰভাৱ ২৫%-৪০% পৰিসৰত থাকে। উদাহৰণস্বৰূপে, পে'নিক বিকাৰৰ ক্ষেত্ৰত বংশগতিজনিত পাৰ্থক্যই প্ৰায় ৪৩% পৰিৱৰ্ত্তনশীলতা (variance) আনে। সাধাৰণীকৃত উদ্বেগজনিত বিকাৰ (generalized anxiety disorder)-ৰ ক্ষেত্ৰত এই পৰিমাণ প্ৰায় ২৮%। অক্ষীয় (longitudinal) যমজৰ অধ্যয়নে দেখুৱায় যে, শৈশৱাস্থাৰ পৰা প্ৰাপ্তবয়স্ক অৱস্থা প্ৰাপ্তিলৈ দেখা পোৱা উদ্বিগ্নতাৰ পৰিমিত সুস্থিৰতা (moderate stability), মূলতঃ বংশগতিজনিত প্ৰভাৱৰ স্থিৰতাৰ দ্বাৰা প্ৰভাৱিত হয়।৭৪৭৫ পিতৃ-মাতৃৰ পৰা ল'ৰা-ছোৱালীলৈ উদ্বিগ্নতা কিদৰে অগ্ৰসৰ হয় সেই বিষয়ৰ অনুসন্ধানত, জিন আৰু লগতে পৰিৱেশৰ অংশীদাৰী (sharing of genes as well as environments)-ৰ তথ্য বিবেচনাবদ্ধ কৰাটো গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে, এনে অধ্যয়নত আন্তঃপ্ৰজন্মীয় যমজৰ-সন্তান-অভিকল্পনা (intergenerational children-of-twins design) বিবেচনা কৰা দৰকাৰ।৭৬
ব্যক্তিবিশেষৰ উদ্বিগ্নতাৰ সৈতে কেৱল এটাহে জিন জড়িত নেকি সেয়া পৰীক্ষা কৰিবলৈ অতীতত কৰা কেইবাটাও অধ্যয়নত এক পৰীক্ষণীয় জিন পদ্ধতি (candidate gene approach) ব্যৱহাৰ কৰা হৈছিল। উদ্বিগ্নতাৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত হিচাপে চিহ্নিত হোৱা (ছেৰ'টনিন আৰু নৰএপিনেফ্ৰিনৰ দৰে) নিউৰ'ট্ৰেন্সমিটাৰ আৰু (ক'ৰ্টিছলৰ দৰে) হৰম'নৰ ওপৰত কিছুমান নিৰ্দিষ্ট জ্ঞাত জিনে বিস্তাৰ কৰা প্ৰভাৱৰ ওপৰত ভিত্তি কৰি এই অনুসন্ধানমূলক অধ্যয়নসমূহ সম্পন্ন কৰা হৈছিল। MEM132D, COMT আৰু MAO-A-ৰ ক্ষেত্ৰত সম্ভৱপৰ ব্যতিক্ৰমৰ বাহিৰে৭৭, এই অধ্যয়নসমূহত প্ৰাপ্ত সিদ্ধান্তসমূহৰ কোনোটোয়েই পৰীক্ষাৰ দ্বাৰা ভালদৰে পুনৰাবৃত্তি কৰিব পৰা হোৱা নাছিল। উল্লেখনীয় যে, BDNF নামৰ জিনবিধে মস্তিস্ক ব্যুৎপন্ন নিউৰ'ট্ৰ'ফিক কাৰক (brain derived neurotrophic factor) নামৰ মগজুত প্ৰাপ্ত প্ৰ'টিনবিধৰ সংশ্লেষণৰ ক'ড বহন কৰে। এই জিনৰ উপজেনেটিক (epigenetic) চিহ্নকো স্নায়বীয় সক্ৰিয়তাৰ কিছুমান বিশেষ প্ৰতিমান আৰু তাৰ ফলস্বৰূপে উদ্বিগ্নতাৰ সৈতে সংযোজিত কৰা হৈছে। অন্যহাতে, জিনম' সংযুক্তিৰ এক বৃহৎ অনুসন্ধানৰ জৰিয়তে BDNF-ৰ বাবে NTRK2 নামৰ এক অভিগ্ৰাহক জিন (receptor gene) উদ্বিগ্নতাৰ সৈতে জড়িত হোৱাৰ তথ্য পোৱা গৈছিল।৭৮
উল্লেখনীয় যে, বেছিভাগ পৰীক্ষণীয় জিন সম্বন্ধীয় অনুসন্ধানসমূহ সফলভাৱে পুনৰাবৃত্তি নোহোৱাৰ কাৰণ হৈছে যে, উদ্বিগ্নতা এক জটিল বৈশিষ্ট্য, আৰু ই বহু জিন'মিক প্ৰকাৰৰ দ্বাৰা প্ৰভাৱান্বিত হয়। এই জিনমিক প্ৰকাৰবোৰৰ প্ৰত্যেকৰে নিজস্ব প্ৰভাৱ থাকে। ক্ৰমাগতভাৱে, উদ্বিগ্নতা সংক্ৰান্তিয় অনুসন্ধানসমূহত এক প্ৰ-কল্পনা (hypothesis)-মুক্ত দৃষ্টিকোণ প্ৰয়োগ কৰা হৈ আহিছে, য'ত উদ্বিগ্নতাৰ বাবে দায়বদ্ধ হিচাপে চিহ্নিত জিন'মৰ অংশসমূহৰ অধ্যয়ন সম্পাদন কৰা হয়। এই পদ্ধতিত সূক্ষ্ম প্ৰভাৱযুক্ত জিন'মৰ প্ৰকাৰসমূহৰ বৃহৎ প্ৰতিৰূপ ব্যৱহাৰ কৰি সেইবিলাকৰ ভূমিকা নিৰ্ণয় কৰা হয়। উদ্বিগ্নতাৰ লগত জড়িত সাধাৰণ জেনেটিক সংৰচনাসমূহৰ বৃহত্তম অন্বেষণটো UK Biobank, ANGST consortium আৰু ACADIA Healthcare ( CRC Fear, Anxiety and Anxiety Disorders )-ৰ যৌথ সহযোগত পৰিচালিত হৈ আছে।৭৮৭৯৮০
স্বাস্থ্যজনিত কাৰণ
বহুতো শাৰীৰিক স্বাস্থ্যজনিত সমস্যায়ো উদ্বিগ্নতাৰ জন্ম দিব পাৰে। শ্বাস-প্ৰশ্বাসৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টিকাৰী ভিন ভিন ৰোগ, যেনে COPD (Chronic obstructive pulmonary disease ) আৰু হাপানী, আৰু মৃত্যুৰ নিকট-কালত উদ্ভৱ হোৱা শ্বাসজনিত জটিলতা এই কাৰকসমূহৰ অন্তৰ্ভুক্ত।৮১৮২৮৩ তলপেটৰ বিষ বা বুকুৰ বিষ জড়িত হৈ থকা শাৰীৰিক অসুস্থতাবোৰো উদ্বিগ্নতা সৃষ্টিকাৰী কাৰক, আৰু কোনো কোনো ক্ষেত্ৰত এই পীড়াজনিত ৰোগসমূহ উদ্বিগ্নতাৰ ছ'মেটাইজেশ্যন (somatization)-ৰ কাৰক হ'বও পাৰে।৮৪৮৫ কিছুমান বিশেষ যৌন অসক্ষমতায়ো একেধৰণৰ প্ৰভাৱ দেখুৱাব পাৰে।৮৬৮৭ মুখমণ্ডল বা ছালৰ ৰোগজনিত সমস্যায়ো, বিশেষকৈ কৈশোৰ অৱস্থাত আৰু যৌৱনপ্ৰাপ্তিৰ কালত সামাজিক উদ্বিগ্নতাৰ জন্ম দিব পাৰে। ৮৮ একদেৰে, বিকাশগত অসমৰ্থতা বা বাধাগ্ৰস্ততাই ল'ৰা-ছোৱালীৰ মাজত প্ৰায়ে সামাজিক উদ্বেগজনিত বিকাৰ সৃষ্টি কৰে।৮৯ কৰ্কট ৰোগৰ দৰে প্ৰাণহানিকৰ ৰোগসমূহেও উদ্বিগ্নতাৰ জন্ম দিয়ে।৯০
