অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অমলা আকিনেনী

অমলা আকিনেনী (: Amala Akkineni (née Mukherjee); জন্ম: ১২ ছেপ্টেম্বৰ ১৯৬৭)) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ভাৰতনাট্যম নৃত্যশিল্পী আৰু কৰ্মী। তেলেগু, হিন্দী, মালয়ালম, আৰু কানাড়া ভাষাৰ ছবিৰ উপৰিও তেওঁ প্ৰধানকৈ তামিল ছবিত কাম কৰিছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩২৪ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অমলা আকিনেনী (: Amala Akkineni (née Mukherjee); জন্ম: ১২ ছেপ্টেম্বৰ ১৯৬৭১)) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ভাৰতনাট্যম নৃত্যশিল্পী আৰু কৰ্মী।২ তেলেগু, হিন্দী, মালয়ালম, আৰু কানাড়া ভাষাৰ ছবিৰ উপৰিও তেওঁ প্ৰধানকৈ তামিল ছবিত কাম কৰিছে। ১৯৮৬ চনৰ পৰা ১৯৯২ চনলৈ তামিল চলচ্চিত্ৰ জগতৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে তামিল আৰু অন্যান্য ভাষাৰ বহু ব্লকবাষ্টাৰ ছবিত অভিনয় কৰিছে। তেওঁ দুটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে, যথা ১৯৯১ চনৰ উল্লাডাক্কাম৩ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী – মালয়ালম আৰু ২০১২ চনৰ লাইফ ইজ বিউটিফুল ছবিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী – তেলেগু।৪ অমলা ভাৰতৰ হায়দৰাবাদত থকা ব্লু ক্ৰছ অৱ হায়দৰাবাদৰ ৫ সহ-প্ৰতিষ্ঠাপক, যিয়ে ভাৰতত পশুৰ কল্যাণ আৰু পশুৰ অধিকাৰ সংৰক্ষণৰ দিশত কাম কৰে।৬৭

প্ৰাৰম্ভিক জীৱন

অমলাৰ জন্ম হৈছিল কলিকতাত (বৰ্তমান কলকাতা) এগৰাকী বাঙালী ভাৰতীয় নৌসেনাৰ বিষয়া আৰু এগৰাকী আইৰিছ মাতৃৰ ঘৰত।৮৯ তেওঁলোকৰ পৰিয়াল অতি সোনকালেই মাদ্ৰাজ (বৰ্তমানৰ চেন্নাই)লৈ স্থানান্তৰিত হয় আৰু তাতেই তেওঁৰ ডাঙৰ-দীঘল হয়।১০ তাইৰ এজন ভাইটি আছে।

অমলাই মাদ্ৰাজ বৰ্তমান চেন্নাইৰ কলাক্ষেত্ৰ কলেজ অৱ ফাইন আৰ্টছৰ পৰা ভাৰতনাট্যমত সূক্ষ্ম কলাৰ স্নাতক ডিগ্ৰী লাভ কৰিছে।১১ তেওঁ বিশ্বজুৰি বহুতো লাইভ অভিনয় কৰিছিল।১২১৩ ইংৰাজী, তেলেগু আৰু তামিল ভাষাত তেওঁ সাৱলীল আৰু বাংলা ভাষা বুজিব পাৰে।১৪১৫

ব্যক্তিগত জীৱন

১৯৯২ চনৰ ১১ জুনত অমলাই তেলেগু অভিনেতা নাগাৰ্জুনৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু এই দম্পতীৰ এজন পুত্ৰ আছে, অভিনেতা অখিল আকিনেনীৰ জন্ম ১৯৯৪ চনত।তেওঁ অভিনেতা নগা চৈতন্যৰ সতি-সন্ততি। ১৬বৰ্তমান তেওঁলোক হায়দৰাবাদত বাস কৰে। ১৩

