আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস বা গোলকীয় বাঘ দিৱস গোটেই বিশ্বতে বাঘৰ সংৰক্ষণৰ বাবে জনসচেতনা বৃদ্ধিৰ উদেশ্য প্ৰতি বছৰে ২৯ জুলাই তাৰিখে পালন কৰা হয়।১ ২০১০ চনৰ চেইণ্ট পিটাৰবাৰ্গত অনুষ্ঠিত ব্যাঘ্ৰ অভিবৰ্তনত এই দিৱসৰ আৰম্ভণি হয়।২ এই দিৱস পালনৰ মুখ্য উদ্দেশ্য হৈছে বাঘৰ প্ৰাকৃতিক আবাসৰ ৰক্ষা কৰা আৰু বাঘৰ সংৰক্ষণৰ বাবে সাধাৰণ মানুহৰ মাজত জনসচেতনা সৃষ্টি কৰি ইয়াৰ সম্পৰ্কে থকা ভুল ধাৰণা আৰু ভয় দূৰ কৰা।৩ প্ৰতি বছৰে বিভিন্ন কাৰ্যসূচীৰ যোগাৰ এই দিৱস পালন কৰা হয়। বাঘ ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হোৱাৰ বাবে এই দিৱসৰ মহত্ব বেছি।
২০১৭
সপ্তম গোলকীয় বাঘ দিৱস গোটেই বিশ্বজুৰি বিভিন্ন প্ৰকাৰে পালন কৰা হয়। ভাৰত, বাংলাদেশ, নেপাল আদি বাঘৰ বেছি ঘনত্ব থকা দেশৰ লগতে ইংলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰতো বিভিন্ন স্থানীয় কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়।৪৫৬৭৮৯ কিছুমান জনপ্ৰিয় তাৰকায়ে তেওঁলোকৰ ছোচিয়েল মিডিয়াৰ নিজৰ প্ৰফাইল ফটো আঁতৰাই ইয়াত অংশগ্ৰহণ কৰে।১০ বিশ্ব বন্যপ্ৰাণী পুঁজিয়ে (WWF) ইয়াৰ ৰেঞ্জাৰ সমূহত বিনিয়োগ কৰি "দুগুণ বাঘ" অভিযান চলাই আছে।১১ কেইবাটাও কোম্পানীয়ে বিশ্ব বন্যপ্ৰাণী পুঁজিৰ লগত লগ লাগি জনসচেতনা বৃদ্ধিত সহায়তৰ হাত আগবঢ়াইছে।১২১৩
অসমতো বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হৈছে। এই ক্ষেত্ৰত ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত মানস ৰাষ্ট্ৰীয় উদ্যান আৰু বেচৰকাৰী অনুস্থান অৰণ্যকৰ সহযোগত বিভিন্ন কাৰ্যসূচী পালন কৰা হৈছে।
২০০৮
ভাৰতৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান, ব্যাঘ্ৰ প্ৰকল্প আৰু অভয়াৰণ্য সমূহত আৰু তাৰ আশে-পাশে থকা অঞ্চলত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছিল। ভাৰতত প্ৰতি চাৰি বছৰৰ অন্তৰে অন্তৰে বাঘৰ গণনা কৰা হয়। ২০০৬ চনত ১৪১১ টা বাঘৰ পৰা ২০১৪ চনত ২২২৬ টা বাঘলৈ বৃদ্ধি পাইছে।১৪
তথ্যসূত্ৰ
- ↑ Watts, Jonathan. (24 November 2010). World's first tiger summit ends with £330m pledged amid lingering doubts. The .Guardian
- ↑ Vietnam observes International Tiger Day
- ↑ International Tiger Conservation Forum. Tiger Conservation Forum
- ↑ Independent, The. Saving Our Tigers. Saving Our Tigers · theindependentbd.com
- ↑ International Tiger Day
- ↑ (2017-07-27). 7th World Tiger Day to be marked on Saturday. The Himalayan Times
- ↑ Tiger Day to be held at Indira Gandhi Zoological Park today. The Hans India
- ↑ Yorkshire Wildlife Park prepares for Tiger Day. ITV News
- ↑ International Tiger Day. Oregon Zoo
- ↑ (2017-07-17). ‘Star Trek’ Actor Says Earth’s 4,000 Tigers Are Worth Saving. GOOD Magazine
- ↑ WWF - Tiger Day. tigerday.panda.org
- ↑ (2017-07-28). The world needs more tigers – News · .eco. News · .eco
- ↑ Age gate. 3890.tigerbeer.com
- ↑ On International Tiger Day, Hopes Pinned For Tiger Population To Increase Anuj Pant on NDTV, 29 July 2018
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস” প্ৰবন্ধৰ সংশোধন ৩৭৯৯৩৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।