তদুপৰি, কিছুমান নিৰ্দিষ্ট মূলভুত ৰোগ (organic diseases) উদ্বেগজনিত ব্যাধিৰ সৈতে দেখা দিব পাৰে। এই ৰোগসমূহৰ কিছুমানৰ ক্ষেত্ৰত দেখা দিয়া লক্ষণসমূহৰ উদ্বিগ্নতাৰ সৈতে সাদৃশ্য দেখা যায়। ১৬১৭ এইধৰণৰ ৰোগসমূহৰ মাজত অন্যতম হৈছে, কিছুমান নিৰ্দিষ্ট এণ্ড'ক্ৰাইন সম্বন্ধীয় ৰোগ (হাইপ'থাইৰয়ডিজিম (hypothyroidism), হাইপাৰথাইৰয়ডিজিম (hyperthyroidism), আৰু হাইপাৰপ্ৰলে'ক্টিনিমিয়া (hyperprolactinemia)),১৭৯১ বিপাকীয় ৰোগ (বহুমূত্ৰ),১৭৯২৯৩ অভাৱজনিত ৰোগ (ভিটামিন ডি, ভিটামিন বি২, ভিটামিন বি১২, ফ'লিক এছিডৰ নিম্ন স্তৰ),১৭ পাচনতন্ত্ৰজনিত ৰোগ (celiac disease, non-celiac gluten sensitivity, inflammatory bowel disease),৯৪৯৫৯৬ হৃদযন্ত্ৰৰ ৰোগ, ৰক্তজনিত ৰোগ (ৰক্তহীনতা),১৭ মস্তিস্ক আৰু ৰক্তপ্ৰবাহী তন্ত্ৰৰ দুৰ্ঘটনা (transient ischemic attack, ষ্ট্ৰ'ক),১৭, আৰু মস্তিস্ক অপজাত সম্পৰ্কীয় ৰোগ (পাৰকিনছন ৰোগ, স্মৃতিভ্ৰংশ, মাল্টিপ'ল স্ক্লেৰ'ছিছ, হাণ্টিংটন ৰোগ) ইত্যাদি।১৭৯৭৯৮৯৯
নিচাযুক্ত দ্ৰব্য প্ৰৰোচিত উদ্বিগ্নতা
উদ্বিগ্নতাৰ সংঘটনত অথবা উদ্বেগজনিত অৱস্থা শোচনীয় কৰি তোলাত বহু নিচাযুক্ত দ্ৰব্য (drugs)-ৰ অৰিহণা আছে। এই দ্ৰব্যসমূহ সেৱন কৰা, পৰিত্যাগ কৰাৰ ফলস্বৰূপে, অথবা এনে দ্ৰব্যৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া হিচাপে এনে উদ্বেগজনিত ব্যাধিৰ উদ্ভৱ হ'ব পাৰে। এইবিলাকৰ অন্তৰ্ভুক্ত কেইটামান হৈছে, সুৰা, ধঁপাত, গাঞ্জা, টোপনিৰ ঔষধ (বেনয'ডায়েযেপিনৰ দৰে চিকিৎসকৰ দ্বাৰা বিধানপ্ৰদত্ত), অপিয়'ড (চিকিৎসকে প্ৰদান কৰা বিষনাশক আৰু হিৰ'ইনৰ দৰে নিষিদ্ধ দ্ৰব্য), উত্তেজক পদাৰ্থ (যেনে, কেফেইন, ক'কেইন আৰু এম্ফিটেমাইন), মতিভ্ৰমকাৰী দ্ৰব্য আৰু শ্বাসৰ জৰিয়তে গ্ৰহণকাৰী পদাৰ্থ।৭৩ বহুলোকে উদ্বিগ্নতা হ্ৰাস কৰিবৰ বাবে এইধৰণৰ দ্ৰব্যসমূহ ব্যৱহাৰ কৰে। এইধৰণৰ নিচাযুক্ত দ্ৰব্যসমূহে হ্ৰস্বকালত উদ্বিগ্নতাৰ পৰা উপশম দিলেও ই সাধাৰণতে অতিৰঞ্জিত। উল্লেখ্য যে, দীৰ্ঘকালত নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰে উদ্বিগ্ন অৱস্থা শোচনীয় কৰি তোলাৰ, আৰু কোনো কোনো ক্ষেত্ৰত দ্ৰব্যসমূহৰ প্ৰভাৱ ক্ষীণ হোৱাৰ লগে লগে উদ্বিগ্নতাই তীব্ৰতৰ ৰূপ লোৱা দেখা যায়। অত্যধিক বেনযিনৰ ব্যৱহাৰৰ পিছত কেতিয়াবা ২ সপ্তাহ মানলৈ ইউফ'ৰিয়া, উদ্বিগ্নতা আৰু বিৰক্তিজনক অৱস্থাৰ সৃষ্টি কৰিব পাৰে।১০০
মনস্তাত্বিক কাৰণ
আঁকোৰগোঁজ/অনমনীয়-ভাৱে সমস্যা সমাধানৰ পথ অৱলম্বন, অস্বীকাৰকৰণ, পৰিহাৰকৰণ, আৱেগপ্ৰৱণতা, অত্যধিক আত্ম-প্ৰত্যাশা, ঋণাত্মক চিন্তাধাৰা, আৱেগজনিত অস্থিৰতা, আৰু সমস্যাত দৃষ্টি নিৱদ্ধ কৰাত অসমৰ্থতা আদিৰ দৰে দুৰ্বল জীৱনৰ কৌশলে উদ্বিগ্নতাৰ জন্ম দিয়ে। ব্যক্তিবিশেষৰ নিজস্ব নিৰাশাজনক ফলাফলৰ প্ৰতীক্ষা আৰু নেতিবাচক প্ৰতিক্ৰিয়াশীলতাও উদ্বিগ্নতাৰ জন্ম দিয়াৰ আৰু ইয়াক দীৰ্ঘস্থায়ী কৰাৰ কাৰক হিচাপে চিহ্নিত হৈছে।১০১ মানসিক প্ৰবৃত্তি বা মেজাজ (যেনে, নিউৰ'টিছিজম)৪২ আৰু মনোভংগী (যেনে, নিৰাশাবাদ)- এই দুই উপাদানো উদ্বিগ্নতাৰ সৃষ্টিকাৰী কাৰক ৰূপে চিনাক্ত কৰা হৈছে।৭৩১০২
অতি-সাধাৰণীকৰণ, বিপৰ্যয়কৰণ, মনোপাঠ, আৱেৱিক যুক্তিযুক্ততা, বিৱৰ্ধন (বায়ন'কুলাৰ ট্ৰিক) আৰু মানসিক পৰিস্ৰাৱণৰ দৰে সংজ্ঞানাত্মক বিকৃতিয়ে উদ্বিগ্নতাৰ সৃষ্টি কৰিব পাৰে। উদাহৰণস্বৰূপে, ব্যক্তিবিশেষৰ "সদায়" কিবা এটা বেয়া সংঘটিত হোৱাৰ অতি-সাধাৰণীকৃত বিশ্বাসৰ ফলত, ন্যূনতম আপদযুক্ত পৰিস্থিতিৰ প্ৰতিও অত্যধিক ভীতিৰ জন্ম হ'ব পাৰে। প্ৰত্যাশিত বিব্ৰতমূলক পৰিস্থিতিৰ পৰা সৃষ্ট উদ্বিগ্নতাৰ ফলস্বৰূপে তেনে ব্যক্তিবিশেষে আনকি অনুকূল সামাজিক পৰিস্থিতিও পৰিহাৰ কৰি চলাৰ দৰে অৱস্থা আহি পৰে। তদুপৰি, উচ্চ উদ্বিগ্নতাযুক্ত ব্যক্তিসকলৰ মনত ভৱিষ্যতৰ চাপযুক্ত ঘটনা অনুভূত হ'ব পাৰে।১০৩ এই সকলোবোৰ তথ্যৰ পৰা এই কথা ঠাৱৰ কৰিব পাৰি যে উদ্বেগজনিত চিন্তা-ভাৱনাই প্ৰত্যাশাজনিত উদ্বিগ্নতাৰ লগতে মানসিক চাপযুক্ত ঘটনাৰাজিৰ উদ্ৰেক কৰিব পাৰে, আৰু ই অধিক উদ্বিগ্নতাৰ সৃষ্টিত অৰিহণা যোগায়। সংজ্ঞানাত্মক থেৰাপীৰে কৰা উদ্বিগ্নতাৰ চিকিৎসাপদ্ধতিত ওপৰত উল্লিখিত অস্বাস্থ্যকৰ চিন্তা-ভাৱনাসমূহক লক্ষ্য হিচাপে লোৱা হয়।
