অসমৰ শিক্ষা
৬ প্ৰবন্ধ
-
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অসম চৰকাৰৰ অধীনৰ এক ৰাজ্যিক শিক্ষা পৰিষদ, যিয়ে অসমত ১০+২ পৰ্যায়ৰ উচ্চতৰ মাধ্যমিক শিক্ষাৰ নিয়ন্ত্ৰণ আৰু বিকাশৰ দায়িত্ব পালন কৰে। ই উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰি উত্তীৰ্ণ শিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰে।
-
অসম সংযুক্ত প্ৰৱেশ পৰীক্ষা
অসম সংযুক্ত প্ৰৱেশ পৰীক্ষা বা, চমুকৈ অসম-চি.ই.ই. হ'ল ৰাজ্য চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত এটা প্ৰৱেশ পৰীক্ষা। অসমৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী অভিযান্ত্ৰিক শিক্ষানুষ্ঠানসমূহত নামভৰ্তি কৰাৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰা হয়।
-
তেজপুৰ আইন মহাবিদ্যালয়
তেজপুৰ আইন মহাবিদ্যালয় হৈছে এখন ব্যক্তিগত খণ্ডৰ আইন মহাবিদ্যালয়। এই মহাবিদ্যালয়খন অসমৰ তেজপুৰ চহৰৰ ধনুৱা নগৰ, মহাভৈৰৱ পথৰ দাঁতিত দৰং মহাবিদ্যালয়ৰ কাষতে অৱস্থিত। ৰাজ্যখনৰ পুৰণা আইন মহাবিদ্যালয় সমূহৰ ভিতৰত এখন।
-
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ (Assam State School Education Board) ভাৰতৰ অসমৰ বিদ্যালয় সমূহৰ পৰিষদ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ আইন, ২০২৪ৰ অধীনত অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ একত্ৰিত কৰি ইয়াক গঠন কৰা হৈছে।
-
চিকিৎসা শিক্ষা সঞ্চালকালয়, অসম
চিকিৎসা শিক্ষা সঞ্চালকালয়,অসম (Directorate of Medical Education,Assam) ১৯৮৪ চনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম চৰকাৰৰ অধীনত প্ৰতিষ্ঠা হোৱা এখন স্বতন্ত্ৰ পৰিষদ।
-
শিক্ষা সেতু অসম
শিক্ষা সেতু অসম (Shiksha Setu Axom) হৈছে প্ৰাথমিক শিক্ষা বিভাগৰ অধীনত সমগ্ৰ শিক্ষাৰ জৰিয়তে অসম চৰকাৰে মুকলি কৰা কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক বিদ্যালয়ৰ শিক্ষাৰ্থী, শিক্ষক-কৰ্মচাৰীৰ উপস্থিতি আৰু বিদ্যালয় পৰিচালনাৰ এক ব্যৱস্থা। ২০২৩ চনৰ ২৪ এপ্ৰিলত এই প্লেটফৰ্মটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।