কৰ্ম জীৱন

টি ৰাজেন্দৰে তেওঁৰ পত্নী উষাৰ সৈতে তেওঁৰ ঘৰলৈ গৈ তেওঁক ছবিত যোগদান কৰিবলৈ বুজাইছিল, আৰু তেওঁৰ মাকক ছবিখনত অভিনয় কৰিবলৈ দিবলৈ পতিয়ন নিয়াইছিল, যিখন ছবি হ'ব তেওঁৰ ভাৰতনাট্যম নৃত্যৰ সৈতে এখন ধ্ৰুপদী ছবি।১৭ সেই ছবিখন আছিল মিথিলি এন্নাই কাঠালি (১৯৮৬) যিখন বক্স অফিচত হিট হৈছিল। ছবিখনৰ সফলতাৰ পিছত তেওঁ কেইবাখনো তামিল ছবি যেনে, মেলা থিৰাণ্ডাথু কাধাভু (১৯৮৬), পান্নীৰ নাধিগাল (১৯৮৬) আৰু ভেলাইকাৰণ (১৯৮৭)ত অভিনয় কৰে।১৮ তেওঁ নিজৰ ভৱিষ্যত স্বামী অক্কিনেনী নাগাৰ্জুনৰ সৈতে নিৰ্নয়ম আৰু শিৱৰ দৰে হিট গীতত অভিনয় কৰিছিল।১৯ উল্লাডাক্কম (১৯৯১) ছবিত অভিনয় কৰি তেওঁ প্ৰশংসা লাভ কৰে।

১৯৯২ চনত নাগাৰ্জুনৰ সৈতে বিবাহপাশত আবদ্ধ হৈ অভিনয় ত্যাগ কৰে। ২০ বছৰৰ বিৰতিৰ পিছত ২০১২ চনত তেলেগু ছবি লাইফ ইজ বিউটিফুলৰ জৰিয়তে তেওঁ পুনৰ উভতি আহে।২০ ২০১৩ চনত তেওঁৰ অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অসাধাৰণ অভিনেত্ৰীৰ বাবে CineMAA বঁটা আৰু শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বাবে তেলেগু শাখাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।

২৫ বছৰৰ ব্যৱধানৰ পিছত তেওঁ চি/অ' ছাইৰা বানুৰ যোগেদি মালয়ালম চিনেমালৈ উভতি আহে, উল্লাডাক্কৰ পিচত।২১

তথ্যসূত্ৰ

  1. ↑ (29 August 2015). Akkineni Nagarjuna rings in 56th birthday in Thailand. The Indian Express
  2. ↑ S.B.VIJAYA MARY. (5 January 2011). Amala for a fit mind, body. The Hindu
  3. ↑ (8 February 2017). 39th Annual Filmfare Malayalam Best Film Actress: santosh: Free Dow…. Archive.is
  4. ↑ Sangeetha Devi Dundoo. (July 2015). Amala Akkineni: Behind the glamour of cinema. The Hindu
  5. ↑ (26 January 2011). Blue Cross of Hyderabad – The Team. Blue Cross of Hyderabad
  6. ↑ S.B. Vijaya Mary. (22 June 2012). 'I treasure my quiet time': Amala Akkineni. The Hindu
  7. ↑ T.Lalith Singh. (22 April 2015). Respect saniation (sic) workers, Amala Akkineni tells people. The Hindu
  8. ↑ Subhash K Jha. (17 June 2015). Amala Akkineni on Her Return To Acting. SKJ Bollywood News
  9. ↑ J Rao, Subha. (7 December 2012). The measure of a woman. দ্য হিন্দু
  10. ↑ Lakshmi, L. (3 April 1987). I never aspired for money or fame. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. পৃ. 14
  11. ↑ (11 September 2018). Amala Akkineni, The Person with the Most Beautiful Heart. Hixic
  12. ↑ February '13 – Crusading for a cause. RITZ
  13. ↑ (19 December 2001). A day in the life of Amala Akkineni. The Times of India
  14. ↑ Jain, Rupam. (11 July 2011). Amala Akkineni can't speak Bengali. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  15. ↑ (10 September 2022). When Amala Akkineni Made Sweets For The Whole Unit Of 'Kanam'. Outlook. Indo-Asian News Service
  16. ↑ Himalayan Academy. A Kinder Vision. hinduismtoday.com
  17. ↑ (24 June 2011). Amala. Gorantha Deepam
  18. ↑ Lakshmi, I. (3 April 1987). I never aspired for money or fame. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. পৃ. 14
  19. ↑ Lakshmi, I. (3 April 1987). I never aspired for money or fame. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. পৃ. 14
  20. ↑ Lakshmi, I. (3 April 1987). I never aspired for money or fame. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. পৃ. 14
  21. ↑ Digital Native. (20 February 2017). Amala-Manju Warrier starrer 'C/o Saira Banu' ready for release. The News Minute

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমলা আকিনেনী” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৩৯ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।