মনোগতিক তত্ত্ব (psychodynamic theory)-ই এইকথা স্বীকাৰ কৰে যে, প্ৰায় ক্ষেত্ৰতে উদ্বিগ্নতা হৈছে অচেতন আকাংক্ষা বা ভীতিক বাধা দিয়াৰ ফল, আৰু ই অন-অভিযোজিত ৰক্ষাত্মক প্ৰতিক্ৰিয়া (যেনে অৱৰোধ, অৱদমন, পূৰ্বাভাস, পশ্চাদপসৰণ, দৈহিকীকৰণ, নিষ্ক্ৰিয়াত্মক আগ্ৰাসন, পৃথক্কৰণ) ৰূপে সুস্পষ্ট ৰূপত উদ্ভিন্ন হৈ উঠে। এই প্ৰতিক্ৰিয়াসমূহ সৰুকালৰে সংলগ্ন বিষয়বস্তু (যেনে, যত্ন-লওঁতা)ৰ সৈতে জড়িত সমস্যাৰে মোকাবিলা কৰিবলৈ, বা সহমৰ্মিতাবিহীন বাল্যকালৰ সৈতে অভিযোজন কৰিবলৈ গঢ় লৈ উঠে। উদাহৰণস্বৰূপে, অভিভাৱকৰ নিৰন্তৰ নিৰুৎসাহন বা ক্ৰোধে সন্তানৰ মনত খঙৰ অনুভূতি অৱৰোধ/অৱদমনৰ প্ৰৱণতা গঢ় দিব পাৰে। তেনে ব্যক্তি, আন কোনো ব্যক্তিৰ দ্বাৰা প্ৰৰোচিত হ'লে যদিও তেওঁৰ ক্ৰোধ অৱচেতন মনত আৰু অৱগতিৰ বাহিৰত থাকি যায়, কিন্তু ই পাচন তন্ত্ৰৰ পীডা হিচাপে প্ৰকাশ পাব পাৰে। মনোগতিক থেৰাপীৰ চিকিৎসাপদ্ধতিত এনেধৰণৰ দ্বন্দ্বসমূহক চিকিৎসাৰ লক্ষ্য হিচাপে ল'ব পাৰি। মনোগতিক থেৰাপীয়ে সাধাৰণতে উদ্বিগ্নতাৰ অন্তৰ্নিহিত মূল উদ্ঘাটন কৰিবলৈ চেষ্টা কৰে। সমান্তৰালভাৱে, সংজ্ঞানাত্মক আচৰণগত থেৰাপীয়ে অযৌক্তিক চিন্তা-ভাৱনা আৰু অনাকাংক্ষিত আচৰণৰ পৰিৱৰ্ত্তনৰ জৰিয়তে উদ্বিগ্নতাৰ সফল চিকিৎসা আগবঢ়ায়।
বিৱৰ্তনীয় মনস্তত্ত্ব
বিৱৰ্তনীয় মনস্তত্ত্বৰ এক ব্যাখ্যা অনুসৰি বৃদ্ধিপ্ৰাপ্ত উদ্বেগৰ স্তৰে পৰিৱেশত থকা সম্ভাৱনাপূৰ্ণ বিপদৰ ভাবুকিৰ প্ৰতি ব্যক্তিৰ সজাগতা বৃদ্ধি কৰাৰ লগতে এই সম্ভাৱ্য ভাবুকিসমূহৰ ক্ষেত্ৰত সক্ৰিয় ব্যৱস্থা গ্ৰহণৰ প্ৰৱণতা বৃদ্ধি কৰে। ইয়াৰ ফলস্বৰূপে মিথ্যা সকাৰাত্মক প্ৰতিক্ৰিয়াৰ উদ্ৰেক হ'ব পাৰে যদিও, ই উদ্বিগ্নতাত আক্ৰান্ত ব্যক্তিবিশেষক বাস্তৱ ভাবুকিৰ পৰা ৰক্ষা পোৱাত সহায়কাৰক হ'ব পাৰে। সাধাৰণতে সততাই আলোচিত বিষয়, উদ্বিগ্ন ব্যক্তিসকল দুৰ্ঘটনাত মৃত্যু হোৱাৰ সম্ভাৱনা কম হোৱাৰ ইও এটা কাৰণ হ'ব পাৰে।১০৪ উদ্বিগ্নতাৰ যে অভিযোজনীয় মূল্য আছে সেই সম্পৰ্কে যথেষ্ট আনুভৱিক সাক্ষ্য আছে। মাছৰ জাক এটাত, ভীৰু মাছকেইটা সাহসীবোৰৰ তুলনাত সাধাৰণতে চিকাৰীৰ কবলৰ পৰা ৰক্ষা পৰাৰ সম্ভাৱনা বেছি হয়।১০৫
মানুহ যেতিয়া অপ্ৰীতিকৰ বা সম্ভাৱ্য ক্ষতিকাৰক দুৰ্গন্ধ বা কু-আস্বাদনদায়ী উদ্দীপকৰ সম্মুখীন হয়, তেতিয়া প'জিট্ৰ'ন এমিশ্যন ট'ম'গ্ৰাফী (PET) পৰীক্ষাত মগজুৰ প্ৰমস্তিস্কখণ্ডত ৰক্ত প্ৰবাহৰ বৃদ্ধি পোৱা পৰিলক্ষিত হয়।১০৬১০৭ এই অধ্যয়নসমূহৰ অংশগ্ৰহণকাৰীসকলে মৃদু উদ্বিগ্নতা অনুভৱ কৰাৰ কথা ব্যক্ত কৰিছিল। গতিকে, ই এইটোও সূচাব পাৰে যে উদ্বিগ্নতা প্ৰাণীক সম্ভাৱ্য কোনো ক্ষতিকাৰক বা বিপদজনক পৰিস্থিতি বা আচৰণৰ পৰা সুৰক্ষা দিবৰ বাবে সৃষ্ট এক আন্তঃব্যৱস্থা।
সামাজিক
উদ্বিগ্নতাৰ লগত জড়িত সামাজিক আশংকাজনিত কাৰকসমূহ হৈছে: মানসিক যন্ত্ৰণাৰ ইতিহাস (উদাহৰণস্বৰূপে, শাৰীৰিক, যৌন বা আৱেগিক নিৰ্যাতন বা আক্ৰমণ), নিগ্ৰহ, আগবয়সৰ অভিজ্ঞতা আৰু লালন-পালনৰ লগত জড়িত কাৰক (উদাহৰণস্বৰূপে, প্ৰত্যাখ্যান, মৰম-চেনেহৰ অভাৱ, অতি প্ৰতিকুলাচৰণ, কঠোৰ নিয়মানুৱৰ্তিতা, ঋণাত্মক উচ্চ অভিভাৱকীয় সংবেদনা, উদ্বেগজনিত শিশুপালন, অ-কাৰ্যকৰী আৰু নিচাযুক্ত দ্ৰব্যাসক্তিৰ আচৰণ, আৱেগৰ নিৰুৎসাহন, দুৰ্বল সামাজিকীকৰণ, দুৰ্বল সংযুক্তি, আৰু শিশু নিৰ্যাতন আৰু উপেক্ষা), কৃষ্টিগত কাৰক (উদাহৰণস্বৰূপে, উদাস পৰিয়াল/ বৈৰাগী কৃষ্টি, শাৰীৰিকভাৱে অক্ষম আৰু সংখ্যালঘুৰ নিপীড়ন), আৰু আৰ্থসামাজিক কাৰক (উদাহৰণস্বৰূপে, অশিক্ষিত, নিবনুৱা, দৈন্যপীড়িত) ইত্যাদি। অৱশ্যে, মন কৰিবলগীয়া যে উন্নত দেশসমূহত উন্নয়নশীল দেশসমূহতকৈ উদ্বিগ্নতাৰ হাৰ অধিক।৭৩১০৮ পঞ্চাছৰো অধিক অধ্যয়নক সামৰি কৰা ২০১৯ চনৰ এক বিস্তৃত প্ৰণালীবদ্ধ পৰ্যালোচনাত্মক সমীক্ষাই এই কথা দেখুৱাইছিল যে আমেৰিকাৰ যুক্তৰাষ্ট্ৰত, খাদ্যজনিত নিৰাপত্তাহীনতা উদ্বিগ্নতা আৰু শয়ন ব্যাধিৰ সৈতে অতি দৃঢ়ভাৱে সম্পৰ্কিত।১০৯ খাদ্য-সংকটত নোভোগা লোকসকলৰ তুলনাত উক্ত সংকটৰ মুখামুখি হোৱা ব্যক্তিসকলৰ মানসিক স্বাস্থ্য পৰীক্ষাত উদ্বিগ্নতাৰ সম্ভেদ পোৱাৰ হানিকৰ সম্ভাৱনা ৩ গুণ অধিক।
লিংগভিত্তিক সামাজিকীকৰণ
উদ্বিগ্নতা গঢ় দিয়াত যিবোৰ বৰ্ণনাপ্ৰাসংগিক কাৰকে বৰঙণি যোগোৱা বুলি ভবা হয় সেইবোৰৰ ভিতৰত লিংগভিত্তিক সামাজিকীকৰণ আৰু শিক্ষণ অভিজ্ঞতাও পৰে। বিশেষভাৱে, শিক্ষণ দক্ষতা (ব্যক্তিবিশেষৰ জীৱন নিজৰ নিয়ন্ত্ৰণাধীন হিচাপে বোধ হোৱাৰ মাত্ৰা) আৰু instrumentality (আত্ম-বিশ্বাস, স্ব-কাৰ্যকাৰিতা, স্বতন্ত্ৰতা আৰু প্ৰতিযোগিতাত্মকতা ইয়াৰ অন্তৰভুক্ত) - এই দুটা কাৰকে ব্যক্তিৰ লিংগ আৰু উদ্বিগ্নতাৰ মাজৰ সম্পৰ্ক পূৰ্ণভাৱে নিৰ্ধাৰণ কৰে। অৰ্থাৎ উদ্বিগ্নতাৰ ক্ষেত্ৰত লিংগ-পাৰ্থক্যৰ প্ৰভাৱ স্পষ্ট, আৰু পুৰুষতকৈ নাৰীৰ ক্ষেত্ৰত উদ্বিগ্নতাৰ স্তৰ উচ্চ। উদ্বিগ্নতাৰ ক্ষেত্ৰত দেখা দিয়া এই লিংগভিত্তিক তফাৎ লিংগভিত্তিক সামাজিকীকৰণ আৰু শিক্ষণ দক্ষতাৰ ভিত্তিত ব্যাখ্যা কৰা সম্ভৱ।১১০
চিকিৎসা
উদ্বিগ্নতাৰ লক্ষণ প্ৰদৰ্শন কৰা কোনো ব্যক্তিৰ চিকিৎসা ব্যৱস্থাপনাৰ প্ৰথম পদক্ষেপটো হৈছে, এই লক্ষণসমূহৰ অন্তৰ্নিহিত কাৰণ চিকিৎসাবিজ্ঞানৰ জৰিয়তে নিৰ্ধাৰণ কৰাটো। ৰোগগ্ৰস্ত ব্যক্তিৰ শুদ্ধ চিকিৎসামূলক পৰিচৰ্যাৰ কাৰণে এই চিহ্নিতকৰণ আৰু স্বীকৃতি অপৰিহাৰ্য।১৬১৭ উদ্বেগজনিত ব্যাধিৰ সৈতে জড়িত লক্ষণসমূহে অন্য কোনো ৰোগক ঢাকি ৰখাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি, অথবা এই ব্যাধিসমূহ অন্য কোনো ৰোগৰ সৈতে সংযুক্ত হৈ, বা অন্য ৰোগৰ শাৰীৰিক ৰোগৰ ফলস্বৰূপে উদ্বেগজনিত ব্যাধিয়ে দেখা দিব পাৰে।১৬১৭১১১২৩
উদ্বেগজনিত ব্যাধিৰ চিকিৎসাৰ ক্ষেত্ৰত সংজ্ঞানাত্মক আচৰণগত মনোচিকিৎসা (Cognitive behavioral therapy, CBT) এক ফলপ্ৰসূ পন্থা, আৰু ই হৈছে প্ৰথম পৰ্যায়ৰ চিকিৎসাৰ অংশ।১১২১১৩১১৪১১৫১১৬ এইটোও দেখা গৈছে, ইণ্টাৰনেটৰ জৰিয়তে প্ৰদান কৰা সংজ্ঞানাত্মক আচৰণগত মনোচিকিৎসা (CBT) সমানেই ফলপ্ৰসূ।১১৬ শেহতীতাকৈ, বহু স্মাৰ্টফোনৰ এপৰ জৰিয়তেও মানসিক স্বাস্থ্য সম্বন্ধীয় চিকিৎসা আগবঢ়োৱাৰ প্ৰচেষ্টা প্ৰচলিত হৈছে, অৱশ্যে এইসমূহ এতিয়াও প্ৰাথমিক পৰ্যায়তে আছে।১১৭
মনো-ঔষধিয় (Psychopharmacological) চিকিৎসা পদ্ধতিও সংজ্ঞানাত্মক আচৰণগত মনোচিকিৎসা (CBT)-ৰ সমান্তৰালভাৱে, বা ইয়াক এককভাৱে প্ৰয়োগ কৰিব পাৰি। সাধাৰণ নিয়ম ৰূপে, বেছিভাগ উদ্বেগজনিত ব্যাধিৰ ক্ষেত্ৰতেই প্ৰথম পৰ্যায়ৰ চিকিৎসা পদ্ধতিসমূহে সন্তোষজনকভাৱে কাম কৰে। প্ৰথম পৰ্যায়ৰ চিকিৎসাত ব্যৱহৃত ঔষধসমূহ হৈছে, selective serotonin reuptake inhibitors আৰু serotonin-norepinephrine reuptake inhibitors। দৈনিক ব্যৱহাৰৰ বাবে Benzodiazepine জাতীয় ঔষধসমূহ উপযুক্ত হিচাপে ধৰা নহয়। অন্য চিকিৎসাৰ বিকল্পসমূহ হৈছে: pregabalin, tricyclic antidepressants, buspirone, moclobemide, আৰু seratriline ইত্যাদি।১১৮
প্ৰতিৰোধ
ওপৰত উল্লিখিত হানিৰ কাৰকসমূহৰ পৰাই উদ্বেগজনিত ব্যাধিৰ প্ৰতিৰোধৰ সহজাত পথৰ সন্ধান পাব পাৰি। ২০১৭ চনত প্ৰকাশিত এক পুনঃমূল্যায়নৰ প্ৰবন্ধত উল্লেখ কৰা মতে, মনস্তাত্বিক বা শৈক্ষিক পদ্ধতিসমূহৰ জৰিয়তে, ভিন-ভিন ধৰণৰ জনসমষ্টিৰ মাজত, উদ্বেগজনিত ব্যাধি প্ৰতিৰোধৰ দিশত ক্ষুদ্ৰ পৰিমাণৰ কিন্তু পৰিসাংখ্যিকভাৱে সাৰ্থক উপকাৰ দেখা গৈছিল।১১৯১২০১২১
শৰীৰবৃত্তীয় বিকাৰতত্ত্ব
উদ্বিগ্নতাৰ ব্যাধি জিনীয়ভাৱে আহৰিত নিউৰ'কেমিকেল বিশৃংখলা (genetically inherited neurochemical dysfunction) যেন প্ৰতীয়মান হয়। ইয়াৰ সৈতে স্বয়ংক্ৰিয় ভাৰসাম্যহীনতা (autonomic imbalance), GABA-ergic tone-ৰ হ্ৰাস, catechol-O-methyltransferase (COMT) জিনৰ allelic বহুৰূপতা (polymorphism), এডিন'ছাইন ৰিছিপ্টৰ ফাংশনৰ বৃদ্ধি (increased adenosine receptor function), ক'ৰ্টিছ'ল (cortisol)-ৰ বৃদ্ধি জড়িত হ'ব পাৰে।
উদ্বিগ্নতা ব্যাধিৰ লক্ষণৰ কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ (central nervous system, CNS)-ত মূল কাৰকবোৰ হৈছে- নৰএপিনেফ্ৰিন (norepinephrine), ছেৰ'টনিন (serotonin), ড'পেমিন (dopamine), আৰু গামা-এমিন'বিউটাইৰিক এছিড (gamma-aminobutyric acid (GABA))। অন্যান্য নিউৰ'ট্ৰেন্সমিটাৰ (neurotransmitter) আৰু পেপ্টাইড (peptide), যেনে ক'ৰ্টিক'ট্ৰ'পিন-নিঃসৰণকাৰী কাৰক (corticotropin-releasing factor)-ও উদ্বিগ্নতা সৃষ্টিত অংশীদাৰ হ'ব পাৰে। বাহ্যিকভাৱে, স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ (autonomic nervous system), বিশেষভাৱে সমবেদী স্নায়ুতন্ত্ৰ (sympathetic nervous system)-ই বহু লক্ষণৰ মধ্যস্থতাকাৰী হিচাপে কাম কৰে। আক্ৰান্ত ব্যক্তিৰ মগজুৰ parahippocampal অঞ্চলত বৃদ্ধি পোৱা স্ৰোত, আৰু পুৰ্বৱৰ্তী আৰু পশ্চাৎৱৰ্তী cingulate আৰু raphe অংশত serotonin type 1A receptor-ৰ বন্ধনৰ হ্ৰাস (reduced binding) হৈছে উদ্বিগ্নতা ব্যাধিৰ ব্যাপকতাৰ কাৰক।
মানুহৰ মস্তিস্কৰ ভূমিঅংশত অৱস্থিত প্ৰমস্তিস্কখণ্ড (amygdala) হৈছে ভয় আৰু উদ্বিগ্নতা প্ৰক্ৰিয়াকৰণৰ কেন্দ্ৰীয় অংশ, আৰু উদ্বিগ্নতাৰ ব্যাধিত আক্ৰান্ত হ'লে এই অংশটোৰ ক্ৰিয়া বাধাপ্ৰাপ্ত হ'ব পাৰে। ভূমিপাৰ্শ্বীয় প্ৰমস্তিস্কখণ্ড (basolateral amygdala)-ত সংঘটিত উদ্বিগ্নতা প্ৰক্ৰিয়াকৰণক প্ৰমস্তিস্কখণ্ডীয় (amygdaloid) নিউৰণৰ dendritic arborization-ৰ কাৰক হিচাপে দায়বদ্ধ কৰা হয়। SK2 potassium channels বিলাকে একশ্যন পটেনছিয়েল (action potential)-ৰ প্ৰতিবন্ধকীয় প্ৰভাৱ মধ্যস্থতা কৰে, আৰু arborization হ্ৰাস কৰে।১২২
তথ্যসূত্ৰ
- ↑ Abnormal psychology. W.W. Norton & Company
- ↑ Davison, Gerald C. (2008). Abnormal Psychology. Veronica Visentin. পৃ. 154. ISBN 978-0-470-84072-6
- ↑ (2007). Psychiatric and Behavioral Disorders in Intellectual and Developmental Disabilities. Cambridge University Press. ISBN 9781139461306
- ↑ American Psychiatric Association. (2013). Diagnostic and Statistical Manual of Mental Disorders. American Psychiatric Publishing. পৃ. 189. ISBN 978-0-89042-555-8
- ↑ (2003). Psychiatric and Mental Health Nursing: The Craft of Caring. Edward Arnold. ISBN 978-0-340-81026-2
- ↑ Andreas Dorschel, Furcht und Angst. In: Dietmar Goltschnigg (ed.), Angst. Lähmender Stillstand und Motor des Fortschritts. Stauffenburg, Tübingen 2012, pp. 49–54
- ↑ (2020). On the distinction between fear and anxiety in a (post)pandemic world: a commentary on Schimmenti et al. (2020). Clinical Neuropsychiatry. পৃ. 189-191
- ↑ Öhman, Arne. (2000). Handbook of emotions. The Guilford Press. পৃ. 573–93. ISBN 978-1-57230-529-8
- ↑ (November 2000). Unraveling the mysteries of anxiety and its disorders from the perspective of emotion theory. The American Psychologist. পৃ. 1247–63
- ↑ Iacovou, Susan. (2011). What is the difference between existential anxiety and so called neurotic anxiety? 'The sine qua non of true vitality' an examination of the difference between existential anxiety and neurotic anxiety. Existential Analysis
- ↑ Csíkszentmihályi, Mihály. (1997). Finding Flow
- ↑ (February 2011). Differences between trait fear and trait anxiety: implications for psychopathology. Clinical Psychology Review. পৃ. 122–37
- ↑ Emory, Margaret. (June 7, 2018). On Fear, Emotions, and Memory: An Interview with Dr. Joseph LeDoux. Brain World
- ↑ Barrett, Lisa Feldman. (October 19, 2016). The theory of constructed emotion: an active inference account of interoception and categorization. Social Cognitive and Affective Neuroscience. পৃ. 1–23
- ↑ (October 2004). Generalized anxiety disorder: acute and chronic treatment. CNS Spectrums. পৃ. 716–23
- ↑ World Health Organization. (2009). Pharmacological Treatment of Mental Disorders in Primary Health Care. ISBN 978-92-4-154769-7
- ↑ (February 2013). Psychiatric emergencies (part III): psychiatric symptoms resulting from organic diseases. European Review for Medical and Pharmacological Sciences. পৃ. 86–99
- ↑ Depression Hotline · Call Our Free, 24 Hour Depression Helpline. PsychGuides.com
- ↑ Smith, Melinda (June 2008). Anxiety attacks and disorders: Guide to the signs, symptoms, and treatment options. Retrieved March 3, 2009, from Helpguide Web site: HelpGuide.org
- ↑ (1987–2008). Anxiety Symptoms, Anxiety Attack Symptoms (Panic Attack Symptoms), Symptoms of Anxiety. Retrieved March 3, 2009, from Anxiety Centre Website: Anxiety Symptoms and Signs – over 100 listed
- ↑ Milfayetty, Sri, MS, SPsi, Fadli, Rima, et al. The Effectiveness of Multidimensional Counseling in the Intervention of Student Anxiety. ADDICT DISORD THEIR TREAT. 2020; 19 (3):131-135. doi:10.1097/ADT.0000000000000187
- ↑ (1987–2008). Anxiety symptoms – Fear of dying. Retrieved March 3, 2009, from Anxiety Centre Website: Fear of dying anxiety symptom
- ↑ (February 2013). Psychiatric emergencies (part I): psychiatric disorders causing organic symptoms. European Review for Medical and Pharmacological Sciences. পৃ. 55–64
- ↑ Diagnostic and statistical manual of mental disorders: DSM-5.. American Psychiatric Association. ISBN 978-0890425558
- ↑ Tillich, Paul. (1952). The Courage To Be. Yale University Press. পৃ. 76. ISBN 978-0-300-08471-9
- ↑ Abulof, Uriel. (2015). The Mortality and Morality of Nations. Cambridge University Press. পৃ. 26. ISBN 978-1-107-09707-0
- ↑ Hjelle, Larry; Ziegler, Daniel. (1981). Personality Theories: Basic Assumptions, Research, and Applications. McGraw-Hill. পৃ. 494. ISBN 9780070290631
- ↑ Teigen, Karl Halvor. (1994). Yerkes-Dodson: A Law for all Seasons. Theory & Psychology. পৃ. 525–547
- ↑ (June 1967). Cognitive and emotional components of test anxiety: a distinction and some initial data. Psychological Reports. পৃ. 975–8
- ↑ (June 1988). Comorbidity of test anxiety and other anxiety disorders in children. Journal of Abnormal Child Psychology. পৃ. 275–87
- ↑ (August 1997). A cognitive-behavioral model of anxiety in social phobia. Behaviour Research and Therapy. পৃ. 741–56
- ↑ Hofmann, Stefan G.; Dibartolo, Patricia M. (2010). Social Anxiety. পৃ. xix–xxvi. ISBN 978-0-12-375096-9
- ↑ (1997). Mental Health Nursing: Principles and Practice. Mosby. ISBN 978-0-7234-2590-8
- ↑ (February 2013). Social functioning in youth with anxiety disorders: association with anxiety severity and outcomes from cognitive-behavioral therapy. Child Psychiatry and Human Development. পৃ. 1–18
- ↑ Stephan, Walter G.; Stephan, Cookie White. (1985). Intergroup Anxiety. Journal of Social Issues. পৃ. 157–175
- ↑ (February 2008). The threat of appearing prejudiced and race-based attentional biases. Psychological Science. পৃ. 98–102
- ↑ (August 1989). Implicit and explicit memory bias in anxiety. Journal of Abnormal Psychology. পৃ. 236–40
- ↑ Richards, Anne; French, Christopher C. (1991). Effects of encoding and anxiety on implicit and explicit memory performance. Personality and Individual Differences. পৃ. 131–139
- ↑ (December 2012). Intergroup anxiety effects on implicit racial evaluation and stereotyping. Emotion. পৃ. 1273–80
- ↑ (June 2003). The antecedents and implications of interracial anxiety. Personality & Social Psychology Bulletin. পৃ. 790–801
- ↑ Anxiety. MacArthur SES & Health Network
- ↑ (October 2016). Neuroticism's prospective association with mental disorders halves after adjustment for baseline symptoms and psychiatric history, but the adjusted association hardly decays with time: a meta-analysis on 59 longitudinal/prospective studies with 443 313 participants. Psychological Medicine. পৃ. 2883–2906
- ↑ (1997). Mental Health Nursing: From first principles to professional practice. Stanley Thornes
- ↑ Gulf Bend MHMR Center
- ↑ Downey, Jonathan. (April 27, 2008). Premium choice anxiety. The Times
- ↑ Is choice anxiety costing british 'blue chip' business?, Capgemini, August 16, 2004
- ↑ (July 2012). Anxiety and decision-making. Biological Psychiatry. পৃ. 113–8
- ↑ (June 8, 2015). What are the five major types of anxiety disorders?
- ↑ Panic Disorder & Panic Attacks
- ↑ American Psychiatric Association. (2013). Diagnostic and Statistical Manual of Mental Disorders. American Psychiatric Publishing. পৃ. 189–195. ISBN 978-0-89042-555-8
- ↑ Anorexia & Depression: When Eating Disorders Co-Exist with Depression. Psycom.net - Mental Health Treatment Resource Since 1986
- ↑ (June 2017). Genetics of generalized anxiety disorder and related traits. Dialogues in Clinical Neuroscience. পৃ. 159–168
- ↑ (March 2016). Anxiety Disorders. NIMH
- ↑ (December 2016). Anxiety. Lancet. পৃ. 3048–3059
- ↑ (October 2007). Lifetime prevalence and age-of-onset distributions of mental disorders in the World Health Organization's World Mental Health Survey Initiative. World Psychiatry. পৃ. 168–76
- ↑ Smoller, Jordan W.; Andreassen, Ole A.; Edenberg, Howard J. (March 14, 2018). Correction to: Psychiatric genetics and the structure of psychopathology. Molecular Psychiatry. পৃ. 471
- ↑ Kendler, Kenneth S. (July 2004). Major Depression and Generalised Anxiety Disorder. FOCUS. পৃ. 416–425
- ↑ Reynolds, Chandra A. (June 16, 2013). Robert Plomin, John C. DeFries, Valerie S. Knopik, Jenae M. Neiderhiser, Behavioral Genetics (6th Edition). Behavior Genetics. পৃ. 360–361
- ↑ Smoller, Jordan W.; Block, Stefanie R.; Young, Mirella M. (November 2009). Genetics of anxiety disorders: the complex road from DSM to DNA. Depression and Anxiety. পৃ. 965–975
- ↑ Craske, Michelle G.; Stein, Murray B.; Eley, Thalia C. (May 4, 2017). Anxiety disorders. Nature Reviews Disease Primers. পৃ. 17024
- ↑ (April 1998). From normal fear to pathological anxiety. Psychological Review. পৃ. 325–50
- ↑ Nolen-Hoeksema, S. (2013). (Ab)normal Psychology (6th edition). McGraw Hill
- ↑ (2011). Compassion and Healing in Medicine and Society: On the Nature and Use of Attachment Solutions to Separation Challenges. Johns Hopkins University Press. পৃ. 172. ISBN 978-1-4214-0220-8
- ↑ (1998). How the Brain Talks to Itself: A Clinical Primer of Psychotherapeutic Neuroscience. Haworth. পৃ. 284. ISBN 978-0-7890-0408-6
- ↑ (August 2009). Neural correlates of reward processing in adolescents with a history of inhibited temperament. Psychological Science. পৃ. 1009–18
- ↑ Kennedy, P.J.; Cryan, J.F.; Dinan, T.G. (January 2017). Kynurenine pathway metabolism and the microbiota-gut-brain axis. Neuropharmacology. পৃ. 399–412
- ↑ Dinan, Timothy G.; Stilling, Roman M.; Stanton, Catherine. (April 2015). Collective unconscious: How gut microbes shape human behavior. Journal of Psychiatric Research. পৃ. 1–9
- ↑ de Weerth, Carolina. (December 2017). Do bacteria shape our development? Crosstalk between intestinal microbiota and HPA axis. Neuroscience & Biobehavioral Reviews. পৃ. 458–471
- ↑ Bravo, J. A.; Forsythe, P.; Chew, M. V. (August 29, 2011). Ingestion of Lactobacillus strain regulates emotional behavior and central GABA receptor expression in a mouse via the vagus nerve. Proceedings of the National Academy of Sciences. পৃ. 16050–16055
- ↑ Burokas, Aurelijus; Arboleya, Silvia; Moloney, Rachel D. (October 2017). Targeting the Microbiota-Gut-Brain Axis: Prebiotics Have Anxiolytic and Antidepressant-like Effects and Reverse the Impact of Chronic Stress in Mice. Biological Psychiatry. পৃ. 472–487
- ↑ Benton, D; Williams, C; Brown, A. (December 6, 2006). Impact of consuming a milk drink containing a probiotic on mood and cognition. European Journal of Clinical Nutrition. পৃ. 355–361
- ↑ Schmidt, Kristin; Cowen, Philip J.; Harmer, Catherine J. (December 3, 2014). Prebiotic intake reduces the waking cortisol response and alters emotional bias in healthy volunteers. Psychopharmacology. পৃ. 1793–1801
- ↑ American Psychiatric Association. (2013). Diagnostic and statistical manual of mental disorders. American Psychiatric Association
- ↑ Waszczuk, Monika A.; Zavos, Helena M. S.; Gregory, Alice M. (August 1, 2014). The Phenotypic and Genetic Structure of Depression and Anxiety Disorder Symptoms in Childhood, Adolescence, and Young Adulthood. JAMA Psychiatry. পৃ. 905–16
- ↑ Nivard, M. G.; Dolan, C. V.; Kendler, K. S. (September 4, 2014). Stability in symptoms of anxiety and depression as a function of genotype and environment: a longitudinal twin study from ages 3 to 63 years. Psychological Medicine. পৃ. 1039–1049
- ↑ Eley, Thalia C.; McAdams, Tom A.; Rijsdijk, Fruhling V. (July 2015). (c58a9809-2518-433d-bc1b-45a84f548af5).html The Intergenerational Transmission of Anxiety: A Children-of-Twins Study. American Journal of Psychiatry. পৃ. 630–637
- ↑ Howe, A S; Buttenschøn, H N; Bani-Fatemi, A. (September 22, 2015). Candidate genes in panic disorder: meta-analyses of 23 common variants in major anxiogenic pathways. Molecular Psychiatry. পৃ. 665–679
- ↑ Purves, Kirstin L.; Coleman, Jonathan R. I.; Meier, Sandra M. (November 20, 2019). A major role for common genetic variation in anxiety disorders. Molecular Psychiatry
- ↑ Martin, Nick; Otowa, Takeshi; Lee, Minyoung. (2017). Meta-Analysis of Genome-Wide Association Studies of Anxiety Disorders. European Neuropsychopharmacology. পৃ. 1391–1399
- ↑ Deckert, Jurgen; Weber, Heike; Pauli, Paul. (2017). Glrb Allelic Variation Associated with Agoraphobic Cognitions, Increased Startle Response and Fear Network Activation. European Neuropsychopharmacology. পৃ. 1431–1439
- ↑ (September 2016). Treating Dyspnea: Is Oxygen Therapy the Best Option for All Patients?. The Medical Clinics of North America. পৃ. 1123–30
- ↑ (November 2016). Management of chronic obstructive pulmonary disease beyond the lungs. The Lancet. Respiratory Medicine. পৃ. 911–924
- ↑ (2016). Strategies to improve anxiety and depression in patients with COPD: a mental health perspective. Neuropsychiatric Disease and Treatment. পৃ. 297–328
- ↑ (July 2016). Personality traits and emotional patterns in irritable bowel syndrome. World Journal of Gastroenterology. পৃ. 6402–15
- ↑ (December 2016). How to Diagnose and Treat Functional Chest Pain. Current Treatment Options in Gastroenterology. পৃ. 429–443
- ↑ (April 2016). Psychological and Interpersonal Dimensions of Sexual Function and Dysfunction. The Journal of Sexual Medicine. পৃ. 538–71
- ↑ (August 2016). The pathophysiology of acquired premature ejaculation. Translational Andrology and Urology. পৃ. 434–49
- ↑ (2016). The psychosocial impact of acne, vitiligo, and psoriasis: a review. Clinical, Cosmetic and Investigational Dermatology. পৃ. 383–392
- ↑ (2016). Physical and Mental Health of Children with Developmental Coordination Disorder. Frontiers in Public Health. পৃ. 224
- ↑ (November 2016). Mental health outcomes during colorectal cancer survivorship: a review of the literature. Psycho-Oncology. পৃ. 1261–1270
- ↑ (October 2008). Cognitive function in untreated hypothyroidism and hyperthyroidism. Current Opinion in Endocrinology, Diabetes and Obesity. পৃ. 429–33
- ↑ (August 2016). Symptoms of depression and anxiety in youth with type 1 diabetes: A systematic review and meta-analysis. Psychoneuroendocrinology. পৃ. 70–84
- ↑ (December 2002). Prevalence of anxiety in adults with diabetes: a systematic review. Journal of Psychosomatic Research. পৃ. 1053–60
- ↑ (April 2015). Psychological morbidity of celiac disease: A review of the literature. United European Gastroenterology Journal. পৃ. 136–45
- ↑ (May 2015). Systematic review: noncoeliac gluten sensitivity. Alimentary Pharmacology & Therapeutics. পৃ. 807–20
- ↑ (August 2016). Depression and anxiety in patients with Inflammatory Bowel Disease: A systematic review. Journal of Psychosomatic Research. পৃ. 70–80
- ↑ (January 2016). The prevalence of neuropsychiatric symptoms in Alzheimer's disease: Systematic review and meta-analysis. Journal of Affective Disorders. পৃ. 264–271
- ↑ (June 2016). Depression, anxiety, and apathy in Parkinson's disease: insights from neuroimaging studies. European Journal of Neurology. পৃ. 1001–19
- ↑ (March 2015). The incidence and prevalence of psychiatric disorders in multiple sclerosis: a systematic review. Multiple Sclerosis. পৃ. 305–17
- ↑ CDC – The Emergency Response Safety and Health Database: Systemic Agent: BENZENE – NIOSH. www.cdc.gov
- ↑ (September 2010). Anxiety and feedback negativity. Psychophysiology. পৃ. 961–7
- ↑ (December 2007). Prevention of anxiety disorders. International Review of Psychiatry. পৃ. 647–54
- ↑ (2015). Negative life events and symptoms of depression and anxiety: stress causation and/or stress generation. Anxiety, Stress, and Coping. পৃ. 357–71
- ↑ (July 2009). The bright side of being blue: depression as an adaptation for analyzing complex problems. Psychological Review. পৃ. 620–54
- ↑ Gluckman, Peter. (2009). Principles of Evolutionary Medicine. Oxford University Press. পৃ. 249. ISBN 978-0199236398
- ↑ (April 1997). Emotion, olfaction, and the human amygdala: amygdala activation during aversive olfactory stimulation. Proceedings of the National Academy of Sciences of the United States of America. পৃ. 4119–24
- ↑ (February 2002). Neural correlates of tasting concentrated quinine and sugar solutions. Journal of Neurophysiology. পৃ. 1068–75
- ↑ (2009). Prevention of Mental Disorders, Substance Abuse, and Problem Behaviors: A Developmental Perspective. National Academies Press. পৃ. 530. ISBN 978-0-309-12674-8
- ↑ Arenas, Daniel J.; Thomas, Arthur; Wang, JiCi. (August 5, 2019). A Systematic Review and Meta-analysis of Depression, Anxiety, and Sleep Disorders in US Adults with Food Insecurity. Journal of General Internal Medicine. পৃ. 2874–2882
- ↑ Behnke, Ralph R.; Sawyer, Chris R. (2000). Anticipatory anxiety patterns for male and female public speakers. Communication Education. পৃ. 187–195
- ↑ (February 2013). Psychiatric emergencies (part II): psychiatric disorders coexisting with organic diseases. European Review for Medical and Pharmacological Sciences. পৃ. 65–85
- ↑ Stein, MB; Sareen, J. (November 19, 2015). Clinical Practice: Generalized Anxiety Disorder.. The New England Journal of Medicine. পৃ. 2059–68
- ↑ Cuijpers, P; Sijbrandij, M; Koole, S. (Mar 2014). Psychological treatment of generalized anxiety disorder: A meta-analysis.. Clinical Psychology Review. পৃ. 130–140
- ↑ Otte, C. (2011). Cognitive behavioral therapy in anxiety disorders: current state of the evidence.. Dialogues in Clinical Neuroscience. পৃ. 413–21
- ↑ Pompoli, A; Furukawa, TA; Imai, H. (April 13, 2016). Psychological therapies for panic disorder with or without agoraphobia in adults: a network meta-analysis.. The Cochrane Database of Systematic Reviews. পৃ. CD011004
- ↑ Olthuis, JV; Watt, MC; Bailey, K. (March 12, 2016). Therapist-supported Internet cognitive behavioural therapy for anxiety disorders in adults.. The Cochrane Database of Systematic Reviews. পৃ. CD011565
- ↑ Donker, T; Petrie, K; Proudfoot, J. (November 15, 2013). Smartphones for smarter delivery of mental health programs: a systematic review.. Journal of Medical Internet Research. পৃ. e247
- ↑ Bandelow B, Michaelis S, Wedekind D. Treatment of anxiety disorders. Dialogues Clin Neurosci. 2017; 19 (2):93‐107
- ↑ Moreno-Peral, Patricia; Conejo-Cerón, Sonia; Rubio-Valera, Maria. (October 1, 2017). Effectiveness of Psychological and/or Educational Interventions in the Prevention of Anxiety. JAMA Psychiatry. পৃ. 1021–1029
- ↑ Pote, Inês. (February 19, 2018). Preventing anxiety with psychological and educational interventions. National Elf Service
- ↑ Schmidt, Norman B.; Allan, Nicholas P.; Knapp, Ashley A. (2019). The Clinician's Guide to Anxiety Sensitivity Treatment and Assessment. পৃ. 145–178. ISBN 978-0-12-813495-5
- ↑ Shelton, Charles I. (March 1, 2004). Diagnosis and Management of Anxiety Disorders. The Journal of the American Osteopathic Association. পৃ. S2–S5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উদ্বিগ্নতা” প্ৰবন্ধৰ সংশোধন ৬৩১৬৮৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।